বন্ধু

মূল ( হিন্দী ) : গুলজাৰ

অসমীয়া ভাঙনি : মিণ্টুল হাজৰিকা

 

নিঃসহায় বন্ধুহীনভাৱে গোটেই দিনটো কটাইছোঁ

নিজৰ ওচৰত কিছু অচিনাকি আছিলোঁ

কিছু বিষণ্ণ, অকলশৰীয়া

গোটেই দিনটো সাগৰৰ পাৰত অহিবাহিত কৰি

আকৌ উভতি আহিলোঁ তালৈকে

নিৰ্জন বাটৰ দাঁতিত থকা খালী ঘৰটোলৈকে

দুৱাৰ খোলাৰ লগে লগে মেজৰ ওপৰত থোৱা কিতাপে

কোমল মাতেৰে খৰখৰকৈ  লে :

পলম কৰিলা বন্ধু !

 

চকুলো-২

 

শুনিবলৈ পাইছোঁ মাটি আৰু পানীৰ সম্পৰ্ক
যুগমীয়া

শিপাই মাটিক স্পৰ্শ কৰিলে

শিপাই পানী পায়

তোমাৰ চকুৰ পানী সৰি পৰিলে

মোৰ হিয়া বেদনাত দগ্ধ হয়

ক্ষুদ্ৰ গুটি এটাৰ পৰা ফুটি ওলাই ভ্ৰূণ

শিপাই মাটি স্পৰ্শ কৰিলে

শিপাই পানী পায়

 

গোষ্ঠী সংঘৰ্ষ -২

 

সেইদিনা ৰাতি অলৌকিক একো ঘটা নাছিল

সেইদিনা প্ৰাৰ্থনাগৃহত যিমান মানুহ আছিল

সকোলোৰে মুখত প্ৰাৰ্থনা আছিল

আৰু চকুত আছিল বিশ্বাসৰ পোহৰ

এইটো ভগৱানৰ ঘৰ

কোনো ভূমিকম্পই ইয়াক লৰাব নোৱাৰে

কোনো জুইয়ে ইয়াক পুৰি পেলাব নোৱাৰে

শ শ অলৌকিক কাহিনী সকলোৱে শুনিছিল

শ শ নামেৰে তেওঁক সকলোৱে মাতিছিল

অথচ কোনোৱে অদৃশ্যৰ মাত শুনিবলৈ পোৱা
নাছিল

না ভগৱানৰ — না পুলিচৰ

এজন এজনকৈ সকলোৱে জুইত পোৰা গৈছিল  আৰু ছাই হৈছিল

অলৌকিক একোৱেইচোন নঘটিল সেইদিনা ৰাতি
!!

 

গোষ্ঠী সংঘৰ্ষ- ৪

 

সি নিজৰ ইচ্ছাৰে ধৰ্ম বাচি লোৱা নাছিল

তাৰ ধৰ্ম আছিল পৰম্পৰাগতভাৱে পিতৃ-মাতৃৰ
পৰা পোৱা

নিজৰ পিতৃ-মাতৃক কোনোবাই বাচি লব সেয়া জানো সম্ভৱ

 

সি নিজৰ ইচ্ছাৰে দেশো বাচি লোৱা নাই

অথবা জন্মভূমি

 

সকলো মিলি তাৰ বয়স আছিল মাত্ৰ ন

কিয় তাক জাতিভেদে বাচি ললে

কিয় তাৰেই মৃত্যু হল গোষ্ঠী সংঘৰ্ষত !!

 

 

কবি পৰিচয় –

১৮ আগষ্ট ১৯৩৪ চনত জন্ম  ৷ প্ৰখ্যাত ভাৰতীয় কবি, সুৰকাৰ আৰু চলচ্চিত্ৰ পৰিচালক ৷ তেওঁ মূলতঃ হিন্দী , সুৰকাৰ আৰু চলচ্চিত্ৰ পৰিচালক ৷ তেওঁ মূলতঃ হিন্দী ভাষাত লেখা-মেলা
কৰে ৷ তদুপৰি তেওঁ উৰ্দু গজলো ৰচনা কৰিছে  ৷তেওঁ
১৯৮৮ চনত
ইজাজাতছবিখনৰ মেৰা কুছ সামান গীতটিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *