ৰবীন্দ্ৰনাথ ঠাকুৰে জালিৱানাবাগৰ নৰহত্যাৰ প্ৰতিবাদত তেওঁক ব্ৰিটিছে প্ৰদান কৰা
নাইট উপাধি ঘূৰাই দি লিখা বিখ্যাত চিঠিখন – 

অনুবাদঃ নিকু দুৱৰা, নৰ্থ লখিমপুৰ কলেজ কেম্পাছ


কলকতা, ৩১ মে, ১৯১৯
প্ৰেৰক- ছাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, দ্বাৰকা নাথ ঠাকুৰ পথ
প্ৰতি,
মহামান্য ভাইচৰয়
পঞ্জা চৰকাৰ কৰ্তৃপক্ষই স্থানীয় প্ৰতিবাদ এটাক দমন কৰিবলৈ যিধৰণৰ নিষ্ঠুৰ আৰু
অত্যাচাৰী কাৰ্যপন্থা হাতত ললে সেয়া অত্যন্ত দুখজনক কথা। এই ঘটনাটোৱেই প্ৰমাণ
কৰিছে যে ব্ৰিটিছ শাসনৰ অধীনত সাধাৰণ প্ৰজাৰ অৱস্থা অত্যন্ত অসহায়জনক হৈ পৰিছে।
কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ যিধৰণেৰে অসহায় মানুহবোৰক নিৰ্যাতন চলোৱা হৈছে আৰু
ধৰি লৈ যোৱা হৈছে সেয়া অত্যন্ত নিন্দনীয়। পৃথিৱীৰ কোনো সভ্য দেশতে এনেকুৱা
বৰ্বৰোচিত ঘটনা হোৱা নাই আৰু অততীটো হোৱা নাছিল। নিৰস্ত্ৰ আৰু অসহায় মানুহবোৰৰ
ওপৰত কৰা এইধৰণৰ দমন-নিপীড়ন কৰা এই ব্যৱস্থাৰ পৰাই বুজা গৈছে যে এইখন চৰকাৰে
সাধাৰণ নাগৰিকৰ জীৱনৰ মূল্য ধ্বংস কৰিবলৈ উঠিপৰি চেষ্টা কৰিছে। এইধৰণৰ নিকৃষ্ট
ঘটনা কোনোধৰণৰ নৈতিক বিচাৰটো দূৰৈৰ কথা
, ৰাজনৈতিক বিবেচনাৰ বাবেও উপযুক্ত নহয়। আমাৰ পঞ্জাৱী ভাই-বন্ধুসকলৰ ওপৰত কৰা এই
অবৰ্ণনীয় যাতনা আৰু অপমানৰ চিঞৰ ভাৰতৰ প্ৰতিটো প্ৰান্তলৈকে গুচি গৈছে। সমগ্ৰ
বিশ্বই এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা প্ৰদান কৰিছে
 কিন্তু আমাৰ চৰকাৰে এইধৰণৰ নিন্দাবোৰক প্ৰত্যাখ্যান কৰিছে। মই ভাবিছো যে
চৰকাৰে এই ভয়ংকৰ আৰু অমানৱীয় কামটো কৰি উঠি নিজকে বাহবাঃ জনাইছে। বেছিসংখ্যক
এংলো-ভাৰতীয় বাতৰি কাকতেই এই ধ্বংসযজ্ঞক প্ৰশংসা কৰিছে। কিন্তু সেই কাকতৰ
কৰ্তৃপক্ষই এই ঘটনাটো হোৱা ঠাইক
 পৰিদৰ্শন কৰিবলৈও অহা
নাই। আমাৰ ভাৰতীয়সকলৰ ওপৰত কৰা অত্যাচাৰ আৰু আমাৰ দুখ-দুৰ্দশাক কি ধৰণৰ নিৰ্মম
ধেমালি হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে এইবোৰ কাৰুকাৰ্য তাৰেই প্ৰমাণ । মই উপলব্ধি
কৰো যে প্ৰতিশোধপৰায়ন চৰকাৰী ক্ষমতাৰ প্ৰতি এইজাতীয় আৱেদন নিতান্তই নিৰৰ্থক।
কিন্তু তথাপিও উল্লেখ কৰো যে ন্যায় প্ৰদানৰ দ্বাৰা শাসনব্যৱস্থাক আৰু অধিক
মহিমামণ্ডিত আৰু শক্তিশালী কৰি তুলিব পৰা গ
লহেঁতেন।
চৰকাৰৰ নীৰৱতা সঁচাকৈয়ে আচৰিত হ
বলগীয়া বিষয়। কিন্তু
এইমু
হূৰ্তত দেশৰ জনগণক সুৰক্ষিত কৰি ৰখাৰ
স্বাৰ্থত ময়ো প্ৰতিবাদ কৰিছোঁ। এইধৰণে আমাক অপমান কৰি থকাৰ সময়ত এইধৰণৰ সন্মান
নিতান্তই লজ্জাজনক আৰু খাপচৰা। মই মোৰ দেশৰ নিৰ্যাতিত জনতাৰ পক্ষ গ্ৰহণ কৰি এইধৰণৰ
অত্যাচাৰৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ।
       উপৰোক্ত কাৰৰ বাবে মোক প্ৰদান কৰা মহান ৰজাৰ উত্তৰাধিকাৰীসূত্ৰৰ
সন্মান
 নাইট উপাধিটো ঘুৰাই লবলৈ অত্যন্ত দুখেৰে অনুৰোধ জনাইছোঁ। আপোনাৰ এই মহানুভৱতাৰ বাবে আপোনাক আন্তৰিক
সাধুবাদ।
আপোনাৰ বিশ্বস্ত
ৰবীন্দ্ৰনাথ ঠাকুৰ


One Response

Leave a Reply

Your email address will not be published. Required fields are marked *