ড০ আক্কাই পদ্মশালীৰ সাক্ষাৎকাৰ –

অনুবাদঃ কোকিল শইকীয়া

(ড০ আক্কাই পদ্মশালী হৈছে কৰ্ণাটকৰ এগৰাকী ট্ৰান্সজেণ্ডাৰ
সক্ৰিয়কৰ্মী আৰু অনুপ্ৰেৰক বক্তা । জীৱনত নানা ঘাত প্ৰতিঘাতৰ মাজেৰে তেওঁ কেনেকৈ সমাজত
প্ৰতিষ্ঠা লাভ কৰিছে ; হিজৰা সমুদায়ৰ পৰা পৰা ৰাষ্ট্ৰপতি ভৱনলৈ , যৌন কৰ্মীৰ পৰা ডক্টৰেট
ডিগ্ৰী লাভ কৰালৈ তেখেতৰ এই অনুপ্ৰেৰণা যোগাব পৰা সংগ্ৰামী জীৱন যাত্ৰাৰ বিষয়ে তেখেতে
লক্ষ্মী ৰেবেক্কাই ২০১২ লোৱা এই সাক্ষাৎকাৰটোত কৈছে । পদ্মশালীয়ে এই সাক্ষাৎকাৰত কোৱা কথাখিনি কেৱল ট্ৰান্সজেণ্ডাৰ সকলৰ বাবেই নহয় সমাজত বৈষম্যৰ বলি হোৱা প্ৰত্যেকজন মানুহৰ বাবে প্ৰেৰণদায়ক) 


লক্ষ্মী ৰেবেক্কা : আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনী অতি গুৰুত্বপূৰ্ণ মই আপোনাৰ জীৱনৰ পৰা খুব অনুপ্ৰাণিত হও গতিকে আপুনি আজি আমাৰ আগত আপোনাৰ জীৱনৰ বিষয়ে বলৈ অনুৰোধ জনাম যাতে সকলোৱে জানিব পাৰে মোক কওকচোন যে আপুনি কেতিয়া আৰু কেনেদৰে এই কথা অনুভৱ কৰিলে যে আপুনি এটি পৃথক (?) লিংগৰ ব্যক্তি আপুনি নিজকে আৱিস্কাৰ কৰা এই যাত্ৰাটোৰ বিষয়ে কওকচোন

পদ্মশালী :  মই এটি খাটিখোৱা মধ্যবিত্তীয় পৰিয়ালত জন্ম হৈছোঁ ঠিক / বছৰ বয়সৰ পৰাই মোৰ নাৰীসুলভ আচৰণবোৰে ফুটি উঠিছিল মই ছোৱালীৰ দৰে কথা বলৈ, অংগাভূষণ কৰিবলৈ, প্ৰসাধন সানিবলৈদীঘলকৈ চুলি ৰাখিবলৈ মন কৰিছিলোঁ এই কথাটোক লৈ মোৰ মা খুব কৌতূহলী আৰু উদ্বিগ্ন হৈ পৰিছিল মায়ে কৈছিলতই পুৰুষ হৈ জন্ম হৈছ, গতিকে পুৰুষৰ দৰে আচৰণ কৰা উচিত মই যথেষ্ট বিভ্ৰান্তিত পৰিছিলোঁ মই ভাবিছিলোঁ, মায়ে ঠিক কথাই কৈছে কিয়নো মোৰ পুৰুষাংগ আছে আৰু মই সেয়ে পুৰুষৰ দৰেই লাগিব

পৰা ১৬ বছৰমান বয়সলৈকে মই মোৰ পৰিচয়টো খুব কষ্টেৰে লুকুৱাই বলগীয়া হৈছিল মই যেতিয়া ঘৰত অকলে আছিলোঁ তেতিয়া মই মনে মনে মা আৰু ভন্টিৰ কাপোৰবোৰ উলিয়াই পিন্ধি চাইছিলোঁ মই মোৰ ঘৰৰ চাৰিবেৰৰ মাজতহে এগৰাকী নাৰী হৈ থাকিছিলোঁ মই তেতিয়া খুব আচৰিত হৈছিলোঁ যেতিয়া সমাজে মোৰ আচল পৰিচয়টো লাভ কৰিছিল

লক্ষ্মী ৰেবেক্কা : আপুনি তেতিয়া মুকলিকৈ ওলাই আহিছিল ?

পদ্মশালী : উম সেইটো আছিল হঠাৎ আৰম্ভ হৈ যোৱা এটি সংগ্ৰামৰ যাত্ৰা মই যেতিয়া ১২ বছৰীয়া আছিলোঁ , তেতিয়া মোৰ মায়ে মোক জোৰজবৰদস্তিকৈ ডাক্টৰ আৰু তান্ত্ৰিকৰ ওচৰলৈ, মন্দিৰ আদিলৈ লৈ গৈছিল মায়ে ভাবিছিল, হয়তো মোৰ গাত কোনো অপদেৱতা লম্ভিছে মই মাদেউতাক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে মোৰ জন্মই হৈছে এনেকৈ কিন্তু তেওঁলোকে মোৰ কথাটো স্বাভাৱিক কথা বুলি মানি বলৈ কোনোপধ্যেই ৰাজী নাছিল মই যেতিয়া ছোৱালীবোৰৰ লগত খেলাধুলা কৰিছিলোঁ, তেতিয়া দেউতাই মোক জোৰ কৰি ৰাবোৰৰ লগত খেলিবলৈ দিছিল ৰাবোৰে সাধাৰণতে ক্ৰিকেট, কাবাডী আদি খেলবোৰ খেলি ভাল পায়

মই খুব চক্ হৈছিলোঁএদিন দেউতাই মোক ঘৰলৈ লৈ আনিছিল আৰু মোৰ ভৰিত গৰম পানী ঢালি দিছিল এই শাস্তিৰ কাৰণ আছিল মোৰ নাৰীসুলভ আচৰণ আৰু ছোৱালীৰ লগত খেলাধূলা কৰা মোক মোৰ পৰিয়ালে কৈছিলএইখন সমাজৰ কিছু নিয়ম আছে, সংস্কাৰ আছে গতিকে তুমি সমাজৰ নিয়ম ভংগ কৰিব নোৱাৰা যদি তুমি সমাজৰ নিয়ম উলংঘন কৰা তেন্তে তুমি সমাজ ত্যাগ কৰিব লাগিব  তাৰপিছত মই তিনিমাহ মানলৈ ঘৰতে সোমাই থাকিলোঁ মোৰ স্কুল যোৱা বন্ধ মানুহৰ লগত মিলামিছা কৰা বন্ধ হৈ পৰিল

যেতিয়া মই ১৫ বছৰমান বয়সত ভৰি দিছিলোঁ, তেতিয়া মই ভাইটিক লো যে –“মই আচলতে ৰা নহয় মই ছোৱালীহেতেতিয়া ভাইটিয়ে ঠাট্টাৰ সুৰত ডাঙৰকৈ হাঁহি দিছিল আৰু কৈছিল যে মই হেনো পাগল মই চিকিৎসাৰ বাবে NIMHANS (বাংগালোৰত অৱস্থিত এখন মানসিক চিকিৎসালয়)লৈ যোৱা উচিত

মই কৈছিলোঁ যে প্লিজ এনেকুৱা নকৰিবা মোক মোৰ আত্মীয়সকলে আৰু মা দেউতাই উপহাস আৰু বিদ্ৰুপ কৰিবলৈ লাগিছিল মোৰ কুটুম্বসকলে মোকচাংগা’, ‘আম্বাটুআদি নামেৰে মাতিছিল এই উপনামবোৰে মোক যথেষ্ট আঘাত দিছিল তাৰপিছত মই লাহে লাহে বিয়াসবাহ, পৰিয়ালৰ অনুষ্ঠান আদিৰ পৰা আতৰি থাকিবলৈ লোঁ

লক্ষ্মী ৰেবেক্কা :  লৈকো যোৱা নাছিল ?

পদ্মশালী :  কেতিয়াবা মাদেউতাৰ জোৰত কিছুমান অনুষ্ঠানলৈ যাব লগা হৈছিল মই তাত কাকো মাতবোল কৰা নাছিলোঁ মই কথা পাতিলে সেই মানুহবোৰে মোৰ মাতটো আৰু মোৰ কথনভংগীক লৈ ফিচিঙাফিচিং কৰিছিল

সেই সময়ত, যেতিয়া মই দশম শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া মই গণিতত ফেইল কৰিছিলোঁ তেতিয়া মই ব্যৱহাৰিক আৰু প্ৰযুক্তিবিদ্যাৰ কোৰ্চ এটাৰ বাবে এটি বেলেগ শিক্ষানুষ্ঠানত নাম লগাইছিলোঁ এই কোৰ্চটো আছিল তিনি বছৰীয়া কিন্তু মই ছমাহতে এৰি দিছিলোঁ

লক্ষ্মী ৰেবেক্কা : কিয়?

পদ্মশালী :  মোৰ নাৰীসুলভ আচৰণৰ বাবে তাত মোৰ কোনো সহপাঠী আৰু শিক্ষকে মোক সহজভাবে আদৰি লোৱা নাছিল এদিনাখন মোৰ কিছু সহপাঠীয়ে মোক জোৰজবৰদস্তিকৈ টয়লেটলৈ নি মোৰ ওপৰত যৌন উৎপীড়ন কৰিছিল তেওঁলোকে মোৰ মুখ আৰু শৰীৰত বীৰ্যপাত কৰিছিল মই তেনেকৈয়ে গৈ শিক্ষানুষ্ঠানটোৰ অধ্যক্ষৰ ওচৰলৈ গৈ মোৰ শৰীৰত লাগি থকা বীৰ্যৰ দাগবোৰ দেখুৱাই গোচৰ দিছিলোঁ আৰু ন্যায় বিচাৰিছিলোঁ কিন্তু মোক ন্যায় প্ৰদান কৰাতো দূৰৈৰে কথা, তেওঁ মোক কৈছিল– “তুমি মহিলাৰ দৰে আচৰণ কৰাৰ বাবেহে তোমাৰ সহপাঠীসকলে এনে কাম কৰিবলৈ সুবিধা পাইছে প্ৰথমে নিজকে ঠিক কৰা , তাৰপিছত বেলেগৰ ওপৰত গোচৰ দিবাগতিকে মই সেই শিক্ষানুষ্ঠান এৰাৰ সিদ্ধান্ত লোঁ 

এতিয়া কথাটো যে মই শিক্ষানুষ্ঠান এৰিলোঁ বুলি দেউতাক কওঁ কেনেকৈ ? মই দেউতাক কেনেকৈ কওঁ যে মোৰ ওপৰত তেওঁলোকে যৌন উৎপীড়ন চলাইছিল যদি মই কওঁ , তেতিয়া তেওঁলোকৰ পৰাও একেই উত্তৰ পাম যেমোৰ নাৰীসুলভ প্ৰকৃতিৰ বাবেহে মই যৌন উৎপীড়নৰ সমুখীন বলগা গতিকে মই দেউতাক লোঁ যে মোৰ পঢ়াত মন বহা নাই সেয়ে মই কাম কৰিব বিচাৰোঁ তেতিয়া দেউতাই লে যেঠিক আছে এইটো তোমাৰ ওপৰত এৰিলোঁ যি মন যায় কৰা
মই প্ৰথমতে চেন্ট মাৰ্ক ৰোডত থকা ৰাম চেৰামিকছত কাম কৰিছিলোঁ মই অতি সোনকালেই অনুভৱ কৰিলোঁ যে ইয়াত কাম কৰা মানুহখিনিও একেই মোৰ সহকৰ্মী সকলে মোক তুচ্ছতাচিল্য কৰিবলৈ ধৰিলে গতিকে মই মূলসুঁতিৰ কাম নকৰাৰ সিদ্ধান্ত লোঁ মই ভাবিলোঁ যে যিহেতু সকলোতে মানুহে মোক কেৱল এটিচেক্সুৱেল কন্টেক্স দৃষ্টিৰেই চায় সেয়ে মই যৌন কৰ্মী হিচাপে কাম কৰাই ভাল
এদিন মই মাইচোৰৰ পৰা ইন্দ্ৰনগৰলৈ গৈ থাকোতে ৰাস্তাৰ কিনাৰত কিছুমান ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ লোকক ৰৈ থকা দেখা পালোঁ মই তেওঁলোকক কুব্বন পাৰ্কৰ ওচৰৰ কৰ্পোৰেচন চাৰ্কোলত দেখিবিলৈ পাইছিলোঁ তাতে তেওঁলোকৰ যথেষ্ট লোক আছিল  তেতিয়া তেওঁলোকৰ সৈতে কথা পাতিম বুলি মই বাছৰ পৰা নামি আহিলোঁ মই তেওঁলোক লগ পাই যথেষ্ট সুখী হৈছিলোঁ মোৰ চকুপানী ওলাই আহিছিল মই তেওঁলোকক লোঁ যে মই তেওঁলোকৰ দৰে বিচাৰোঁ তেতিয়া তেওঁলোকে লে –“ নহয় ট্ৰান্সজেণ্ডাৰ হোৱাৰ বাবে আমি সমাজত যথেষ্ট বৈষম্যৰ সন্মুখীন বলগীয়া হৈছে তুমি কিয় আমাৰ দৰে বিচাৰিছা ? তুমি আমাৰ দৰে নালাগে তুমি পঢ়া শুনা কৰা আৰু পৰিয়ালৰ লগত থাকামোক তেওঁলোকে এনেদৰে উৎসাহ দিছিল মই তেওঁলোকক লোঁমোৰ নাৰীসুলভ আচৰণ মোৰ পৰিয়ালে গ্ৰহণ কৰিব নোখোজে আনকি মোৰ কলেজতো সহপাঠীসকলে সহজভাবে নলয় গতিকে মই তোমালোকৰ লগত থাকিব খোজো তেওঁলোকে তেতিয়া লে যে যদি তুমি আমাৰ লগত চামিল খোজা তেন্তে তুমি যৌনকৰ্মী হিচাপে কাম কৰিব লাগিব অথবা ভিক্ষা আদায় কৰিব লাগিব তুমি আমাৰ লগত থাকিবলৈ লে এই দুটা কামৰ বাহিৰে বেলেগ বিকল্প নাই এই দুটাৰ ভিতৰতে তুমি যিকোনো এটা কাম ঠিক কৰি লোৱা

মই যৌন কৰ্মী হিচাপে কাম কৰিবলৈ সিদ্ধান্ত লোঁ মই চাৰি বছৰ দেহ ব্যৱসায়ী হিচাপে কাম কৰিলোঁ কিন্তু মই দেউতাক চাৰি বছৰে মিছা মাতি থাকিলো যে মই এটা কোম্পানীত অফিচ সহযোগী হিচাপে কাম কৰোঁ

লক্ষ্মী ৰেবেক্কা :  আপুনি দেহ ব্যৱসায় বাংগালোৰত কৰিছিল নে ?

পদ্মশালী : হয় বাংগালোৰৰ কুব্বন পাৰ্কৰ ওচৰত আৰু চাৰি বছৰে মই দেহ ব্যৱসায় কৰি উপাৰ্জন কৰা ধন মই মোৰ পৰিয়াললৈকো পঠাইছিলোঁ  ( এইখিনি কথা কৈ কৈ পদ্মশালী উচুপি উঠিছে)

লক্ষ্মী ৰেবেক্কা : নাকান্দিব মই বৰকৈ নাজানিলেও সমস্যাবোৰ বুজি পাওঁ   আপুনি এটি পুৰুষ শৰীৰত এটি মহিলাৰ মন লৈ জন্ম হৈছে তাৰপিছত আপুনি যৌন কৰ্মত সোমাই পৰিছে কিন্তু এটা পুৰুষ শৰীৰত মহিলাৰ মন এটি লৈ আপুনি কেনেকৈ যৌন কৰ্ম কৰিছিল ? সেই সময়ত আপোনাৰ মানসিক আৰু শাৰীৰিক আৱেগ অনুভূতিখিনিয়ে কেনেদৰে ক্ৰিয়া কৰিছিল ?

পদ্মশালী :  লিঙ্গিয় সংখ্যালঘু (Sexual Minorities) ব্যক্তিসকলে গোপনীয়তাৰ খাতিৰত এই বিষয়ে বৰকৈ নোখোজে কিন্তু মই এই বিষয়ে খুলি বলৈ সংকোচ নকৰোঁ মই বিভিন্ন সামাজিক প্লেটফৰ্মত এই বিষয়ে কওঁ কাৰণ মই সমাজ খন সলনি কৰিব খোজো

এজন ব্যক্তি যেতিয়া এটা পুৰুষ শৰীৰত মহিলাৰ মন লৈ জন্ম গ্ৰহণ কৰে আৰু সহবাস কৰে তেতিয়া তেওঁ সহবাসত মহিলাৰ ভূমিকা গ্ৰহণ কৰে বেছিভাগ পুৰুষ পৰা মহিলালৈ ৰূপান্তৰিত ট্ৰান্সজেণ্ডাৰে গ্ৰহণশীল (Receptive) অথবা নিষ্ক্ৰিয় (Passive) ভূমিকা গ্ৰহণ কৰে আকৌ কিছুমান ট্ৰান্সজেণ্ডাৰে সক্ৰিয় (Active) ভূমিকাও গ্ৰহণ কৰে এই দুয়োটাই পাৰে

যৌন সমন্ধ মানে কেৱল সোমোৱাই দিয়া বা সোমোৱাবলৈ দিয়াই নহয় যৌন সমন্ধ পাৰস্পৰিক বুজাবুজি আৰু সন্মতিৰে যৌন আবেদনৰ আনন্দ উপভোগ

গ্ৰাহক সকল আহিছিল Oral sex,
thing sex
আৰু anal sex কৰিবলৈ 
কিছুমান গ্ৰাহক আহিছিল শৰীৰ মালিছ কৰাবলৈ আমি গ্ৰাহকৰ লগত উদ্যানৰ গছ আৰু জোপোহানিৰ মাজত সোমাই কামত লিপ্ত হৈ পৰোঁ

লক্ষ্মী ৰেবেক্কা : এইটো কিমান সুৰক্ষিত আছিল ?

পদ্মশালী :  মুঠেও সুৰক্ষিত নাছিল তাত সাপবেঙ, পোক পৰুৱাৰে ভৰি থাকে

লক্ষ্মী ৰেবেক্কা : সেই অসুৰক্ষিত পৰিৱেশত হয়তো প্ৰতিবাৰতেই নিৰোধজাতীয় সুৰক্ষা সামগ্ৰী ব্যৱহাৰ কৰা নাছিল ?

পদ্মশালী : নাই মইতো তেতিয়া HIV, safe sex , কণ্ডমৰ ব্যৱহাৰ আদিৰ বিষয়ে শুনাই নাছিলোঁ  তদুপৰি তাত আমাক পুলিচ আৰু লোকেল গুণ্ডাবোৰে বিভিন্ন ধৰণে উৎপীড়ন চলাইছিল পুলিচবোৰে আমাৰ লগত জোৰকৈ যৌন সম্পৰ্ক কৰিবলৈ আহিছিল আৰু টকা নিদিয়াকৈ কৰিবলৈ বিচাৰিছিল 
লোকেল গুণ্ডাবোৰেও আমাৰ লগত বিনামূলীয়াকৈ যৌন সম্পৰ্ক কৰিবলৈ আহিছিল আনকি তেওঁলোকক আমি আমাৰ উপাৰ্জনৰ পৰা পইচাও দিব লগা হৈছিল আমি প্ৰতিনিয়ত আমাৰ পৰিচয়, চেক্সুৱেলিটি আৰু জীৱিকাটোৰ বাবে বৈষম্য আৰু নিপীড়নৰ বলি বলগীয়া হৈছিল  সেয়ে মই পিছলৈ এই কাম এৰি দিছিলোঁ তাৰপিছত মই পুনৰ মূলসুঁতিৰ চাকৰি কৰিম বুলি সিদ্ধান্ত লোঁ মই চাকৰি বিচাৰিলৈ আৰম্ভ কৰিলোঁ

তেনেকুৱাতে মই সংগামাত কিছুমান মানুহ লগ পালোঁ তেওঁলোক উদ্যানলৈ আহিছিল আৰু মোক মোৰ অধিকাৰৰ বিষয়ে শিকাইছিল তেওঁলোকে মোক তেওঁলোকৰ সহযোগৰ হাতখন গ্ৰহণ কৰিবলৈ উৎসাহী কৰি তুলিছিল 

লক্ষ্মী ৰেবেক্কা  : আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে সংগামা হৈছে
এটি স্বেচ্ছাসেৱী অনুষ্ঠান যি সমকামী
, উভয়কামী
আৰু ট্ৰান্সজেণ্ডাৰ আৰু যৌনকৰ্মী সকলৰ অধিকাৰৰ বাবে কাম কৰে

পদ্মশালী :  সেই সময়ত আমাৰ  দৰে মানুহৰ বাবেও কাম কৰি থকা কোনোবা সংগঠন আছে বুলি পাই মই আচৰিতেই হৈ গৈছিলোঁ মই তেওঁলোকৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠিছিলোঁ মই যেতিয়া তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ , তাত মোৰ দৰে ১০০ গৰাকীমান ট্ৰান্সজেণ্ডাৰ আছিল মই অভিভূত হৈ পৰিছিলোঁ মই আৱেগিক হৈ পৰিছিলোঁ মই গম পালোঁ যে তেওঁলোকো মোৰ দৰেই আছিল তেওঁলোকে উষ্ম আদৰণি জনালে  তেওঁলোকে মোক আদৰি লোৱাত
মই খুব সুখী হ
লোঁ
মোক আগতে কোনেও ইমান
আদৰ
সাদৰেৰে গ্ৰহণ কৰা নাছিল মই তালৈ যোৱাৰ দিনাই কুমাৰীক কলোঁ
যে মই তাত কাম কৰিব খোজোঁ
তেওঁ কলে – “নিশ্চয় তোমাক আমি ইয়াত কাম কৰিবলৈ সুবিধা দিমতেতিয়াই মোৰ মনলৈ আহিল যে মই মোৰ সমুদায়ৰ মানুহখিনিক সহায় কৰিম
আৰু সমাজখন সলনি কৰিবলৈ কাম কৰিম


লক্ষ্মী ৰেবেক্কা : আপুনি এইখন সমাজক লগ পোৱাৰ
পিছত সমাজৰ সক্ৰিয়কৰ্মী হিচাপে কাম কৰাৰ সিদ্ধান্ত ল
লে আৰু যাত্ৰা আৰম্ভ কৰিলে

পদ্মশালী : হয় মোৰ পৰিয়ালে ২০০৪ চনতে
মোক বৰ্জন কৰিছিল
তেওঁলোকে মোক কাম কৰাত বাধা দিছিল, শৰীৰ ৰূপান্তৰকৰণৰ অস্ত্ৰোপচাৰ কৰিবলৈ বাধা দিছিল, শাৰী পিন্ধিবলৈ নিদিছিল কিন্তু পিছত সেই পৰিয়ালেই মোক অস্ত্ৰোপচাৰ
কৰিবলৈ সমৰ্থন দিলে
, যিটো মই যোৱা ৫ অক্টোবৰত
(২০১২) কৰিলোঁ
ময়েই কৰ্ণাতকৰ প্ৰথম
ব্যক্তি যি শৰীৰ সলনিৰ সম্পূৰ্ণ অস্ত্ৰোপচাৰ কৰি সলনি হৈছোঁ
আজি মোৰ পৰিয়ালে মোক
সমৰ্থন কৰে
, মোক এই পীড়িত মানুহখিনিৰ বাবে কথা বলৈ প্ৰেৰণা দিয়ে

মই এটা সম্পৰ্কতো আছোঁ সেই কথাটো মোৰ ১৩ বছৰ বয়সৰ পৰাই মোৰ পৰিয়ালে জানে 
লক্ষ্মী ৰেবেক্কা :  অ’ … অভিনন্দন
আপোনাৰ জীৱনৰ সেই বিশেষ ব্যক্তিগৰাকীৰ কথা কওকচোন
পদ্মশালী :  তেওঁৰ কথা কবলৈ
পালে মই বিৰাট সুখী হও
মই বেনু গোপালৰ লগত সম্পৰ্কত আছোঁ মোৰ যেতিয়া বয়স ১৩ বছৰ আছিল , তেতিয়া তেওঁ মোক
প্ৰেম প্ৰস্তাৱ দিছিল
তেতিয়া তেওঁ ১৯ বছৰীয়া আছিল তেওঁ যেতিয়া মোলৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল তেতিয়া মই আচৰিত হৈ গৈছিলোঁ তেওঁক মই কৈছিলোঁ যে, “মই এটা লৰা, আমি কেনেকৈ সম্পৰ্কত থাকিব পাৰোঁ ?” তেতিয়া তেওঁ কলে যে – “ তাতে কি
? মোৰ বাবে তুমি এজনী ছোৱালীহে
গতিকে মই সন্মতি প্ৰকাশ
কৰিছিলোঁ
মই প্ৰেমৰ অভিজ্ঞতা লৈ চাব খুজিছিলোঁ আৰু তেওঁৰ লগত
থাকি সুখী হৈছিলোঁ

লক্ষ্মী ৰেবেক্কা  : এইটো খুব গুৰুত্বপূৰ্ণ কথা যে আপুনি আপোনাক ভালপোৱা, আপোনাৰ লগত মিলা ব্যক্তি এজনক আপুনি সহজতে আৰু সৰুতেই পালে যি আজিলৈকে আপোনাৰ লগত আছে জীৱনত আপোনাৰ লগত কোনো নথকা সময়খিনিত
তেখেত আছে আপোনাৰ লগত
বাৰু , এতিয়া
সংগামা আৰু আপোনাৰ কামৰ কথা কওক
আপুনি এগৰাকী ভুক্তভুগী আছিল অথচ
এতিয়া আন ভুক্তভুগীসকলৰ বাবে যুঁজি আছে
যোৱা দহ বছৰত সমাজখন যথেষ্ট সলনি
হৈছে
আমি যথেষ্ট পৰিবৰ্তন দেখা পাইছোঁ আপুনি আপোনাৰ কামৰ কথা
কওক
সংগামাত গৈ আপুনি কি পালে , কেনেধৰণৰ কাম কৰিলে , কি আহৰণ কৰিলে ?

পদ্মশালী : মই যে এতিয়া আপোনাৰ লগত কেমেৰাৰ
সমুখত সলসলীয়াকৈ ইংৰাজীত কথা পাতি আছোঁ সেয়া সংগামাৰ বাবে সম্ভৱ হৈছে
মই আগতে ইংৰাজীত লিখিব, পঢ়িব, কথা কব নাজানিছিলোঁ কেনেকৈ কথা কব লাগে, কি কথা ক
লাগে
, এইবোৰ মই সংগামাৰ পৰা শিকিলোঁ
মই সংগামাত যোগদান কৰাৰ পিছত সমাজ এখনৰ আগত থিয় হৈ কথা কবলৈ শিকিলোঁএতিয়া মই Gender, Sexuality , Sex Work আদিৰ বিষয়ে আলোচনা কৰোঁ মই তাত প্ৰথমে ছয় মাহৰ বাবে খণ্ডকালীন
কৰ্মী হিচাপে কাম কৰিছিলোঁ
ছমাহৰ পিছৰ পৰা সম্পূৰ্ণকালীন কৰ্মী
হিচাপে যোগদান কৰিলোঁ
সংগামাই মোৰ ওপৰত যথেষ্ট দায়িত্ব অৰ্পণ কৰিছিল আৰু মই সেইবোৰ সফলভাবে সম্পন্ন কৰিছিলোঁ

প্ৰথম চাৰি বছৰত মোৰ কাম আছিল তথ্য সংগ্ৰহ কৰা আৰু ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ লোকসকলক শিক্ষাদান কৰা, সজাগতাৰ বাবে শিক্ষা দিয়া শেষৰ চাৰি বছৰত মই আইনৰ
লগত জড়িত কাম কিছুমান কৰিছিলোঁ
। এইটো কাম যৌন কৰ্মী আৰু ট্ৰান্সজেণ্ডাৰসকলৰ সাংবিধানিক অধিকাৰ
সম্পৰ্কীয় আছিল
মই ন্যায়াধীশৰ আগত কিছুমান কথা কবলগীয়া হৈছিল কথাবোৰ কবলৈ যাওঁতে যথেষ্ট নীতিনিয়ম অনুসৰণ কৰিব
লগা হয়
  ৰাইজ, সামাজিক
মাধ্যম আৰু ৰাজনৈতিক নেতাসকলৰ লগত এই বিষয়বোৰ আলোচনা কৰাতো যথেষ্ট প্ৰত্যাহ্বানজন কাম
আছিল
  মোক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ত
বিবাদত মাননীয় ন্যায়াধীশ আলতামাছ কবিৰ মহোদয়ৰ আগত মত প্ৰকাশ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল
এইটো মোৰ বাবে ডাঙৰ কথা আছিল মই সুখী হৈছিলোঁ
ৰাষ্ট্ৰপতি ভৱনত মই ন্যায়াধীশকে ধৰি চুনীয়া
গান্ধী
, মনমোহন সিং আৰু বহুতো নেতাক লগ পাইছিলোঁ সেইখন এনে এখন ঠাই যত আপুনি বৈষম্যৰ বলি নহয়তেওঁলোকে তাত মোক সমভাবাপন্নতাৰে গ্ৰহণ
কৰিছিল।  তাত উপস্থিত থকা ৰাজনৈতিক নেতাসকলে
মোক যথেষ্ট উৎসাহ দিছিল আৰু কৈছিল – “আপোনাৰ দৰে মানুহ ৰাষ্ট্ৰপতি ভৱনলৈ অহা উচিত।”
তেতিয়া মই খুব সুখী হৈছিলোঁ যেতিয়া কৰ্ণাতক উচ্চ ন্যায়ালয়ে অনুক নিয়োগ কৰিলে ।

লক্ষ্মী ৰেবেক্কা  :  অনু হৈছে উচ্চ ন্যায়ালয়ত
কাম কৰা ভাৰতৰ প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি ।
এইটো
এটা সাংঘাতিক কথা যে, আপোনাৰ অভিজ্ঞতাখিনি, আপোনাৰ সংগ্ৰামখিনিৰ বাবে আজি আপুনি ইমানখিনি
পাইছেহি । আজি আপুনি খুব ভাল পৰ্যায়ত আছে।
 আপুনি কেৱল নিজকে প্ৰতিষ্ঠিত কৰি ক্ষান্ত থকা নাই
, যিসকলে আপোনাৰ দৰে বৈষম্যৰ লগত যুঁজি যুঁজি পিছ পৰি আছে , তেওঁলোকৰ বাবেও কাম কৰি
আছে। আপুনি ভাবেনে যে আপোনাৰ জীৱনৰ শেষলৈকে আপুনি আপুনি এনেদৰেই জীৱনৰ মূল মন্ত্ৰ হিচাপে
তেওঁলোকৰ বাবে কাম কৰি যাব ?

পদ্মশালী  : হয় । মোৰ জীৱনটো মোৰ দৰে বৈষম্যৰ বলি হৈ থকা সকলৰ বাবে মই উৎসৰ্গা কৰিব খোজোঁ।
মই কেৱল Sexual আৰু Gender Minorities  বা যৌন
কৰ্মী সকলৰ বাবেই নহয় ; ইয়াৰ উপৰিও যিসকল অসমৰ্থ, মহিলা, দৰিদ্ৰ আৰু দলিত আছে , তেওঁলোকৰ
বাবেও মই কাম কৰি যাম। যোৱা দহ বছৰত কোনো দলিত গোটে Sexuality ৰ ইছ্যুক লৈ মাত মতা
নাছিল। কিন্তু এতিয়া সেই গোটবোৰেই Sexuality ৰ ইছ্যুক লৈ মাত মতা আৰম্ভ কৰিছে। কিন্তু
মই চিন্তিত হওঁ এই ভাবি যে মোৰ পিছত এই দায়িত্ববোৰ কোনে ল’ব । কিমান দিনলৈ আক্কাই
পদ্মশালীয়ে এই সমুদায়টোক প্ৰতিনিধিত্ব কৰি
থাকিব? গতিকে ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ যথেষ্ট সংখ্যক লোক মোৰ দৰে ওলাই আহিব লাগিব। এই
দায়িত্ববোৰ মূৰ পাতি ল’ব লাগিব।

লক্ষ্মী ৰেবেক্কা : তাৰমানে আপুনি ট্ৰান্সজেণ্ডাৰৰ এটি আগবঢ়া প্ৰজন্ম ওলাই অহাটো বিচাৰে আৰু তেওঁলোকে
কৰা পৰিবৰ্তনবোৰ চাবলৈ বিচাৰে।

বাৰু , মোক আপোনাৰ কথাখিনিয়ে চুই গ’ল , আপোনাৰ কথাবোৰে
মোক যথেষ্ট অনুপ্ৰাণিত কৰিলে আৰু আপোনাৰ দৃঢ়তা দেখি মোৰ খুবেই ভাল লাগিছে। মই আপোনালৈ
হিয়াভৰা শুভেচ্ছা জনাইছোঁ।

পদ্মশালী :  মোক ইয়ালৈ মাতি আনি
ক’বলৈ সুযোগ প্ৰদান কৰাৰ বাবে বহুত ধন্যবাদ ।

2 Responses

Leave a Reply

Your email address will not be published. Required fields are marked *