এজন বক্তাৰ নিৰ্মাণ

মূল: ষ্টিফেন
ক্ৰেইন

ভাবানুবাদ: যশোৱন্ত
নিপুণ



 

    হুইলমভাইলৰ স্কুলখনৰ
এইটো এটা নিয়ম আছিল যে
,
যেতিয়া লৰা-ছোৱালীবোৰে
এটা বিশেষ শ্ৰেণী পাইছিল
,
তেতিয়া সিহঁতে শুকুৰবাৰৰ আবেলিটো বাগ্মীতাৰ বিকাশৰ কাৰণে উৎসৰ্গা কৰিব লাগিছিল
৷ এইটো এটা দুখ লগাকৈ মূৰ্খামিৰে ভৰা বিশ্বাস আছিল যে বক্তাৰ এনেদৰেই নিৰ্মাণ হ
ব পাৰে ৷  স্কুলখনৰ আইনমতে, দুৰ্ভগীয়া লৰা আৰু ছোৱালীবোৰক
টানি আনি তেওঁলোকৰ সমনীয়া পণ্ডিতসকলৰ আগত শতিকাটোৰ মাজ ভাগৰ সাহিত্যৰ বিষয়ে ক
বলৈ দিয়া হয়
  সম্ভৱতঃ নিজৰ মনৰ ভাব সকলোতকৈ ভালকৈ প্ৰকাশ
কৰিবলৈ সক্ষম হোৱা শিশু কেইজন
, যি কেইজন বাক-শক্তিৰ প্ৰতি খুব সংবেদনশীল আছিল, সেই কেইজনৰে
সকলোতকৈ বেছি দুৰ্গতি হৈছিল ৷ সৰু অজ্ঞ কেইজনে
, যিসকলে থিয় হৈ গতানুগতিক কবিতা এটাৰ আঠ
শাৰী সিহঁতৰ শ্ৰেণীৰ বন্ধুসকলৰ সম্মুখত খৰকৈ গাই দিব পাৰিছিল
, সিহঁতে তেনে
কোনো পীড়া ভোগ নকৰিছিল ৷  থিয় হৈ সিহঁতৰ মনৰ
কথা সিহঁতৰ লগৰ প্ৰাণীবোৰৰ আগত বেকত কৰিবলৈ
, আচলতে এই আঁচনিয়ে শিশুসকলৰ মনত চিৰদিনৰ
কাৰণে এটা ভয় ভাবৰহে সৃষ্টি কৰিছিল ৷

   জিমি ত্ৰেস্কতৰ এটা
ধাৰণা আছিল যে ভাবিব নোৱৰা মূৰ্খামিৰ প্ৰদৰ্শনীৰ দ্বাৰা সি সেই উচ্চ শ্ৰেণীৰ কোঠাটোলৈ
, ত বন্দীসকলক
এনে ধৰণৰ দণ্ড ভোগ কৰোৱা হৈছিল
,  উত্তীৰ্ণ হোৱাৰ
পৰা হাত সাৰিব পাৰিব ৷ সেইখন সাম্ৰাজ্যত প্ৰৱেশ কৰি য
ত এনে কিছুমান
মহান কাম কৰিব লাগে যিবোৰ তাৰ কাৰণে মৃত্যুতকৈও ভয়ংকৰ আছিল
, তাতকৈ সি এক
কম বৰ্ণময় ঠাইতে থাকিবলৈ বেছি পচন্দ কৰিছিল ৷ পাছে
, সি পচন্দ কৰক বা নকৰক, তাক সেই নিৰ্যাতনৰ
ঠাইখনলৈ আগবঢ়াই দিয়া হ
ল ৷

    প্ৰত্যেক শুকুৰবাৰে
কমেও দহজন সৰু সৰু শিশুৱে শিক্ষকৰ ডেস্কৰ ওচৰৰ মঞ্চখনত আৰোহণ কৰি এনেকুৱা কিবাকিবি
ভোৰভোৰাব লাগিছিল
, যিবোৰ
সিহঁতৰ কোনেও বুজিব নোৱাৰিছিল ৷ এইবিলাক সিহঁতক পাকৈত বক্তা কৰাৰ আয়োজন আছিল ৷ যদিহে
সিহঁতক ভেকুলীৰ দৰে টোৰটোৰাবলৈও আদেশ কৰা হ
লহেঁতেন, সেইটোৱেও সিহঁতৰ
বেছিভাগকেই সুবক্তা হোৱাৰ পথত সমানেই আগুৱাই দিলেহেঁতেন ৷

    বৰ্ণানুক্ৰমে জিমি
ত্ৰেস্কত হতভগীয়াসকলৰ তালিকাৰ শেষৰ ফালে আছিল
, কিন্তু তাৰ পালো অলপো কম  অৱশ্যাম্ভাৱী নাছিল ৷ তেন্নাৰ, তিমেন্স, ত্ৰাছ, ত্ৰেস্কত —”, সি তাৰ দুৰ্যোগৰ
দিনটো ওচৰ চাপি অহা দেখিছিল ৷

     সি শিক্ষয়িত্ৰীগৰাকীৰ
আগত নিস্ক্ৰিয়ৰ দৰে আছিল যেতিয়া তেওঁ তাৰ মূৰত
লাইট ব্ৰিগেডৰ আক্ৰমণৰ দুৰ্বোধ্য
শাৰীবোৰ সুমুৱাই দিবলৈ চেষ্টা কৰিছিল:

    আধা লিগ, আধা লিগ,

    আধা লিগ সম্মুখলৈ

  লিগ সম্পৰ্কে তাৰ একো
ধাৰণাই নাছিল ৷ যদিহে কেতিয়াবা এনেয়ে কোনোবাই তাক সি ঘৰৰ পৰা আধা লিগ দূৰত থকা বুলি
লেহেঁতেন, সি কিজানি ঘৰৰ
পৰা পঞ্চাশ মাইল আঁতৰত থকা বুলি ভাবি খুব ভয় খালেহেঁতেন
; কিন্তু সি বৰ
সাহসেৰে মৃত্যুৰ উপত্যকাত ঐতিহাসিক ছশ বীৰৰ সম্মুখীন হ
, যিসকলে সেই ঠাইত
কিবা এটা কৰি আছিল
, যিটো
কিবা এটা খুব ভাল কাম আছিল
,
তেনেকৈয়ে তাক কোৱা হৈছিল ৷  সি গোটেইবোৰ
পংক্তি শিকিছিল ৷

  কিন্তু যেতিয়া তাৰ
নিজৰ ভাগৰ শুকুৰবাৰৰ আবেলিটো ওচৰ চাপি আহিছিল
, সি চিন্তাত পৰিছিল আৰু তাৰ পৰিয়ালক জনাবলৈ
আৰম্ভ কৰিছিল যে এটা ভয়ানক অসুখ তাৰ হ
বলৈ ধৰিছে, আৰু সেইটোৱে
তাক যিকোনো মূহুৰ্ততেই তাৰ প্ৰাণৰ স্কুলখনলৈ যোৱাৰ পৰা বিৰত কৰিব পাৰে ৷

   সেই মহান শুকুৰবাৰৰ
দিনা ডাঃ ত্ৰেস্কট ঘৰত নাছিল  যিদিনা ল
ৰাটোৰ নামৰ ওচৰ-পাজৰৰ
শিশুবোৰে সিহঁতৰ ভাগৰ বক্তব্য ৰাখিব লগা আছিল
, আৰু লৰাটোৰ মাক জিমিৰ আচৰিত ধৰণৰ অসুস্থতাৰ
কাৰণে ভাবিব নোৱৰা ধৰণে শঙ্কিত হৈছিল
,  যি অসুস্থতাৰ
কাৰণে ল
ৰাটোৱে
জুইকুৰাৰ ওচৰৰ কাপোৰ এখনত বাগৰি বাগৰি অতি কষ্টেৰে কেঁকাই আছিল ৷ 

   তেওঁ তাৰ ভৰি দুখন
ৰঙা পৰি যোৱাকৈ সৰিয়হ দিয়া গৰম পানীত ধুৱাইছিল ৷ তেওঁ সৰিয়হ বঁতি তাৰ বুকুত লেপ এটাও
দিছিল ৷

    সি ঘোষণা কৰিছিল
যে এই সকলোবোৰ চিকিৎসাই তাৰ একোৱেই ভাল নকৰিলে — একোৱেই ভাল নকৰিলে ৷  বহুত কষ্ট ভোগ কৰি থকা ল
ৰা এজনৰ ভাবেৰে
সি সেই গোটেই দিনটো সম্পূৰ্ণ মাতৃত্বসুলভ মনোযোগবোৰ সহ্য কৰি থাকিল ৷ এনেকৈয়ে প্ৰথম
শুকুৰবাৰটো ভালে ভালে পাৰ হ
ল ৷

   অসীম ধৈৰ্যেৰে সি
জুইকুৰাৰ সম্মুখত বহিছিল আৰু ছবি থকা কিতাপবোৰ চাইছিল
, আৰু যেতিয়াই
মাকে সি অলপ ভাল পোৱা যেন ভবা বুলি সন্দেহ কৰিছিল তেতিয়াই আকৌ কিবা এটা বৰ কষ্ট পাই
থকা বুলি অভিযোগ কৰিছিল ৷ তাৰ পাছৰ শনিবাৰৰ দিনটো বন্ধৰ দিন আছিল
, আৰু সি আশ্বৰ্যকৰভাৱে
অসুখবোৰৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত হৈ পৰিছিল
, আৰু তজবজীয়া স্বাস্থ্যৰ লৰাটি হৈ খেলিবলৈ
ওলাই গৈছিল ৷ 

        তাৰ কোনোধৰণৰ
অসুখ মাজতে হোৱা নাছিল তাৰ পাছৰ সপ্তাহৰ বৃহস্পতিবাৰৰ নিশালৈকে ৷ সেই নিশা সি আকৌ ঘোষণা
কৰিলে – তাৰ খুব
, খুবেই
বেয়া লাগিছে ৷ মাক ইতিমধ্যেই পুতেকৰ স্বাস্থ্যসম্পৰ্কে সদায়ে শঙ্কিত হৈ আছিলেই ৷ কিন্ত
ডাঃ ত্ৰেস্কতে কিবাকিবি প্ৰশ্ন সুধিছিল যাৰ উত্তৰবোৰ বিশ্বাস কৰিব নোৱৰা ধৰণৰ আছিল
৷ তৃতীয় শুকুৰবাৰটোত জিমিক ডাঃ ত্ৰেস্কটৰ গাড়ীৰ পৰা নমাই স্কুলত থৈ অহা হ
ল ৷ বাকী লৰা-ছোৱালীবোৰে, বিশেষকৈ যিবোৰে
দুঃস্বপ্নৰ পৰ্বতখন ইতিমধ্যেই পাৰ হৈ আহিছিল
, তালৈ সন্তোষেৰে চাইছিল ৷ সিহঁতে তাৰ মাজত
কচাইৰ হাতত নিহত হ
বলৈ
ওলোৱা আন এটি ভেৰা দেখিবলৈ পাইছিল ৷ শ্ৰেণীকোঠাৰ বেঞ্চত বহি জিমিয়ে কেতিয়াবা ভয় লগা
স্পষ্টতাৰে
লাইট
ব্ৰিগেডৰ আক্ৰমণ
ৰ প্ৰতিটো
শাৰী মনত পেলাব পাৰিছিল
,
আৰু কেতিয়াবা তাৰ মন বগা উকা কাগজ এখন যেন হৈছিল ৷ ভূগোল, গণিত আৰু বানান
— সাধৰণতে টান বিষয় — তাৰ মনৰ পৰা পলাই গ
ল ৷ তাৰ মনত মাত্ৰ সেই আতংকই খেলা কৰি
আছিল – কেতিয়া তাৰ নামটো মতা হ
ব আৰু সি মঞ্চলৈ গৈ, মুখ ঘূৰাই, মূৰ দোৱাই তাৰ
বাণীবোৰ সহপাঠী সকলৰ আবৃত্তি কৰিব লাগিব ৷   

 হতাশভাৱে পলম কৰাৰ কিবাকিবি
উপায় তাৰ মনলৈ আহিছিল ৷ যদিহে সি কিবা সঁচা অসুখ-বিসুখ বা তেনেকুৱা যন্ত্ৰণাৰ সেৱা
লাভ কৰিব পাৰিলেহেঁতেন
,
সি বৰ সুখ পালেহঁতেন ৷  কিন্তু নিৰন্তৰ
অবিচলিতভাৱে মূহুৰ্তবোৰ আগবাঢ়ি গৈছিল তাৰ মহা সংকটৰ ফালে
, আৰু তাৰ পলায়নৰ
সকলো আঁচনি মাত্ৰ তীব্ৰ আতংকৰ তৰংগ এটাত মিলি গৈছিল ৷ 

 বাহিৰৰ মেপল গছবোৰে
আবেলিৰ দুৰ্বল হৈ অহা সূৰ্যৰ ৰশ্মিক পৰাভূত কৰি থিয় হৈ আছিল
, ছায়াভৰা শ্ৰেণীকোঠাটোলৈ
প্ৰশান্তি নামি আহিছিল
,
কিন্তু তাৰ মাজতো জুই একুৰাৰ মাজেৰে পাৰ হৈ অহা শিশুবোৰৰ স্বস্তিৰ নিশ্বাস অনুভৱ
কৰিব পৰা গৈছিল ৷ সিহঁতে শান্তভাৱে সাজু হৈছিল আনবিলাকৰ শাস্তিবোৰ এটা দৃশ্যৰ দৰে চাবলৈ

     অকণমানি জনি টেনাৰে
উৎসৱটো আৰম্ভ কৰিলে ৷ সি গধুৰ
, গধুৰ খোজেৰে মঞ্চলৈ উঠি গ, আৰু এনে ধৰণে মূৰ দোৱালে যে সি পৰিবলৈয়ে
ধৰিছিল ৷ সি ঘপককৈ ক
বলৈ
আৰম্ভ কৰিলে যে যেতিয়া আয়াৰলেণ্ডৰ বদনাম কৰা হ
ব তেতিয়া তাৰ কাৰণে নীৰৱে বহি থকাটো অসম্ভৱ, আৰু সি তাৰ সম্মুখৰ
বীৰ সৈন্যসকলক সুধিছিল – প্ৰত্যেক বৃটিছ যুদ্ধক্ষেত্ৰ ইমাৰেল্ড দ্বীপৰ সন্তানসকলৰ হাড়েৰে
ভৰি পৰা নাছিল নেকি ৷ সি আকৌ কোৱা শুনা গ
ল যে সি বৰ গভীৰ দুখ আৰু আশ্বৰ্যৰে সন্মানীয়
উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সদস্যসকলৰ মন্তব্যবোৰ শুনিছিল যে আইৰিশ সৈন্য-গোটৰ মহাৰাণীৰ
কাৰণে আনুগত্যৰ প্ৰতি সন্দেহ কৰিব পাৰি ৷ তেনেহ
লে কি ঊদ্দেশ্যত, সি সুধিছিল, আইৰিশসকলৰ তেজ
এশখন যুদ্ধক্ষেত্ৰত বৈ গৈছিল
?  তেনেহলে কি ঊদ্দেশ্যত
আইৰিশসকলে সাহস আৰু দেশপ্ৰেমেৰে মৃত্যুক সাবটি লৈছিল এই পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰত
ত ইংলেণ্ডৰ
বিজয়ৰ পতাকা উৰিছিল
?
যদিহে উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সন্মানীয় সদস্যসকলে ডাবলিনৰ সৈন্যসকলৰ মাজত হোৱা
সামান্য ভুল বুজাবুজিকেই মহাৰাণী আৰু সাম্ৰাজ্যৰ বিৰুদ্ধে চলা মহা ষড়যন্ত্ৰৰ ৰূপ দিব
খোজে
, তেনেহলে এতিয়া আয়াৰলেণ্ডৰ
কাৰণে তিক্ততাৰে নিজৰ মৃত সন্তানসকলৰ বাবে ভবাৰ সময় আহি পৰিছে
, যাৰ সমাধি ইংলেণ্ডৰ
প্ৰত্যেক বিকাশৰ ঢাপত প্ৰতীক হৈ ৰৈছে
, তথাপিও যাৰ গৌৰৱ তেওঁলোকৰ পৰা ইমান সহজতে
কাঢ়ি লোৱাৰ অধিকাৰ ৰাখে উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সন্মানীয় সদস্যসকলে ৷  তদুপৰি
, উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সন্মানীয় সদস্যসকল

  বই নালাগে যে
অকণমানি জনি টেনাৰৰ ভাষাই উত্তৰ গ্লেনমৰ্গেনশ্বায়াৰৰ সন্মানীয় সদস্যসকলক এটা অগ্নিকুণ্ডৰ
মাজলৈ লৈ গৈছিল ৷ কিন্তু জনিৰ আচলতে খং উঠা নাছিল ৷ সি মাত্ৰ খৰধৰ কৰিছিল ৷ সি উত্তৰ
গ্লেনমৰ্গেনশ্বায়াৰৰ সন্মানীয় সদস্যসকলৰ আধ্যা পেলাইছিল
, ব পাৰি কেইটামান
বেগী আৰু দীঘল খোজেৰে ৷

   তাৰ পিছত সুসি তাইমেন
মঞ্চলৈ গৈছিল
,  আৰু মৃত্যুৰ দৰে শেঁতা মুখ এখনেৰে ঘোষণা
কৰিছিল যে তাই মে দিৱসৰ ৰাণী হ
ব ৷  এই ছোৱালীজনীয়ে
অনাৱশ্যক ক্লেশভোগৰ এখন সম্পূৰ্ণ নিখুঁত ছবিৰ প্ৰতিনিধিত্ব কৰিছিল ৷ তাইৰ সৰু ওঁঠযুৰি
নীলা হৈ গৈছিল
, আৰু
তাইৰ বহলকৈ মেলা চকুযুৰিত এটা শূন্য
,   আতংকৰ
চাৱনি আছিল ৷ নিৰ্বিকাৰ ত্ৰাছ উপাধিৰ ল
ৰাটো, যাৰ ঘূৰণীয়া মুখমণ্ডলত মাত্ৰ চহা ভাব
এটা ফুটি উঠিছিল
, সি জীৱনৰ
লক্ষ্য আৰু অৰ্থ সম্পৰ্কে কিছুমান অস্বীকাৰ কৰিব নোৱাৰা সত্য শান্তভাৱে ব্যক্ত কৰিছিল

    তাৰ আসনত বহি জিমি
ত্ৰেস্কট ওচৰ চাপি অহা মহাপতনৰ কথা ভাবি ভাবি ভয়তে আধা অন্ধ হৈ গৈছিল ৷ সি ইচ্ছা কৰিছিল
শ্ৰীমান ত্ৰাছে চিৰকাল জীৱনৰ লক্ষ্য আৰু অৰ্থ সম্পৰ্কে কৈয়ে থাকিব
, কৈয়ে থাকিব ৷
সি ভাবিছিল যে যদি স্কুলখনত তেতিয়া জুই লাগিলেহেঁতেন
, তেতিয়া সি অলপ
ৰক্ষা পৰিলেহেঁতেন ৷ বেলেগ যিকোনো সম্ভাৱনাই ভাল আছিল ৷ জুই একুৰাৰ মাজত মৃত্যু বৰণ
কৰাটো
লাইট
ব্ৰিগেডৰ আক্ৰমণ
ৰ আবৃত্তি
কৰাতকৈ নিৰাপদ আছিল ৷ কিন্তু শ্ৰীমান ত্ৰাছে অতি সোনকালেই তাৰ জীৱন সম্পৰ্কীয় গধুৰ
সত্যৰ বক্তব্যৰ সামৰণি মাৰিলে ৷ জিমিয়ে শিক্ষকজনে তেওঁৰ নাম মতা শুনিলে
, আৰু তাৰ এনে
লাগিছিল যেন গোটেই পৃথিৱীয়ে তাক ঘূৰি ঘূৰি চাবলৈ ধৰিছে ৷ কেনেকৈ মঞ্চত আৰোহণ কৰিলে
সি গমেই ধৰিব নোৱাৰিলে ৷ গাৰ কিছু অংশ সীহৰ দৰে গধুৰ আৰু কিছু অংশ বতাহৰ দৰে পাতল হৈ
বিচ্ছিন্ন হোৱা যেন অনুভৱ হৈছিল তাৰ ৷ সুসি টাইমেনৰ দৰেই তাৰ মুখখন শেঁতা হৈ গৈছিল
৷ সি এটা কেৱল মানসিক পীড়াত ভুগি থকা শিশুত পৰিণত হৈছিল
; এয়াই এই বিষয়ে
বিশেষকৈ ক
ব লগা
সকলো
; আৰু
জনাবুজাসকলৰ কাৰণে এই প্ৰদৰ্শনীখন এখন ককুৰৰ যুঁজতকৈ বেছিকৈ শিক্ষণীয় বিবেচিত নহ
লহেঁতেন ৷

   সি আচহুৱা ধৰণে মূৰ
দোৱালে
, উশাহটো
যেন বন্ধ হ
ব তাৰ, এটা বুজিব নোৱৰা
শব্দ উচ্চাৰণ কৰিলে
,
আৰু তেতিয়া হঠাতে কৈ উঠিল,

   আধা লেগ —

   লিগ,” শিক্ষয়িত্ৰীগৰাকীয়ে শান্তভাৱে কলে ৷

   আধা লেগ —

    লিগ,” শিক্ষয়িত্ৰীগৰাকীয়ে
কৈছিল ৷

    লিগ,” জিমিয়ে পুনৰাবৃত্তি
কৰিলে বিতত হৈ ৷

    আধা লিগ, আধা লিগ, আধা লিগ সম্মুখলৈ

    সি এইখিনিতেই ৰৈ
ল আৰু
শিক্ষয়িত্ৰীগৰাকীলৈ হতভগীয়া এটিৰ দৰে চালে ৷

  আধা লিগ,” সি সেপ ঢুকি
লে
আধা
লিগ —

  সি বোধহয় এই শব্দ দুটা
কৈয়েই থাকিলেহেঁতেন
,
গতিকে অলপ পাছত শিক্ষয়িত্ৰীগৰাকীয়ে কলে, “আগ বাঢ়া ৷

   আধা লিগ,” জিমিয়ে উত্তৰ
দিলে ৷

   শিক্ষয়িত্ৰীগৰাকীয়ে
কিতাপখন মেলি লৈছিল
,
আৰু তেওঁ তাৰ পৰা পঢ়িছিল:

   সকলোৱে মৃত্যুৰ উপত্যকাত

   ঘোঁৰাত উঠি —

   এতিয়া, আৰম্ভ কৰা,” তেওঁ কৈছিল ৷   

    জিমিয়ে আৰম্ভ কৰিছিল,

   সকলোৱে মৃত্যুৰ উপত্যকাত

    ঘোঁৰাত উঠি — উঠি
— উঠি

    সি অসীম কাকুতিভৰা
চাৱনিৰে শিক্ষয়িত্ৰীৰ ফালে চাইছিল
, আৰু উশাহ নসলোৱাকৈ ফুচফুচাই কৈছিল,  ঘোঁৰাত উঠি কি ?”  

  গাভৰু শিক্ষয়িত্ৰীগৰাকী
চুলিৰ গুৰিলৈকে বিৰক্ত হৈছিল ৷

  ঘোঁৰাত উঠি ছশ বীৰ সৈনিক,”

   তেওঁ তাক ভেকাহি মাৰি
কৈছিল ৷

   শ্ৰেণীটো এই নিষ্ঠুৰ
প্ৰদৰ্শনী প্ৰত্যক্ষ কৰি ফুচফুচনি আৰু খিলখিলনিৰে ভৰি পৰিছিল ৷ সিহঁত সম্ৰাট নিৰ
ৰ সময়ৰ ষ্টেডিয়ামত
খেল চাই থকা ৰোমান জনতাৰ দৰেই হৈ পৰিছিল ৷

     জিমিয়ে আকৌ আৰম্ভ
কৰিলে:

   আধা লেগ — লিগ, আধা লিগ, আধা লিগ সম্মুখলৈ,

    সকলোৱে মৃত্যুৰ উপত্যকাত

    ঘোঁৰাত উঠি  ছশ বীৰ সৈনিক,

    সম্মুখলৈ — সম্মুখলৈ
— সম্মুখলৈ —

   লাইট ব্ৰিগেড,”,  শিক্ষয়িত্ৰীগৰাকীয়ে খঙেৰে ইংগিত দিছিল

   লাইট ব্ৰিগেড,” জিমিয়ে সেপঢুকি
কৈছিল ৷ সি তাৰ অৱস্থাটোৰ লাজলগা যন্ত্ৰণাত প্ৰায় মৰিবলৈ ওলাইছিল ৷

  আৰু লৰ্ড টেনিচনৰ বিখ্যাত
কবিতাটোৰ শাৰীবোৰ
,  সেইবোৰে তাৰ মনৰ পৰা সসন্মানে পলাই ফাট
মাৰিছিল
, আৰু
তাৰ মন এখন নিষ্কলংক বগা দেৱাল হৈ পৰিছিল ৷ 

   শিক্ষয়িত্ৰীগৰাকীৰ
খং তেতিয়াও জামৰা নাছিল ৷ তেওঁ বেচেৰা হতভগীয়াটোলৈ খঙাল চাৱনি নিক্ষেপ কৰিলে ৷

   তুমি স্কুল চুটিৰ পাছত ৰব লাগিব আৰু
প্ৰথমৰ পৰা সকলোখিনি আকৌ শিকিব লাগিব
,” তেওঁ আদেশ কৰিছিল ৷

   আৰু অহা শুকুৰবাৰে কবলৈ সাজু হবা ৷ মই বৰ আচৰিত
হৈছোঁ
, জিমি
৷ যোৱা
, বহাগৈ

    যদি তেওঁ তাক হঠাতে
এটি ভৰহীন আত্মাত পৰিণত কৰিলেহেঁতেন আৰু পৃথিৱীৰ কাম-বনৰ কষ্টৰ পৰা নিষ্কৃতি দি তাক
বহু ওপৰৰ আকাশত খুচিমতে উৰি ফুৰিবলৈ মুকলি কৰি দিলেহেঁতেন
, তেতিয়াও সি  সিমান আনন্দিত নহলহেঁতেন ৷ সি
বন্ধুসকলৰ অনুচ্চ টিটকাৰিবোৰলৈ অকণো মন নিদি তাৰ বেঞ্চলৈ পলাই গ
ল ৷ সি পিছৰটো
শুকুৰবাৰে সম্মুখীন হ
ব লগা
আতংকৰ বিষয়ে অকণো চিন্তাই নকৰিলে ৷ দিনটোৰ দুৰ্যোগবোৰ তাৰ কাৰণে যথেষ্ট আছিল
, আৰু শিশুসুলভ
মনৰ কাৰণে এটা সপ্তাহ এটা যুগৰ সমান ৷

   তাৰ বয়সৰ আনন্দময়
সংগতিবিহীনতাৰে সি আশীৰ্বাদপূৰ্ণ প্ৰশান্তিৰে তাৰ ঠাইত বহিছিল
, আৰু জিমাৰমেন
নামৰ  আন এটা দুৰ্ভগীয়া ল
ৰাৰ ক্লেশভোগৰ
দৃশ্যটো চাবলৈ ধৰিছিল
,
সেই লৰাটো
শিক্ষাব্যৱস্থাৰ পিছৰটো চিকাৰ আছিল ৷  অৱশ্যেই
জিমিয়ে উপলব্ধি কৰা নাছিল যে সেই দিনটোতেই তাৰ কাৰণে তাৰ মৃত্যুলৈকে স্থায়ী জনসভাত
বক্তৃতা প্ৰদানৰ অসমৰ্থতাৰ ভেটি স্থাপন কৰা হৈ গৈছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *