ঘাঁহৰ এখিলা পাত




মূল ইংৰাজী : এপ্ৰিলিয়া
জাংক (জাৰ্মানী)
অসমীয়া ভাঙনি : শঙ্কৰ শইকীয়া


এপ্ৰিলিয়া জাংক



সিহঁতে তোমাক
বিধ্বস্ত কৰি পেলাব পাৰে
ঘাঁহৰ এখিলা পাতেৰে
এটা তুচ্ছ শব্দেৰে
এটা সামান্য ফুচ্ ফুচনিৰে

কিন্তু
তাৰেই মাজতে
তোমাৰ
সামৰিবলৈ আছে
ঢেৰ কাম

গছপুলি
ৰুবলৈ আছে
কেঁচুৱাক
আপদাল কৰিবলৈ আছে
বছৰবোৰক
সংখ্যাবোৰ দিবলৈ আছে

আৰু
এতিয়াও তোমাৰ
শান্তিৰ বাবে
যুদ্ধ কৰিবলৈ আছে
প্ৰেমৰ বাবে
হিয়াবোৰ
থেতেলা কৰিবলৈ আছে
পোহৰৰ বাবে
ছাঁবোৰ
কবৰস্থ কৰিবলৈ আছে

আৰু
তথাপিও
সিহঁতে তোমাক
বিধ্বস্ত কৰি পেলাব পাৰে
ঘাঁহৰ এখিলা পাতেৰে
এটা তুচ্ছ শব্দেৰে
এটা সামান্য ফুচ্ ফুচনিৰে

অনুবাদকৰ
টোকা : মূল ইংৰাজী কবিতাটো প্ৰখ্যাত গল্পকাৰ , কবি শ্ৰীযুত মিথেশ নিৰ্মোহী ডাঙৰীয়াৰ ফেচবুকৰ ৱালৰ পৰা লোৱা হৈছে । তেখেতে এই
কবিতাটো ৰাজস্থানী ভাষালৈও ভাঙিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *