অন্তৰ্বাস (Underwear)
মূল কবি Lawrence Ferlinghetti
অসমীয়া ভাঙনি : বাপুকণ চৌধুৰী
 

Lawrence Ferlinghetti 


যোৱানিশা টোপনি নাহিছিল মোৰ
অন্তৰ্বাসৰ কথায়ে ভাবিছিলো ওৰেটো নিশা ৷
কেতিয়াবা আপুনিও বিচাৰ বিবেচনা বাদ দিছে নে?
এটা জড় নিস্ক্ৰিয় বিবেকহীন অন্তৰ্বাসৰ দৰে?
বাস্তৱত অন্তৰ্বাসক খান্দিবলৈ গলে
কিছুমান আচৰিত সমস্যাৰ উদ্ভৱ হয়
যিবোৰ সকলোৱে ভুঞ্জিব লাগে
কাৰণ সকলোৱেই যে পিন্ধে অন্তৰ্বাস 
!
অন্তৰ্বাসৰো আছে অনেক প্ৰকাৰ
মোৰ ধাৰণাত গীৰ্জাৰ পোপ জনেও অন্তৰ্বাস পিন্ধে
যিদৰে লুইচিয়ানাৰ ৰাজ্যপালে পিন্ধে
মই টিভিত দেখিছিলো তেওঁ খুউব লিপিট খোৱা অন্তৰ্বাস পিন্ধিছিল
তেওঁ বহুত আনন্দিত হৈছিল সেই অন্তৰ্বাসৰ সংস্পৰ্শত ৷৷
আপুনি অন্তৰ্বাসৰ বিজ্ঞাপন নিশ্চয় দেখিছে
মহিলা বা পুৰুষৰ দেখাত একেই
অন্তৰ্বাসে সকলোকে একেটি জৰীৰে বান্ধে
সুদৃঢ় এনাজৰী আবৰণৰ  !
মহিলা বা পুৰুষৰ অন্তৰ্বাসৰ বিজ্ঞাপনবোৰ চাবছোন
দেখাত একেই কিন্তু কিমান যে তফাৎ
মহিলাৰ অন্তৰ্বাস উত্থিত
আৰু পুৰুষৰ••••
পুৰুষৰ অন্তৰ্বাসে দমন কৰে ৷
অন্তৰ্বাসেই হয়তো একক আৰু অদ্বিতীয়
অন্তৰ্বাসেই সেইবিধ পোচাক য’ত আমি সমান
তিনিৰঙৰ ছবিৰ মাজত আমি ৷
উৰু সন্ধিত বিয়পা আবদ্ধ সময়
যিয়ে আবৰি ৰাখে অতিৰিক্ত ক্ষমতাশালী অংশবোৰ
যিয়ে প্ৰতিকী ৰূপত প্ৰকাশ কৰে
কৰ্ম সম্পাদনৰ পূৰ্ণ ক্ষমতা
ভুল পথে নাযাবা ভুল কাম নকৰিবা
সকলোবোৰ কথায়েই দ্বিপাক্ষিক
একপক্ষই ক’ব আৰু আনপক্ষই মানিব
যত নাই নিজস্ব পচন্দৰ অনুমতি
কথাবোৰ পৰিব্যাপ্ত আৰু খোদিত ৷
আমেৰিকাই গোটেই নিশা
অন্তৰ্বাসত আবদ্ধ হৈ শ্বাস ৰুদ্ধতাত যুঁজে••••
শেষত অন্তৰ্বাসেই টানি আনে সকলো নিয়ন্ত্ৰণ
নিজৰ সুপৰিকল্পিত হাতোৰাত ৷
এমুঠি কাপোৰ লোৱা
সিহঁত স্বৈৰাচাৰী কিন্তু গুপ্তশাসকৰ ৰূপ
যিয়ে মানুহক বিশ্বাস কৰিবলৈ বাধ্য কৰাই
যিকোনো বিষয় পূৰ্বনিৰ্ধাৰিত সত্যৰ ৰূপত
কাপোৰে তোমাক কয় কি কৰিবা কি নকৰিবা
উচিত বুলি শব্দৰ যত কোনো স্থান নাই••••
কেতিয়াবা আবেষ্টনীত আবদ্ধ হৈছানে?
যেনে ধৰা অহিংস প্ৰতিবাদৰ আবেষ্টনীত?
উত্তৰবোৰ আহে প্ৰশ্নৰ ৰূপত
“গান্ধী জানো কেতিয়াবা আবেষ্টনীবদ্ধ হৈছিল?”
নে
“লেডী মেকবেথে আবেষ্টনী পৰিধান কৰিছিল?”
আৰু তাৰবাবেই
“শুই থাকোতেই মেকবেথক হত্যা কৰা হল নেকি?”
তেওঁ অনবৰত চুই থকা দাগটো অন্তৰ্বাসতো আছিল নেকি?
আধুনিক উত্তৰসুৰী মহিলা সকলে নিশ্চয় অনুশোচনাত ভোগে
সেইদাগটোৰ বাবেই প্ৰতিনিয়ত ধুব লগা হয় অন্তৰ্বাস
দাগ যুক্ত অন্তৰ্বাস মানেই সন্দেহ 
!
অথচ
উত্থিত অন্তৰ্বাস মানেই আশ্চৰ্য্য
কাপোৰৰ পাৰি থকা অন্তৰ্বাস আকৌ স্বাধীনতাৰ বৃহৎ পতাকা ৷৷
কোনোবাই এদিন নিজৰ অন্তৰ্বাসটো হেৰুৱালে
হয়তোবা কৰবাত উলংগ হৈছিল তেওঁ••••
সহায় কৰা তেওঁক,
অনুগ্ৰহ কৰি সহায় কৰা !
চিন্তা নকৰিবা
সকলোৰে শৰীৰ ওলমি ৰৈছে এনেদৰেই
প্ৰকৃত বিপ্লব বুলিবলৈ এতিয়া একো নাই 
!
কবিতাহে এতিয়া আত্মাৰ অন্তৰ্বাস••••
অন্তৰ্বাসে ঢাকি ৰাখে সীমাহীন ভুল
ভৌগোলিক অৰ্থত
অচিনাকী গেদীয় শিল
কঠিন ধাতব ফাঁট
মই যদি তুমি হোৱা হলে,
মই নিজকে আতৰাই ৰাখিলো হেতেন
শৰতৰ বৃহৎ আকাৰৰ এজোৰা অন্তৰ্বাসত ৷
সেই শুভৰাত্ৰিত উলংগ হৈ নাযাবা
নিজকে শান্ত, সৌম্য আৰু শুষ্ক কৰি ৰাখিবা
অপৈনত ৰূপত একোতে নিজকে মন্থন কৰাৰ প্ৰয়োজনো নাই
সন্মানেৰে আগুৱাই যোৱা
অন্তৰ্বাসত হাত ৰাখি
আবেগৰ প্ৰয়োজন নাই
মৃত্যুৰো কোনো প্ৰভুত্ব নাই
যথেষ্ট সময় আছে মোৰ প্ৰিয় মানুহবোৰ
আমি এতিয়া নতুন আৰু সৰল নহয়
মাথো নিচিয়ঁৰিবা••••

Leave a Reply

Your email address will not be published. Required fields are marked *