কবিতাঃ প্ৰকৃতি বিমুখ/ উলিয়াম ৱৰ্ডৰথ
প্ৰকৃতি বিমুখ মূল কবিতাঃ The World is Too Much With Us মূলঃ উলিয়াম ৱৰ্ডৰথ ভাঙনি:- দুলুমণি গগৈ ভোগবাদত জৰ্জৰ মন ; পলমেই বা ত্বৰিত, আয় বা ব্যয়, ধন ধন কৰি গুণৰ অপচয়; বিনন্দীয়া প্ৰকৃতিৰ ৰূপত হিয়া মুগ্ধ নহয় পতিত আত্মাৰ ছন্দ ভোগস্পৃহা আশিষ স্খলিত ! বিশাল সাগৰ উদং বক্ষ জোনলৈ প্ৰসাৰিত , অহৰহ গৰ্জনেৰে ৰূদ্ৰপবনে ধৰণী […]
কবিতাঃ অনূদিত শিশু কবিতা
মূল কবিতা — Dad and the cat and the treeকবি — Kit Wrightভাঙনি — গায়ত্ৰী দেৱী বৰঠাকুৰ দেউতা আৰু এটা মেকুৰী আৰু এজোপা গছ আজি ৰাতিপুৱাই এটা ঘটনা হ’ল আমাৰ ঘৰত । এটা মেকুৰী লাগি ধৰিলে আমাৰ এজোপা গছত ।। দেউতাই ক’লে, বিষয়টো মোৰ ওপৰতে এৰি নিদিয়া কিয় হে।।” ওখ গছজোপা লেহুকা। মায়ে ক’লে,” ভগৱানৰ […]
কবিতাঃ মেৱাটি ভাষাৰ কবিতা / মৰহুম কমাল
মূলঃ মেৱাটি ভাষা (মেৱাটি ডাইলেক্ত নাগৰি ,হিন্দী লিপিত লিখা হয়) কবিঃ মৰহুম কমাল (ঊনবিংশ শতিকাৰ মেৱাটি সাহিত্যৰ এজন আদৰণীয় কবি।) অনুবাদঃ সীমা শইকীয়া । তাই উলাহৰে নাচ ৰছি, নিলাজ হৈ বিচনা ফুলৰে সিচি দিব। অভাগাৰ সকলৰ আসন ৰচি ,দীন দূখীয়াৰ ছাল আচুৰিব । খহি পৰিব আশ্চৰ্যকৰ বিশৃংখলতা। সত্য সত্য কয় কি আচৰিত।। ন্যায়ৰ বিচনাৰ […]
কবিতাঃ এটি চৰাইৰ ছবি আঁকিবলৈ হ’লে / ঝাঁক প্ৰিৱেৰ
এটি চৰাইৰ ছবি আঁকিবলৈ হ’লে মূল ফৰাচীঃ ঝাঁক প্ৰিৱেৰ (Jacques Prévert) অসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই প্ৰথমে এটা সঁজা আঁকাএখন খোলা দুৱাৰৰ সতেতাৰ পাছত আঁকাকিবা এটা চকুতলগা কিবা এটা সৰল কিবা এটা মৰমলগা কিবা এটা প্ৰয়োজনীয় চৰাইটোৰ বাবে তাৰ পাছত কেনভাচখন গছ এজোপাত আওঁজাই থোৱা, ফুলনি এখনত বননি এখনত অথবা হাবি এডৰাত আৰু গছজোপাৰ আঁৰত লুকাই […]
গল্পঃ অন্যমনস্কভাৱে খিৰিকিৰে ৰ’ লাগি চোৱা (Absent-minded Window-gazing!)/ ফ্ৰানজ কাফকা
মূলঃ ফ্ৰানজ কাফকা ইংৰাজী অনুবাদঃ উইলা আৰু এডৱিন মিও অনুবাদঃ জ্যোতিশিখা দত্ত দ্ৰুত গতিত অহা ঋতু বসন্তৰ দিনবোৰক লৈ নো আমি কি কৰিব পাৰোঁ? ৰাতিপুৱা আকাশখন ডাৱৰীয়া আছিল, কিন্তু এতিয়া যদি আপুনি খিৰিকীৰ ওচৰলৈ যায় আপুনি আশ্বৰ্যচকিত হব আৰু খিৰিকীৰে মুখখন উলিয়াই আকাশখনলৈ চাই ৰ’ব। সূৰ্য্যটো ইতিমধ্য ডুব গৈছে কিন্তু তলত আপুনি দেখিব ই কণমানি […]
কবিতাঃ আঁঠ বছৰৰ আগৰ এদিন / জীৱনানন্দ দাশ
আঁঠ বছৰৰ আগৰ এদিন মূলঃ জীবনানন্দ দাশ অসমীয়া অনুবাদঃ অৱনী বুঢ়াগোহাঁই শুনিলো, লাচকটা ঘৰলৈ লৈ গ‘ল তাক কালি নিশা ফাগুনৰ ৰাতিৰ আন্ধাৰত যেতিয়া ডুবি গৈছিল পঞ্চমীৰ জোন মৰিবৰ গ‘ল মন তাৰ। পত্নী শুইছিল কাষতে— শিশুটিও আছিল প্ৰেমো আছিল, আশাও আছিল, পিছে জোনাকত সি বা কিনো ভূত দেখিল, ভাগিল কিয় টোপনি তাৰ ? অথবা বহুদিন […]
গল্পঃ ইয়াক পৰিত্যাগ কৰা (Give it UP!) / ফ্ৰানজ কাফকা
মূল: ফ্ৰানজ কাফকা ইংৰাজী অনুবাদ: টানিয়া আৰু জেমছ ষ্টাৰ্ন অসমীয়া অনুবাদ: জ্যোতিশিখা দত্ত ৰাতিপুৱা খুব সোনকাল আছিল । ৰাস্তাবোৰ পৰিস্কাৰ আৰু অকলশৰীয়া। মই ষ্টেচনলৈ গৈ আছিলো । মই যেতিয়া টাৱাৰ ক্লকটোৰ লগত মোৰ ঘড়ীতো মিলাবলৈ লৈছিলো তেতিয়াহে মই উপলব্ধি কৰিছিলো যে মই ভবাতকৈ মোৰ বহু পলম হ‘ল আৰু মই খৰ খেদা কৰা উচিত। এই উপলব্ধিয়ে […]
চীজাৰৰ অন্তেষ্টিক্ৰিয়াত এণ্টনীৰ ভাষণঃ ১
অনুবাদ ঃ ঋতুপৰ্ণা চৌধুৰী বন্ধুগণ,ৰোমানসকল,দেশবাসীসকল,মোৰ কথা মন দি শুনক; মই চীজাৰক সমাধিস্থ কৰিবলৈ আহিছো, প্ৰশংসা কৰিবলৈ নহয়৷ মানুহৰ কুকৰ্ম মৰণৰ পিছত ৰৈ যায়; সৎকৰ্মসমূহ তেওঁলোকৰ হাড়ৰ লগত মিলি যায়; গতিকে চীজাৰৰ ক্ষেত্ৰতো সেয়েই হওঁক৷।মহান ব্ৰুটাছে আপোনালোকক কৈছে চীজাৰ উচ্চাকাংক্ষী আছিল: যদি সেয়াই হয়,তেন্তে সেইটো আছিল এক মাৰাত্মক দোষ, আৰু মাৰাত্মক ভাৱেই চীজাৰে তাৰ ফল ভুগিছে৷ ইয়াত, […]
কবিতাঃ তুমি যদি মোক পাহৰি পেলোৱা / পাবলো নেৰুডা
তুমি যদি মোক পাহৰি পেলোৱা মূলঃ পাবলো নেৰুডা অনুবাদঃ বিপুল বৰুৱা এটি কথা তুমি জনাটো বিচাৰোঁ মই এইয়া কেনেকৈ তুমি জানা লেহেমীয়া শৰতৰ ৰঙাপৰা ডালটি পৰশা যদি মই ফটিক জোনটিলৈ চাওঁ আৰু চুই চাওঁ জুইৰ কাষৰ খিৰিকী বা মলচিবৰ অসাইধ ফুটছাই গাল বা শোতোৰাপৰা খৰি এচটাৰ গা প্ৰত্যেকেই যেন মোক তোমাৰ কাষলৈকে লৈ যায় ভাৰ […]
শিক্ষকলৈ চিঠি
“হ’লোকাষ্ট”: হিটলাৰৰ ইহুদী নিধন যজ্ঞৰ গেছ চেম্বাৰৰ সমান্তৰালকৈ বন্দী ইহুদীসকলৰ, মূলত: কেঁচুৱাৰ পৰা দহ বাৰ বছৰীয়া শিশু সকলৰ শৰীৰত জীৱন্তে ৰাসায়নিক পৰীক্ষা কৰা হৈছিল ৷৷ এই পৰীক্ষাত বেছিভাগ শিশুৰে কোমল শৰীৰে ৰাসায়নিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ভৰ সহিব নোৱাৰি খুউব কৰুণ ভাবে মৃত্যুক সাৱতি লৈছিল ৷ মানৱ সভ্যতাৰ আটাইতকৈ ঘৃণনীয় এই পৰীক্ষাক হ’লোকাষ্ট বোলা হৈছিল ৷৷ দ্বিতীয় […]