উড়িয়া গল্পৰ অসমীয়া অনুবাদ / মুচিক : এক প্ৰেম কথা

 মুচিক : এক প্ৰেম কথা মূল (উড়িয়া) : শশাংক প্ৰিয়সখা অনূবাদ: নৱকুমাৰ মিশ্ৰ     আটাইয়ে নিদ্ৰামগ্ন হোৱাৰ পিছত নিস্তব্ধতাই আৱৰি ৰখা গভীৰ নিশাবোৰত উজাগৰে থাকি আমি কবি-লেখকসকলে চিত্ৰকল্প, প্ৰতীক, ৰূপক, প্ৰতিচ্ছবি আদি বিচাৰি ফুৰোঁ। নিশা উজাগৰে কটাই এই বিচাৰি ফুৰা অভ্যাসটোৰ বাবে মই গেংটকত থকা সময়চোৱাত কেবাবাৰো সমস্যাত পৰিবলগীয়া হৈছিলোঁ। সেই শীতপ্ৰধান পাহাৰীয়া জনবসতিপূৰ্ণ […]

অনূদিত গল্প – চীফৰ আপ্যায়ন / ভীষ্ম চাহনী

  চীফৰ আপ্যায়ন মূল (হিন্দী) – ভীষ্ম চাহনী অনুবাদ – ড০ মনিকা শইকীয়া   আজি মিষ্টাৰ শামনাথৰ ঘৰলৈ আপ্যায়নৰ বাবে চীফক নিমন্ত্ৰণ জনোৱা হৈছে৷        শামনাথ আৰু ঘৈণীয়েকৰ উশাহ ল’বলৈও সময় নাই৷ ঘৈণীয়েকে ড্ৰেচিং গাউন পিন্ধি, আউলী-বাউলী চুলিকোচা ওপৰলৈ উঠাকৈ খোপাটো বান্ধি, মুখৰ পাউদাৰখিনি মোহাৰি-মোহাৰি আৰু শামনাথে চিগাৰেটৰ শৰাধ পাতি-পাতি কামবোৰ তদাৰক কৰিছে৷        পাঁচ […]

পাবলো নেৰুডাৰ অসমীয়া অনুবাদ

সমালোচনাৰ গীতিকাব্য – (এক)     মূলঃ পাবলো নেৰুডা। অনুবাদঃ অৱনী বুঢ়াগোহাঁই।   মই পাঁচটা কবিতা লিখিছিলো, এটা আছিল সেউজীয়া, আনটো গোল ঘেঁহুৰঙী পাউৰুটী , তৃতীয়টো আছিল সাজি থকা এটি ঘৰ,  চতুৰ্থটো এটা বৃত্ত, আৰু পঞ্চমটো চুটি ; এক বিজুলীৰ চমকণিৰ দৰে ,   আৰু লিখি গৈ থাকোতে মোৰ যুক্তিয়ে স্থায়ী ৰূপ ললে । আৰু তেতিয়াই […]

ষ্টেন স্বামীৰ কবিতা

ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হৈ প্ৰায় ৯ মাহ দিন জেলত থাকি ৫/৭/২০২১ তাৰিখে মৃত্যবৰণ কৰা ৮৪ বছৰীয়া মানৱ অধিকাৰ কৰ্মী ষ্টেন স্বামীয়ে জেলত থকা অৱস্থাতে লিখা এটা কবিতা কাৰাগাৰৰ জীৱন, প্ৰকৃত সাম্যবাদী মূলঃ ষ্টেন স্বামী অনুঃ বিতোপন গগৈ   কাৰাগাৰৰ নিৰাশ দুৱাৰখনৰ ভিতৰত সকলো বস্তু কাঢ়ি লোৱা হৈছে কেৱল অত্যন্ত প্ৰয়োজনীয় কেইটাৰ বাহিৰে   প্ৰথমে আহে “তুমি” তাৰ পিছত […]

কল্পবিজ্ঞান ভিত্তিক গল্প–

কল্পবিজ্ঞান ভিত্তিক গল্প– আলেকজেণ্ডাৰ দা গড  লেখকঃ আইজাক আচিমভ অনুবাদঃ ৰঞ্জনা দত্ত   লেখক পৰিচয়: :  প্ৰখ্যাত বিজ্ঞান আৰু  কল্পবিজ্ঞান লেখক আইজাক আচিমভ আমেৰিকাৰ বষ্টন ইউনিভাৰচিটিৰ জৈৱ ৰসায়ন বিভাগৰ প্ৰফেচৰ আছিল। ১৯২০ চনত ৰাছিয়াত জন্মগ্ৰহণ কৰা আচিমভে বিজ্ঞান, কল্পবিজ্ঞান আৰু ৰবটৰ ওপৰত ৫০০ খনতকৈও অধিক কিতাপ লিখিছে আৰু সম্পাদনা কৰিছে।  ইয়াৰোপৰি তেওঁ প্ৰায় ৯০, ০০০খন […]

ভঁইশাসুৰ : মহিষাসুৰ – ভাৰতৰ প্ৰথম ধাতুবিজ্ঞানী অসুৰ সম্প্ৰদায়

  ভঁইশাসুৰ : মহিষাসুৰ ভাৰতৰ প্ৰথম ধাতুবিজ্ঞানী অসুৰ সম্প্ৰদায় মূল : শৰ্মিষ্ঠা দাস চাদ্ৰী ভাষালৈ অনুবাদ : ৰবচন তাঁতী অসমীয়া অনুবাদ: স্ৰোতস্বিনী তামুলী           যোৱা আঢ়ৈ বছৰ ৰাঁচী চহৰৰ প্ৰতি এক মায়াই বান্ধি ৰাখিছে। চকু মুদিলেই মন মুহি নিয়া ছোটনাগপুৰ পাহাৰৰ ছবি মনলৈ আহে। আৰু আহে … নোমাডিক, ছেমি নোমাডিক আদিম জনগোষ্ঠীৰ বাসস্থানৰ কথা। […]

Hiren Bhattacharyya’s poem in English translations

Original Assamese poem by Revered poet Hiren Bhattacharyya   Translated by Dr Bipul Kumar Baruah   Seasons on Poetic Depiction   1. Monsoon   Mellowing tune of flute of wind Has blown athrough the Sal forest. Wind of monsoon is as if a tragic lover Whose bosom is full of benign smiles Of sorrows and […]

প্ৰভাতী প্রাৰ্থনা/ লুইচ গ্লাক

প্ৰভাতী প্রাৰ্থনা মূল: লুইচ গ্লাক অনুবাদ : আফৰুজা আখতাৰ   আপুনি জানিব বিচাৰিছে   সময়বোৰ মই কেনেদৰে অতিবাহিত কৰো? সন্মুখৰ ল’ন খনত খোজ কাঢ়ি কাঢ়ি মই বন নিৰাই  থকাৰ ভাও ধৰো কিন্তু আপুনি বিশ্বাস কৰক ফুলৰ বিচনাত নাচি থকা ক্ল’ভাৰৰ গুচ্ছৰ মাজৰ পৰা এডালো বন মই টানি থকা নাই  দৰাচলতে  কিছুমান প্ৰমাণ সংগ্ৰহ কৰাৰ অৰ্থে মই […]

চাৰ্লছ বুকওস্কিৰ কবিতাৰ অসমীয়া অনুবাদ

 নীলা চৰাইমূলঃ চাৰ্লছ বুকওস্কিঅনুঃ বিতোপন গগৈ   এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে সি ওলাই আহিব খোজে বাহিৰলৈ কিন্তু মই বৰ কঠোৰ তাক লৈ  মই কওঁ, তাতে সোমাই থাক  কাকো চাবলৈ নিদিওঁ মই তোক   এটা নীলা চৰায়ে মোৰ বুকুত বাহ সাজি আছে সি ওলাই আহিব খোজে বাহিৰলৈ কিন্তু মই তাৰ গাত মদ […]

দুষ্ট যাদুকৰৰ কাহিনী/ উৰিয়া ভাষাৰ গল্পৰ অসমীয়া অনুবাদ

  গল্প | অনুবাদ   দুষ্ট যাদুকৰৰ কাহিনী মূল(উৰিয়া)- সত্য মিশ্ৰ অসমীয়া অনুবাদঃ নৱকুমাৰ মিশ্ৰ   (১)   বহু বছৰ আগতে আমাৰ গাঁৱলৈ এজন যাদুকৰে যাদু দেখুৱাবলৈ আহিছিল। মানুহবোৰে কোৱামতে সেয়া ৫০-৬০ বছৰ আগৰ কথা। সেই কালত আমাৰ গাঁৱলৈ বাহিৰৰ পৰা খুব কম মানুহহে আহিছিল। কিন্তু যাদুকৰজন অহাৰ কথাটো আমাৰ গাঁৱত এতিয়াও ইমানকৈ আলোচিত হয় […]