এবুলনি বুলবুলিলৈ বুলি (Ode to Nightingale)

মূলঃ জন কীটছ

অসমীয়া ভাঙনিঃ ডা° বিপুল কুমাৰ বৰুৱা


কিনো বৰবিহ খালোঁ জানো পায়
কলিজাখন বিষায় হাত-ভৰি জিনজিনায়
নে সেই আফিঙীয়া ৰসে খালেৰে উটুৱাই
আনি পেলালেহি ৰূপকথাৰ পাহৰণি নৈত ?
বুকুত ঈৰ্ষাৰ জুই জ্বলা বাৰু নাই
কিন্তু কি সুখত আপোনপাহৰা হৈ
পাতল ডেউকা পিন্ধি বনদেৱীয়ে
মূৰ্চনা সানি বিৰিখৰ অগণন পাতৰ
এই সেউজ প্ৰান্তত বাসন্তী গীত গায় গল
কঁপাই
?
দে মোৰ শুকান কণ্ঠত সেই মদিৰা
যুগ ধৰি সাঁচি থোৱা বসুধাৰ গভীৰ গৰ্ভত
আছে যত সোৱাদ জগতৰ পুষ্পকূলৰ হৰিতৰ
নাচোনৰ লোকগীতিৰ আৰু ৰদেপোৰা সুখৰ ৷
পৰিপূৰ্ণ পাত্ৰৰ সমুদাই মদিৰা পীম
যি মোক লৈ যাব দক্ষিণৰ উমাল প্ৰান্তলৈ
কাব্য প্ৰেৰণাদায়িনী পুণ্যতোয়া তটিনীলৈ
পিয়লাৰ কানত, মদিৰাৰ বেঙুনীয়া বোলসনা ওঁঠত
ওমলক বিন্দু বিন্দু বুদবুদ
মই পীম আৰু পাহৰিম পৃথিৱীক
সোমামগৈ অগাইধনি ছায়াল হাবিত ৷
মই হেৰাই যাব খোজোঁ পাহৰিব খোজোঁ
যিখিনি তই বুলবুলি কাহানিও নুসুধিলি কিনো
বুলি
তইতো ক্লান্তি,অসুখ বা দুখেৰে সুদূৰপৰাহত
যাৰে মানুহজাতি সততে আহত ক্ষত-বিক্ষত
নৰ-নাৰীয়ে বহি শুনে ইটিয়ে সিটিৰ
বেদনাৰ কাতৰ ৰাগিণী
ৰোগ আৰু জৰাক বাধে কোনে
মৰহে যৌৱন মৰে শুকাই পাপৰি
মানুহ মানেই যন্ত্ৰণাৰ এটি অনুভূতি
সন্তাপৰ গধুৰ বোজা আৰু বিষ একোটি ৷
মানুহৰ পৃথিৱীত সুন্দৰ নহয় চিৰতিকলীয়া
প্ৰেম পৰিণয়ৰো একে দশাই দিয়াঁ ৷
মানুহৰ ধৰণী নেওচি উৰি গুচি যাম
কোনোবা দূৰ-দুৰণিলৈ
মদিৰাৰ দেৱতাই মোক নেলাগে নিব উৰুৱাই
মই কবিতাৰ ডেউকাৰেই উৰিব পাৰোঁ
যদিওবা মানৱ সম্বিতে মন্থৰ আৰু
দোধোৰমোধোৰ কৰে মোক ৷
বুলবুলি মইতো তোৰ লগতেই আছোঁ দেচোন !
কোমল-আমল নিশাটো
নিশাৰ ৰাণী জোনবাইজনী আসীন আকাশী পাটত
চৌপাশে তৰাৰ পাৰিষদ জিকিমিকি !
পিচে মই যত দণ্ডায়মান
সেয়া যে আন্ধাৰ ঘিটমিট
তেহেলিপিছল পাত পিচে আন্ধাৰু বিৰিখ
তাৰে পাতৰ সুৰুঙাৰে কেনেবাকৈ সৰকি অহা
ক্ষীণ এধানি কিৰণত দেখিছোঁ
বাটটিও শেলুৱৈ-পিছল বাৰুকৈয়ে ৷
অৰণ্যৰ বনফুল মই মনো কেনেকৈ
ওলমি থকা আমোলমোল ফুলৰ থোপা
শুঙি শুঙিয়ো কবই নোৱাৰোঁ কিনো ফুল ই ৷
তিমিৰাচ্ছন্ন চৌপাশ আৰু মই কল্পনা কৰোঁ
চৌপাশে কিনো আজি লহপহীয়া
বসন্ত কালৰ অৰণ্য এইয়া
তৃণে গুল্মে ফলৱতী বিৰিখেৰে পৰিপূৰ্ণা
আছে কাঁইটীয়া কোটকোৰা মাধৈ-মালতী
এজাৰৰ বেঙুনীয়া সৰা পাপৰিৰে ঢকা
অৰণ্যৰ ফুলাম মজিয়া ৷
বনগোলাপৰ স্নিগ্ধ আমোলমোল গোন্ধ
অচিৰেই আহি ইয়াত হবহি উপস্থিত
আৰু গুণ গুণ ভূণ ভূণ মৌমাখি ভোমোৰাই
জুৰিবহি গ্ৰীষ্মৰ সন্ধিয়াৰ গীত ৷
মোৰ মনে কেনেবা কৰে
তোৰ গান শুনি অবুলবুলি
মইতো মৰণকো পিন্ধাওঁ আভৰণ ৰমন্যাসৰ
মৰণো মানুহ হৈ খোজ কাঢ়ে মোৰে হাত ধৰি
আৰু দেখুৱাওঁ আধা-আধি মৰণলৈ ধাউতি ৷
আঃ এয়াই মাহেন্দ্ৰক্ষণ মেলানি মগাৰ
ওৰ পেলাবৰ মানৱীয় যন্ত্ৰণাৰ
শুনি শুনি বুলবুলি তোৰ আত্মাই
উবুৰিয়াই দিয়া মিলনৰ মায়াসনা গান ৷
মই মৰিলেও তই গায়েই থাকিবি দেইবা
লাগে মোৰ মৰা কাণত তোৰ সেই গান
পেলনিয়েই যাওকবা ৷
মোৰ দৰে মৰিবলৈ তই নাই ওপজা
তই মৰিব নোৱাৰই বুলবুলি
তোৰ অমৃত গলা ফুঁতে উৰুৱায়
এনে চামৰ মানুহ ওপজাই নাই ৷
আজি মই যি গীত শুনিলোঁ
আঁকহী কালতে সেই সম্ৰাটে
সেই পাৰিষদবৰ্গই শুনিছিল নিৰ্ঘাত ৷
শাস্ত্ৰীয় নাইবা সেই ৰূপকথাৰ বিৰহিনী
বধু
কান্দিছিল চাই শাহুৱেকৰ বিলাই
একেই বিৰহ পুনু স্বামীক হেৰুৱাই
কান্দিছিল হিয়া ধাকুৰি তাই
গোমধানৰ খেতিদৰাৰ আঁৰ লৈ হপায়
সেই একেটাই গান ধুমুহাৰ কবলত পৰা
মাজ সাগৰৰ জাহাজৰ মুকলি খিৰিকীতো শুনি
একেটি গানেই সেই নিমূৰমূৰা চাপৰি যত নেকি
বসতি পৰী ডাইনীৰ তাতো শুনি ৰিণিকিৰিণিকি
এইযে নিমূৰমূৰা লঠঙা চাপৰিৰ প্ৰসঙ্গ নামিলহি
ইকথাই সোঁৱৰালে মই আকৌ নিসংগ হলোঁহি ৷
বিদায় বুলবুলি, বিদায়!
ইবোৰ অভিকল্পনাই আভুৱা ভাৰিব নোৱাৰে
মোৰ সম্বিতক সতকাই ৷
মূৰকত ভাবি পালোঁ তোৰে সতে পাখি মেলি
সচিতত মই উৰি যাব নোৱাৰোঁ অচৰাই !
শুভ বিদায়! শুভ বিদায়!
নিজম পৰিল তোৰো গান কেতিয়াবাই
যেতিয়া তই ডেউকা কোবাই
সেই ঘাঁহনিদৰাও পাৰ হৈ পালিগৈ কৰবা
হয়তো সেই জুৰিটিৰ পাৰ
নাইবা পাহাৰটোৰ ওখ গা ৷
এতিয়া তই পৰৱৰ্তী উপত্যকাত ৷
মোৰ এই অভিজ্ঞতা বাস্তৱ আছিলনে
মাথোন এটি ভ্ৰম?
বুলবুলিৰ গানৰ হল অৱসান
আৰু মই আছোঁ নে সাৰে
নে টোপনিত লালকাল?

Leave a Reply

Your email address will not be published. Required fields are marked *