পৰিচয়পত্র

  মূলঃ মাহমুদ দাৰবিছ

অসমীয়া ভাঙনিঃ চৈয়দ আহমেদ শ্বাহ



(পেলেস্টাইনৰ জাতীয় কবি মাহমুদ দাৰবিছৰ
বিশ্ববিখ্যাত কবিতা
Identity Card ৰ অসমীয়া অনুবাদ। এখন
বিশেষ দেশ আৰু বিশেষ জাতিৰ মুক্তি সংগ্রামৰ পটভূমিত ৰচিত হলেও ইয়াৰ মানবীয় আবেদনৰ
সাৰ্বজনীনতাৰ বাবে এই কবিতাটিয়ে বিশ্বজুৰি সমাদৰ লাভ কৰিছিল।)

 

 

লিখা…

মই এজন আৰব;

পৰিচয়পত্রৰ ক্রমিক নম্বৰ পঞ্চাচ হাজাৰ।

মোৰ আঠোটি সন্তান আছে

আৰু নবম সন্তানটি আহি আছে

গ্রীষ্মৰ শেষত।

এই সামান্য কথাতে তোমাৰ বাৰু খং উঠিব লাগেনে?


আৰু লিখা…

শ্রমিক ভাইহঁতৰে সৈতে

শিলৰ কুৱেৰীত

শিল ভঙা

মই এজন আৰব;

মোৰ আঠোটি সন্তান আছে।

সিহতৰ বাবে

প্রস্তৰৰ বুকুফালি

আঁজুৰি আনো

দুখন ৰুটি, পিন্ধা কাপোৰ আৰু স্কুলৰ কিতাপ।

তোমাৰ দুৱাৰততো মই ভিক্ষা নকৰোঁ

নিজকে লঘু নকৰোঁ তোমাৰ পদূলিত।

এই সামান্য কথাতে তোমাৰ বাৰু খং উঠিব লাগেনে?


লিখি ৰাখা…

মই এজন আৰব;

উপাধিবিহীন এটি নাম।

যি দেশৰ

ৰন্ধ্রে ৰন্ধ্রে

অবিৰাম বব লাগিছে

ক্ষোভৰ বাঁমাৰলি

তাতে মই

জীবন নিৰ্বাহ কৰো

অতি ধৰ্যেৰে ।

মোৰ শিপা প্রোথিত হৈছিল

মহাকালৰ জন্মৰ পূৰ্বে

সভ্যতাই ঠন ধৰাৰ আগেয়ে

চাইপ্রেচ, জলফাই বৃক্ষৰো
আগেয়ে

অপতৃণে যেতিয়া

কেওদিশ চানি ধৰা নাছিল,

তেতিয়াই।

মোৰ পিতৃৰ পৰিয়াল আছিল

নাঙলৰ মুঠিত ধৰা খেতিয়কৰ পৰিয়াল,

কোনো মুধাফুটা ঘৰৰ নহয়।

আৰু তেওঁৰ পিতৃও আছিল পথাৰত কাম কৰা চহা।

নাই কোনো সম্ভ্রান্ত বংশ পৰিচয় বা বংশক্রম ।

মোৰ থকা ঘৰটো

নল খাগৰিৰে সজা

ৰখীয়াৰ পঁজা।


মোৰ

অবস্থাৰ বৰ্ণনাই

তোমাক সন্তুষ্ট কৰিব পাৰিছেনে?

মই উপাধিবিহীন এটি নাম।

লিখি ৰাখা…

মই এজন আৰব;

চুলিৰ বৰণ: কিচকিচিয়া কলা

চকুৰ ৰঙ: ৰঙচুৱা

মোৰ শাৰীৰিক বৈশিষ্ট সমূহ:

মোৰ মুৰত বন্ধা আছে

ইক্কালজৰীৰে বন্ধা
এখন
কেফিইয়াৰুমাল;

শৰীৰত স্পৰ্শ কৰিলে আঁচোৰ লাগি যোৱাকৈ খহতা ।

মোৰ ঠিকনা:

নামহীন বাট পথেৰে

স্মৃতিৰো অগোচৰ

এখন দুৰ্গম গাওঁ

যৰ সকলো মানুহ ব্যস্ত

খেতি পথাৰ বা শিলৰ কুৱেৰীত।

এই সামান্য কথাতে তোমাৰ বাৰু খং উঠিব লাগেনে?


লিখি ৰাখা…

মই এজন আৰব

যাৰ পূৰ্বপুৰুষৰ আঙুৰৰ বাগান

তুমি অন্যায়ভাবে চুৰ কৰি নিলা

আৰু কাঢ়ি ললা

সেই খেতিৰ পথাৰ

যত হাল বাই মাটি চহাইছিলো

মই আৰু মোৰ সন্তানে।

মাত্র এই শিলৰ পাহাৰটোৰ বাহিৰে

তুমি একোৱেই ৰাখি নগলা

মোৰ আৰু মোৰ নাতিপুতিহঁতৰ বাবে।

তাকো লৈ যাব নেকি

তোমাৰ চৰকাৰে,

যিদৰে কথা চলি আছে?


গতিকে তুমি এই কথাখিনিও লিখি ৰাখা,

প্রথম পৃষ্ঠাৰ একেবাৰে ওপৰত,

যে মই কাকো ঘৃণা নকৰো,

কাৰো ঘৰত অনাধিকাৰ প্রবেশ নকৰো;

কিন্তু ভোক লাগিলে

মই ভক্ষণ কৰিব পাৰো

আগ্রাসীহঁতৰ মাংস।


গতিকে সাবধানে থাকিবা,

মোৰ ক্ষুধাৰ পৰা;

আৰু

ক্রোধৰ পৰা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *