শিক্ষক
(মূল ৰুছ: Schoolmaster, য়েভগেনি
আলেক্সাণ্ডাৰভিচ য়েভটুশেঙ্কো
ইংৰাজী অনুবাদ: ৰবিন
মিলনাৰ-গুলেণ্ড আৰু পিটাৰ লেভি
অসমীয়া অনুবাদ: এপ’লো খাটনিয়াৰ)
খিৰিকিৰে দেখা যায় শুকুলা
গছকেইডাল৷
শিক্ষকজনে ইয়াৰে চাই পঠিয়াই
সিহঁতলৈ,
সুদীৰ্ঘ সময় তেখেত স্থিৰ হৈ চাই
থাকে
তেওঁৰ দৃষ্টি নিবদ্ধ খিৰিকিৰ
বাহিৰৰ গছকেইডালত,
এহাতৰ চক-পেঞ্চিলডাল লাহেকৈ ভাঙি,
দিঘলীয়া বিভাজনৰ একমাত্ৰ নিয়মটো,
হয়, তেওঁ দিঘলীয়া বিভাজনৰ নিয়মটো
পাহৰি পেলাইছিল৷
চাওঁক, দিঘলীয়া
বিভাজন পাহৰি গৈছিল!
ব্লেকবৰ্ডখনত এটা ভুল, এটা ভুল৷
আমি তেখেতক আঁৰ চকুৰে মন কৰিছিলোঁ
আমাক গম লোৱাৰ কোনো সুবিধা
নিদিয়াকৈ,
তেওঁৰ অন্তৰত বহু কিবাকিবি চলি
আছিল৷
শিক্ষকজনৰ পত্নীগৰাকী ক’ৰবালৈ
গুচি গৈছিল,
আমি নাজানিছিলোঁ তেওঁ ক’লৈ গৈছে
আমি নাজানিছিলোঁ তেওঁ কিয় গৈছে
আমি মাথোঁ জানিছিলোঁ তেওঁ গুচি
গৈছে৷
তেওঁৰ সাজপাৰবোৰ না পুৰণি আছিল না
আধুনিক;
পিন্ধি থকা সাজযোৰেৰেই যি নতুন বা
চকুত লগা তেনেবিধৰ নাছিল
তেখেতে তলৰ সাজপাৰৰ কোঠাটোলৈ নামি
গৈছিল৷
তেওঁ টিকট এটিৰ বাবে নিজৰ পকেট
খেপিয়াইছিল৷
“চেহ কি হ’ল বাৰু? টিকটতো ক’ত?
সম্ভৱত টিকটতো মোৰ লগত কাহানিও
নাছিল৷
ক’ত বাৰু? তেওঁ কপাল
মোহাৰিছিল৷
‘অহ, এইটো ইয়াত৷ মই বুঢ়া হৈছোঁ,
খৰিয়াল নকৰচোন বুঢ়ী, মই বুঢ়া
হৈছোঁ৷
বুঢ়াহোৱাক লৈ বৰ বেছি মূৰ
ঘমাবলগীয়া একো নাই৷”
আমি তেওঁৰ পিছফালে তলৰ মহলাৰ
দৰ্জাখন কেৰকেৰাই উঠা শুনিছিলোঁ,
খিৰিকিখনেৰে শুকুলা গছকেইডাল দেখি
থাকে৷
গছকেইডাল ওখ আৰু বিস্ময়কৰ আছিল,
কিন্তু আমি বাহিৰলৈ চোৱাৰ কাৰণ
গছবোৰ নাছিল৷
আমি নিৰৱে তেওঁলৈ চাইছিলোঁ৷
তেওঁ কুজাঁ আছিল আৰু খোজবোৰ আছিল
খেলি-মেলি
তেওঁ ক’তো ভৰ নিদিয়াকৈ খোজ দিছিল, খেলি-মেলিকৈ,
মই ডাঠি কৈছোঁ, তেওঁ আছিল
অৱসন্ন আৰু বে-ছিজিল৷
নৈশব্দৰ মাজেৰে আলফুলে বৰফ সৰিছিল
তেওঁৰ শৰীৰত
শুকুলা গছবোৰৰ তলত শুকুলা হৈ
পৰিছিল তেওঁ৷
শুকুলাৰ মাজত গছবোৰৰ দৰেই শুকুলা
হৈ পৰে তেওঁ৷
কিছু সময়ৰ পাছত তেওঁ আৰু শুকুলা
হৈ পৰিব
আমি তেওঁক আৰু নেদেখিম শুকুলা
গছবোৰৰ মাজত৷
অনুবাদকক আপোনাৰ সহায়ৰ প্ৰয়োজনঃ
