ৰাণী গোডাইভাৰ আখ্যান

অনুবাদঃ নাবিলা আখতাৰ

অতি প্ৰাচীন কালত ইংলেণ্ডৰ ভেন্ট্ৰি নগৰত লিওফ্ৰিক নামৰ এগৰাকী স্বাৰ্থপৰ, অহংকাৰী আৰু নিজৰ অধিকৃত সাসম্পত্তিৰ ভোগবিলাসৰ বাসনাত আত্মমগ্ন সম্ৰাটে শাসন কৰিছিল
তেওঁৰ সুবিশাল অট্টালিকা, তেওঁৰ বাগিছা, পোহনীয়া ঘোঁৰা আৰু তেওঁৰ পোহনীয়া কুকুৰ বিলাক এই অধিকৃত সাসম্পত্তিৰ অন্তৰ্ভুক্ত আছিল
তাৰোপৰি তেওঁ অতিশয় ধুনীয়া ,একোছা বৈ পৰা দীঘল সোণালী চুলিৰ অধিকাৰী
উদাৰ মনোভাৱী পত্নী গোডাইভাৰ প্ৰতিও লিওফ্ৰিকে অগাধ প্ৰেমৰ দাবী কৰিছিল
ৰাণী গোডাইভা এগৰাকী মৰমলগা কিন্তু দুৰ্ভগীয়া নাৰী আছিল
লিওফ্ৰিকে ৰাণীক তেওঁৰ দখলীভুক্ত বাগিছা আৰু অট্টালিকাৰ দৰেই ভাল পাইছিল
অৰ্থাৎ, তেওঁ 
ৰাণী গোডাইভাক তেওঁৰ দখলিকৃত আন এক সম্পত্তিৰ দৰেই গণ্য কৰিছিল

 

তেওঁৰ শাসনাধীন অঞ্চলৰ ভূসম্পত্তি বৰ্তাই ৰখাৰ উদ্দেশ্যে, সেই সময়ত প্ৰচলিত বিধি অনুসৰি লিওফ্ৰিকে সেই অঞ্চলৰ চহা লোকসকল আৰু নগৰ অঞ্চলৰ বাসিন্দা সকলৰ ওপৰত কৰ আৰোপ কৰিছিল
চহা লোকসকল আৰু নগৰৰ বাসিন্দা সকলৰ সৈতে অতি বন্ধুভাবাপন্ন সম্পৰ্ক ৰক্ষা কৰা ৰাণী গোডাইভা এই লোকসকলৰ আৰ্থিক অৱস্থাৰ বিষয়ে অৱগত আছিল আৰু ৰাজহৰ বিষয়টোৱে সেইবাবে তেওঁক বাৰুকৈয়ে 
চিন্তিত কৰি তুলিছিল

 

  লিওফ্ৰিকৰ দমনশীল প্ৰকৃতিত অতিষ্ঠ হৈ ৰাণী গোডাইভাই কেতিয়াবা তেওঁৰ বগা সবল তেজীঘোঁৰাত উঠি ৰাজগৃহৰ পৰা পলায়ন কৰিছিল আৰু গাঁও আৰু চহৰৰ দিশে ৰাওনা হৈছিল
তেওঁৰ নগৰৰ বাসিন্দা সকলৰ সৈতে কথা পাতি ভাল পাইছিল , আৰু নগৰবাসীয়েও তেওঁৰ বন্ধুত্বপূৰ্ণ আৰু ভদ্ৰ ব্যৱহাৰ আৰু তেওঁলোকৰ সমস্যা আৰু চুপতিবিলাকো মন দি শুনা বাবে ৰাণীয়ে নগৰলৈ অহালৈকে বাট চাইছিলকেতিয়াবা ৰাণীয়ে সৰু ৰাছোৱালীবোৰক ঘোঁৰাত উঠাই ফুৰাবলৈ নিছিল, দোকানী আৰু ধোবামহিলা সকলক মাত লগাবলৈ তেওঁ সদায় ঘোঁৰাটো ৰখাইছিল

 

এদিনাখন ৰাণী গোডাইভা আন দিনাৰ দৰে ঘোঁৰাত উঠি ৰাওনা
তেওঁ গৈ গৈ নগৰত প্ৰৱেশ কৰিলে আৰু তাত প্ৰথমতেই দেখা পোৱা দোকানী এগৰাকীক তেওঁ হাত উঠাই সম্ভাষণ জনালে
কিন্তু সেইদিনাখন দোকানী গৰাকীয়ে ওলোটাই হাঁহি নামাৰিলে বা সম্ভাষণ নজনালে, “আচৰিত,” ৰাণীয়ে লে, “চাগে তেওঁৰ ঘৰত কিবা সমস্যা হৈছে
তেওঁ আগবাঢ়িল, কিন্তু তেওঁ যিমানেই ব্যক্তি লগ পালে, তেওঁ লক্ষ্য কৰিলে যে সকলোৰেই মনবোৰ বিষন্ন
কোনোৱেই তেওঁলৈ চাই নাহাঁহিলে বা তেওঁক সম্ভাষণ নজনালে, আনকি সৰু ৰাছোৱালী বিলাকো আমনজিমনকৈ বহি আছেহি

 

সমগ্ৰ নগৰখনক ছানি ধৰা এই আচহুৱা শোকাকূল পৰিৱেশত বিমোৰত পৰি ৰাণী গোডাইভাই তেওঁৰ এগৰাকী বিশ্বাসী বেকাৰী বন্ধুৰ ওচৰত ঘোঁৰাটো ৰখালে
মোক কোৱাচোন“, তেওঁ লে, “ভেন্ট্ৰিৰ সকলোবোৰ মানুহ আজি ইমান দুখী কিয়?”

 

বেকাৰীজনে আচৰিত হৈ লে, “আপোনাৰ স্বামীয়ে কি কৰিছে সেই বিষয়ে আপুনি নিশ্চয় জ্ঞাত,” তেওঁ লে,” তেওঁ আমাৰ কৰ দুগুণ বৃদ্ধি কৰিলে
আমি ইতিমধ্যেই অনেক কষ্টৰে দিন নিয়াইছোঁ, এতিয়া আমি আৰু দৰিদ্ৰ হৈ পৰিম

 

এই কথা শুনি ৰাণী গোডাইভা খঙত অগ্নিশৰ্মা হৈ উঠিল
মই এতিয়াই ঘৰলৈ যাম আৰু মোৰ স্বামীক কম যে তেওঁ এই কাম কৰাটো উচিত নহয়,” তেওঁ লে আৰু দ্ৰুত গতিৰে ৰাজগৃহ অভিমুখে ৰাওনা

 

ৰাজগৃহত উপস্থিত হৈয়েই ৰাণী গোডাইভা ততাতৈয়াকৈ ঘোঁৰাৰ পিঠিৰ পৰা নামি স্বামী লিওফ্ৰিকৰ অধ্যয়ন কক্ষ পালেগৈ
স্বামী,”তেওঁ খঙেৰে লে,”মই আপোনাৰ সৈতে কিছু কথা পাতিব বিচাৰোঁ

 

লিওফ্ৰিকে তেওঁৰ পিনে ঘূৰিল আৰু তেওঁৰ ফালে ক্ৰুদ্ধ দৃষ্টি নিক্ষেপ কৰিলে ,”ময়ো তোমাৰ সৈতে কথা পাতিব বিচাৰিছো,” তেওঁ কলে, “তুমি এনেকুৱা সাজ পৰিধান কৰি নগৰৰ দিশে আগলৈও কেতিয়াও নাযাবা
সাধাৰণ নগৰবাসীৰ সন্মুখত তুমি এনেধৰণৰ জধলা, সৌজন্যহীন পোছাক পিন্ধি যোৱাৰ সাহস কেনেদৰে কৰিলা! তুমি এগৰাকী সম্ৰাটৰ পত্নী, আৰু আজিৰে পৰা তুমি সেই ধৰণেই সাজপোছাক পৰিধান কৰিবা

 

ৰাণী গোডাইভা পোনকৈ থিয় আৰু তীক্ষ্ণ দৃষ্টিৰে গিৰীয়েকৰ ফালে চালে, “মই পৰিধান কৰা সাজপোছাকৰ বিষয়ে তুমি কি ভাবা মই কেৰেপ নকৰোঁ,” তেওঁ আগতে কেতিয়াও ব্যৱহাৰ নকৰা স্বৰত কথাষাৰ লে, “আৰু মই জানিব বিচাৰোঁ তুমি নগৰবাসীৰ কৰ দুগুণ বৃদ্ধি কৰাৰ কাৰণ কি
এয়া এক অপৰাধ

 

তুমি
তোমাৰ স্বামীৰ সৈতে এই সুৰত কথা কোৱাৰ সাহস কেনেকৈ কৰিলা!” লিওফ্ৰিকে চিঞৰি উঠিল, “মই কি কৰিছোঁ সেয়া এগৰাকী মহিলাৰ মূৰ ঘমোৱাৰ বিষয় নহয়  এগৰাকী
মহিলাৰ যি কাম তুমি তাত মন দিয়া আৰু মই পুৰুষৰ কামত
ৰাজহকৰ বঢ়োৱাকমোৱা এইবিলাক মোৰ কাম
এগৰাকী সম্ৰাটৰ পত্নীৰ নিচিনাকৈ থকাটো তোমাৰ

 

ৰাণী গোডাইভাৰ সহ্যৰ সীমা চেৰাই আৰু তেওঁ খঙত জ্বলিপকি উঠিল
মানুহবিলাকক খাবলৈ টকাপইচা লাগে
যদি তুমি কৰ হ্ৰাস নকৰা, মই…..”

 

লিওফ্ৰিকে অট্তহাস্য কৰি উঠিল
তুমি কি কৰিবা?”, তেওঁ সুধিলে,”কি ভাবুকি দিব খুজিছা তুমি মোক?”

 

ৰাণী গোডাইভাই ইতিমধ্যে বুজি উঠিছিল যে তেওঁৰ স্বামীক কিহে আটাইতকৈ বেছি অপমানিত কৰিব পাৰিব
তেওঁৰ ধৈৰ্যৰ সীমা চেৰাই
তুমি গম পাবা,”তেওঁ লে
তেওঁ ঘৰৰ বাহিৰলৈ দৌৰি ওলাই আহিল, ঘোঁৰাৰ পিঠিত উঠিলে আৰু আকৌ নগৰ অভিমুখে ৰাওনা   নগৰৰ
মাজমজিয়াত তেওঁ এখন জাননী জাৰি কৰিলে:

মোৰ
স্বামী, সম্ৰাট লিওফ্ৰিকে, তেওঁ আৰোপ কৰা কৰৰ পৰিমাণ শনিবাৰ সন্ধিয়াৰ আগত হ্ৰাস নকৰিলে, মই, ৰাণী গোডাইভা, প্রতিজ্ঞা কৰিছো যে,মই সম্পূৰ্ণ উলংগ হৈ ভেন্ট্ৰিৰ মূল পথেৰে বিচৰণ কৰিম

 

ৰাণী গোডাইভাই নিজৰ স্বামীক প্ৰত্যাহ্বান জনোৱা খবৰটো কেই ঘণ্টা মানৰ ভিতৰতে সমগ্ৰ নগৰত বিয়পি পৰিল
আৰু এই খবৰটো যেতিয়া ৰজা লিওফ্ৰিকৰ কাণত পৰিল, তেওঁ হাঁহি উৰুৱাই দিলে,”তেওঁ এনেকুৱা একো কেতিয়াও নকৰে,” তেওঁ লে, “কোনো নাৰীয়েই মোক এনেদৰে অপমানিত কৰাৰ সাহস কৰিব নোৱাৰে

 

নগৰবাসী নিশ্চিত আছিল যে সম্ৰাট লিওফ্ৰিকে এতিয়া নিশ্চয় তেওঁলোকৰ কৰ হ্ৰাস কৰিব
সম্ৰাটে নিশ্চয় তেওঁৰ পত্নীয়ে উলংগ হৈ ৰাজপথত বিচৰণ কৰাটো কোনোপধ্যেই নিবিচাৰিব
সেইবাবে তেওঁলোকে অনতিপলমেই আগন্তুক কোনোবা এদিনাখন তেওঁলোকৰ ৰাজহ পৰিমাণ হ্ৰাস কৰাৰ সংবাদ লাভ কৰিবলৈ অপেক্ষা কৰিবলৈ ধৰিলে

 

দিনৰ পিছত দিন পাৰ , কিন্তু ৰজাঘৰৰ পৰা একো জাননী নাহিল
শুক্ৰবাৰে সন্ধিয়ালৈকে নগৰ বাসীয়ে উপলব্ধি কৰিলে যে ৰাণী গোডাইভাই তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা কৰাৰ বাহিৰে অন্য গত্যন্তৰ নাই
তেওঁলোকে ৰাণীক অত্যন্ত ভাল পাইছিল, সেইবাবে তেওঁলোকে ৰাণীক সহায় কৰিবলৈ কিবা এটা কৰাৰ সিদ্ধান্ত লে
সেই উদ্দেশ্যে সিদিনা নিশা সকলো নগৰবাসীয়ে নগৰৰ মাজমজিয়াত লগ আৰু ৰাণীক সহায় কৰিবলৈ কি ব্যৱস্থা লব পাৰি সেই বিষয়ে আলোচনা কৰিলে

 

শনিবাৰে বেলি পৰিবলৈ দহ মিনিট সময় থাকোঁতে, নগৰৰ সকলো বাসিন্দাই ৰাজপথ পৰা আঁতৰি নিজৰ নিজৰ ঘৰত আৰু দোকানত সোমাই পৰিল
সকলোৱে ঘৰৰ পৰ্দা টানি দিলে, দুৱাৰখিৰিকী বন্ধ কৰিলে আৰু দুৱাৰ খিৰিকীৰ ফালে পিঠি দি থাকিল
নগৰৰ ঘড়ীটোৱে দুপৰীয়া ১২ বজাৰ সংকেত দিয়াৰ লগে লগে তেওঁলোকে ৰাজপথৰ পকা শিলত ৰাণী গোডাইভাৰ তেজীঘোঁৰাৰ খুৰাৰ খটখট্ শব্দ শুনিবলৈ পালে
তেওঁলোকে বুজি পালে যে ৰাণী গোডাইভাই তেওঁৰ সৰ্বশৰীৰ মাত্ৰ তেওঁৰ দীঘল, সোণালী চুলিটাৰিৰে ঢাকি ৰাজপথত বিচৰণ কৰি তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা কৰিলে

 

অৱশ্যে, এজন ব্যক্তিয়ে, যাক বৰ্তমানজুমি চোৱা টমবুলি জনা যায়, নগৰ বাসীৰ নিৰ্দেশনা উলংঘন কৰিলে আৰু ভেন্ট্ৰিৰ ৰাজপথত ঘোঁৰাত আৰোহণ কৰা উলংগ ৰাণী গোডাইভাক চোৱাৰ লোভ সামৰিব নোৱাৰিলে
ইয়াৰ পিছত, ৰাণী পাৰ হৈ , আৰু টমে তেওঁৰ দুচকুৰ দৃষ্টিশক্তি হেৰুৱাই অন্ধ হৈ পৰিল

 

উলংগ আৰোহণ সম্পন্ন কৰাৰ পিছত ৰাণী গোডাইভা সম্ৰাট লিওফ্ৰিকৰ মুখামূখি আৰু তেওঁ সম্ৰাটক চুক্তি ৰক্ষা কৰিবলৈ দাবী কৰিলে
অৱশেষত নিজৰ প্ৰতিশ্ৰুতি অনুসৰি, লিওফ্ৰিকেও নগৰবাসীৰ কৰৰ পৰিমাণ হ্ৰাস কৰিলে

 

নগৰৰ সকলো বাসিন্দাই আত্মপ্ৰতিজ্ঞা কৰিলে যে ৰাণী গোডাইভাৰ নাম কেতিয়াও পাহৰণিৰ গৰ্ভত বিলীন নাযাব আৰু তেওঁক সদায়েই এগৰাকী প্ৰৱল সাহসী আৰু উদাৰ নাৰী ৰূপে স্মৰণ কৰা
মহাৰাণী গোডাইভাৰ কিংবদন্তিয়ে অনেক লোকক অনুপ্ৰাণিত কৰে

 

 মূল পাঠৰ উৎসঃ https://in2english.net/ 

Leave a Reply

Your email address will not be published. Required fields are marked *