মৃত্যুৱে কলে

মূল:কুঁৱৰ নাৰায়ণ
অনুবাদ:ৰুবুল দাস

 

টেলিফোনৰ বেল বাজিল

মই কলোঁ —মই
নাই

আৰু শুই থাকিলোঁ বাগৰ সলাই |

.

দুৱাৰৰ বেল বাজিল

মই কলোঁ —মই
নাই

আৰু শুই থাকিলোঁ বাগৰ সলাই |

.

এলাৰ্ম ঘড়ীৰ বেল বাজিল

মই কলোঁ —মই
নাই

আৰু শুই থাকিলোঁ বাগৰ সলাই |

.

এদিনাখন

মৃত্যুৰ বেল বাজিল

খকমককৈ উঠি বহিলোঁ —

মই আছোঁ… মই আছোঁ… মই আছোঁ

.

মৃত্যুৱে কলে —

শুই থাকা বাগৰ সলাই |

.

 

কুঁৱৰ নাৰায়ণ 🙁১৯২৭২০১৭)

কুঁৱৰ নাৰায়ণ হিন্দী আধুনিক কাব্য জগতৰ এগৰাকী প্ৰতিষ্ঠিত কবি
|তেওঁৰ জন্ম উত্তৰ
প্ৰদেশত
|লক্ষ্ণৌ
বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এইগৰাকী মহান কবিয়ে
चक्रव्यूह‘, ‘तीसरा सप्तक‘, ‘कोई दूसरा नहींআদি কৰি কেইবাখনো কাব্যগ্ৰন্থ হিন্দী
ভাষাত ৰচনা কৰি একধৰণৰ আলোড়ন সৃষ্টি কৰিছিল
|


 ১৯৯৫ চনত তেওঁৰ कोई दूसरा नहीं কাব্যগ্ৰন্থখনৰ বাবে তেওঁক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়  ২০০৫ চনত জ্ঞানপীঠ আৰু ২০০৯ চনত পদ্মভূষণ সন্মানেৰেও বিভূষিত হয় |]



Leave a Reply

Your email address will not be published. Required fields are marked *