ষ্টিফেন হকিঙৰ সাক্ষাৎকাৰ
অনুবাদ ঃ আৰহান ইনামুল
(আপুনি APSC পৰীক্ষাৰ বাবে আগ্ৰহী নেকি? যদি হয় ক্লিক কৰক)
]মাত্ৰ২১ বছৰ বয়সতে মটৰ নিউৰণ নামৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ষ্টিফেন হকিং এই
ৰোগ ধৰা পৰাৰ পিছত মাত্ৰ কেইবছৰমানহে জীয়াই থাকিব বুলি আশা কৰা হৈছিল । বিজ্ঞানৰ এটা জনপ্ৰিয় ব্লগ “নিউ
চায়েন্টিষ্ট”ত সেই যুগপুৰুষ জনাৰ এটা সাক্ষাৎকাৰ প্ৰকাশ পাইছিল ২০১২ চনৰ
জানুৱাৰী মাহত । সেই সাক্ষাৎকাৰত ষ্টিফেন হকিঙৰ মনৰ ভিতৰৰ কথাবোৰ,
তেওঁৰ জীৱনৰ বিষয়ে জানিবলৈ চেষ্টা কৰা
হৈছিল । সেই সাক্ষাৎকাৰত ষ্টিফেন হকিঙে প্ৰকাশ কৰা কথাবোৰ পাঠকৰ সুবিধাৰ্থে অলপ
সৰলকৈ ব্যাখ্যা কৰি “নিউ চায়েন্টিষ্টে” প্ৰকাশ কৰিছিল । এই লেখকে সেই
সাক্ষাৎকাৰ অসমীয়ালৈ সৰলভাৱে অনুবাদ কৰিবলৈ চেষ্টা কৰিছে ,
যিহেতু সকলো পাঠক বিজ্ঞানৰ কিছুমান ৰাশি,
সংজ্ঞাৰ লগত পৰিচিত ন‘হবওঁ পাৰে সেয়ে
ব্লগৰ ইংৰাজীৰ সাক্ষাৎকাৰটো অপৰিবৰ্তিত
ভাৱে অনুবাদ কৰাৰ লগতে অনুবাদটোত উল্লেখ কৰা বিজ্ঞানৰ জটিল কথাবোৰো সৰলকৈ ব্যাখ্যা
কৰিবলৈ চেষ্টা কৰা হৈছে ।
প্ৰশ্ন নং ১:-
আপোনাৰ কৰ্মজীৱনৰ সময়চোৱাৰ ভিতৰত পদাৰ্থ
বিজ্ঞানৰ ক্ষেত্ৰখনত আটাইতকৈ উৎসাহজনক বিকাশ কি হৈছে বুলি ভাৱে ??

হকিঙৰ উত্তৰ:- মহাজাগতিক মাইক্ৰ‘ৱেইৱৰ পৃষ্ঠভূমিৰ উষ্ণতাত COBE’ৰ সূক্ষ্ম পৰিৱৰ্তন হোৱাৰ যি আৱিষ্কাৰ
সেয়া আৰু WMAPয়ে যে নিশ্চিত কৰিছে যে ই মহাশূণ্যৰ স্ফিতাৱস্থাৰ
সম্ভাৱনাৰ সৈতে সন্মত সেই আৱিষ্কাৰ । প্লেংকৰ কৃত্ৰিম উপগ্ৰহে মহাশূন্যৰ স্ফিতাৱস্থাই সম্ভাৱনা দিয়া মধ্যাকৰ্ষণীক তৰংগৰ উপস্থিতি ধৰা পেলাব আৰু ই হ‘ব সমগ্ৰ মহাকাশত লিখিত থকা কোৱান্টাম
মহাকৰ্ষণৰ উপস্থিতিৰ প্ৰমাণ ।

নিউ চায়েন্টিষ্ট আৰু অনুবাদকৰ ব্যাখ্যা
:- COBE (The Cosmic Background Explorer) আৰু WMAP(Wilkinson Microwave Anisotropy
Probe) হ‘ল দুটা কৃত্ৰিম উপগ্ৰহ যি মহাজাগতিক
মাইক্ৰ‘ৱেইৱ
পৃষ্ঠভূমি (Cosmic Microwave Background)ৰ মান জোখে । এই মহাজাগতিক মাইক্ৰ‘ৱেইৱ হ‘ল বিগ বেঙ বা মহাবিষ্ফোৰণৰ পিছত
মহাশূন্য বিয়পি পৰা বিস্ফোৰণ পশ্চাৎ এক জিলিকনিৰ তৰংগ । ইয়াৰ উষ্ণতা প্ৰায়
সুষম বা ইউনিফৰ্ম , যি ইনফ্লেইশ্যন বা মহাশূন্য স্ফীটাৱস্থাৰ সম্ভাৱনা সজোৰে
প্ৰতিপন্ন কৰে । অৰ্থাৎ ই ব্যাখ্যা কৰে যে মহাবিস্ফোৰণৰ পিছতেই মহাশূন্য প্ৰসাৰণ
আৰম্ভ হৈছিল , অৰ্থাৎ মহাশূন্যৰ ইনফ্লেইশ্যন বা স্ফিটাৱস্থাৰ সৃষ্টি হৈছিল
।

যদি প্ৰকৃততে এই ইনফ্লেইশ্যন সংঘটিত
হৈছিল তেন্তে ইয়াৰ বাবে স্থান-কালৰ মাজেৰে কিছুমান মধ্যাকৰ্ষণীয় তৰংগৰ ঢৌ পাৰ হৈ
যাব যি মহাজাগতিক মাইক্ৰ‘ৱেইৱ পৃষ্ঠভূমিৰো পৰিৱৰ্তন ঘটাব যি পৰিৱৰ্তন আমি এতিয়াওঁ
ধৰা পেলাব পাৰোঁ । প্লেংকৰ কৃত্ৰিম উপগ্ৰহ , ইউৰোপীয়ান স্পেইচ এজেঞ্চীৰ দ্বাৰা
মহাজাগতিক মাইক্ৰ‘ৱেইৱ পৃষ্ঠভূমিৰ অধ্যয়নৰ যি মিশ্যন তাৰ সহায়ত আমি সেই
মধ্যাকৰ্ষণীয় তৰংগৰ উপস্থিতি ধৰা পেলাব পাৰিম ।

প্ৰশ্ন নং ২:- আইনষ্টাইনে কৈছিল যে
“মহাজাগতিক ধ্ৰুৱক”ৰ ধাৰণাটো পদাৰ্থ বিজ্ঞানৰ আটাইতকৈ ডাঙৰ “শূন্যত গদা ঘুৰোৱা”ৰ দৰে ধাৰণা,
এটা অলীক ধাৰণা বুলি ,
এই বিষয়ত আপোনাৰ মত কি ?

হকিঙৰ উত্তৰ:- মই এটা সময়ত ভাৱিছিলো
যে “মহাজাগতিক ধ্ৰুৱক”ৰ তথ্য কৃষ্ণ গহ্বৰত ধ্বংস হৈ গ‘ল কিন্তু AdS/CFT
ৰ কৰেস্প‘ণ্ডেন্সে মোৰ মত সলাবলৈ বাধ্য কৰিলে ।
এইটো মোৰ জীৱনত বা বিজ্ঞানৰ জগতত আটাইতকৈ ডাঙৰ শূন্যত গদা ঘুৰোৱা কথা আছিল ।

নিউ চায়েন্টিষ্ট আৰু অনুবাদকৰ
ব্যাখ্যা:- কৃষ্ণ গহ্বৰে সকলো বস্তুৱেই শোষণ কৰে , এটা সময়ত বিজ্ঞানী সকল নিশ্চিত আছিল যে
কৃষ্ণ গহ্বৰে তথ্যও হজম কৰে , অৰ্থাৎ কৃষ্ণ গহ্বৰে শোষণ কৰাৰ আগলৈকে কোনো এটা বস্তু বা
তাৰ ক্ৰিয়া, প্ৰক্ৰিয়া, ঘটনা আদিৰ তথ্যওঁ বস্তটোৰ লগতেই কৃষ্ণ
গহ্বৰত জাঁহ যায় । কিন্তু ১৯৭৫ চনত ষ্টিফেন হকিঙে তেওঁৰ ইজৰাইলী বিজ্ঞানী বন্ধু
জেকব বেকেনষ্টাইনৰ সহযোগত প্ৰমাণ কৰি দেখুৱাইছিল যে কৃষ্ণ গহ্বৰে ধীৰে ধীৰে বিকিৰণ
এৰে , যি
বিকিৰণ কৰে সেয়া বাস্পীভূত হয় আৰু এটা সময়ত অদৃশ্য হৈ যায় । গতিকে কৃষ্ণ
গহ্বৰে শোষণ কৰি লোৱা তথ্যবোৰৰ কি গতি হয় ?? দশকজুৰি হকিঙে দাবী কৰি আহিছিল যে কৃষ্ণ
গহ্বৰে এই শোষণ কৰা তথ্যবোৰো হজম কৰি পেলাই আৰু হকিঙৰ এই ধাৰণাটো এটা ডাঙৰ
প্ৰত্যাহ্বান আছিল ধাৰাবাহিকতা, কাৰণ আৰু প্ৰভাৱৰ ধাৰণাৰ সন্মূখত । অৰ্থাৎ মহাশূন্যত কোনো
এটা মহাজাগতিক বস্তুৰ সৃষ্টি, সৃষ্টিৰ কাৰণ , সি এৰা বা বিকিৰণ কৰা তৰংগ,
শক্তি আৰু মহাশূন্যত তাৰ প্ৰভাৱ আদিৰ
ধাৰণা সেই বস্তটো কৃষ্ণ গহ্বৰত জাঁহ যোৱাৰ পিছত উদ্ধাৰ কৰা সম্ভৱ নহয় বুলি এটা প্ৰত্যাহ্বান
আছিল । যি কি নহওঁক ১৯৯৭ চনত মতবাদক জুৱান মাল্ডাচেনাই এটা গাণিতিক
চমূ পথ উদ্ভাৱন কৰে , যাক “Anti-de-Sitter/Conformal
field theory correspondence” বা চমুকৈ AdS/CFT বুলি জনা যায় । এই কৰেস্পণ্ডেন্স মতবাদে আকুঁচিত স্থান-কাল
জ্যামিতিত মহাশূন্য মহাজাগতিক ঘটনাবোৰক এডাল শৃংখলত গাঁঠে ,
যেনে এটা কৃষ্ণ গহ্বৰত সংঘটিত শোষণ বা
মহাশূন্য সীমাত সংঘটিত যিকোনো সৰল পদাৰ্থ বৈজ্ঞানিক পৰিঘটনা সমূহ । ২০০৪ চনত
হকিঙে এই মতবাদ ব্যৱহাৰ কৰি দেখুৱাই যে এটা কৃষ্ণ গহ্বৰে কিদৰে শোষণ কৰা বস্তৰ
তথ্য পুণৰ মহাশূন্যলৈ ইয়াৰ(কৃষ্ণ গহ্বৰৰ) সীমাৰ(ইৱেন্ট হৰাইজনত)
কোৱান্টাম-মেকানিকেল অস্থিৰতাৰ মাজেদি বতিয়াই দিয়ে । হকিঙে যিহেতু আগতে দাবী
কৰিছিল যে কৃষ্ণ গহ্বৰে শোষণ কৰা তথ্যবোৰো হজম কৰে আৰু ওলোটাই পোৱা সম্ভৱ নহয়
সেয়ে এই বিষয়ত তেওঁ বন্ধু মতবাদক জন প্ৰেস্কিলৰ লগত এটা বাজী মাৰিছিল কিন্তু এটা
দশক পিছত হকিঙে সেই বাজী নিজৰ আৱিস্কাৰৰ যোগেদিয়েই হাৰিছিল ।

প্ৰশ্ন নং ৩ :- কি আৱিষ্কাৰ হ‘লে মহাকাশক আৰু ভালকৈ বুজিবলৈ সহায়ক হ‘ব বুলি ভাৱে বা মহাকাশখনক বুজাত এক
বৈপ্লৱিক প্ৰভাৱ পেলাব ?
বৈপ্লৱিক প্ৰভাৱ পেলাব ?
হকিঙৰ উত্তৰ:- অদ্যাপি আমি জনা মৌলিক
কণাবোৰৰ ( ইলেক্ট্ৰন, প্ৰ‘টন, নিউট্ৰন, ফ‘ট‘ন ইত্যাদি) অতি-সদৃশ সংগী কণাবোৰৰ আৱিষ্কাৰ হ‘লে মহাকাশক বুজাৰ ক্ষেত্ৰত এক বৈপ্লৱিক
প্ৰভাৱ পৰিব । লাৰ্জ হেড্ৰন কলাইডাৰতেই হয়তো ইয়াৰ আৱিষ্কাৰ হ‘ব । এম-থিয়ৰীৰ বাবে ই এক শক্তিশালী
প্ৰমাণ হ‘ব ।
কণাবোৰৰ ( ইলেক্ট্ৰন, প্ৰ‘টন, নিউট্ৰন, ফ‘ট‘ন ইত্যাদি) অতি-সদৃশ সংগী কণাবোৰৰ আৱিষ্কাৰ হ‘লে মহাকাশক বুজাৰ ক্ষেত্ৰত এক বৈপ্লৱিক
প্ৰভাৱ পৰিব । লাৰ্জ হেড্ৰন কলাইডাৰতেই হয়তো ইয়াৰ আৱিষ্কাৰ হ‘ব । এম-থিয়ৰীৰ বাবে ই এক শক্তিশালী
প্ৰমাণ হ‘ব ।
নিউ চায়েন্টিষ্ট আৰু অনুবাদকৰ
ব্যাখ্যা:- অতি-সদৃশ সংগী কণাৰ সন্ধান চাৰ্ণৰ লাৰ্জ হেড্ৰন কলাইডাৰৰ এক অন্যতম
বৃহৎ লক্ষ্য । হিগচ্ ব‘চ‘ন (জনপ্ৰিয় ভাৱে গড পাৰ্টিকল) কণাৰ আৱিষ্কাৰে কণা-পদাৰ্থ
বিজ্ঞানৰ “কণাৰ আদৰ্শ মতবাদ”ক সম্পূৰ্ণ কৰিব । ইয়াৰ দ্বাৰা অদ্যাপি
আমাৰ চিনাকী মৌলিক কণাবোৰৰ একো একোটা গধুৰ অতি-সদৃশ সংগী আৱিষ্কাৰ হ‘লে মৌলিক কণাবোৰৰ লগত জড়িত বহু সমস্যাৰ
সমাধান পোৱা যাব । এই অতি-সদৃশ সংগী কণাৰ উপস্থিতিয়ে এম-থিয়ৰীক প্ৰতিষ্ঠা কৰিব ।
এম-থিয়ৰী হ‘ল ষ্ট্ৰিং মতবাদৰ ১১ মাত্ৰিক ৰূপ যি “থিয়ৰী অৱ
এৱৰিথিং”ক এতিয়াও চুৰিকাঘাট কৰি থাকে , এই “থিয়ৰী অৱ এৱৰিথিং”য়ে
মহাকৰ্ষণৰ লগতে প্ৰকৃতিৰ আন সকলো বলকেই এডাল সূতাৰে একত্ৰ কৰি বান্ধিব । “M-theory”
ৰ “M”টোক পাঠকে নিজৰ পছন্দ অনুযায়ী সদ্যহতে
“মেইজিক”, “মিজৰী”, “মেম্ব্ৰেইঞ্চ” আদি বুলিব পাৰে ।

প্ৰশ্ন নং ৪:- যদি আপুনি আজিৰ পৰা
কৰ্মজীৱন আৰম্ভ কৰিবলৈ ওলোৱা এগৰাকী যুৱ পদাৰ্থ বিজ্ঞানী হ‘ল হেঁতেন তেওঁ সৰ্বপ্ৰথমে আপুনি কি
অধ্যয়ন/গৱেষণা কৰিলে হেঁতেন ?

হকিঙৰ উত্তৰ:- হয়তো মই নতুন আইডিয়া এটা
লৈ আগবাঢ়ি গৱেষণা কৰিলোঁহেতেঁন যি নতুন নতুন অধ্যয়নৰ ক্ষেত্ৰ মুকলি কৰিব ।

প্ৰশ্ন নং ৫:- দিনজুৰি আটাইতকৈ বেছিকৈ
আপুনি কিহৰ বিষয়ে চিন্তা কৰে ?
আপুনি কিহৰ বিষয়ে চিন্তা কৰে ?
হকিঙৰ উত্তৰ:- নাৰীৰ বিষয়ে !! তেওঁলোক
সম্পূৰ্ণ ৰহস্যময়ী !!
সম্পূৰ্ণ ৰহস্যময়ী !!
তলৰ ছবিখনত দেখিব যে হকিঙৰ কেমব্ৰিজ
বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ত তেওঁৰ প্ৰিয় অভিনেত্ৰী মেৰিলিন মনৰ‘ৰ এখনি আলোকচিত্ৰ ৰখা হৈছে –