কোকলোঙা
মূল: এণ্টন চেকভ
অসমীয়া ভাষান্তৰ: ডা° বিপুল কুমাৰ বৰুৱা
ডাৰোগা বাবু অচুমেলভে এটা নতুন ওভাৰকোট
পিন্ধি বজাৰৰ চাৰিআলিৰ ফালেদি কাষলতিৰ কেঁপেনাত
এটা পাৰ্চেলৰ টোপোলা লৈ গৈ আছিল ৷পিচে পিচ এটা ৰঙাচুলীয়া কনিষ্টবলে এচালনী বাজেয়াপ্ত
আমলখীও কঢ়িয়াই নিছে ৷ চাৰিওপিনে নিস্তব্ধতা ৷ চাৰিআলিত দেও-মনিচৰ সঁচ নাই ৷ দোকান-পোহাৰবোৰৰ
দুৱাৰে আশাহতভাৱে ভোকাতুৰৰ মুখৰ দৰে মুখ মেলি চাই আছে ৷ নাই যি নাই দুৱাৰডলিত মগনিয়াৰ
এটিও নাই ৷
” তাৰ মানে তই কামুৰিলি, ন নাৰকী পশু ?” –অচুমেলেভৰ হঠাতে কাণত পৰিল ৷ “ল’ৰাহঁত তাক সুদাই নেৰিবিহঁক! আজিকালি কামোৰাই নিষেধ ! ধৰ তাক
চাল্লা ! আঃ …আঃ !”
কুকুৰৰ বিননি শুনা গ’ল ৷ অচুমেলভে ঘূৰি চাই
দেখিবলৈ পালে তিনি ঠেঙীয়া দোপ মাৰি মাৰি লেঙেৰাই লেঙেৰাই কুকুৰ এজনী, ব্যৱসায়ী পিচুগিনৰ কাঠ
গোদামৰ চোতালৰ পৰা চেঁকুৰি ওলাই আহিছে ৷ এটা মাড় দিয়া কপাহী চোলাৰ ওপৰত বুতাম নমৰাকৈ
হলৌচোলা পিন্ধা মানুহ এটাই তাইৰ পিচে পিচে চোঁচা লৈছে ৷ মানুহটো এনেকৈ আহিছে যেন হুমখুৰি
খাই তাইৰ ওপৰতে পৰিবই এতিয়া ৷ সি তাইৰ পিচঠেঙ এটাত ধৰিলেই নহয়! তাৰ পাচত আকৌ এবাৰ সেই বিননি আৰু এটা চিঞৰ – “এৰন নাই আজি, নেৰিবি !” কলাঘুমটীয়া মানুহবোৰে এতিয়া দোকানৰ পৰা ডিঙি মেলি মেলি বাহিৰলৈ
চাব ধৰিলে আৰু চাওঁতে চাওঁতে সেই চোতালত মানুহৰ ভিৰ লাগিল- যেন মাটি ফুটিহে মানুহমখা
বাহিৰ হ’ল ৷
“ অ’
চাৰ, এনেকুৱা লাগিছে কিবা
ঘমঘণ্ট এখন লাগিল ৷”
অচুমেলভে বাওঁপিনে ঘূৰি ভিৰটোৰ পিনে আগবাঢ়ি গ’ল ৷ তেওঁ গৈ পাই দেখে যে চোতালৰ জপনাখনৰ ওচৰতে খুলা বুতামেৰে
হলৌচোলা পিন্ধি মানুহ এটা থিয় হৈ আছে ৷ সি তাৰ সোঁহাতখন দাঙি মানুহবোৰক তাৰ তেজেৰে
তুমুৰলি আঙুলিটো দেখুৱাই আছে ৷ তাৰ মদালস মুখমণ্ডলত পৰিষ্কাৰকৈ এই কথাই লিখা আছে –“ তোক সুদাই এৰা নাযাব নাৰকী!” তাৰ আঙুলিটো যেন কেৱল আঙুলি নহয় এখন বিজয় নিচানহে ৷ অচুমেলভে মানুহটোক চিনি পালে
৷ হ্ৰিউকিন সোণাৰি ৷ ভিৰৰ মাজত এঠেং দাঙি সৌজনী অপৰাধী বগী গ্ৰে হাউণ্ড ৷ আমনজিমনকৈ
আছে ৷ ভয়তে থৰহৰি কঁপি আছে একেবাৰে ওপৰৰ পৰা তললৈকে ৷ তাইৰ মুখখনি জোঙা আৰু পিঠিত হালধীয়া
চেঁকা ৷ তাৰ জলজলীয়া চকুহালত বিপদৰ আশংকা আৰু ভয়ৰ ৰেশ ৷
“ ইয়াত কিহৰ হুলস্থূল? ” – কান্ধ জোকাৰি ভিৰ ফালি
সোমাই আহিয়েই অচুমেলভ প্ৰশ্নমুখৰ ৷ “ আৰু তুমি আক’ ওপৰলৈ আঙুলি তুলি কি
কৰিছা?
আৰু কোনে আটাহ পাৰিছিল ?”
“হুজুৰ, মইতো আঁতেধীৰে বাটেৰে গৈ আছিলোঁ ৷” হ্ৰিউকিনে মুখত হাত দি কাহ এটা মাৰি আকৌ ক’লে ৷ “ মিট্ৰি মিট্ৰিচেৰে কাঠৰে কিছু কাম আছিল ৷ কথা নাই বতৰা নাই হঠাতে
এই মৰকেলেপজনীয়ে দিলে নহয় মোৰ এই আঙুলিটোতে মৰ-কামোৰ মাৰি ! হুজুৰ মোক কৃপা কৰিব –
কামকাজ কৰি পেট প্ৰৱৰ্তন কৰা মানুহ ৷ তাতে আকৌ আমাৰ কামবোৰো বৰ পিটিকি মোহাৰি আলেফুলে
কৰিব লাগে ৷ এসপ্তাহলৈ হয়তো মোৰ এই আঙুলিটো কাম কৰিবৰ লায়কৰ হৈ নুঠে ৷ মোক তাৰ ক্ষতিপূৰণ
দিয়াই দিয়া যাওক ৷ আৰু এইটো আইনতো লিখা নাই যে এইদৰে জন্তু-জানোৱাৰে মানুহক জখম কৰক
আৰু মানুহে হাত সাৱটি বহি থাকক ৷ এইদৰে সকলোকে কামুৰিব ধৰিলে দেখোন জীয়াই থকাই টান
হ’ব ৷”
“হুঁ ! ঠিক ” – গলহেকাৰি মাৰি একাষে পাচিটো থৈ ক’লে –“ ঠিকেই কৈছা ৷ ভাল বাৰু
৷ এই কুকুৰৰ গৰাকী কোন? ইয়াতেই কথাৰ মুদা মাৰিব
নোৱাৰোঁ ৷ এতিয়াই কুকুৰ মেলি দি মানুহক কামোৰাই
ফুৰাই আনন্দ লোৱাহঁতক মজা দেখুৱাম ৷ মানুহবোৰেতো
আইন-কানুন নমনাই হৈ আহিছে ৷ এনেকুৱা দণ্ড ভৰাম যে বদমাছটোৰ মগজু নিজৰ ঠিকনালৈ আহি যাব
৷ টিলিকতে সি এই শিক্ষা পাব যে এইদৰে কুকুৰ বা গৰু-ম’হ আদি উদং মেলি দিয়াৰ চুড়ান্ত পৰিণতি কি হয়গৈ ৷ মই তাৰ দিহা
লগাম ৷ য়েল্ডেৰিন !” দাৰোগাই কনিষ্টবলক চিঞৰি
মাতিলে ৷ ক’লে- “ তুমি খবৰ কৰাগৈচোন – এই কুকুৰজনী কাৰ আৰু এখন ৰিপ’ৰ্ট তৈয়াৰ কৰা ৷ কুকুৰজনীক তৎক্ষণাত মৰোৱাই পেলোৱাঁ ৷ এইজনী
নিশ্চয় বলিয়াই হ’ব ৷ বোলোঁ মই সুধিছোঁ
– এইজনী কাৰ ঘৰৰ কুকুৰ? ”
“ মোৰ লাগিছে এইজনী জেনেৰেল ঝিগাল’ভ চাহাবৰে হ’ব ৷” – ভিৰৰ মাজৰপৰা কোনোবাই মাত লগালে ৷
“ জেনেৰেল ঝিগাল’ভ চাহাবৰ? হুঁ ! য়েল্ডেৰিন , মোৰ কোটচোলাটো খুলি থোৱাত অলপ সহায় কৰা হে ৷ উঃ কেনে অসহ্যকৰ
গুপগুপীয়া গৰম ৷ বৰষুণ এজাক আহেহে লাগে ! কথাটো হ’লগৈ এনেকুৱা যে এইনো আজলীয়ে তোমাৰ আঙুলিটো কামুৰিবলৈকে পালে কেনেকৈ? ”
অচুমেলভে হ্ৰিউকিনৰ পিনে মূৰ কৰিলে ৷
এইটো খাটাং যে এই তোৰ আঙুলিটো ঢুকিয়ে নাপায়গৈ ৷ এধানিমান কুকুৰ এজনী ৷ আৰু তই হ’লি এটা হোলোংগোঁজ বিয়াগোম মানুহ এডাল ৷ মোৰতো ধাৰণা হৈছে তই
তোৰ আঙুলিটো গজাল এটাৰে নিজেই আঁকুহি ল’লিহঁক ৷ তাৰ
পিচত মূৰত বুদ্ধি খেলালে যে কিয়নো ইয়াকে দেখুৱাই মেলি ক্ষতিপূৰণ সৰকোৱা যাওক ৷ আমি
সকলো তলানলা গম পাওঁ অ’ বোপাই ৷ তহঁতৰ নিচিনা
পাষণ্ডবোৰৰ নোমলৈকে চিনো দে ৷ ”
-“ সি তাইৰ মুখতে জ্বলা চিগাৰেট লগাই দিছে
মহোদয় ৷ এই মানে ধৰক ৰহইছ কৰিবলৈকে ৷ আৰু তাইৰ কাণ্ডজ্ঞান আছে দিয়কচোন – ল’লে পোতক তাৰ আঙুলিতে একামোৰ মাৰি ৷ ই এটা কাণ্ডজ্ঞানশূন্য মূৰ্খ
, মহোদয় ! ”
“ গোকাট মিছা মাতিছ স্কুইণ্টিয়ে ! তইতো
দেখাই নাছিলি ইয়াত কি ঘটিলে ৷ হেৰৌ নেদেখা বিষয়ত আসৈ মাতিছনো কিয়? মহাশয় এজন ভদ্ৰলোক ৷ তেখেতে নিজেই ছালিজাৰি চাবই নহয় – কোনে
মিছা মাতিছে, কোন সত্যত আছে – যিদৰে ঈশ্বৰে সকলো দেখিয়েই
আছে ৷ যদি মই মিছা মাতিছোঁ
তাৰ বিচাৰ কাছাৰীত হ’ব ৷ এইবোৰ আইনত লিখাই গৈছে যে আজিকালি আমি সকলো সমান ৷ মোৰ সহোদৰ
ভাই এটাই ৰাজকীয় সেনাবাহিনীত আছে ৷ তোমাৰ কথা তাৰ আগত মোক উলিয়াবলৈ দিয়াঁ ৷ ”
“ কোনো ধৰণৰ তৰ্কাতৰ্কি নকৰিবি ৷”
“ নহয়, নহয় -এইটো জেনেৰেল চাহাবৰ কুকুৰ কোনোপধ্যেই নহয় ৷ ” –কনিষ্টবলে ন-দি ক’লে ৷ “ জেনেৰেল চাহাবে এনে চেৰেলি কুকুৰ ৰাখিবইবা কি সকামত? তেখেতৰ কুকুৰবোৰ কিন্তু বে’ছ ভাল দেই ৷”
“ তুমি কথাকেইষাৰ ডাঠি কৈছাই নহয় জানো? প্ৰমাণো আছে নহয়? ”
“ হয় ছাৰ ৷”
“ ময়ো কথাটো তৰ্কি চাইছোঁ ৷ জেনেৰেল চাহাবৰ
তাত দামী দামী কুকুৰ আছে ৷ ভাল সঁচৰ ৷ এইবোৰে কিডাল জানে? একেবাৰে ইতৰ জানোৱাৰ ৷ হেৰৌ এনেকুৱা কুকুৰো বাৰু কোনোবাই পোঁহেনে? এইবোৰ খা-খবৰ এইমখাই ৰাখিলেহে! এনেকুৱা কুকুৰে যদি কেনেবাকৈ
পিটাৰ্চবাৰ্গ নাইবা মস্কোত ভূমুকি মাৰেগৈ তহঁতবোৰে জাননে কি গতি হ’ব? তেওঁলোকে আৰু কোনো আইন-মোকৰ্দমালৈ
বাট নাচায় ৷ টিলিকতে ফাঁচ লগাই সিফলীয়া কৰিব ৷ তুমি বৰকৈ দুখ পালা নহয়নে হ্ৰিউকিন? আমি তোমাৰ এই কথাটো কিন্তু এনেকৈ মাৰ যাবলৈ দিব নোৱাৰোঁ ৷ আমি
ইহঁতক এপালি শিক্ষা দিবই লাগিল ৷ এইটোৱেইতো তাৰ সময় ৷ ”
“ তথাপি এইজনী জেনেৰেল চাহাবৰ হ’বও পাৰে দেই ৷” কনিষ্টবলে ভাবি থকা কথা একেবাৰে স্পষ্ট মাতেৰে ফুটিল ৷ “এইজনীৰ মুখখনলৈ চালে বাৰু তেনেকুৱা নালাগে ৷ কিন্তু সিদিনা তেখেতসকলৰ
চোতালত মই এইজনীকে লগ পাইছিলোঁ যেন পাওঁ ৷”
“ এইজনী যে জেনেৰেল চাহাবৰ কুকুৰ সেই কথাত
মোৰ হ’লে তিলমানো সন্দেহ নাই ৷” ভিৰৰ মাজৰ পৰা আকৌ এক উক্তি উৰি আহিল ৷
“ হুঁ ! য়েল্ডেৰিন মোৰ সোণাই , চাওঁ মোৰ ওভাৰকোটটো দিয়াঁচোন ৷ বতাহজাকে বৰকৈ ধৰিছে ৷ চেঁচা
পৰি গৈছোঁ মই মানুহটো ৷ তুমি এইক জেনেৰেল চাহাবৰ তালৈকে লৈ যোৱাঁ আৰু তাতে সোধপোছ কৰাঁ
৷ ক’বা যে মই মানে তোমাৰ এই ছাৰে বিচাৰি বিচাৰি তাইক পালেগৈ আৰু
তোমাৰ হাততে দি পঠাইছে ৷ আৰু ক’বা যে এনেকৈ অদহুৱে
বদহুৱে মেলি নিদিব ৷ এইজনী বৰ মূল্যবান কুকুৰেই হ’ব ৷ আৰু যদি প্ৰতিটো ছোঁৱৰৰ পুতেকে এইদৰে তাইৰ মুখত জ্বলা চুৰট লগাবলৈ লাগি যায়
-তাই নষ্ট নাপাবনে? এই কুকুৰ বোলা বস্তুটিয়েই নিচেই আলফুলীয়া, আলসুৱা ৷ এই এই তোৰ হাত নমা ৷ নমা বুলিছোঁ নাই? অপগণ্ড ক’ৰবাৰ! এইদৰে হেৰৌ গজমূৰ্খ
তোৰ সেই আঙুলিডাল তৰঙাই তৰঙাই ইয়াত একোডাল নাপাৱ ৷ এইটো তোৰ নিজৰেই ভুলৰ ফল ৷”
“ আৰে,
এয়া আমাৰ মাজত দেখোন জেনেৰেল চাহাবৰ ৰান্ধনিজনেই ওলালহি ৷ তেওঁকেই
সোধকচোন ৷ বোলোঁ হৌৰা প্ৰ’হ’ৰ – বোলোঁ আমাৰ আদৰৰ মানুহজন – এইপিনে আগুৱাই আহকচোন ৷ এই কুকুৰটিলৈ
মন কৰা ৷ এইটি তোমালোকৰে নেকি বাৰু?”
“ তোমালোকৰ মনত কি কি কথাবোৰ যে নেখেলায়!
এই জাতৰ কুকুৰ আমাৰতো কোনো কালেই নাই ৷”
“ হয়তোন, এইবোৰ সোধপোছেৰে সময় অপচয় কৰাৰ সকাম নাই
৷ ” অচুমেলভে ক’লে ৷ “এইজনী বাটৰ কুকুৰ ৷ এইজনীৰ লগত সময় সাং কৰাৰ গৰজ পৰা নাই ৷ এইজনীক
নিষ্পত্তি কৰি লেঠা ছিঙিব লাগে ৷ কথা ইমানকণেই ৷”
“ এইজনী আমাৰ কুকুৰ নহয় ৷ ” প্ৰ’হ’ৰে কৈ গৈ আছে ৷ “ এইজনীৰ মালিক হ’লগৈ আমাৰ জেনেৰেল
চাহাবৰ ভাতৃ ৷ তেখেত সৌ সিদিনাখন আহি পালেহি ৷ আমাৰ মালিকে হাউণ্ডছ পলা নাই সঁচা,কিন্তু তেওঁ এইজাতৰ কুকুৰো বৰ ভাল পায় ৷”
“ তুমি মান্যবৰেষুৰ ভাতৃ ইয়াত আহি আছেহি সেই কথাকে কোৱা নাই জানো ভ্লাডিমিৰ ইভানিট্ছ
?
”
অচুমেলভে প্ৰশ্ন কৰিলে আৰু তেওঁৰ মুখমণ্ডল
এক লাখটকীয়া হাঁহিৰে পোহৰ হৈ উঠিল ৷ “ ভাল কথা ক’লোঁ, মই এনে কাম কদাপি নকৰোঁ ৷ আৰু মই গমকে নাপাওঁ নহয় ৷ তেখেত নিশ্চয় ফুৰিবলৈ বুলিয়েই
আহিল নহয়নে বাৰু? ”
“ হয় ৷”
“ ভাল, মই এনে কদাচিতো নকৰোঁ ৷ তেখেতে তাৰ মানে নিজৰ ককায়েকক এৰি আঁতৰত বৰকৈ থাকিবই নোৱাৰে
৷ ইফালে আকৌ অমুকাই তাৰ ভুকে নাপাওঁ ৷ তাৰমানে এই আজলী কণমানিজনী মহানুভৱৰে ন ? মই জানি কৃতাৰ্থ হ’লোঁ ৷ লৈ যোৱাঁ
আইজনীক ৷ এইনো বাৰু বেয়া কুকুৰ হ’ব পাৰেনে? কেনে সতেজ সজীৱ প্ৰাণী এটি ৷ সৌডালৰ আঙুলি এটাত দিলে একামোৰ
মাৰি ৷ চাব্বাছ , কেনে মজা! হাঃ হাঃ ৷
আহাঁচোন এইপিনে! তুমিনো নল কঁপাদি কঁপিছা কিয় ? ৰ ৰ্ ৰ ৰ্ এই গোঁৱাৰটোৰ খংটো চোৱাঁ ৷ ইমান ধুনীয়া কণমানিজনী আয়ৈ দেহি! ”
প্ৰ’হ’ৰে কুকুৰজনীক কাষলৈ মাতি আনিলে আৰু কাঠ-গোদামৰ চোতালৰ পৰা তাইক
লৈ গ’ল ৷ হ্ৰিউকিন এতিয়া মানুহৰ জুমটোৰ হাঁহিয়াতৰ পাত্ৰ ৷
“ ময়ো তোৰো তেল কাঢ়িম ৰ, চাই থাক ৷” অচুমেলভে ধমক এটি দিলে
আৰু জলহু ওভাৰকোটটোত নিজকে মেৰিয়াই লৈ চাৰিআলি পাৰ হৈ নিজৰ বাট বুলিলে ৷
