কোন ওচৰত, কোন দূৰত

মূল:
Mangal Singh Hajowari

উৎস:
Modern Bodo Short Stories (Sahitya Akademi)

বড়োৰ
পৰা ইংৰাজীলৈ অনুবাদ:
জয়্কান্ত শৰ্মা

অনুবাদ:
কিশোৰ দাস


নিশাটো
মৰোঁ মৰোঁ হৈছিল। সপোনটো দেখিয়েই বিলায়ে সাৰ পাই উঠিছিল। গিৰিয়েকক বিছনাত খেপিয়াই
চাইছিল যদিও বিচাৰি নাপালে। তাই আচম্বিত হৈছিল।

লৈ গ
সি
? খৰধৰকৈ তাই উঠি দখনাখন ভালদৰে গাঁঠি ললে আৰু লেম্পটো জ্বলাই ৰুমটোৰ চুকে কোণে
চালে। নাই
, সি নাই। তৎক্ষণাত তাই
বাহিৰলৈ ওলাই গ
ল আৰু বাৰাণ্ডাখনত চালে।
তাই দেখিলে ৰামাউনে ৰেলিঙত আউজি দক্ষিণৰ ফালে চাই থকা ভাজেই লালকাল দি আছে। আধাতকৈ
বেছি জ্বলা চিগাৰেটটো তাৰ মুখৰ পৰা সৰি পৰিছে। তাই এটা স্বস্তিৰ নিশ্বাস এৰিলে।
হয়তো ৰামাউনে ভিতৰৰ গৰম সহ্য কৰিব নোৱাৰি অলপ বতাহ ল
বলৈ আহিছিল আৰু সেইভাজেই ৰৈ গল। তাই তাক নমতাকৈয়ে বিছনালৈ ঘূৰি গল। লেম্পৰ পোহৰটো কমাই লৈ তাই শুই পৰিল।
ৰামাউনেও একো গম নাপালে।

গাঁওখনৰ
মাজভাগতেই ৰামাউনৰ ঘৰতো। ক
বলৈ গলে ৰামাউনৰ পৰিয়লৰ সদস্যৰ সংখ্যা আঙুলিৰ মূৰত
গণিব পাৰি। ৰামাউনৰ বাপেক হাউলা
, ঘৈণীয়েক বিলাই আৰু সি
নিজেই। মাক মৰা দিন হ
ল। সি বি.এ. পাছ কৰাৰ পিছত
চহৰৰ অফিচ এটাত কেৰাণী হিচাপে কাম কৰিছিল। বিলাই আৰু ৰামাউনৰ প্ৰেমেই বিবাহলৈ
ৰূপান্তৰিত হৈছিল। বিলায়ো মেট্ৰিক পাছ আছিল। কেইডৰা মান খেতিৰ মাটি আৰু কেৰাণী
চাকৰীটোৰে সিহঁতে সুস্থিৰভাবে চলি আছিল। একোচা বৈ পৰা চুলিৰে সৈতে বিলাই দেখিবলৈ
শুৱনি আছিল। গৃহস্থী চম্ভালাত তাই পাকৈত আছিল। হাউলায়ো বোৱাৰীয়েকক মৰম কৰিছিল
, তাইয়ো শহুৰেকক বৰ শ্ৰদ্ধা ভক্তি কৰিছিল আৰু
কোনোধৰণৰ যত্নৰ ক্ৰুটি কৰা নাছিল।

মঙ্গলবাৰ।
নিশা ন বাজি যোৱাৰ পিছতো ৰামাউনে অফিচৰ পৰা উভতি ঘৰ আহি পোৱা নাছিল। বিলাই অস্থিৰ
হৈ পৰিছিল। শহুৰেকক ভাত কেইটা বাঢ়ি দি তাই ৰামাউন আহিলে একেলগে খাম বুলি অহালৈ বাট
চাই আছিল যদিও তাইৰ বৰ ভোক লাগিছিল।

ঘনে
ঘনে তাই পদূলিলৈ চাইছিল। কিনো হ
ল আজি?

অৱশেষত
ৰামাউন আহি পালে। হাতত এবোজা ফাইল। আহিয়েই বিলাইক ক
লে, “যোৱা জুইকুৰা ধৰাগৈ।”

মাজনিশালৈকে
নাথাকিলে কিয়
?”, বিলাইৰ উষ্মাভৰা অভিযোগ।

জানা
বিলাই
, আজি আমাৰ অডিটৰ আহিছিল।
সেয়ে ইমান দেৰিলৈকে অফিচত থাকিবলগীয়া হ
ল।
এৰি অহাৰ কোনো উপায়েই নাছিল।”
, কাপোৰ
সলাই থাকোতে ৰামাউনে কৈ আছিল।

সেয়েহে
ইমানদিনে চাইকেল এখন লোৱাৰ কথা কৈ আছিলোঁ। কিমানদিন আৰু খোজকাঢ়িয়েই অহা যোৱা কৰিব
? যাওঁক হাত মুখ ধুই লওঁকগৈ, মই ভাত বাঢ়ো। এইবুলি বিলায়ে শামুকীয়া গতিৰে
পাকঘৰলৈ গ
লগৈ।

পাকঘৰত
সোমায়েই দুখনকৈ ভাতৰ কাহি বঢ়া দেখি ৰামাউন অলপ স্তব্ধ হৈছিল। সি সুধিলে
, “তুমি এতিয়াও ভাত খোৱা নাই?”

তুমি
উভতি আহিছা এই ৰাতি। হেতাখনেৰে তৰকাৰী দি বিলায়ে আকৌ ক
লে তুমি ভোকত থকা অৱস্থাত মইনো কেনেকৈ খাব
পাৰোঁ।

খোৱাৰ
পিছত পাকঘৰটো সাৰি মচি অঁতাই তামোল চোবাই চোবাই বিলাই বিছনাত উঠিছিল। দিনটোৰ ভাগৰত
তাইৰ টোপনি ধৰিছিল। গিৰিয়েকে ফাইলবোৰ লৈয়েই ব্যস্ত থকাত তাই বিৰক্ত হৈ সুধিলে
, “তোমাৰ ভাগৰ লগা নাইনে? এই কামবোৰ ৰাতিপুৱা কৰিলে সৰগখন খহি পৰিব
নেকি
? চোৱা, এঘাৰ
বাজি গ
ল।”

তুমি
শুই থাকা। আজি গোটেই ৰাতি কি কালি গোটেই দিনটো কৰিলেও এই কামখিনি শেষ নহ
ব।”, সি
কৈছিল।

আঠুৱাখন
ঠিকমতে লৈ বিলাই শুই পৰিল। ৰামাউনে ৰাতি শেষ নিশালকৈ নিজৰ কাম কৰি লেম্পটো কমাই
বিছনাত উঠিল।

ৰাতিটো
পুৱাবৰ সময়ত প্ৰচণ্ড বজ্ৰপাত আৰু বিজুলীৰে সৈতে এজাক শিল বৰষুণে গাঁওখনত প্ৰবেশ
কৰিছিল। গছ-গছনি ভাগিপৰাৰ শব্দত বিলায়ে খকমককৈ সাৰ পাইছিল আৰু গিৰিয়েকক বিচাৰিছিল।

ৰামাউন
বিছনাত নাছিল। লেম্পটো জ্বলাই বিছনাৰ পৰা নামি তাই বাৰান্দালৈ ওলাই আহিছিল য
ৰ পৰা তাক এটা চিগাৰেট ওঁঠত গুজি দক্ষিণলৈ থৰ
লাগি চাই থকা দেখিছিল। “কিনো কৰিছা তাত
?”, তাই চিঞৰ মাৰি সুধিছিল।

ৰামাউনে
থতমত খাই কৈছিল
, “বিলাই, তুমি?”


মই”
, বিলায়ে খঙত আকৌ কলে, “হৈছে কি তোমাৰ? আজি
বই লাগিব। আজিয়েই নহয় কেবাদিনো তোমাক এইদৰে
দেখিছোঁ। মোক অকলে বিছনাত এৰি অকলে কিনো ভাবি থাকাহি
? কিনো সমস্যা তোমাৰ?”
সৰসৰকৈ
সৰা চকুপানীয়ে তাইৰ দুগাল তিয়াই দিছিল। দীঘলকৈ উশাহটো টানি তাই আকৌ বিষাদগোৰ কৰিব
ধৰিলে
, “ভাবিছিলোঁ বিয়াৰ পিছত দুয়ো
লগ লাগি সংসাৰ এখন গঢ়ি তুলিম। সব অথলে গ
ল।
সকলোখিনি কৰিও তোমাক মই সুখী কৰিব পৰা নাই। খোলাখুলিকৈ কৈ দিয়া কিহে তোমাক দুখী
কৰি ৰাখিছে
? মই কেনেকৈ জানিম কথাবোৰ
যদি খুলি নোকোৱা
?”

বিলায়ে
কান্দোনত ভাগি পৰিছিল। ৰামাউনে তাইৰ গাত জোৰকৈ ধৰি লাহেকৈ জোকাৰি দি কৈছিল
, “কান্দিছা কিয়? তোমাৰ
প্ৰতি মোৰ একো ভুল ভাব নাই। তুমিও একো ভুল কৰা নাই।”

ডিঙিটো
পৰিষ্কাৰ কৰি লৈ সি আকৌ কৈছিল
,
হয়, মই এটা ডাঙৰ ভুল কৰিছোঁ। তোমাৰ পৰা কথাটো
লুকুৱাই মইও শান্তি পোৱা নাই।”

কি
কথানো
?”, বিলায়ে ক্ষোভত ফাটি
পৰিছিল।

এসময়ত
মই কাৰোবাক ভাল পাইছিলো।”
, ৰামাউনে হুমুনিয়াহ কাঢ়ি
ক্ষন্তেক ৰ
ল আৰু কবলৈ ধৰিলে, “মাৰ মৃত্যুৰ পিছত তাইয়েই মোক লালন-পালন কৰিছিল। তাইৰ মৰম
এতিয়াও মই পাহৰিব পৰা নাই আৰু সম্ভৱতঃ তাইকো কেতিয়াও পাহৰিব নোৱাৰিম। তাইৰ নাম
আছিল জৰু। জৰু আৰু আদমে ইজনে সিজনক ভাল পাইছিল যিদৰে পাওঁ তুমি আৰু মই। দেউতাইও
তেওঁলোকৰ সম্পৰ্কটো সুখী মনেৰে মানি লৈছিল। বিয়াৰ তিনি মাহ পিছত আদমে তেওঁৰ আৰ্মিৰ
চাকৰিলৈ ওভতি গৈছিল। কিন্তু দুখৰ কথা
, এটা
পষেকৰ ভিতৰতে জৰুলৈ এখন টেলিগ্ৰাম আহিছিল। তাত লিখা আছিল
, “আদমে এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে।”

জৰু
হঠাতে প্ৰাণহীন হৈ পৰিছিল। তাইৰ চালচলন চকুত পৰাকৈ সলনি হৈছিল। খাৱন
, শোৱন ইত্যাদিত তাইৰ মনোযোগ নোহোৱা হৈছিল।
ঘটনাটোৰ পোন্ধৰ দিন পিছতে জৰু হেৰাই গৈছিল। মই ভাবিছিলোঁ জৰু এতিয়াও কৰবাত নহয়
কৰবাত জীয়াই আছে আৰু মনেৰে মই তাইকেই বিচাৰি আছিলোঁ যদিও সকলো অথলে গৈছিল।

অমাৱস্যাৰ
শেষ নিশা ধুমুহাজাককো আওকাণ কৰি যেতিয়া শ্মশানখনৰ কাষেৰে মই গৈ আছিলোঁ তেতিয়া
কাষৰে গছ এজোপাত কিবা এটা ওলমি থকা দেখা পাইছিলো। মই বৰ ভয় খাইছিলো ঋৰু উধাতু খাই
ঘৰলৈ দৌৰিছিলো। আচম্বিত হৈ মই বহি পৰিছিলোঁ।

মই
বৰ দুৰ্বল অনুভৱ কৰিছিলোঁ। জানা বিলাই
, ওলমি
থকা দেহটো আছিল জৰুৰ। ওখ ঘাহঁনিখনতে জৰুৰ দেহটো শুৱাই দিয়া হৈছিল। ওচৰতে এজোপা কদম
গছ আছিল। দেউতাই গছজোপা কাটি পেলাইছিল। এটা দুখে মনটোক ঘোদালি পেলাইছিল যে জৰুক মই
একো সহায় কৰিব নোৱাৰিলোঁ।

কোন
আছিলনো তাই
? কি হয় তোমাৰ যিয়ে তোমাৰ
স্মৃতিত আঘাত কৰি আছে
?”, বিলায়ে ৰামাউনক সুধিছিল।

অইন
কোনো নহয় তাই আছিল মোৰ ডাঙৰ বাইদেউ।

বাইদেউ? তাই থতমত খাই গৈছিল। তাই নিজৰে ভুল ধাৰণাৰ
বাবে লজ্জিত হৈছিল। ৰামাউনক মৰম কৰিব ধৰি তাই কৈছিল
, “ধেৎ, মইনো কেনেকৈ এনেকৈ ভাবিব
পাৰোঁ
? মোক বেয়া নাপাবা।”

ৰামাউনে
তাইৰ হাতখন তুলি লৈ তাইৰে গালত লাহেকৈ থাপৰ এটা মাৰি কৈছিল
, “এইটো তোমাৰ ভুল নহয়। এইদৰে ভবাটো নাৰীৰে এক
চৰিত্ৰ। মই তোমাক বেয়া পোৱা নাই।”

ৰামাউনে
তাইক আকোৱালি লৈছিল আৰু তাই কুচিমুচি তাৰ বুকুত সুমুৱাই মৰমতে কান্দি পেলাইছিল।

চৰাইৰ
কিচমিচনিয়ে চৌপাশ ভৰাই তুলিছিল। আন্ধাৰৰ জালখন আঁতৰিব ধৰিছিল কিয়নো পূবত তেতিয়া
সূৰ্য্য উদয় হ
ব ধৰিছিল।



 

 

Leave a Reply

Your email address will not be published. Required fields are marked *