তৰোৱাল
বনাম আত্মা
(Sword vs Spirit)


মূল : মহাত্মা গান্ধী

অনুবাদ : ৰাজীৱ দত্ত



এজন বন্ধুয়ে “My
Magazine “
আলোচনীৰ
পৰা তলৰ মনোগ্ৰাহী অংশটো মোলৈ পঠিয়াইছে –

নেপোলিয়নৰ দৰে আজিলৈকে কোনো বিজয়ীয়ে যুদ্ধেৰে অধিক লাভ
কৰিবলৈ সক্ষম হোৱা নাই
ফ্ৰান্সৰ সম্রাট, যিজনে এজন ক্ষুদ্ৰ কৰ্চিকান সেনা বিষয়া হিচাপে জীৱন আৰম্ভ কৰিছিল, কম সময়ৰ বাবে হলেও ইউৰোপক পৰাভূত কৰি ইয়াৰ সীমাবোৰৰ
পৰিবৰ্তন কৰাৰ লগতে ৰাজপাটসমূহলৈ বিপৰ্যয় নমাই আনিছিল
তথাপি নেপোলিয়নে বুজি উঠিছিল যে যুদ্ধৰ ওপৰত নিৰ্ভৰশীল হোৱাতো এক মাৰাত্মক ভুলতেওঁ কৈছিল যে পৃথিৱীত মাত্র দুটা শক্তিয়েই আছে
তেওঁ এই কথাষাৰ পৰাভূত হৈ
নিৰ্বাসিত হোৱাৰ সময়ত কোৱা নাছিল
তেওঁ এই কথাষাৰ কৈছিল
সফলতাৰ শীৰ্ষতম স্হানত থকাৰ সময়ত
তেওঁ কোৱা শক্তি দুটা হল – আত্মা আৰু তৰোৱালদীঘলীয়া যাত্রাত তৰোৱালক সদায় আত্মাই
পৰাভূত কৰে


এতিয়া আমি প্রশ্ন কৰিব পাৰোঁ যে যদি নেপোলিয়নে যুদ্ধৰ
অৰ্থহীনতাক সহজতে বুজি উঠিছিল তেতিয়াহ
লে তেওঁ কিয় ধাৰাবাহিকভাৱে
যুদ্ধত লিপ্ত হৈছিল
? ৱাটাৰলুট তেওঁৰ হাতৰ পৰা তৰোৱাল খহি
নপৰালৈকে কিয় তেওঁ যুদ্ধৰ পৃষ্ঠপোষকতা কৰিছিল
? আংশিকভাৱে ইয়াৰ কাৰণ হৈছে
আমাৰ দৰে তেৱো সদায় তেওঁৰ দ্বাৰা প্রচাৰিত নীতিক অভ্যাস কৰা নাছিল আৰু আংশিকভাৱে
ইয়াৰ কাৰণ হৈছে অন্যান্য ৰজা আৰু সম্রাটসকলে তাক হ
বলৈ দিয়া নাছিলতেওঁলোক তেওঁৰ দৰে জ্ঞানী নাছিলযেতিয়া তেওঁ শান্তিৰ বাবে
অনুৰোধ কৰিছিল
, তেতিয়া সেইসকলে নেপোলিয়নৰ আচৰণত সততাৰ
অভাৱ দেখিছিল
এক ভয়ংকৰ যুদ্ধৰ পৰিসমাপ্তিত তেওঁ অষ্ট্রিয়াৰ
সম্রাটলৈ এই অনুৰোধ কৰিছিল –
হাজাৰ হাজাৰ ফৰাচী আৰু
অষ্ট্রিয়ানক হত্যা কৰা হ
ইয়াৰ ধাৰাবাহিক
সম্ভাৱনীয়তাই মোক এনেকৈ ভয়াৰ্ত কৰি তুলিছে যাৰ বাবে আপোনাক ব্যক্তিগতভাৱে মই এটা
অনুৰোধ কৰিব বিচাৰিছোঁ। 
পোন্ধৰ হাজাৰ সৈনিকৰ মৃতদেহৰ যন্ত্ৰণাত
দগ্ধ হৈ মই
, হে ৰাজন,
আপোনাক এটা সতৰ্কমূলক
অনুৰোধ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ
আপুনি পৰিস্থিতিৰ পৰা আঁতৰত
আছে আৰু সেইবাবে মোৰ দৰে পৰিস্থিতিত প্রত্যক্ষভাৱে জৰিত হৈ গভীৰভাৱে আপুনি ক্ষত
বিক্ষত হোৱা নাই
।”



আহক আমি আমাৰ প্রজন্মক শান্তি আৰু সম্প্রীতি প্রদান কৰোঁ। যদি পিছৰ প্রজন্মই মূৰ্খৰ দৰে যুদ্ধ কৰে তেতিয়াহলে তেওঁলোকৰ জ্ঞানোদয় হব বহু বছৰৰ যুদ্ধৰ পিছতহে
আৰু তেতিয়াহে তেওঁলোকে শান্তিৰে ইজনে সিজনৰ লগত বসবাস কৰিবলৈ শিকিব
।”



ভাৰতে কংগ্ৰেছৰ যোগেদি যি অহিংসা লাভ কৰিছে, তৰোৱালৰ পৃষ্ঠপোষকতা কৰা পৃথিৱীক তৰোৱালতকৈ যে আত্মা ব্যক্তিগত জীৱন আৰু
ৰাষ্ট্ৰ দুয়োটা পৰ্যায়তে শ্ৰেষ্ঠ তাক প্রদৰ্শন কৰক

Leave a Reply

Your email address will not be published. Required fields are marked *