গল্পঃ সিহঁতে মাংস খায় / হাঁসদা সৌভেন্দ্ৰ শেখৰ
সিহঁতে মাংস খায়! মূল গল্প : They Eat Meat! লেখক: হাঁসদা সৌভেন্দ্ৰ শেখৰ অনুবাদ: অৱনী বুঢ়াগোহাঁই ( সাহিত্য একাডেমি যুৱ পুৰষ্কাৰ-২০১৫ প্ৰাপ্ত ঝাৰখণ্ডী লেখকৰ গল্প সংকলন The Adivasi will not dance ৰ পৰা লোৱা গল্পৰ সংক্ষিপ্ত অনুবাদ) আমাৰ পানমুনি-পেহীয়ে, ২০০০ চনত ভডোদৰালৈ অহাৰ পাচত নিয়মিতভাবে ৰেস্টুৰাঁত খাবলৈ আৰম্ভ কৰিছিল । ভডোদৰাত থকাৰ আগেয়ে, গিৰিয়েক বিৰাম […]
গল্পঃ ছোৱালীজনী/ ও হেনৰী
ছোৱালীজনী মূল গল্প: গাৰ্ল (Girl) মূল গল্পকাৰ: ও হেনৰি (O Henry) উৎস গ্ৰন্থ: O Henry 100 Selected Short Stories অনুবাদ: অৰুণিমা ভট্টাচাৰ্য্য ৯৬২ নম্বৰ কোঠাটোৰ দুৱাৰখনৰ আইনা লগোৱা অংশটোত সোণালী আখৰেৰে শব্দ কেইটা লিখা আছিল: “ৰবিনচ্ এণ্ড হাৰ্টলি ব্ৰকাৰচ্।” কেৰাণীবোৰ ইতিমধ্যে উভতি গৈছিল। তেতিয়া পাঁচ বাজি গৈছিল। ঘৰমুৱা মানুহ এজাক আৰু চাফাই কৰ্মীসকল […]
গল্পঃ মেৰিলিয়া শুই উঠে / নাটালিয়া বৰ্হেজ্ পলেচ’
মেৰিলিয়া শুই উঠে মূল: নাটালিয়া বৰ্হেজ্ পলেচ’ ইংৰাজী অনুবাদ: জুলিয়া ছেঞ্চেচ অসমীয়া: ময়ূৰী শৰ্মা বৰুৱা গল্পকাৰ নাটালিয়াৰ স্থিৰচিত্ৰ জহকালিও তাই আঁঠুৰ মূৰলৈকে ঢাক খোৱা মোজাযোৰ পিন্ধি থাকে৷ তাইৰ যিহে মৰঠাণ্ডা! পালেঙখনৰ পাৰটোতে বহি তাই মোজাযোৰ তললৈ পিছলাই নিয়ে – আঁঠুৰ তল, কলাফুল, সৰু গাঁঠি – তাতে ৰৈ যায়৷ তাই নিজকে পোনাই লয়৷ পেটটোৰে তাই […]
গল্পঃ বু / চাদাত হাসান মান্টো
বু মূলঃ চাদাত হাসান মান্টো অনুবাদঃ কৃষ্ণা দাস বৰষুণৰ এনেকুৱা দিনেই আছিল। আঁহতৰ পাতবোৰে খিৰিকীৰ বাহিৰত এনেকৈয়ে তিতি আছিল । চেগুন কাঠৰ এই স্পিংৰ পালেংৰ ওপৰতেই এজনী ঘাটক ছোৱালী, ৰণবীৰৰ লগত গাত গা লগায় সনাপিঠা হৈ আছিল, যিখন এতিয়া খিৰিকীৰ ওচৰৰ পৰা ঠিক অলপ দূৰৈত ৰখা হৈছে। খিৰিকীৰ ওচৰত আঁহতৰ ফিজা পাতবোৰে ৰাতিৰ […]
গল্প : এটা অলৌকিক কথন অথবা কেৱল কাৱৈমাছ / শমীক ঘোষ
এটা অলৌকিক কথন অথবা কেৱল কাৱৈমাছ মূল (বাংলা) : শমীক ঘোষ অসমীয়া অনুবাদ : মীনাক্ষী বৰপাত্ৰগোহাঁই কবি নীলমণি ফুকনৰ সৈতে গল্পকাৰ শমীক ঘোষ গৰ্ভ ফালি ওলাই অহা কলা চিঞাহীৰে আকাশখন ভৰি পৰিছে ৷ ঠিক কলা হেলমেটৰ দৰেই কঠিন এক আৱৰণ। শিলগুটি এটা খুব জোৰেৰে মাৰি পঠিয়ালে যেনেকৈ ঠক্কৈ এটা শব্দ হ’ব ৷ সিমানেই কঠিন ৷ […]
চেজল মিলোজৰ পাঁচটা কবিতা
অসমীয়া ভাঙনি ঃ যশোৱন্ত নিপুণ পাহৰি যোৱা তুমি আনক দিয়া দুখবোৰ পাহৰি যোৱা, আনে তোমাক দিয়া দুখবোৰো পাহৰি যোৱা ৷ নৈখন বৈ থাকে চিৰকাল , নিজৰাবোৰ জিলিকে আৰু নিঃশব্দ হয়, তুমি পাহৰিব ধৰা পৃথিৱীত তুমি খোজ কাঢ়া ৷ কেতিয়াবা দূৰণিৰ গীত এটিৰ কলি তুমি শুনিবলৈ পোৱা, ইয়াৰ অৰ্থ কি, তুমি প্ৰশ্ন কৰা, কোনে গাইছে ? […]
কছাৰী জনগোষ্ঠীৰ সাধু – নদীবোৰৰ সৃষ্টি কেনেকৈ হৈছিল
নদীবোৰৰ সৃষ্টি কেনেকৈ হৈছিল (Dùimâ dùisâ ni khorâng) অনুবাদঃ কংকনা তালুকদাৰ
চীন দেশৰ সাধু – প্ৰেমৰ পখিলাজাক
প্ৰেমৰ পখিলাজাক (এক চীনা লোক কাহিনী) অনুবাদঃ প্ৰতীক্ষা ছায়া কলিতা বহু বছৰৰ আগয়ে শাংগ্যু, জেজ্যাং (Shangyu,Zhejiang)ত এক অভিজাত চীনা পৰিয়ালত জু য়াংটাই নামৰ নামৰ এগৰাকী গাভৰু আছিল। সেইসময়ত চীনত ছোৱালীবোৰক নিজৰ ঘৰৰ বাহিৰলৈ ওলাই যোৱাত নিষেধ আছিল আৰু তেওঁলোক বিদ্যালয়লৈ যোৱাৰো অনুমতি নাছিল। কিন্তু জু শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল। বহু সময় ধৰি দেউতাকক এই বিষয়ে […]
প্ৰৱন্ধঃ আধুনিক বাস্তৱবাদী নাটকৰ জনক ইবছেন / ৰাজু আনােৱাৰ
আধুনিক বাস্তৱবাদী নাটকৰ জনক ইবছেন মূল লেখকঃ ৰাজু আনােৱাৰ অনুবাদঃ বিদ্যুৎ দত্ত গৱেষক ছাত্র, বৈদেশিক ভাষা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়। এনেকুৱা এটা সময় আছিল যেতিয়া নাটক আছিল সমাজৰ অভিজাতশ্রেণীৰ নিজস্ব সম্পদ। ৰজা ৰাণী, সেনাপতি আৰু ৰাজবিষয়া আদিক মূল বিষয় হিচাপে লৈয়েই নাটক ৰচিত হৈছিল। নৰৱেৰ সেইভিক্টোৰীয়ান যুগত নাটক কেৱল অপশক্তিৰ বিৰুদ্ধে জয়লাভ আৰু সামাজিক মূল্যবােধৰ গান […]
ত্ৰিপুৰাৰ সাধু – এটা বুধিয়ক কেটেলা পহুৰ কথা
এটা বুধিয়ক কেটেলা পহুৰ কথা অনুবাদঃ গীতাশ্ৰী তামুলী হাতী ফুৰে দল বান্ধি। পিছে আমাৰ সাধুৰ দঁতাল হাতীটো ফুৰে অকলে। তাৰতো কালৈকো ভয় নাই! এদিন সি নদীত পানী খাবলৈ আহিল। পানীৰ ফালে চাই দেখিলে, পানীবাৰে চোন একদম ঘোলা। মখনাই ভাবিলে, নদীৰ উজনিত নিশ্চয় কোনোবাই গা ধুই আছে। সেই কাৰণেই নামনিৰ ফালে ঘোলা পানী আহিছে। সেই […]