বক্তৃতাঃ তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম / সুভাস চন্দ্ৰ বসু
সুভাস চন্দ্ৰ বসুৰ ভাষণ অনুবাদঃ কৃষ্ণা দাস (নেতাজীয়ে এই ভাষণটো ১৯৪৪ ত বাৰ্মাৰ ইণ্ডিয়ান নেচনেল আৰ্মীত প্ৰদান কৰিছিল।) বন্ধুসকল, বাৰ মাহৰ আগতে পূৱ এছিয়াত ভাৰতীয়সকলৰ সন্মুখত ‘সম্পূৰ্ণ সৈন্য সংগঠন’ বা ‘অধিক বলিদান’ ৰ কাৰ্যসূচী কৰা হৈছিল। আজি মই আপোনালোকক যোৱা বছৰৰ আমাৰ উপলব্ধিৰ হিচাপ দিম আৰু আহিবলগীয়া বছৰৰ আমাৰ ইচ্ছা আপোনালোকৰ সন্মুখত দাঙি ধৰিম। […]
বক্তৃতাঃ ১৯৪২ চনত মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ ভাষণ
১৯৪২ চনত মহাত্মা গান্ধীৰ ভাৰতত্যাগ আন্দোলনৰ ভাষণ অনুবাদ ঃ মুনমুন সৰকাৰ শইকীয়া মূল কথা আৰম্ভ কৰাৰ আগতেই মই দুটামান কথা ক‘ব বিচাৰো, মই দুটামান কথা বুজাই দিব খুজিছোঁ আৰু কথা কেইটাআমাৰ বাবে দৰকাৰী বুলি ভাবোঁ। মই বিচাৰোঁ যে কথা কেইটা আপোনালোকে মোৰ দৃষ্টিভংগীৰে চাওঁক তেন্তে আপোনালোক সুখী হ‘ব পাৰিব। এয়া এক মহান জবাবদিহী। বহুসংখ্যক মানুহে মোক সোধে […]
কবিতাঃ আমি/ শুভ দাশগুপ্ত
আমি মূল: শুভ দাশগুপ্ত অসমীয়া ভাঙনি: বাপুকণ চৌধুৰী ক্ষুদিৰাম হ’ব কাষৰ ঘৰৰ ল’ৰা আমাৰ লৰাটো ডাক্তৰ হ’ব আমাৰ লৰা ইঞ্জিনিয়াৰ হ’ব নহলে আটোল টোল চৰকাৰী বিষয়া হ’ব; ক্ষুদিৰাম আকৌ কিয় হ’ব? ! ক্ষুদিৰাম আমাৰ কাষৰ ঘৰৰ ল’ৰাটোৱেই হ’ব••• আমাৰ ল’ৰাই দেশ চলাব, দেশ শাসন কৰিব চৰকাৰী গাড়ীত আহিব চৰকাৰী গাড়ীত যাব দুয়োকাষে মখমলৰ গালিচা পাৰিব, […]
কবিতাঃ এইদৰেই মৰাশটোৱে ক’লে
এইদৰেই মৰাশ টোৱে ক’লে (Thus spoke the Cadaver…) মূলঃ BD Chaurasia’s Human Anatomy Book, ষষ্ঠ খণ্ড । অসমীয়া ভাঙনিঃ প্ৰিয়াক্ষি প্ৰিয়দৰ্শনী শুনা, মোক অলপ আলফুলকৈ তুলিবা জীয়াই থাকোতে মোৰ শৰীৰটোৱে বৰ অনাদৰ পালে সৎকাৰৰ যোগ্যও ই নাছিল সেইবাবেই মই ইয়াত এইদৰে… তুমি মোক কাটি পেলোৱা শৰীৰটো টুকুৰা টুকুৰকৈ সোলোকাই ব্যৱচ্ছেদ কৰা মই মানিছোঁ মানিছোঁ […]
এজন পদাৰ্থ বিজ্ঞানীৰ প্ৰেম পত্ৰ
ৰিচাৰ্ড ফেইমেনে পত্নীলৈ লিখা চিঠি অনুবাদঃ দেৱাশ্ৰী বৰগোহাঁই অক্টোৱৰ ১৭,১৯৪৬ ড্য’ আৰ্লিন প্ৰিয়তমা, তোমাক মই খুবেই ভাল পাওঁ । মই জানো তুমি এই কথাষাৰ শুনি কিমান ভালপোৱা । আজি পাছে কেৱল তুমি ভালপোৱা বুলিয়েই লিখা নাই-লিখিছো কাৰণ ই মোক তোমালৈ লিখিবলৈ অনুপ্ৰাণিত কৰি তোলে । তোমালৈ শেষবাৰৰ বাবে লিখা বহুদিনেই হ’ল –প্ৰায় দুবছৰ । মই […]
ওমানৰ সাধুকথাঃ ‘আবু থেইল’ৰ কাহিনী
‘আবু থেইল’ৰ কাহিনী অনুবাদ : পংকজ কুমাৰ নেওগ বহু বছৰৰ আগেয়ে ওমানৰ ধ’ফাৰ আৰু সংলগ্ন বৃহত্তৰ য়েমেনৰ কিছু বিস্তীৰ্ণ অঞ্চলত মহাৰাণী শ্বেবাই ৰাজ্য শাসন কৰাৰ পূৰ্বে ৰাশিদ নামৰ এজন কৃযক আছিল। ৰাশিদ আছিল গণ্ডপ মাৰি ফুৰা এজন ফোঁপযহী মানুহ; ডেকা কালৰ কীৰ্তি-কাহিনী, নিজৰ ঘৰ-বাৰী বা সা-সম্পত্তি আৰু একমাত্ৰ জীয়ৰীৰ গুণানুকীৰ্তন আদি লোকৰ আগত বখানিয়েই সময়বোৰ […]
গল্পঃ অপৰাহ্ন / ভীষ্ম চাহানী
অপৰাহ্ন মূলঃ ভীষ্ম চাহানী (হিন্দী) অনুবাদঃ অঞ্জনা মহন্ত
গল্পঃ খাচী লোকসাধু / কা লিকাইৰ জাঁপ
খাচী লোকসাধু – কা লিকাইৰ জাঁপ অনুবাদ : লুকী পি ডেকা খাচী পাহাৰত চেৰাপুঞ্জীৰপৰা পশ্চিমে কিছু মাইল আতঁৰত এটা ধুনীয়া জলপ্ৰপাত আছে। নাম ‘কা লিকাইৰ জাঁপ‘। খাচী পাহাৰৰ কেইবাটাও ভিউ পইন্টৰপৰা ইয়াক দেখা পোৱা যায়। এই জলপ্ৰপাতটো আৰু ইয়াৰ চৌপাশৰ সৌন্দৰ্য্য ইমানেই মনোমোহা যে বহু দূৰৈৰ পৰা দেশী বিদেশী পৰ্যটকে ইয়াৰ ৰূপসুধা পান কৰিবলৈ বছৰটোৰ যিকোনো […]
গল্পঃ আংকল / স্বাতী কিৰণ
আংকল মূল(তামিল) : আঝাগিয়াচিঙ্গাৰ অনুবাদ : স্বাতী কিৰণ নিজৰ ছীটটো বিচাৰি বৃন্দাবন এক্সপ্ৰেছত গপচত বহি ল’লো৷ ৰে’লখনে যাত্ৰাৰ সংকেত দি উঁকি মাৰিলে৷ ঠিক তেতিয়াই তেওঁ মোৰ কাষৰ ছীটত বহিলহি৷ তেওঁ অন্য কোনো নহয় মোৰ পত্নী৷ অথচ মই এনেকুৱা ভাও জুৰিলো যেন মোৰ কাষত কোনে বহিছে সেই কথাটোত মই অলপো গুৰুত্বই দিয়া নাই৷ তাইৰ উপস্থিতিক মই সম্পূৰ্ণৰূপে অগ্ৰাহ্য […]
খাচী-জয়ন্তীয়া লোককথাঃ সাতটা কুলৰ জন্ম কাহিনী
খাচী-জয়ন্তীয়া লোককথাঃ সাতটা কুলৰ জন্ম কাহিনী অনুবাদকঃ কৰিশ্মা শইকীয়া, ইণ্ডিয়ান ইন্সটিটিউট অৱ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেন্ট, দিল্লী পৃথিৱীৰ উৎপত্তিৰ সময়ৰ কথা। তেতিয়া এই পৃথিৱীখনত ৰিক্ততাৰ বাহিৰে একো নাছিল। কিছুকাল এনেদৰেই অতিবাহিত হোৱাৰ পিছত ভগৱানে বাচা–পেট্রন নামৰ গাঁৱৰ দেৱতাজনৰ লগত বিবাহ পাশত আৱদ্ধ হ‘বলৈ ৰাম–ইৱ নামেৰে এগৰাকী সুন্দৰী অভিভাৱিকাৰ সৃষ্টি কৰিলে। তেওঁলোকৰ বিবাহ সম্পন্ন হোৱাৰ পিছত […]