মূল: ফ্ৰানজ কাফকা

ইংৰাজী অনুবাদ: টানিয়া আৰু জেমছ ষ্টাৰ্ন

অসমীয়া অনুবাদ: জ্যোতিশিখা দত্ত

ৰাতিপুৱা খুব সোনকাল আছিল ৰাস্তাবোৰ পৰিস্কাৰ আৰু অকলশৰীয়া মই ষ্টেচনলৈ গৈ আছিলো মই যেতিয়া টাৱাৰ ক্লকটোৰ লগত মোৰ ঘড়ীতো মিলাবলৈ লৈছিলো তেতিয়াহে মই উপলব্ধি কৰিছিলো যে মই ভবাতকৈ মোৰ বহু পলম আৰু মই খৰ খেদা কৰা উচিত
এই উপলব্ধিয়ে মোক এক অভিঘানিত অৱস্থালৈ ঠেলি নিছিল আৰু মোৰ বাটটোলৈ মই অনিশ্চিত হৈ পৰিছিলোঁ মই তেতিয়াও নগৰখন ভালকৈ জনা নাছিলো ভাগ্যক্ৰমে তাত আৰক্ষীৰ লোক এজন আছিল মই তেওঁৰ ওচৰলৈ দৌৰি গৈছিলোঁ আৰু উৰ্ধ্বশ্বাসে মোৰ বাট কোনটো সুধিছিলোঁ তেওঁ হাঁহিছিল আৰু মোক সুধিছিলতুমি মোক বাট কোনটো সুধিছা?”

হয়“, মই কৈছিলোঁযিহেতু মই মোৰ বাট বিচাৰি পোৱা নাই

ইয়াক পৰিত্যাগ কৰা, ইয়াক পৰিত্যাগ কৰা“, তেওঁ কৈছিল আৰু হঠাৎ এক কঁপনিৰ সৃষ্টি কৰি এনেকৈ ঘূৰি দিছিল যেন কোনোবাই নিজৰ হাঁহিৰ লগত অকলে সহবাস কৰিব বিচাৰে

Leave a Reply

Your email address will not be published. Required fields are marked *