সদ্যপ্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মূখাৰ্জীৰ ৰাষ্ট্ৰপতিৰ বিদায়ী ভাষণ

অনুবাদঃ নিকু দুৱৰা ৰাজনীতি বিজ্ঞান বিভাগ, নৰ্থ লখিমপুৰ কলেজ চৌহদ Courtesy: NDTV Convergence Limited 2020   (মহান ৰাজনীতিবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মূখাৰ্জীদেৱে যোৱা ৩১ আগষ্ট, ২০২০ তাৰিখে তেওঁৰ ৮৫ বছৰীয়া বণ্যাৰ্ঢ জীৱনৰ সামৰণি মাৰে। ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা এইজন মহান স্বপ্নদ্ৰস্তা নেতাজনক হেৰুৱাই আমি TranslatorsAssam পৰিয়াল অত্যন্ত দুখী। এই ভাষণটো ২০১৭ […]

কবিতাঃ আইনৰ প্ৰসংগত/ খলিল জিব্ৰান

আইনৰ প্ৰসংগত (Chapter: On Laws by Khalil Gibran) মূলঃ খলিল জিব্ৰান অনুবাদঃ অৱনী বুঢ়াগোহাঁই (লেখকৰ “দেৱদূত” গ্ৰন্থৰ পৰা)   তাৰপাচত এজন আইনজীৱি আহিল আৰু কলে : গুৰুদেৱ, আমাৰ আইনৰ বিষয়ে কি ক‘ব ? আৰু ‘তেওঁ‘ উত্তৰ দিলে এইবুলি :   তোমালোকে আইন বনাই যিমান ভালপোৱা, তাতোকৈ বেছি ভালপোৱা আইন ভাঙি । সাগৰৰ পাৰত ওমলা ল‘ৰাছোৱালী […]

গল্পঃ কেট ইন দ্য ৰেইন / আৰ্নেষ্ট মিলাৰ হেমিংৱে

 মূল গল্পঃ Cat in the Rainগল্পকাৰঃ Earnest Miller Hemingwayঅনুবাদঃ অৰুণিমা ভট্টাচাৰ্য্য “বৰষুণত ভিজা মেকুৰীটো” . হোটেলখনত থকা মানুহবোৰৰ ভিতৰত তেওঁলোক দুজনেই মাত্র আমেৰিকাৰ আছিল। হোটেলৰ চিৰিৰে কোঠালৈ অহা যোৱা কৰোতে লগ পোৱা কোনো মানুহ তেওঁলোকৰ চিনাকি নাছিল। তেওঁলোকৰ কোঠাটো দ্বিতীয় মহলাত সাগৰৰ ফালে আছিল। তাৰ পৰা ৰাজহুৱা উদ্যানখন আৰু যুদ্ধৰ স্মৃতিসৌধটো দেখা গৈছিল। উদ্যানখনত সেউজীয়া ঠাল-ঠেঙুলিৰে ডাঙৰ প্লামৰ […]

ওমানৰ সাধুকথাঃ বিবাহ ইচ্ছুক এজোপা গছৰ কাহিনী

 বিবাহ ইচ্ছুক এজোপা গছৰ কাহিনী (ওমানৰ  সাধুকথা)  অনুবাদ : পংকজ কুমাৰ নেওগ   এসময়ত এখন গাৱঁত মোহনা নামেৰে এগৰাকী মহিলা আছিল। মোহনা আছিল বৰ অন্ধবিশ্বাসী; বোধকৰো গোটেই গাওঁখনত তাইৰ দৰে অন্ধবিশ্বাসী কোনো নাছিল। গাওঁখনত সামান্য এটা ঘটনা ঘটিলেও তাই সদায় কিবা অপায় বা অমঙ্গলৰ আশঙ্কা কৰিছিল। আখলঘৰত সোমাওঁতে মোহনাই সদায় সোঁ ভৰিখনহে প্ৰথমে দি  সোমায় যাতে […]

কবিতাঃ যদি মানুহ হৈ নোৱাৰো, পখী হৈ উভতিম এদিন / তছলিমা নাসৰিন

যদি মানুহ হৈ নোৱাৰো, পখী হৈ উভতিম এদিনমূল বাংলা কবিতা: “যদি মানুষ হয়ে না পাৰি, পাখি হয়েও ফিৰব একদিন” মূল : তছলিমা নাসৰিন অনুবাদ : বাপুকণ চৌধুৰী মোৰ বাবে অপেক্ষা কৰিবা মধুপুৰ নেত্ৰকোনা অপেক্ষা কৰিবা জয়দেবপুৰৰ চাৰিআলি বোৰ, মই উভতিম, ভীৰৰ মাজত হুলস্থূল কৰিম, সাহসৰ অসীম বন্যাত অপেক্ষা কৰা, আপোন ঘৰ, নেমুতলা আৰু গোল্লাচুটৰ পথাৰ॥ […]

অসমীয়াত বিশটা ইংৰাজী নাৰ্ছাৰী পদ্য

অসমীয়া ভাঙনিঃ পংকজ কুমাৰ নেওগ   (১) (Jack and Jill)  জোন আৰু জুনুকা   জোন আৰু জুনুকা পালেগৈ পাহাৰৰ টিং, আনিবলৈ নিজৰাৰ পানী, কেকোঁ-জেকোঁকৈ বৰ এটা বাল্টিত, পানী লৈ আহে উভতি । বিষম আছিল কাল হঠাতে উজুতি খাই, জোন পৰে ভৰি পিছলি, শিলত খুন্দা খাই কপালৰ তেজেৰে, বেচেৰা হ’ল ৰাঙলী ! জোনৰ পিছে পিছে ভনীয়েক জুনুকাৰো […]

গল্পঃ বিদূষক / ৰবীন্দ্ৰনাথ ঠাকুৰ

বিদূষকমূল বাংলা: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই     (১) কাশীৰ ৰজা কৰ্ণাটক জয়ৰ বাবে ওলাল । যুঁজত তেঁৱেই জয়ী হ’ল । বিজয় চিন স্বৰূপে চন্দন, হাতীৰ দাঁত আৰু সোন মাণিক মুকুতা আদি হাতীত বোজাই দিয়া হ’ল । দেশলৈ উলটি অহাৰ পথত ৰজাই বলেশ্বৰী মন্দিৰত বলিৰ ৰক্তৰে পূজা দিলে । পূজা দি উভতি আহিছে– গাত […]

বক্তৃতাঃ মালালা ইউছুফজাইৰ নোবেল ভাষণৰ অসমীয়া ভাঙনি

অসমীয়া ভাঙনিঃ দুলুমণি পেগু, চিলাপথাৰ, ধেমাজি ।   বিছমিল্লাহ হিৰ ৰহমান ইৰ ৰহিম। ভগৱানৰ নামত অধিকতম দয়া, অধিকতম  পৰোপকাৰিতা আছে। হে মহানসকল, নৰৱে দেশৰ নোবেল সমিতিৰ প্ৰসিদ্ধ সদস্যসকল, মৰমৰ ভাইসকল আৰু ভনীসকল,আজিৰ দিনটো মোৰ কাৰণে মহান আনন্দৰ দিন। মই বিনীত যে নোবেল সমিতিয়ে মোক এই অকালপক্কক বঁটাৰ কাৰণে মনোনীত কৰিলে। আপোনালোকৰ অবিৰত সমৰ্থন আৰু মৰমৰ কাৰণে আপোনালোক […]

কবিতাঃ দ্য অ’ল্ড প্লেহাউচ / কমলা

 দ্য অ‘ল্ড প্লেহাউচ মূলঃ কমলা দাস অসমীয়া ভাঙনি:  দুলুমণি গগৈ   পুৰণি নাটঘৰটো মুক্ত বিহংগ চাতক মই, তুমি কৰিছিলা পিঞ্জৰাবদ্ধ তোমাৰ প্ৰেমৰ দীঘলীয়া গ্ৰীষ্মত, ভাবিছিলা বিস্মৃতিৰ গ্ৰাসত পৰিব মোৰ এৰি অহা মৰমৰ ঘৰ, মোৰ আজন্ম প্ৰকৃতি– মই জনী, মোৰ উৰাৰ হাবিয়াস আৰু পাহৰাই দিবা অন্তহীন আকাশী পথৰ অকোৱা–পকোৱা গলি। তোমাক জানিবলৈ নহয় , মই নিজকেহে […]

গল্পঃ কোন ওচৰত, কোন দূৰত / মংগল সিং হাজোৱাৰি

 কোন ওচৰত, কোন দূৰত মূল: Mangal Singh Hajowari উৎস: Modern Bodo Short Stories (Sahitya Akademi) বড়োৰ পৰা ইংৰাজীলৈ অনুবাদ: জয়্কান্ত শৰ্মা অনুবাদ: কিশোৰ দাস নিশাটো মৰোঁ মৰোঁ হৈছিল। সপোনটো দেখিয়েই বিলায়ে সাৰ পাই উঠিছিল। গিৰিয়েকক বিছনাত খেপিয়াই চাইছিল যদিও বিচাৰি নাপালে। তাই আচম্বিত হৈছিল। ক‘লৈ গ‘ল সি? খৰধৰকৈ তাই উঠি দখনাখন ভালদৰে গাঁঠি ল‘লে আৰু […]