ইউ স্টাৰ্ট ডাইং স্লোলী

মূল কবি: পাবলো নেৰুদা

অনুবাদ: সঞ্জীৱ মজুমদাৰ

Neruda

 

 

ইউ স্টাৰ্ট ডাইং স্লোলী”

 

তুমি ক্ৰমাৎ মৃত্যুৰ বুকুলৈ ঢপলিয়াইছাঁ

 

যদিহে তুমি কোনো যাত্ৰা নাই কৰা

 

যদিহে তুমি একোৱেই নপঢ়া

 

যদিহে তুমি জীৱনৰ ধ্বনিবোৰ নাই শুনা

 

যদিহে তুমি নিজক প্ৰশংসা কৰি নাই পোৱা!

 

তুমি ক্ৰমাৎ মৃত্যুৰ বুকুলৈ ঢপলিয়াইছাঁ

 

যেতিয়া তুমি তোমাৰ স্বাভিমানক মাৰি পেলোৱা

 

যেতিয়া তুমি কাকো তোমালৈ সহায়ৰ হাত আগবঢ়াবলৈ
নিদিয়া

 

তুমি ক্ৰমাৎ মৃত্যুৰ বুকুলৈ ঢপলিয়াইছাঁ

 

যদিহে তুমি অভ্যাসৰ ক্ৰীতদাস  হৈ পৰিছা

 

একেটা বাটেৰেই সদায় মাথোঁ ভ্ৰমি ফুৰিছা

 

যদিহে তুমি তোমাৰ দিনপঞ্জী সলনি নাই কৰা

 

যদিহে তুমি নানাৰঙী পোছাক নাই পিন্ধা

 

অথবা অচিনাকী মানুহৰ সতে কেতিয়াও নাই
কথা পতা।

 

তুমি ক্ৰমাৎ মৃত্যুৰ বুকুলৈ ঢপলিয়াইছাঁ

 

যদিহে তুমি তোমাৰ আবেগক অনুভব নকৰি  আওঁকান কৰিছা

 

আৰু

 

অশান্ত ভাবনাক সঁহাৰি নাই দিয়া

 

যাৰ বাবে তোমাৰ চকুহাল

সেমেকি উঠে আৰু হিয়াৰ স্পন্দন বাঢ়ি যায়।

 

তুমি ক্ৰমাৎ মৃত্যুৰ বুকুলৈ ঢপলিয়াইছাঁ

 

যদিহে তুমি তোমাৰ জীৱনক সলনি নাই কৰা

 

তেতিয়াও, যেতিয়া তুমি তোমাৰ কাম অথবা প্ৰেমক লৈ সন্তোষ নাই পোৱা।

 

যদিহে তুমি অনিশ্চয়তাৰ বাবে নিৰাপত্তাক
এৰাৰ মৰসাহ নাই দেখুউৱা

 

আৰু

 

যদিহে তুমি সপোনৰ পিছত লৱৰি নাই ফুৰা

 

যদিহে তুমি জীৱনত এবাৰলৈ হলেও কোনো

সু-উপদেশ আওকাণ

কৰিবলৈ নিজক অনুমতি প্ৰদান নাই কৰা।

 

তুমি ক্ৰমাৎ মৃত্যুৰ বুকুলৈ ঢপলিয়াইছাঁ
!

 

 

কবি পৰিচয় : পাবলো নেৰুদা কুৰি শতিকাৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ কবি। ১৯৭১ চনত
তেখেতে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। স্পেনীশ্ব ভাষাৰ কবি
, পাবলো নেৰুদাৰ এটি কালজয়ী কবিতাৰ অনুবাদৰ প্ৰয়াস কৰিছো।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *