ছোৱালীজনী

মূল গল্প: গাৰ্ল (Girl)

মূল গল্পকাৰ: ও হেনৰি (O Henry)

উৎস গ্ৰন্থ: O Henry 100 Selected Short Stories

অনুবাদ: অৰুণিমা ভট্টাচাৰ্য্য

 

 

৯৬২ নম্বৰ কোঠাটোৰ দুৱাৰখনৰ আইনা লগোৱা অংশটোত সোণালী আখৰেৰে শব্দ কেইটা লিখা আছিল: “ৰবিনচ্ এণ্ড হাৰ্টলি ব্ৰকাৰচ্।” কেৰাণীবোৰ ইতিমধ্যে উভতি গৈছিল। তেতিয়া পাঁচ বাজি গৈছিল। ঘৰমুৱা মানুহ এজাক আৰু চাফাই কৰ্মীসকল নিজৰ গন্তব্য স্থানৰ ফালে ঢাপলি মেলিছিল। বাহিৰৰ পৰা আধা খোলা খিৰিকী খনেৰে গৰম বতাহ এজাক, কয়লাৰ ধোঁৱা আৰু ৰেলৰ ইঞ্জিনৰ গোন্ধ সোমাই আহিছিল।

পঞ্চাছ বছৰীয়া, লগাতকৈ অলপ বেছি শকত ৰবিনচ্ নগৰীয়া জীবন যাত্ৰা, ৰাতিৰ অনুষ্ঠান আদিত আসক্ত আছিল যদিও তেওঁৰ সহকৰ্মীৰ দৈনিক গৃহযাত্ৰাৰ আনন্দত ঈৰ্ষান্বিত হোৱা যেন দেখুৱাই ক’লে, “আজি ৰাতিও গৰমৰ মাত্ৰা কমাবলৈ কিবা কৰিব লাগিব.. তোমালোক নগৰৰ বাহিৰৰ মানুহৰে ভাল, ঘৰৰ খোলা বাৰাণ্ডাত জোনাক উপভোগ কৰিব পাৰা।” উনত্ৰিশ বছৰ বয়সৰ হাৰ্টলি দেখনিয়াৰ, লাহী চেহেৰাৰ। চিন্তান্বিত অবস্থাৰ পৰা অলপ সচকিত হৈ হুমুনিয়াহ এটাৰে তেওঁ অলপ বিৰক্তি বোধ কৰি ক, লে, “হয়, ফ্লৰেলহাৰষ্টত প্ৰায়েই ঠাণ্ডা নিশা পাওঁ, বিশেষকৈ শীতকালত।”

ৰহস্যজনক ভাব এটা লৈ মানুহ এজন দুৱাৰমুখত উপস্থিত হ’ল আৰু হাৰ্টলিৰ ওচৰলৈ আগবাঢ়ি গ’ল। “মই তাই ক’ত থাকে বিচাৰি উলিয়াইছোঁ।” ফুচফুচাই কোৱাৰ দৰে মানুহজনে ক’লে। কথা কোৱাৰ ভংগীমাই তেওঁক লক্ষণীয় ভাবে বেলেগ গুপ্তচৰৰ লগত মিলাই দিছিল। হাৰ্টলি কিন্তু নাটকীয় ভাবে স্তব্ধ আৰু নীৰৱ হৈ থাকিল। সেই সময়তে ৰবিনচ্ তেওঁৰ পছন্দৰ টাই পিন এটা লগাই নগৰীয়া মনোৰঞ্জনৰ উদ্দেশ্যে ওলাই গ’ল। অন্য কোনো শ্ৰোতা নথকাৰ সুবিধাত গুপ্তচৰ জনে তেওঁৰ স্বাভাবিক কণ্ঠত ক’লে “এইটো ঠিকনা।” হাৰ্টলিয়ে তেওঁৰ পৰা ঠিকনা থকা কাগজ টুকুৰা ল’লে, যত লিখা আছিল, “ভিভিয়ান আৰলিংটন, ৩৪১ নং পূব ৰাস্তা, প্ৰযত্নে মিচেছ মেক’কমাছ।” “এসপ্তাহ আগতে তালৈ গৈছে।” গুপ্তচৰজনে ক’লে, “আপুনি যদি আকৌ
পিছ লোৱাটো বিচাৰে, মই কামটো কৰিব পাৰো। খৰচৰ বাবে মোক দিনে ৭ ডলাৰকৈ দিলেই হব। আপোনাক
প্ৰতিদিনৰ এটা টাইপ কৰা ৰিৰ্পটো পঠাব পাৰিম।”

“হব নালাগে।” হাৰ্টলিয়ে উত্তৰত ক’লে, “এইটো তেনেকুৱা ধৰণৰ কথা নহয়। মই মাত্ৰ ঠিকনাটো হে বিচাৰিছিলো। আপোনাক কি দিব লাগিব?”

”এদিনৰ খৰচ।” মানুহজনে ক’লে। হাৰ্টলিয়ে তেওঁক টকা দি বিদায় দিলে। তাৰপিছত অফিছ এৰি এখন ভাড়াগাড়ী ল’লে। গাড়ীখনে তেওঁক চহৰৰ পুৰণি গৌৰৱৰ ভগ্নাৱশেষ থকা ঠাই এখনত এৰিলেগৈ; কিছুদূৰ খোজ কাঢ়ি তেওঁ বিচাৰি থকা ঘৰটো পালেগৈ। নতুনকৈ সজা ঘৰটোৰ নাম আছিল

“দ্যা ভালামব্ৰোছা।”

হাৰ্টলিয়ে “মেক’কমাছ” লিখা থকা বুটামটো টিপিলে। দুৱাৰখন খোল খালে। সদ্বিগ্ন ভাৱেৰে হাৰ্টলি সোমাই গ’ল। চিৰি বগাই তেওঁ ওপৰ মহলা পালেগৈ। চতুৰ্থ মহলাত খোলা দুৱাৰ এখনৰ ওচৰত ভিভিয়ান থিয় দি আছিল। তাই সুন্দৰ উজ্জ্বল হাঁহি এটাৰে তেওঁক ভিতৰলৈ মাতিলে। তাই তেওঁৰ কাৰণে খিৰিকিৰ ওচৰত চকী এখন ঠিক কৰি দিলে আৰু নিজে অলপ দূৰত বেলেগ এঠাইত বহিল।

হাৰ্টলিয়ে ক্ষিপ্ৰ দৃষ্টিৰে তাইৰ ফালে লক্ষ্য কৰি নিজকে ক’লে যে তেওঁৰ পছন্দত কোনো ভুল নাই। ভিভিয়ানৰ বয়স একৈশ মান হব। তাইৰ চুলি সোণোৱালী আৰু গাৰ বৰণ সুন্দৰ। তাইৰ শুভ্ৰ ৰঙ আৰু নীলাভ চকুজুৰিত শান্তিৰ ছাঁ আছিল। তাইৰ মুখত বিৰাজ কৰা স্বভাবজাত সন্তুষ্টিৰ ভাৱ আছিল, যিটোৱে তাইক সৰ্বাংগ সুন্দৰ কৰি, গহীন গম্ভীৰ মানুহ এজাকৰ বাবে দুষ্প্ৰাপ্য ফুল এপাহ কৰি তুলিছিল। তাই বগা চোলা আৰু ডাঠ ৰঙৰ স্কাৰ্ট পিন্ধিছিল।

“ভিভিয়ান”, অনুনয়ৰ সুৰত হাৰ্টলিয়ে ক’লে, “তুমি মোৰ শেষ চিঠিখনৰ উত্তৰ নিদিলা। প্ৰায় এসপ্তাহ সন্ধান কৰিহে গম পালো তুমি ইয়ালৈ আহিছা বুলি। তুমি মোক কিয় ৰহস্যত ৰাখিছা, য’ত তুমি জানাই মই কিমান আগ্ৰহেৰে তোমাৰ উত্তৰ শুনিবলৈ ৰৈ আছোঁ!” সপোনবিভোৰ চকুজুৰিৰে ছোৱালীজনীয়ে খিৰিকীৰে বাহিৰলৈ চালে। “শ্ৰী যুত হাৰ্টলি”তাই ইতঃস্তত কৰি ক’লে, “ মই ভাবি নাপাওঁ, মই আপোনাক কি কওঁ। মই আপোনাৰ প্ৰস্তাৱৰ সুবিধা সমূহ জানো, এইটোও জানো তাত মই সন্তুষ্ট থাকিম। তথাপিও কেতিয়াবা মোৰ সন্দেহ হয়, কাৰণ মোৰ জন্ম নগৰত, গতিকে উপকণ্ঠৰ চহৰ এখনত মই নিজকে সীমিত কৰি ৰাখিব পাৰিমনে?”

“মইতো তোমাক কৈছোৱে, মোৰ সাধ্যৰ ভিতৰত সকলোখিনি সুবিধাই তোমাক দিম। তুমি মাজে সময়ে নগৰলৈ মনোৰঞ্জন, বজাৰ সমাৰ, বন্ধু-বান্ধবক লগ কৰিবলৈ আহিবা পাৰিবা। মোক বিশ্বাস কৰা।”

“সম্পূৰ্ণ কৰো।” তাই হাঁহি ক’লে, “মই জানো আপোনাৰ নিচিনা মৰমিয়াল মানুহ পোৱাটো ভাগ্যৰ কথা।
মই মণ্টেগ’মাৰী পৰিয়ালত থাকোঁতে আপোনাৰ কথা শুনিছিলোঁ।”

“অ… হয় নেকি?” হাৰ্টলিয়ে আশ্চৰ্য্যৰ সুৰত ক’লে, “মোৰ মনত পৰে মই তোমাক এদিনাখন সন্ধিয়া দেখিছিলো। অবশ্যে তোমাৰ লগত মোৰ কথা হোৱা নাছিল। কিন্ত্ত সেইদিনাৰ ৰাতিৰ আহাৰ মই নাপাহৰোঁ। ভিভিয়ান কথা দিয়া, মই তোমাক নিব খোজো, মোৰ লগত গ’লে তুমি কেতিয়াও আফচোচ নকৰা। মই তোমাক এখন সুন্দৰ ঘৰ দিম।”

ছোৱালীজনী তলমূৰ হ’ল। হঠাৎ যেন ঈৰ্ষা মিহলি সন্দেহৰ ভাব এটাই হাৰ্টলিক জোকাৰি গ’ল। “কোৱা ভিভিয়ান..অইন কোনোবাও আছে নেকি?”

এটা গোলাপী বৰণৰ আভাই তাইৰ মুখ আৱৰি ধৰিলে। “আপুনি সেইটো নুসুধিব” অসামঞ্জস্যৰ ভাবত তাই ক’লে, “তথাপিও মই আপোনাক কম আৰু এজন আহিছিল..মই তেওঁক কোনো কথা দিয়া নাই।”

“তেওঁৰ নাম?”
হাৰ্টলিয়ে দাবীৰ সুৰত সুধিলে।

“টাউনচেনড।”

“ৰাফোৰ্ড টাউনচেনড! আচৰিত।”

কঠিন সুৰত হাৰ্টলিয়ে ক’লে, “সেই মানুহজনে তোমাৰ তালৈ কেনেকৈ আহিব পাৰিলে?” মই তেওঁৰ কাৰণে ইমান কৰিছোঁ।”

“তেওঁৰ গাড়ীখন এইমাত্ৰ তলত ৰৈছে।” ভিভিয়ানে খিৰিকীৰে তললৈ চাই ক’লে। “তেওঁ এটা উত্তৰৰ কাৰণে আহিছে..অহ্ মই কি কৰোঁ?”

ফ্লেটৰ বেলটো বাজি উঠিল। ভিভিয়ান উঠি আহিব খোজোতে হাৰ্টলিয়ে ক’লে”তাতেই থাকা..মই তেওঁক লগ কৰি আহো।”

সুন্দৰ টুপী আৰু পোছাক পৰিহিত টাউনচেনড চিৰি বগাই আহি হাৰ্টলিক দেখি থমকি ৰ’ল।

“উভতি যোৱা।” হাৰ্টলিয়ে তল লৈ যোৱা ৰাস্তাটোলৈ আঙুলি টোৱাই কঠিন সুৰত ক’লে। আচৰিত হোৱাৰ
দৰে টাউনচেনডে ক’লে, “ কি হ’ল? আপুনি ইয়াত কি কৰি আছে?”

“উভতি যোৱা।” হাৰ্টলিয়ে পুনৰ ক’লে, “এতিয়া ইয়াত জংগলৰ নিয়ম চলিব। তুমি টুকুৰা-টুকুৰ হ’ব খোজা নেকি? চিকাৰ মোৰ।”

“মই ইয়াত পানীৰ পাইপ ঠিক কৰা মানুহ এজনক বিচাৰিহে আহিছিলো।” টাউনচেনডে অলপ সাহস গোটাই ক’লে।

“ঠিক আছে। তোমাৰ আত্মাত প্লাষ্টাৰ লগাব পৰা মানুহজনহে পাবা..এতিয়া উভতি যোৱা।”

টাউনচেনড বিৰক্তিত কিবা কিবি কৈ তললৈ নামি গ’ল। হাৰ্টলি পুনৰ তেওঁৰ পূৰ্বৰ কথোপকথনলৈ উভতি গ’ল।

“ভিভিয়ান তোমাক লাগিবই” হাৰ্টলিয়ে দৃঢ়ভাবে ক’লে “মই আৰু না শুনিব নোৱাৰো।”

“কেতিয়ালৈ মোক বিচাৰে?” তাই সুধিলে।

“এতিয়াই.. যিমান সোনকালে তুমি সাজু হব পাৰা।”

তাই শান্ত ভাবে তেওঁৰ সন্মুখত বহিল আৰু তেওঁৰ চকুলৈ চাই ক’লে, “আপুনি এটা মুহূৰ্তৰ বাবে ভাবি চাইচেনে যে হেলচ তাত থাকোঁতেই মই সোমাব লাগিব।”

“তাই গুচি যাব” হাৰ্টলিয়ে ক’লে “মই সেইজনীক কিয় মোৰ জীবন ধ্বংস কৰিবলৈ দিম? তাইক ঠাই দিয়াৰ
পৰা মই এদিনো শান্তিত থাকিব পৰা নাই। তুমি ঠিকেই কৈছা ভিভিয়ান, হেলচক খেদিহে মই তোমাক
ঘৰলৈ নিব পাৰিম। তাই যাবই, সেই সিদ্ধান্ত মই লৈছো।”

“এই কামটো কেতিয়ালৈ হব?” ছোৱালীজনীয়ে সুধিলে।

হাৰ্টলিয়ে অলপ চিন্তা কৰি ক’লে “আজি ৰাতি..আজি ৰাতিয়ে তাইক পঠিয়াম।”

“তেনেহ’লে মোৰ উত্তৰ সদৰ্থক। আপুনি মোক যেতিয়া নিবলৈ আহে আহিব।” ভিভিয়ানে ক’লে।

তাইৰ উত্তৰ শুনি হাৰ্টলিয়ে বিশ্বাস কৰিব পৰা নাছিল যে তাই ইমান তৎক্ষণাৎ নিজকে সৰ্মপন কৰি দিলে।

“তুমি কথা দিছাতো?” হাৰ্টলিয়ে সুধিলে। ভিভিয়ানে পুনৰ সন্মতি জনালে। দুৱাৰমুখৰ পৰা হাৰ্টলিয়ে তাইলৈ
চালে। তেওঁ নিজৰ সুখক বিশ্বাস কৰিব পৰা নাছিল।

”কাইলৈলৈ।” তেওঁ হাতৰ তৰ্জনী আঙুলিটো ওপৰলৈ দাঙি ক’লে।

“কাইলৈলৈ।” তাই এটা হাঁহিৰে শলাগিলে।

এঘণ্টা চল্লিশ মিনিট পিছত হাৰ্টলিৰ ৰেলগাড়ী ফ্লৰেলহাৰষ্টত ৰ’ল। দহমিনিট খোজকাঢ়ি তেওঁ নিজৰ ঘৰৰ জপনামুখ পালেগৈ। ঘৰৰ চৌহদত আধামান সোমাই অহাত তেওঁক সুন্দৰ কলা চুলিৰে ফুলাম বগা গাউন পিন্ধা মহিলা এগৰাকীয়ে প্ৰায় সাবটি ধৰাৰ দৰে ধৰিলেহি। মহিলাগৰাকীয়ে ক’লে “মা আহিছে। তেওঁ ৰাতিৰ আহাৰ কৰিব খুজিছিল। কিন্তু আহাৰ প্ৰস্তুত হোৱাই নাই।” হাৰ্টলিয়ে মহিলাগৰাকীৰ কাণে কাণে কিবা এটা ক’লে। মহিলাগৰাকী, হাৰ্টলিৰ পত্নী চিঞৰি উঠিল। তেওঁৰ মাক দৌৰি ওলাই আহিল। কলা চুলিৰ মৰমলগা ভদ্ৰমহিলাগৰাকীয়ে স্ফূৰ্তিত চিঞৰি ক’লে, “অ মা তুমি ভাবিব পাৰানে? ভিভিয়ান আমাৰ ইয়ালৈ ৰান্ধনী হিচাপে আহিব। তাই মণ্টেগ’মাৰী পৰিয়ালত এবছৰ আছিল।” মহিলাগৰাকীয়ে তেওঁৰ স্বামীক উদ্দেশ্যি এইবাৰ ক’লে “আপুনি এতিয়াই ৰান্ধনিঘৰলৈ গৈ হেলচক বিদায় দিয়ক, নহলে তাই গোটেই ৰাতিটো সেই মদসোপা খাই পৰি থাকিব।”

 

2 Responses

Leave a Reply

Your email address will not be published. Required fields are marked *