প্ৰৱন্ধঃ মই কিয় নাস্তিক? / ভগৎ সিঙ
মই কিয় নাস্তিক? মূলঃ ভগৎ সিঙ অনুবাদঃ সপোন বড়া, ডিব্ৰুগড় বিশ্ববিদ্যালয় (শ্বহীদ–এ–আজম ভগৎ সিঙৰ ” Why I’m an Atheist”ৰ অসমীয়া অনুবাদ কৰাৰ চেষ্টা কৰিছিলোঁ। সাম্প্ৰতিক কালৰ ভাৰতবৰ্ষত যেতিয়া সাম্প্ৰদায়িক উন্মাদনাই সফলতাৰ এভাৰেষ্ট আৰোহণ কৰিছে, সেই সময়ত এই অনুবাদৰ কিমান প্ৰাসংগিকতা আছে সেই বিষয়ে অনুবাদক অজ্ঞ; কিন্তু এইটো নিশ্চিত যে এদিন এই উন্মাদনাৰ অৱসান ঘটিব; আৰু আমাৰ পূৰ্বসূৰীৰ যি […]
জয়ন্তীয়া লোক প্ৰবাদ / ফুলৰ লোভত ভোল যোৱা ছোৱালীজনী
জয়ন্তীয়া লোক প্ৰবাদ কা পাহচিনটিয়েও (ফুলৰ লোভত ভোল যোৱা ছোৱালীজনী) সংগ্ৰহ আৰু অনুবাদঃ ৰঞ্জনা দত্ত ‘লেই শ্বিলঙক’ খাছী আৰু জয়ন্তীয়া সকলৰ পৰম ঈশ্বৰ বুলি জ্ঞান কৰা হৈছিল আৰু তেওঁলোকে প্ৰতি বছৰে এটা বিশেষ দিনত তেওঁলোকৰ ইষ্ট দেৱতাক সন্তুষ্ট কৰিবলৈ পূজা অৰ্চনা কৰি বলি আগবঢ়াই আহিছিল। ইয়াৰ বাবে ইউ লেই শ্বিলং তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈ পৰে। তেওঁৰ ভক্ত […]
গল্পঃ এম্বেছি / জেনিছ পেৰিয়াট
এম্বেছি মূলঃ জেনিছ পেৰিয়াট অনুবাদঃ ৰঞ্জনা দত্ত এইটো এনেধৰণৰ এটা গধূলি যিটোত লাইটুমখ্ৰাৰ পৰা পুলিচ বজাৰলৈকে গোটেই বাটতো খোজকাঢ়ি গলেও অলপো ঘাম নোলায়। টেইয়ে তাকে কৰিছিলে- গা গৰম কৰিবলৈ নহয়, কাৰণ বাহিৰৰ হাড় কঁপোৱা ঠান্ডাত সেইটো অসম্ভৱ আছিল । সি টেক্সিৰ পইচাতোহে বছাব বিছাৰিছিল। সেই ২০ টকাৰে সি আৰু এগিলাচ মদ খাব পাৰিব । তাৰ গাটোও […]
প্ৰৱন্ধঃ বেকনৰ দৃষ্টিত বন্ধুত্ব / ফ্ৰেন্সিস বেকন
Of Friendship মূলঃ ফ্ৰেন্সিস বেকন অনুবাদঃ হিমাংশু পাঠক বেকনৰ দৃষ্টিত বন্ধুত্ব যি ব্যক্তিয়ে নিঃসংগতাৰ মাজেদি সময় অতিবাহিত কৰিব পাৰে তেওঁ হয়তো বনৰীয়া জন্তু বা দেৱতা। অবশ্যে কিছুমান মানুহে আত্মিক কাৰণত (spiritual reasons) নিঃসংগতাক আদৰি লয়।এইসকল ব্যক্তিয়ে দাবী কৰে যে নিঃসংগ জীৱন যাপনে তেওঁলোকক আত্মিকভাবে মৰ্য্যদাপূৰ্ণ জীবনদান কৰিছে।কিন্তু আচলতে যাৰ কোনো প্ৰকৃত বন্ধু নাই তেওঁ পৰিত্যক্ত […]
গল্পঃ আত্মাৰ লগত নৈশভোজ/ ইষ্টাৰিন কিৰে ইৰালু ( নাগালেণ্ডৰ গল্প)
আত্মাৰ লগত নৈশভোজ ( Supping with the Spirits) মূল(ইংৰাজী) : ইষ্টাৰিন কিৰে ইৰালু (Easterine Kire Iralu) অনুবাদ : ৰঞ্জনা দত্ত তেওঁ এগৰাকী বয়সে আচোঁৰ পেলাব নোৱাৰা মহিলা । কেতিয়াবা নিজৰ ঘৰৰ দুৱাৰ মুখত বহি চাউল বাচি থকা সময়ত তেওঁক পৃথিৱী খনৰ সমানেই বয়স হোৱা যেন অনুমান হয় । আন কেতিয়াবা, পুৰণি গল্প কৈ থাকোতে যেতিয়া […]
মিজো সাধুঃ কাঠফুলাবোৰ কেনেকৈ সৃষ্টি হৈছিল
মিজো সাধু – কাঠফুলাবোৰ কেনেকৈ সৃষ্টি হৈছিল অনুবাদ – জ্যোতিস্মিতা শইকীয়া, তেজপুৰ কলেজ অতি পুৰণি কালৰ কথা, দুই বাই-ভনীয়ে তেওঁলোকৰ তিঁয়হৰ খেতিডৰাত খোৱাৰ উপযুক্ত তিঁয়হ ছিঙি আছিল।সৰুগৰাকীয়ে যথেষ্টসংখ্যক তিঁয়হ ছিঙি গোটাইছিল যদিও ডাঙৰগৰাকীয়ে ইমানকৈ বিচৰাৰ পাচতো এটাও ভাল তিঁয়হ গোটাব পৰা নাছিল। সেয়েহে বায়েকে ভনীয়েকগৰাকীক তেওঁৰ ভাগৰ পৰাই কেইটামান দিবলৈ ক’লে। কিন্তু ভনীয়েকে ক’লে যে আটাইবোৰ […]
মহামাৰী এটাৰ সৈতে কৰা মোকাবিলাখন দেখাত যুদ্ধৰ দৰে লাগিলেও পিছে প্ৰকৃত প্ৰয়োজন তাতকৈ বহু নিলগতঃ অমৰ্ত্য সেন
মহামাৰী এটাৰ সৈতে কৰা মোকাবিলাখন দেখাত যুদ্ধৰ দৰে লাগিলেও পিছে প্ৰকৃত প্ৰয়োজন তাতকৈ বহু নিলগতঃ অমৰ্ত্য সেন অনুবাদকঃ দৰ্শন জ্যোতি ভূঞা, ৰাজনীতি বিজ্ঞান বিভাগ নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত) আমি ভাৰতবৰ্ষক বিশ্বৰ সৰ্ববৃহৎ তথা উন্নয়নশীল দেশসমূহৰ ভিতৰত সকলোতকৈ পুৰণি গণতন্ত্ৰ বুলি গৰ্ব কৰাৰ বহুত থল আছে। গণতন্ত্ৰই সকলোকে কেৱল বাক স্বাধীনতাৰ অধিকাৰ দিয়াতে ক্ষান্ত নাথাকি […]
গল্পঃ জীৱিকাৰ ৰাজনীতি / ইন্দ্ৰ গান্তি জানকীৱালা
জীৱিকাৰ ৰাজনীতি মূল: ইন্দ্ৰ গান্তি জানকীবালা অনুবাদ: ননী চহৰীয়া বৰা মোহনে চিকচিকাই থকা স্কুটাৰখনলৈ আকৌ এবাৰ চালে,ৰুমালখন উলিয়াই আয়নাখন লাহে লাহে মচিলে। স্কুটাৰখন ঠেলি বাহিৰলৈ উলিয়ালে আৰু হৰ্ণটো দুবাৰ বজাই চালে। আজি চব্বিশ ফেব্ৰুৱাৰী। মোহন প্ৰথম বাৰৰ বাবে নিজৰ নতুন স্কুটাৰত উঠিব। ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব খুজি তাৰা হঠাৎ […]
গল্পঃ এপিয়লা চাহ / কেথৰিন মেন্সফিল্ড
এপিয়লা চাহ মূল গল্প: A Cup of Tea গল্পকাৰ: Katherine Mansfield উৎস গ্ৰন্থ: Ten Short Stories অনুবাদ: অৰুণিমা ভট্টাচাৰ্য্য ৰজ‘মেৰী ফিল অপূৰ্ব্ব সুন্দৰী নাছিল। তেওঁক সুন্দৰী বুলি নকলেও মৰমলগা বুলি ক‘ব পাৰে, যদি তেওঁক অংশত বিভক্ত কৰি চায়। কিন্তু ইমান কঠোৰ হ‘বলৈ কিয় যাওঁ, কাৰোবাক খণ্ডিত কৰি তেওঁৰ সৌন্দৰ্য্যৰ সংজ্ঞা দিবলৈ? তেওঁ কম বয়সৰ, বুদ্ধিমতী, […]
অমৃতা প্ৰীতমৰ দুটি কবিতা
মূল হিন্দী: আত্মমিলন , খালী জগহ অসমীয়া ভাঙনি: ড০ ৰীতা শৰ্মা আত্মমিলন মোৰ বিচনা সাজু কিন্তু জোতা আৰু কামিজৰ দৰে তই নিজৰ শৰীৰটোও খুলি দে তাত এমূৰত থৈ দে বিশেষ একো কথা নাই এয়া নিজৰ নিজৰ দেশৰ ৰীতি মাথোন… খালী ঠাই মাথো দুখন দুৱাৰ আছিল এখনে মোক আৰু তাক অধিকাৰৰ পৰা বঞ্চিত কৰিলে […]