মূল হিন্দী: আত্মমিলন , খালী জগহ

অসমীয়া ভাঙনি: ড০ ৰীতা শৰ্মা

 

আত্মমিলন 

মোৰ
বিচনা সাজু

কিন্তু জোতা আৰু
কামিজৰ দৰে

তই নিজৰ শৰীৰটোও
খুলি দে

তাত এমূৰত থৈ দে
বিশেষ একো কথা নাই
এয়া নিজৰ নিজৰ দেশৰ
ৰীতি মাথোন…

 

খালী ঠাই

মাথো দুখন দুৱাৰ আছিল
এখনে মোক আৰু তাক
অধিকাৰৰ পৰা বঞ্চিত কৰিলে
আৰু আনখনক আমি দুয়োৱে
ত্যাগ কৰিলো

নগ্ন আকাশৰ তলত
মই কিমান পৰ জানো
শৰীৰৰ বৰষুণত তিতি আছিলো
সি কিমান পৰ জানো
শৰীৰৰ বৰষুণত গলি আছিল

তাৰ পিছত অত বছৰৰ মোহ
বিষৰ দৰে পান কৰি
সি কম্পিত হাতেৰে মোৰ হাতত ধৰিছিল
, সময়ৰ শিৰত
এখনি চালি সাঁজো
তাত চা!সেইফালে সন্মুখত
সঁচা আৰু মিছাৰ মাজত
কিছু খালী ঠাই আছে…




কবি পৰিচিতিঃ ভাৰতীয় সাহিত্য জগতৰ এগৰাকী মহান সাধক আছিল অমৃতা প্ৰীতম। সম-সাময়িক সমাজ ব্যৱস্থাৰ প্ৰতি যথেষ্ট প্ৰতিবাদী সাহিত্যিক ৰূপে প্ৰসিদ্ধ অমৃতা প্ৰীতমৰ জ্ঞানপীঠ বঁটাপ্ৰাপ্ত “কাগজ অউৰ কেনভাছ” শীৰ্ষক কবিতাৰ গ্ৰন্থখনৰ কবিতাবোৰত প্ৰেম আৰু যৌৱনৰ দিনবোৰত হোৱা অতৃপ্ততাৰ বৰ্ণনাই গুৰুত্ব লাভ কৰিছিল। এই কবিতাবোৰত প্ৰকাশ হোৱা অমৃতা প্ৰীতমৰ অন্তৰৰ উন্মুক্ত প্ৰকাশ কেৱল তেওঁৰ অন্তৰৰ গাঁথা হৈ নাথাকি সমগ্ৰ পাঠকৰে অন্তৰৰ অপ্ৰকাশিত বেদনাক প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই অমৃতা প্ৰীতমৰ এই কবিতাৰাজী পাঠকৰ মাজত সদায়েই সমাদৃত হৈ আহিছে। দেশ বিভাজনৰ কদৰ্যময় পৰিস্থিতিৰ সাক্ষী অমৃতা প্ৰীতমৰ লিখনিত সাধাৰণ মানুহৰ দুখ-কষ্ট তথা নাৰীৰ প্ৰতি হোৱা অবৰ্ণনীয় অত্যাচাৰৰ বৰ্ণনাই পাঠকৰ হৃদয় জোঁকাৰি যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *