ডিচ্চিৰ কথাৰে …
মূল ৰচনা : Chipko Takes Root (জয়ন্তী মনোকৰণ)
অনুবাদ : কৃষ্ণা সোণোৱাল
ধুম ধাড়াক্কা !
ধুম ধাড়াক্কা !
ধুম ধাড়াক্কা ধুম !!
ওখ গছজোপাৰ একেবাৰে ওপৰৰ ডালটোত বহি ডিচ্চিয়ে তাইৰ সৰু ঢোলটো বজাবলৈ ধৰিলে । ঢোলৰ মাত শুনি তাইৰ সৰু ভায়েক তিনিটাও এটা এটাকৈ ডাঙৰ জোপোহা গছডাল বগাই ওপৰলৈ উঠি আহিল আৰু সিহঁতৰ মৰমৰ ভেঁড়াটোৱে তলৰ ঘাঁহনিতে ইফালে সিফালে চৰি পায়চাৰি কৰি ফুৰিল ।
“ডিচ্চি… !” ওখ দেৱদাৰু , পাইন গছবোৰৰ মাজেৰে ককাকৰ মাত প্ৰতিধ্বনিত হৈ অহা তাই শুনিববৈ পালে ,. তেওঁ যে তাইকে ৰিঙিয়াই মাতি আছে।
“ আঁহা … আইতাৰাৰ ওচৰৰপৰা আঁহোগৈ আমি , নদীখন পাৰ হ’ব লাগিব নহয় … ! ল’ৰাহঁত , তোমালোকে ভেঁড়াটোক ভালকৈ লৈ যাবা দেই ঘৰলৈ । “
“ আমিও যাম ককা “ শ্যামে চিঞঁৰি ক’লে ।
“ এইবাৰলৈ নহয় , পিছত যাবা … “ ককাকে দৃঢ়ভাৱে ক’লে ।
“ ডিচ্চি আইতাৰাৰ কাষত কেইদিনদিন থাকিব চোৱা–চিতা কৰিবলৈ ; তেওঁ এতিয়া বৰ অসুখীয়া । “
ককাকে তেওঁ লগত অনা গাধটোক নদীৰ পানীৰ মাজেৰে আগুৱাই লৈ গ’ল । ডিচ্চিয়ে তাইৰ চোলাটো পানীত নিতিতাকৈ ওপৰত কোঁচাই ল’লে । তাইৰ ভৰিৰ আঙুলিত নদীৰ চেঁচা পানী লগাত তাই পুলকিত হৈ স্ফূৰ্তিতে পানীত জঁপিয়াই উঠিল । তাকে দেখি কাষতে নদীত জাল পেলাই মাছ ধৰি থকা খুড়াকে কৈ উঠিল , “ এই সাৱধান , পৰি যাবা । “
তেনেতে হঠাতে নদীত এটা বৃহৎ ঢৌ বাগৰি অহাত তত্ ধৰিব নোৱাৰি ডিচ্চি বাগৰি পৰিবই ওলাইছিল ; খুড়াকে লৰি গৈ তাইক ধৰাতহে কথমপি পানীত নপৰিল তাই ।
পিছে তাইৰ বাওঁ ভৰিখন পানীৰ তলত থকা প্ৰকাণ্ড শিল এটাত উজুটি খাই তললৈ সোমাই গ’ল । গাধটোৰ সৈতে আগে আগে গৈ থকা ককাৰ মাত পানীৰ সোঁতৰ শব্দৰ সৈতে মিলি পৰিছিল । পানীৰ কোবাল সোঁতত গাধটো আনফালে উটি গৈছিল , তাৰ পিঠিত বোজা কৰি অনা লাম–লাকটুবোৰ পানীত সিঁচৰতি হৈ পৰিছিল ।
খুড়ায়ো কেনেবাকৈহে পানীত নিজৰ থৰকাচুটি নেহেৰোৱাকৈ আছিল । তেওঁ ডিচ্চিৰ ভৰিখন শিলটোৰ ফাঁকৰপৰা ওলাবৰ বাবে পাৰেমানে চেষ্টা কৰি আছিল… “ উহ , বেচেৰীজনী !! “
লাহে লাহে বোকাময় পানীবোৰ নদীৰ সোঁতত আহি তাইৰ শৰীৰত বাগৰি পৰিছিলহি । প্ৰচণ্ড ঠেলা এটা মাৰি অৱশেষত খুড়াকে তাইৰ ভৰিখন শিলৰ ফাঁকৰ মাজৰপৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল । বিষ যন্ত্ৰণাত কেঁকাই খুড়াকৰ কোলাত উঠি তাই ঘৰ পালেগৈ । মাকে তাইক তেনে অৱস্থাত দেখি উধাতু খাই লৰি আহিল আৰু ৰাউচি জুৰি বিনাবলৈ ধৰিলে , বাওঁ ভৰিৰ বিষত ৰ’ব নোৱাৰি তাই ঢলি পৰিল ।
ডিচ্চিক মাকৰ সৈতে থৈ খুড়াকে এইবাৰ ককাকক বিচাৰি ওলাল । কিন্তু বহুত বিচৰাৰ পিছতো ক’তো ককাকৰ কোনো সন্ধান পোৱা নগ’ল । কিছুদিনৰ পিছত নদীৰ পাৰত ককাকৰ মৃত শৰীৰ উদ্ধাৰ হৈছিল ।
আমন–জিমনকৈ ডিচ্চি ঘৰৰ চোতালত বহি কিছুমান ভাৱত বিভোৰ হৈ আছিল । কোনোবাই কোৱা তাইৰ মনত পৰিছিল যে বহিৰাগত বিভিন্ন কোম্পানীৰ লোক আহি সিহঁতৰ নদীৰ পাৰৰ ভালেমান গছ কাটি নিছিল । গছবোৰ কাটি নি তাৰে হেনো সিঁহতে ক্ৰিকেট খেলৰ বেট আৰু আন বিভিন্ন খেলা সামগ্ৰী সাজে । তাইৰ বৰ খং উঠিছিল “ কিয় কাটি তহিলং কৰে আমাৰ গছবোৰ ? নাজানেনে তেওঁলোকে তেনেকৈ গছবোৰ সোপাকে কাটি নি নি শেষ কৰাৰ বাবেই সৌ পাহাৰৰ ঢাপৰ মাটিবোৰ খহি আহে নদীলৈ !! আৰু বাম হৈ পৰে আমাৰ নদীখন , এটা ঢৌৱেই বানৰ সৃষ্টি কৰি কত যে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিলে !! নুবুজেনে তেওঁলোকে ? “ আৰু তাইৰ মৰমৰ ককাকজন …. তেওঁকোতো হেৰুৱালে তাই !! বিমৰ্ষ হৈ তাই দুখ পোৱা বাওঁ ভৰিখখনৰ আঁঠু অংশত চুই চালে ।
পাহৰিব পাৰিবনে তাই কেতিয়াবা সেই হিমশীতল নদীৰ পানী ? তাইৰ এতিয়াও মনত পৰে সিদিনাৰ সেই ভয়াবহ মুহূৰ্তখিনি …
নাই নাই … খুড়াকে তাইক প্ৰায়ে কয় আমি সদায় ভাল কথাবোৰ মনলৈ আনিব লাগে , সদায় ভাল ভাল চিন্তা কৰিব লাগে । কথাখিনি মনলৈ অহাৰ লগে লগে তাইৰ ভিতৰত এক অদম্য সাহস জাগি উঠিল যিয়ে তাইৰ সকলো ভয়, বেয়া চিন্তা পলকতে দূৰ কৰি পেলালে । এতিয়াও তাইৰ কাষত তাইৰ সাদৰী মাকজনী আছে , মৰমৰ ভায়েককেইটা আছে । খুড়াক খুড়ীয়েকেও সিহঁতৰ বৰ যতন লয় । নিজৰ সন্তান তেওঁলোকৰ নাই । ডিচ্চিয়ে খুড়াকক নিজৰ ককাকৰ সমানেই ভাল পায় , পিছে যেতিয়া তাই খুড়ীয়েকে তাইৰ মাকক কোৱা শুনে যে খুড়াকৰ জুৱা খেলা অভ্যাসৰ বাবে আজিকালি বৰ সমস্যা হয় বুলি, তেতিয়া তাইৰ কুমলীয়া মনটো মোচৰ খাই যায় … “ খুড়া !!.. জুৱা খেলে !! এয়া হ’ব পাৰেনে !?”
সময়বোৰ নিজ গতিৰে গৈ থাকে । সময়ৰ লগে লগে ডিচ্চি আৰু তাইৰ মৰমৰ পৰিয়ালটোও এক নিৰ্দিষ্ট জীৱনশৈলীত বান্ধ খাই পৰে ।
ডিচ্চিয়ে তাইৰ ঘৰৰ কাষৰ অৰণ্যখনৰ গছবোৰৰ সৈতে উমলি বৰ ভাল পায় । এদিন তাই অকলে গৈ গছ এজোপাৰ ডাল এটাত বহি তলৰ ঘাঁহনিলৈ চাই আছিল , এনেতে তাইক গছজোপাই কাণে কাণে যেন ক’লে , “ মোৰ ডালবোৰ ক্ষীণ , চুটি কিন্তু মজবুত, শক্তিশালী“ ।
ডিচ্চিয়ে তাই বহি থকা ডালটোৰপৰা কিছু আৰু ওপৰত থকা ডাল এটালৈ বগাই গৈ তাত থকা চৰাইৰ বাঁহটো নিৰীক্ষণ কৰাত লাগিল । তেনেকৈয়ে কিছুপৰ মগন হৈ থাকিল তাই ।
“ ডিচ্চি , সভা আৰম্ভ হ’ল , সোনকালে আঁহা “ , ভায়েক শ্যামৰ গগনফলা চিঞঁৰ শুনি তাই একেকোবে বিজুলী গতিৰে গছৰ ওপৰৰপৰা নামি আহিল । তলত নামি তাই তাৰ পিছে পিছে সভা বহা গছজোপাৰ তললৈ বুলি খোজ ল’লে । ইতোমধ্যে গাঁৱৰ ৰাইজ আহি গৌৰী নামৰ বয়োজেষ্ঠ্য মহিলাগৰাকীক আগুৰি চাৰিওফালে বহি পৰিছিল ।
সভা আৰম্ভ হৈছিল । গৌৰীয়ে ভাষণত ক’বলৈ ধৰিলে , “ আমি নিৰক্ষৰ হ’ব পাৰোঁ , কিন্তু আমি অজ্ঞানী নহওঁ । আমি আমাৰ অঞ্চলৰ অমূল্য গছবোৰ কাটি তহিলং কৰিবলৈ নিদিওঁ , কোনো বহিৰাগত কোম্পানীয়ে আমাক চলাহী কথাৰে পতিয়ন নিয়াই গছ নিলামত দিব নোৱাৰিব । যেতিয়া কোম্পানিৰ ঠিকাদাৰ চন্দ্ৰ আহি লগত অনা শ্ৰমিকসকলক কুঠাৰেৰে এফালৰপৰা গছবোৰ কাটি যাবলৈ নিৰ্দেশ দিব, তেতিয়া আমি সকলোৱে আগবাঢ়ি গৈ আমাৰ গছবোৰক জোৰকৈ সাৱতি ধৰিমগৈ । আৰু সংহাৰ হ’বলৈ দিব নোৱাৰি ।”
সকলোৱে গৌৰীৰ কথাত হয়ভৰ দি শ্ল’গান দিব ধৰিলে । ডিচ্চিয়েও তাইৰ সৈতে থকা সৰু ঢোলটোতে চেও কেইটামান দি স্ফুৰ্তিতে জুৰিলে –
ধুম ধাড়াক্কা ! ধুম ধাড়াক্কা !
ধুম ধাড়াক্কা ধুম !!
তাইৰ পিছে পিছে গাঁৱৰ আন শিশুবোৰো আহি তাইক যোগ দিলেহি । ডিচ্চিৰ মনোবল বাঢ়িল । তাই সকলোকে সুধিলে , “ কোৱাচোন বাৰু , অৰণ্যই আমাক কি দিয়ে , কি কি পাওঁ আমি অৰণ্যৰপৰা ?”
“ মাটি , পানী আৰু বিশুদ্ধ বায়ু পাওঁ ।” সকলোৱে সমস্বৰে চিঞঁৰি উত্তৰ দিলে ।
কিছুপৰ পিছতেই কোম্পানিৰ ঠিকাদাৰ চন্দ্ৰৰ নেতৃত্বত বহুসংখ্যক শ্ৰমিক তাতে উপস্থিত হৈ এফালৰপৰা বগা চকমাটিৰ পেঞ্চিলেৰে গছবোৰৰ গাত ‘ × ‘ চিহ্ন দি যাবলৈ উদ্যত হ’ল । গাঁৱৰ ৰাইজৰ মাজত হুৱাদুৱা লাগিল । খঙত একো নাই হৈ তেওঁলোকে কুঠাৰৰ ঘাপ খাবলৈও আগবাঢ়ি আহিল আৰু নিজৰ শ্ল’গান সজোৰে অব্যাহত ৰাখিল ।
“ আমি আমাৰ গছবোৰ কাটি পেলাবলৈ নিদিওঁ … সকলোৱে ওলাই আঁহা , সজাগ হোৱা আৰু গছ কাটিবলৈ অহা মানুহবোৰক খেদি পঠাওঁ আঁহা “
ধুম ধাড়াক্কা ধুম ধাড়াক্কা
ধুম ধাড়াক্কা ধুম
ঠিকাদাৰ চন্দ্ৰই পৰিস্থিতি বিষম দেখি এক আসুৰিক অভিব্যক্তি প্ৰকাশ কৰি সকলো শ্ৰমিকসহ বাছত উঠি তাৰপৰা গুচি গ’ল ।
পিছদিনাও সকলোৱে নিজৰ আন্দোলনক এক সফল ৰূপ দিবৰ বাবে ভাগে ভাগে উঠি পৰি লাগিল । এক সজাগতা অভিযান আৰম্ভ কৰা হ’ল । শিশু সকলো বাদ পৰি যোৱা নাছিল – সিহঁতে ৰাইজক সজাগ কৰিবলৈ নতুন নতুন শ্ল’গান প্ৰস্তুত কৰিছিল , নিজৰ নিজৰ ফলিত বিভিন্ন গছৰ ছবি আঁকিছিল , ঢোল বজাই নৃত্য কৰিছিল ।
“ আমাৰ মাটি , আমাৰ পানী , অৰণ্যও আমাৰেই ।
আমাৰ পূৰ্বজসকলে ৰুই যোৱা সম্পদক ৰক্ষাৰ দায়িত্বও আমাৰেই । “
ধুম ধাড়াক্কা ধুম ধাড়াক্কা
ধুম ধাড়াক্কা ধুম !!
বিদ্যালয় ছুটীৰ পিছত ডিচ্চি আৰু তাইৰ ভায়েকসকলে সিহঁতৰ ভেঁড়াটোক চৰাবলৈ অৰণ্যখনলৈ গৈছিল । গাঁৱৰ আন শিশুসকলৰ দৰেই সিহঁতেও অৰণ্যৰ গছবোৰক সন্ধিয়া বেলি পৰালৈকে সাৱতি ধৰি থাকিল । সন্ধিয়া ঘৰলৈ উভতাৰ পথত সিহঁতৰ মূৰৰ ওপৰত এজুম জোনাকী পৰুৱাই ভিৰ কৰিছিলহি ।
ডিচ্চিৰ পিছে তেতিয়াও ঘৰলৈ উভতিবৰ সমূলি মন নাছিল , মৰমৰ গছডাল সাৱতি তাই বহুসময় আত্মবিভোৰ হৈ আছিল , যেনিবা গছডালৰ সৈতে তাই কাণে কাণে কিবা কথাহে পাতিছিল!
“ মোৰ মৰমৰ গছডালক কোনেও একো কৰিব নোৱাৰে !! “ নিজকে ক’লে ডিচ্চিয়ে ।
সময়ে সকলো ঠিক কৰি দিয়ে… সকলো ঠিক হৈ যাব — তাই নিজকে প্ৰবোধ দিলে । ভাল কথা ভাবি বৰ জোৰ পায় তাই মনত !
ৰাতিৰ আন্ধাৰ ঘন হৈ আহিছিল.. সকলো এতিয়া নিজৰ নিজৰ ঘৰত..।
হঠাতে অৰণ্যৰ জীৱবোৰ যেন ৰাতি বিদাৰি ভয়তে চিঞঁৰিবলৈ ধৰিছিল । এখন জনপূৰ্ণ বাছ আহি পাহাৰটিলাটোৰ কাষতে ৰৈছিলহি…
একে পোছাক পিন্ধা শ্ৰমিকবোৰ এজন এজনকৈ নামি আহিছিল বাছৰপৰা । মুখত এমোকোৰা কৰ্কশ হাঁহি লৈ সকলোৰে শেষত সেয়া চন্দ্ৰ ঠিকাদাৰ ।
ৰাতিৰ ঘোৰ অন্ধকাৰত সিহঁতৰ খোজবোৰ পাহাৰৰ টিলাত প্ৰতিধ্বনিত হৈছিল ।
সকলোতকৈ পিছত অৰণ্যৰপৰা উভতি ঘৰলৈ বুলি বাট লোৱা ডিচ্চি তেতিয়াও ঘৰ পোৱাগৈ নাছিল । ছকামকা পোহৰত তাই গছৰ পাতৰ ফাঁকেৰে মানুহবোৰক দেখি বিতত হৈছিল ।
“ মোৰ মৰমৰ গছডাল নোৱাৰা তোমালোকে কাটি পেলাবলৈ , বচোৱা… মোৰ গছডালক বচোৱা কোনোবাই “
উশাহ ঘন হৈছিল তাইৰ । কি কৰিব ভাবি নাপাই তাই ঘৰমুখে তৰানৰা ছিঙি দৌৰিছিল । আজি তাইৰ কণমানি কলিজাখনো কঁপি তাইৰ ঢোলটোৰ দৰেই জোৰ জোৰকৈ শব্দ কৰিছিল ।
ধুম ধাড়াক্কা ধুম ধাড়াক্কা
ধুম ধাড়াক্কা ধুম !!
“ সহায় কৰা , ওলাই আঁহা “ — জোৰকৈ জোৰকৈ চিঞঁৰি চিঞঁৰি তাই প্ৰাণেপনে মাথোঁ দৌৰিছিল আৰু দৌৰিছিল ।
“ মা “ , ঘৰ পাই ডিঙিৰ হেপ ঢুকি কোনোমতে তাই মাকক মাত লগাইছিল । মাকে বাহিৰলৈ লৰালৰিকৈ ওলাই গৈছিল ।
“ মা , মোৰ গছজোপা… মা … সিহঁতে … মা … “ , ফোঁপাই ফোঁপাই ক’বলৈ চেষ্টা কৰিছিল তাই ।
“ কি হ’ল ? কোন ‘সিঁহত’ … লাহে লাহে কোৱা… পানী অলপ খোৱাচোন “ মাকে কৈ উঠিল।
“ সেই যে গছ কটা মানুহবোৰ… আকৌ আহিছে মা … ডাঙৰ ডাঙৰ কুঠাৰ লৈ আহিছে … বাছ এখনত আহিছে … বহুত মানুহ, মা !! “
“ তাৰমানে সেয়া চন্দ্ৰ ঠিকাদাৰে অনা মানুহ … আমাৰ গছবোৰ কাটিবলৈ আহিছে , ৰ’বা , আমি সোনকালেই কিবা এটা কৰিব লাগিব “
“ তুমি ইয়াতে ৰোৱা মা , মই সকলোকে মাতি একগোট কৰি আনোঁ “ , কিবাকৈ উশাহটো লৈ ডিচ্চিয়ে বৰ কৰ্তৃত্বশীলতাৰে কৈ উঠিল ।
ডিচ্চিয়ে তাইৰ ঢোলটো লগত লৈ ভায়েকহঁতৰ লগত ওলাই গ’ল
সকলোকে চিঞঁৰি চিঞঁৰি মাতিলে ।
“ আমি সকলোৱে মিলি কিবা এটা কৰিবই লাগিব … সকৱোৱে ওলাই নাহিলে তেওঁলোকক ৰুদ্ধ কৰা সহজ নহ’ব !! “ ডিচ্চিৰ মাকে ক’লে ।
সকলো মানুহ এজনকৈ এজনকৈ গোট খালে । গাওঁখনৰ বয়োজ্যেষ্ঠা গৌৰীয়ে ক’লে , “ আমি নিশ্চয় তেওঁলোকক বাধা দিম , কিন্তু আমি ধ্যান ৰাখিব লাগিব কোনেও যাতে হিংসাৰ আশ্ৰয় নলয় ।”
ডিচ্চিৰ মনটো আনন্দত জঁপিয়াই উঠিল…
ধুম ধাড়াক্কা ধুম ধাড়াক্কা
ধুম ধাড়াক্কা ধুম
তাই সকলোকে চিঞঁৰি ক’লে , “ সকলোৱে গছবোৰক সাৱতি ধৰি থাকিবা । “
এইবাৰ তাই পুনৰ চিঞঁৰি সুধিলে , “ অৰণ্যৰপৰা আমি কি কি পাওঁ ? “
——- “ মাটি , পানী , বিশুদ্ধ বায়ু “ , সকলোৱে সমস্বৰে চিঞঁৰি উত্তৰ দিলে ।
‘ × ‘ চিহ্ন দি যোৱা গছবোৰত আঙুলিৰে চুই উচুপি উঠিল কণমানি ডিচ্চি , “ কেনেকৈ এই নিৰীহ গছবোৰক কাটি পেলাব পাৰে সিহঁতে !!”
সমুখত চন্দ্ৰ ঠিকাদাৰক দেখি তাই জোৰকৈ গছজোপাক সাৱতি ধৰি ক’লে ,
“ নোৱাৰা তোমালোকে মোৰ গছডাল কাটিবলৈ …”
চন্দ্ৰ ঠিকাদাৰে তাইক হাতেৰে টানি গছজোপাৰপৰা আঁতৰাই আনিব খুজিলে ।
ঠিকাদাৰৰ পিছফালে থিয় হৈ থকা মানুহবোৰৰ মাজৰপৰা এযুৰি চকুৱে ডিচ্চিক বৰ আচৰিত কৰি তুলিলে .. চকুত চকু থৈ তাই কৈ উঠিল , “ খুড়া !!!! তুমিও ?? “
তলমূৰ কৰি খুড়াকে উত্তৰ দিলে , “ জুৱা খেলি মই সকলো ধ্বংস কৰি পেলালোঁ, মাজনী .. মই বহুত ধৰুৱা হ’লোঁ , কাম বিচাৰিও কোনো কাম পোৱা নাই ।”
ডিচ্চি আৰু ভায়েককেইটাই দৌৰি গৈ খুড়াকক সাৱতি ধৰিলেগৈ ।
“ তুমি ভুল কৰিবলৈ ওলাইছিলা খুড়া , আমি সকলোৱে মিলি কাম কৰি ধাৰ পৰিশোধ কৰিব পাৰিম , আমি এখন উৰা–চাদৰ বৈ তাক বিক্ৰী কৰিও ধন ঘটিব পাৰিম, খুড়া “, ডিচ্চিয়ে ক’লে ।
ৰামেও বায়েকৰ কথাত সুৰ মিলাই ক’লে , “ মই দোকানত কাম কৰি তোমাক সহায় কৰিম, খুড়া। “
শ্যামে ক’লে , “ মই পানী যোগানৰ কাৰখানাত কাম কৰি তোমাক সহায় কৰিব পাৰিম , খুড়া। “
খুড়াকৰ দুচকুৰে চকুলো বাগৰি আহিল , চন্দ্ৰ ঠিকাদাৰে তেওঁক দিয়া গাৰ পোছাক তেওঁ সোলোকাই পেলালে । হাতত ডিচ্চিৰ ঢোলটো লৈ তেওঁ জুৰিলে —- ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম …. !!
“ সকলোৱে কোৱা… অৰণ্যই আমাক কি কি দিয়ে ?”
“ মাটি , পানী আৰু বিশুদ্ধ বায়ু “ – সকলোৱে ক’লে ।
“ মূৰ্খ … অৰণ্যৰপৰা আমি পানী, বায়ু নাপাওঁ .. কাঠ পাওঁ , ৰেজিন পাওঁ আৰু আৰ্থিক মুনাফা পাওঁ ।” , বীৰদৰ্পে কৈ উঠিল চন্দ্ৰ ঠিকাদাৰে ।
“ শুনা ল’ৰাহঁত , সকলোবোৰ গছ এফালৰপৰা কাটি যোৱা , এডালো নেৰিবা ।” , শ্ৰমিকবোৰক নিৰ্দেশ দিলে চন্দ্ৰ ঠিকাদাৰে ।
“ নাই নাই , আমাৰ গছবোৰ নাকাটিবা , কাতৰকৈ কৈছোঁ গছবোৰ নাকাটিবা “ , ডিচ্চিয়ে সজোৰে গছডালত ধৰি ঠিকাদাৰক অনুৰোধ কৰিলে ।
“ গছবোৰেই আমাৰ ৰক্ষক ।”
“ তাই ঠিকেই কৈছে , বান আহোঁতে তাই ককাকক হেৰুৱাব লগা হৈছিল ।” , খুড়াকে যোগ দিলে তাইৰ কথাত ।
ঠিকাদাৰে কাৰো কথাই গ্ৰাহ্য নকৰি গছ কাটিবলৈহে শ্ৰমিকবোৰক লৰালৰি কৰিবলৈ ক’লে ।
চাৰিওফালে কান্দোনৰ ৰোল উঠিল ।
ৰাতিৰ বতাহত কান্দোনৰ মাত বহু দূৰলৈ বিয়পি পৰিল ।
কিন্তু কোনেও গছ এৰি আঁতৰি নোযোৱাত উপায়ন্তৰ হৈ এজন এজনকৈ সকলো শ্ৰমিকে হাতৰ কুঠাৰ মাটিত পেলাই দিবলৈ বাধ্য হ’ল । নিৰাশ হৈ চন্দ্ৰ ঠিকাদাৰ খঙত ৰ’ব নোৱাৰা হ’ল ।
ডিচ্চিয়ে নিজৰ চকুকে যেন বিশ্বাস কৰিব পৰা নাছিল … কুঠাৰ এৰি শ্ৰমিকবোৰ আঁতৰি গৈছিল !!
“ মা , আমি কৰি দেখুৱালোঁ … এতিয়া আমি আমাৰ এই আন্দোলন দেশৰ সকলো অংশতে বিয়পাব লাগিব, মা। “
গাঁৱৰ সকলোৱে গছবোৰক সাৱতি ধৰি মনৰ উলাহতে কান্দি পেলালে ।
সকলোৱে ইজনে আনজনৰ হাতত ধৰি বিজয়ৰ উল্লাসত নৃত্য কৰিব ধৰিলে ।
ডিচ্চিৰ মৰমৰ গছবোৰে বতাহত হালি জালি নাচি উঠিল ।
“ ময়ো তোমাৰ দৰেই … শক্তিশালী আৰু সাহসী … “ , গছজোপাক সাৱতি ধৰি তাই নিজৰ মনতে ভাবিলে ।
ভাল কথা ভাবিলেই যে তাই সকলোতকৈ বেছি শক্তি পায় ।
