এজন চিনেমা সম্ৰাট আৰু মই

মূলঃ ছ’হৰেৰ্ছ গ’লপৰিয়ান

অনুবাদঃ ইন্দ্ৰনীল গায়ন


টকিঅ’ত হোৱা আন্তৰ্জাতিক চিনেমা মহোৎসৱত আকিৰা কুৰছাৱাই
আব্বাছ কিয়াৰ’স্তামিৰ ”
Where is the friends home
আৰু ” And life goes on “ চিনেমা
দুখন চোৱাৰ পিছত এইদৰে প্ৰশংসা কৰিছিল: ” মই বিশ্বাস কৰো যে ইৰানীয়ান পৰিচালক
আব্বাছ কিয়াৰ’স্তামি এজন অভূতপূৰ্ব পৰিচালক৷ হয়তো এইসময়ত তেওঁক প্ৰশংসা কৰিবলৈ মোৰ
শব্দৰ অভাৱ হৈছে৷ আপোনালোকে তেওঁৰ চিনেমা চোৱাৰ পিছত বুজিব মই কথাষাৰ কিয় কৈছো৷
সত্যজিৎ ৰায়ৰ মৃত্যু হওতে মই বৰ কষ্ট পাইছিলো আৰু মনতে ভাবিছিলো তেওঁৰ দৰে পৰিচালক
হয়তো আমি আৰু কেতিয়াও নাপাম৷ কিন্তু কিয়াৰ’স্তামিৰ চিনেমাই মোক পুনৰ আশ্বাস দিলে
যে এতিয়াও এজন আছে আৰু আমি যোগ্য হিচাপে কিয়াৰ’স্তামিৰ দৰে এজন পৰিচালক পালো৷

 

শেহতীয়াকৈ চিনেমাত অৰ্থাৎ চিনেমা নিৰ্মাণৰ গোটেই ধাৰাটোত
একধৰণৰ যতি পৰিছে৷ কাৰণ নতুনত্ব, পৰীক্ষা-নিৰীক্ষা, কলা-কৌশলত একঘেয়ামীয়তাই দেখা
দিছে৷ কিন্তু তাৰ মাজতো কিয়াৰ’স্তামিৰ দৰে পৰিচালকে নতুন চিন্তাৰে নতুন কাম কৰি
আছে৷ পিছে এইসকল পৰিচালকৰ বিষয়ে চৰ্চা খুবেই কম হৈছে৷ এইখিনিতে এটা জানিবলগীয়া
তথ্য হৈছে যোৱা সুদীৰ্ঘ ৪৩ বছৰত কুৰছাৱাই কেৱল কেইজনমান চিনেমা  পৰিচালকৰ চিনেমাৰ ওপৰতহে মন্তব্য কৰিছিল৷
সেইসকলৰ ভিতৰত আছিলঃ আন্দ্ৰে তাৰকোভস্কি , জন কেছভাটাছ, সত্যজিৎ ৰায় আৰু শেহতীয়াকৈ
আব্বাছ কিয়াৰ’স্তামি৷

 

ছেপ্তেম্বৰ মাহৰ কোনোবা এটা দুপৰীয়া আব্বাছ কিয়াৰ’স্তামিৰ
সৈতে প্ৰায় আঢ়ৈ ঘন্টা জুৰি জাপানৰ প্ৰখ্যাত চিনেমা পৰিচালক আকিৰা কুৰছাৱা এটি
আলোচনাত মিলিত হৈছিল৷ তেওঁলোকৰ মাজত হোৱা আলোচনাখিনি আন্তৰ্জাতিক চিনেমা মহোৎসৱৰ সংবাদদাতা
Shoherch Golparian য়ে টুকি ৰাখিছিল৷ তেওঁলোকৰ
আলোচনাৰ কিছু নিৰ্বাচিত অংশ তলত আগবঢ়োৱা হ’ল:-

 

কুৰছাৱাৰ জীয়ৰীয়ে দৰ্জা খোলাৰ লগে লগেই দেখা গ’ল এজন ওখ,
সুঠাম ধুনীয়া চেহেৰাৰ পৰিপূৰ্ণ এজন মানুহ৷ সেইজন হৈছে আব্বাছ কিয়াৰ’স্তামি৷
কুৰছাৱাই তেওঁক দেখাৰ লগে লগেই কৰমৰ্দন কৰি দ্বিতীয় মহলাত থকা তেওঁৰ পঢ়া কোঠালৈ
লৈ গ’ল৷ কোঠাটো অতি সুন্দৰকৈ আৰু চকুত লগাকৈ সজোৱা হৈছে৷ এটা কোণত তেওঁ লাভ কৰা অস্কাৰ
বঁটা, কেইখনমান জাপানী পেইটিং সজোৱা হৈছে৷ পৰিস্কাৰ, পৰিচ্ছন্ন৷ এক কথাত এক
প্ৰশান্তিৰে ভৰা পৰিৱেশ৷

 

কুৰছাৱাই প্ৰথমে আলোচনাৰ পাতনি মেলিলে মই কান  চিনেমা মহোৎসৱলৈ যাওতে তুমিও সেই মহোৎসৱত ভাগ
ল’বলৈ আহিছিলা৷ তেতিয়ালৈকে মই তোমাৰ এখনো চিনেমা চোৱা নাছিলো৷  উত্তৰত ক’লে মই কিন্তু আপোনাৰ
Madadayo চিনেমাখন মহোৎসৱত চাইছিলো ঠিক
আপোনাৰ পৰা দুটা শাৰীৰ আসনৰ পিছত৷ এইটো মোৰ কাৰণে সৌভাগ্যৰ কথা আছিল যে চিনেমাখন
আৰু পৰিচালকজনক মই একেলগেই দেখিছো৷ আপুনি মোৰ দেশত কিমান জনপ্ৰিয় সেইকথা আপুনি
নেদেখিলে বিশ্বাস নকৰিব৷ লগতে এই কথাও জনাই থওঁ যে
Alfread
hitchocock
আৰু আপুনি মোৰ দেশত আটাইতকৈ জনপ্ৰিয় চিনেমা পৰিচালক৷ আমাৰ
দেশত সকলো শ্ৰেণীৰ দৰ্শকেই আপোনাৰ চিনেমা চাই ভালপায়৷ লগতে তাৰকোভস্কিৰ চিনেমাও
জনপ্ৰিয়৷ কুৰছাৱাই উত্তৰত ক’লেঃ তাৰকোভস্কি মোৰ এজন খুব ভাল বন্ধু৷ আমাৰ বন্ধুত্বৰ
আৰম্ভণি হৈছিল যেতিয়া মই মস্কোলৈ গৈছিলো৷

তদুপৰি মই ইৰানৰ তেহৰাণত অনুষ্ঠিত হোৱা চিনেমা মহোৎসৱলৈ
বহুবাৰ জুৰি হিচাপে আমন্ত্ৰিতও হৈছো৷ কিন্তু জুৰি হিচাপে চিনেমা বাচনি কৰা কামটো
মোৰ বাবে খুব কষ্টকৰ৷

কিয়াৰ’স্তামিয়ে তেওঁৰ মতামতক সন্মান জনাই ক’লে: মোৰ
ক্ষেত্ৰতো কথাটো প্ৰায় একেই হয়৷ ময়ো এই বাচনি কৰা কামটো বৰ কঠিন পাওঁ৷ তাতকৈ মই
অলপ নিজৰ ধৰণেহে কথাবোৰ চিন্তা কৰিবলৈ ভালপাওঁ৷ 
কুৰছাৱাই ক’লে: মই তোমাৰ সৈতে একমত৷ বিশেষকৈ জুৰি হিচাপে বিভিন্ন দেশবোৰলৈ
যাওঁতে নিজাববীয়াকৈ কিছু ফুৰিবলৈ বা সময় কটাবলৈও মন যায় যদিও ই সম্ভৱ হৈ নুঠে৷
কিয়নো আমি তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়া সময়সূচী মতেহে চলিবলগীয়া হয়৷ তেতিয়া
কিয়াৰ’স্তামিয়ে জনালে যে এইবাৰ আপুনি ইৰানলৈ আহিলে মই আপোনাক সকলো সা-সুবিধা কৰি
দিব পাৰিম৷

 

কুৰছাৱাই পুনৰ কিয়াৰ’স্তামিক সুধিলেঃ ইৰানত আন কোনো ভাল
চিনেমা পৰিচালক নিশ্চয়কৈ আছে? বিশেষকৈ ইৰানৰ চিনেমাত মই খুব সৰল আৰু সুৰুচিপূৰ্ণ
কাহিনী দেখিবলৈ পাওঁ আৰু ই মোক মনত বৰ আনন্দ দিয়ে৷ বিশেষকৈ অপেছাদাৰী অভিনেতা
অভিনেত্ৰীৰ সৈতে এনেধৰণৰ কাম কৰাতো বৰ সহজ কথা নহয় আৰু সৰু ল’ৰা ছোৱালীক লৈ  তুমি কিদিৰে চিনেমা নিৰ্মাণ কৰা?

 

কিয়াৰ’স্তামিয়ে উত্তৰত ক’লেঃ এই কথা সকলোতকৈ ভালকৈ জানিও
মই কওঁ যে মই নিজেও নাজানো যে মই কেনেদৰে নিৰ্মাণ কৰো৷ আৰু আপোনাৰ পৰা মই কিদৰে
অপেছাদাৰী অভিনেতা অভিনেত্ৰীক লৈ চিনেমা নিৰ্মাণ কৰিব লাগে সেইকথা খুব ভালদৰে
শিকিলো৷ এইকথাখিনি টকিঅ’ চিনেমা মহোৎসৱত আপুনি কৈছিল৷

 

কুৰছাৱাই নিজেও বিশ্বাস কৰে যে এই কামটো কৰিবলৈ যদিওবা
কঠিন কিন্ত কামটো কৰাত একধৰণৰ মজা এটাও আছে৷

কিয়াৰ’স্তামিয়ে ক’লে যে তেওঁ শুনিছে কুৰছাৱাই পেছাদাৰী
শিল্পীক লৈ কেনেদৰে বিশেষকৈ শেহতীয়া চিনেমাখনত বৃদ্ধ মানুহজনক লৈ যিধৰণৰ পৰীক্ষা
চলালে সি সঁচাকৈয়ে অভূতপূৰ্ব৷ মই কিন্তু অলপ হ’লেও ভয় খাইছিলো৷ 

 

কুৰছাৱাই হাঁহি হাঁহি ক’লে যে আচলতে মোৰ হাতত আৰু আন উপায়
নাছিল সেয়ে কৰি চাইছিলো অৱশ্যে সফলো হৈছিলো৷ 
তুমি কেতিয়াবা পেছাদাৰী শিল্পীক লৈ কাম কৰিছানে?

 

কিয়াৰ’স্তামিয়ে উত্তৰত ক’লেঃ হয়৷ শেহতীয়াকৈ মোৰ সেই
অভিজ্ঞতা হৈছে৷ বিশেষকৈ এই শিল্পীসকলক লৈ কাম কৰাটো কিছুসময়ত কঠিন হৈও পৰে কাৰণ
তেওঁলোকে নিজৰ ধৰণে অভিনয় কৰিবলৈ বিচাৰে৷ কিন্তু আমি যিধৰণৰ অভিনয় বিচাৰো সেইধৰণৰ
অভিনয় কিছুসময়ত আমি তেওঁলোকৰ পৰা উলিয়াব নোৱাৰো৷

 

কুৰছাৱাই কিয়াৰ’স্তামিৰ কথাত হয় ভৰ দি ক’লে যে মোৰো তোমাৰ
দৰে অভিজ্ঞতা আছে৷ কেতিয়াবা এনেকুৱাও হৈছে যে দুজন শিল্পীয়ে একেলগে কাম কৰিবলৈও
নিবিচাৰে৷ আৰু আটাইতকৈ অসুবিধাজনক কথাটো হ’ল 
তেওঁলোকে আনে কি কৈছে সেই কথাত গুৰুত্ব নিদিয়ে৷ সেয়ে মই বহুকেইটা কেমেৰা
ফ্ৰেমত ৰাখি লওঁ যিটো ফ্ৰেমেই ভাল লাগে সেই ফ্ৰেমটোৱেই ৰাখো৷ নহ’লে আৰু উপায়
নাথাকে৷  আৰু তেতিয়া তেওঁলোকৰ অভিনয়ো
জীৱন্ত হয়৷ 

 

কিয়াৰ’স্তামিয়ে ক’লেঃ বহুসময়ত তেওঁ এনেধৰণে কাম কৰিলে
সমালোচনাৰহে সন্মুখীন হয়৷ বহুজনে তেওঁক সমালোচনা কৰিছিল৷

 

কুৰছাৱাই হাঁহিলে আৰু ক’লেঃ  হয়তো মোৰ দেশৰ অভিনেতা সকলৰ চাগৈ অভিনয় বেছিয়ে
জীৱন্ত৷ মই কিন্তু আন্তৰিকতাৰে ক’ব বিচাৰো যে মোৰ কিন্তু আপোনাৰ চিনেমা খুব
পছন্দৰ৷তেওঁলোকে তোমাৰ চিনেমাশৈলীক উচিত সন্মান আৰু মৰ্যাদা দিব লাগে৷ মোৰো বৰ
ইচ্ছা হয় সৰু ল’ৰা ছোৱালীক লৈ চিনেমা এখন নিৰ্মাণ কৰিবলৈ৷ সিহঁতৰ অভিনয় ইমান
জীৱন্ত হয়৷

 

কিয়াৰ’স্তামিয়ে উত্তৰত ক’লেঃ সেয়া আচলতে আপোনাৰ দৃষ্টিৰ
কাৰণে৷

 

কুৰছাৱাই ক’লে মোৰ ল’ৰা ছোৱালী
নাতিহঁতে কেতিয়াও আমেৰিকান চিনেমা চাই পোৱা নাই৷ 
আচলতে সিহঁতে হত্যা, যুদ্ধ নিগ্ৰহ আদি থকা চিনেমা চাই ভাল নাপায়৷

 

কিয়াৰ’স্তামিয়ে উত্তৰত ক’লে যে ভাল চিনেমাৰ নিৰ্মাণ এতিয়াও
বিভিন্ন দেশৰ কোণত হৈ আছে৷ আমি কেৱল সেই ভাল চিনেমাবোৰ বিচাৰিব জানিব লাগিব৷

 

কুৰছাৱাই তাৰ পিছত কলে যে
মোৰ  
Madadayo আৰু তোমাৰ Where
is the friends home”
ৰ প্ৰথম দৃশ্যটোৰ মিল আছে বুলি ভাবিব
পাৰি কাৰণ আমাৰ মাজতো বহুতখিনি মিল আছে৷ আৰু লগতে তেওঁ ক’লে যে মোৰ এজন চিত্ৰকলাৰ
শিক্ষকে কৈছিলঃ  ” যে তুমি তোমাৰ
পৃথিৱীখন সদায় আধা বন্ধ চকুৰে চাবা তেতিয়া তুমি সকলোবোৰ বস্তু একেলগে দেখিবা৷ সেয়ে
চাগৈ আমি দুয়ো সত্যক দেখা পাওঁ “৷

 

কুৰছাৱাৰ জীয়ৰীয়ে খুব সুন্দৰকৈ চাহ আপ্যায়ন কৰিলে আৰু
তাৰপিছতেই আমাৰ তেওঁৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিল৷ কিয়াৰ’স্তামিয়ে শেষত কুৰছাৱাক
ক’লে- ” মই আপোনাক আৰু ভাগৰুৱা নকৰো ” কুৰছাৱাই উত্তৰত ক’লেঃ সময় সুবিধা
মিলিলে যিমান পাৰো সোনকালে  আমি এদিন এখন
ৰেষ্টোৰাত বহিম আৰু পুনৰ কথা পাতিম৷

 

উৎসঃ ফ্লিম ইন্টাৰনেচেনেল আলোচনীৰ পৰা অনূদিত লেখা

Leave a Reply

Your email address will not be published. Required fields are marked *