ইতিহাস (History)

মূলঃ ৰ’ৱান ৰিকাৰ্ডো ফিলিপ্ছ
(Rowan Ricardo Phillips)

অসমীয়া ভাঙনিঃ ধ্ৰুৱ শইকীয়া

 

পলম হল৷ বুৰঞ্জীয়ে তোমাক এটা

চুমা খাব বুলি কৈছে৷ বিচনাত উঠাৰ পিচত৷

তুমি গুড নাইট বুলি কলাই নহয়৷

ভাগৰ লাগিছে তোমাৰ, চকু মেল খাই থাকিবই নোখোজে,,

সেয়ে তোমাৰ ইমান লৰালৰি৷

তাই আক’, গৰম দিনৰ ৰাতি যেনেকুৱা হয়, তেনেকে শুব পৰা নাই

সাৰে থাকি নিজৰে দর্শনী চাই থাকে৷ পিচত

তাই তোমাক জগাই দিয়ে

দুর্ভাগ্যবশত: এনে এক আলোকেৰে তাই তোমাৰ টোপনি ভাঙে

যি পোহৰ তুমি সুর্য্যোদয় বুলি ভুল কৰা

আচলতে কিন্তু সেয়া তাইৰ মবাইলৰ পোহৰহে৷

সেইখিনি পোহৰৰ অন্ধকাৰতে তুমি সাৰে থাকা

ভাবা, তাইৰ পৰা কিবা তুমি পাবা, অন্তত: চুমা এটা,

চকু আধা মেল খোৱা, যেন কোনোবাই সাতুৰিছে
কাষেৰে

পোহৰ নোহোৱা হ, আগতে কেতিয়াও হোৱা নাছিল এনেকুৱা .

কোনো নাহিল কাষ চাপি তোমাৰ, কাৰণ

একো যে নাই তোমাৰ পাবলগীয়া, আনকি

তাইৰ নির্লিপ্ত মাতষাৰো, তুমি নোপোৱা৷

Leave a Reply

Your email address will not be published. Required fields are marked *