ইংৰাজী গল্পৰ অসমীয়া অনুবাদ

আপোন গাঁও
মূল (ইংৰাজী) : ৰিচাৰ্ড ঊইলচন
অনুবাদ : ৰঞ্জনা দত্ত

 

পুৰণা ঘৰটোৰ সমূখত থিয়
হৈ ৰিমীয়ে স্ফুৰ্তিত চিঞৰি উঠিল,

-“ চোৱাচোন নীল , মোৰ
যিটো ঘৰত জন্ম হৈছিল এই ঘৰটো দেখিবলৈ একেবাৰে তেনেকুৱা । একেই আগফালৰ গাড়ী থোৱা
বাৰান্দা…. ডাঙৰ ডাঙৰ খিৰিকি ,দৰজা ,সকলোবোৰ একে ধৰণৰ ”।

ৰিমীৰ পতি নীলে ৰিমীক
সৰু কালৰে পৰা চিনি পায় । সি জানে ৰিমীহঁতৰ ঘৰটো একেবাৰে এনেকুৱা নাছিল । কিন্তু
সি একো প্ৰতিবাদ নকৰিলে । সি মাত্ৰ ক’লে ,

-“ ঠিকেই কৈছা ৰিমী ,
কিছু মিল আছে দেখিছোঁ । ব’লা ঘূৰি যাওঁ এইবাৰ ”। ইয়াৰ পাছত সি একো নভবাকৈ এনেকুৱা
এটা কথা কৈ পেলালে যে তাৰ নিজৰ গালতে চৰিয়াবৰ মন গ’ল ।

-“ ব’লা সোনকালে,
সন্ধিয়া হ’বৰ হ’ল ”।

সঁচাকৈয়ে সন্ধ্যা
লাগিবলৈ আৰম্ভ কৰিছিল । কিন্তু সেইটো কেৱল ইয়াতহে। আৰু সেইবাবেই ঠাইখন এৰি যোৱাটো
ৰিমীৰ বাবে আৰু বেছি কষ্টদায়ক হ’ব।

-“ অঁ হৈছেতো ” । তাই
ক’লে

– “ কিমান সুন্দৰ
চোঁৱাচোন ! ৰাস্তাৰ লাইট বোৰ কি ধুনীয়াকৈ জ্বলি উঠিছে । অলপ অলপ কৈ চটিয়াই দিয়া
লাইটৰ পোহৰ বোৰ কিযে ভাল লাগিছে । সৌৱা চোৱা আমাৰ ঘৰটোৰ ভিতৰতো এটা লাইট জ্বলি
উঠিছে ”।

-“ ঠিক আছে । এতিয়া
যাওঁ ব’লা ”। অকণমান বিৰক্ত হৈ নীলে উত্তৰ দিলে -“ মোৰ খুব ভৰি বিষাইছে ”।

-“ অহ ! চৰি সোনা । আমি
গোটেই চহৰ খনেই খোজকাঢ়ি ঘুৰি ফুৰিছো নহয়! ব’লা সমূখৰ পাৰ্ক খনত বহি অকনমান জিৰাই
লওঁগৈ । সন্ধিয়া নামি অহা চাবলৈ মোৰ ইমান যে ভাল লাগে !”

সিহঁত দুয়ো গৈ সমূখৰ
কাঠৰ বেঞ্চ এখনত বহিলগৈ । ক্লান্ত নীল চকীখনত অলপ হেলান দি কিছু আৰাম কৰি বহিলে ।
অতি উৎসাহী ৰিমীয়ে একেবাৰে চিধা হৈ বহি ডিঙিটো ইফালে সিফালে ঘূৰাই চাৰিওফালে চোৱাত
ব্যস্ত আছিল আৰু কেতিয়াবা কিবা চিনাকি গছ বা জোপোহা, ৰাস্তাৰ কাষৰ ৰঙা ইটাৰ ঘৰটো
বা চহৰৰ শেষ কোণত থকা মন্দিৰটোৰ চুড়াটোৰ ফালে চাই মাজে মাজে উচ্ছাসিত হৈ পৰিছিল ।
স্ফুৰ্তিত অনৰ্গল ভাবে কথা কৈ গৈছিল তাই। এই সময়তে হঠাতে তাইৰ সমূখৰ ফুটপাথটোত
চকেৰে আঁকি থোৱা চাৰিকুণীয়া ঘৰবোৰ চকুত পৰিল।

-“ আৰে এইবোৰ আমি সৰুতে
পাথৰ লৈ জপিয়াই জপিয়াই খেলা এমআইএছ খেলাৰ ঘৰ । বাঃ কি মজা! কোনে আঁকিলে ঘৰবোৰ ?
ল’ৰা ছোৱালী বোৰ কলৈ গ’ল বাৰু?”

-“ চোৱা ৰিমী , তুমি
জানা যে ইয়াত কোনো ল’ৰা ছোৱালী নাই ”।

কথাটো শুনিয়ে ৰিমীৰ
মেজাজ গৈ তুঙ্গত উঠিলে । খঙত ৰঙা পৰি তাই নীলৰ ফালে চাই ক’লে

-“ তুমি সদায় মোৰ
স্ফুৰ্তি বোৰত পানী ঢালি দিয়া কিয় কোৱাচোন? এইবোৰ কথা তুমি মোক এতিয়া মনত পেলাই
নিদিলেও হ’ল হেঁতেন! মোৰ কি নিজৰ কল্পনাৰ জগত খনত থকাৰ অকণমান অধিকাৰো নাই নেকি?”

-“ মই চিন্তা কৰিছো
যাতে তুমি আৰু বেছি কল্পনা প্ৰৱণ হৈ নপৰা । ইয়াৰ পিছত তুমি অসুস্থ হৈ পৰিবা । মোৰ
আৰু কি?”

-“ ঠিক আছে- কৈ যোৱা
আৰু কৈ যোৱা । কৈ যোৱা এইবাৰ মোৰ নাৰ্ভাছ ব্ৰেক ডাউন হ’ব। তাৰ পিছত মই বদ্ধ উন্মাদ
বা পাগল হৈ যাম । মোৰ নিচিনা এজনী পাগলীৰ লগত বিয়া হৈছা বুলি তুমি খুব কষ্টত আছা
সেয়েতো?”

নীলে তাইক শান্ত ভাবে
বুজাবলৈ চেষ্টা কৰিলে।

-“ তোমাৰ মূৰৰ কোনো গণ্ডগোল
নাই । তোমাৰ কেবল ঘৰলৈ মনত পৰি মনটো বেয়া লাগিছে । ইয়াত থাকিলে সকলোৰে এনেকুৱাই হয়
। মোৰো হয়। মই মাত্ৰ এইটোৱেই বিছাৰিছো যে তুমি এইবোৰ দেখি যাতে বেছি ধৰণে আবেগ
প্ৰৱণ হৈ নপৰা ”।

ৰিমী জাঙুৰ খাই উঠিল ।

-“ আবেগ? তুমি এতিয়াও
সঁচা আবেগ কাক কয় দেখা নাই ”।

তাই বেগটো খুলি বেগৰ
পৰা কিবা এটা উলিয়াই চকেৰে আঁকি থোৱা খেলাৰ ঘৰ বোৰৰ ওপৰত দলিয়াই দিলে ।

-“ মই তোমাক এতিয়া
দেখুৱাম সচা আবেগ প্ৰৱণ হোৱা বুলি কাক কয় ”।

ৰিমীয়ে খেলিবলৈ আৰম্ভ
কৰিলে। নীলে দেখিলে ৰিমীয়ে অত্যন্ত দামী ৰিমোট কন্ট্ৰোল এটা হাতত লৈ তাক পাথৰৰ
টুকুৰাৰ দৰে ঘৰবোৰৰ ওপৰত দলিয়াই জপিয়াই জপিয়াই খেলাত লাগিছে । ওচৰেদি পাৰ হৈ যোৱা
এহাল দম্পতীয়ে ৰিমীক দেখি মিচিকিয়াই হাঁহিলে । নীল খুব লাজত পৰিল।

তেওঁলোক চকুৰ আঁতৰ
নোহোৱালৈকে সি অপেক্ষা কৰিলে। তাৰপিছত বহাৰ পৰা উঠি ৰিমীৰ হাতত টেপা মাৰি ধৰি কিছু
কাঢ়াকৈ তাইক ক’লে

-“ চোৱা তোমাক আৰু মই
এইবোৰ কাণ্ড কৰি থাকিবলৈ দিব নোৱাৰো । বহুত হ’ল । এইবাৰ আমি ঘৰলৈ যাম ”

জোৰত আঁচাৰ মাৰি হাতখন
এৰুৱাই ৰিমীয়ে ক’লে

-“ তুমি যোৱা । তোমাৰ
জীৱাণু মুক্ত প্ৰদূষণ মুক্ত , ঠাণ্ডা ৰাজ্যখনলৈ যোৱা । হে মানৱ সভ্যতাৰ মহান বাহক
তুমি যোৱা -মই ইয়াতেই থাকিম ”।

-“ তুমি ইয়াত থাকিব
নোৱাৰা । অকণমান বাস্তব বাদী হোৱা ৰিমী ”

-“ মন্দিৰৰ কাষত এটা
হোটেল আছে । মই দেখিছো । যিমান দিন মোৰ পাল নাহে মই তাতে থাকিম । কিমান দিননো আৰু!
মাত্ৰ কেইমাহমান বাকী আছে। হয়তো তাত মাহেকীয়া হিচাপে ভাৰা লোৱাৰো বন্দবস্ত আছে ”।
তাই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে।

“ ৰিমী এইবোৰ সঁচা নহয়
। সমূখৰ সেই চিনেমা হল , ডাঙৰ বজাৰ খন আৰু সজাই থোৱা সকলো বস্তুৰ দৰেই হোটেলখনো
মিছা ”।

“ চুপ থাকা তুমি ”
ৰিমীয়ে কিছুসময় ৰৈ নীলৰ ফালে চালে । তাইৰ চকুদুটা অস্বাভাৱিক ধৰনৰ ডাঙৰ আৰু ৰঙা হৈ
পৰিছে।

“ মোৰ ওচৰৰ পৰা এইবোৰ
কাঢ়ি নিনিবা । মই কোনোমতে এইবোৰ ইমান দিনৰ মূৰত বিচাৰি পাইছো । মই এইবোৰ আৰু
হেৰুৱাব নোৱাৰো – কেতিয়াও নোৱাৰোঁ ”।


তাই কান্দিবলৈ আৰম্ভ
কৰিলে , হঠাতে পাগলৰ দৰে হাঁহিবলৈ ধৰিলে – আকৌ চিঞৰি চিঞৰি কান্দিবলৈ ল’লে -আৰু
তাৰপিছত অজ্ঞান হৈ পৰিল । নীলে তাইক কোনোমতে ধৰি ঘাঁহনিৰ ওপৰত শুৱাই দিলে । এজোপা
কৃত্ৰিম গছৰ তলত থকা কৃত্ৰিম ঘাঁহৰ ওপৰত…. । নকল আকাশ খনত তেতিয়া জলমলাই আছিল
কিছুমান নকল তৰা।

কোনোবাই নিশ্চয় মন কৰি
আছিল , কিয়নো প্ৰায় লগে লগেই ৰঙা লাইট জ্বলাই, চাইৰেন বজাই বজাই এখন এম্বুলেঞ্চ
আহি উপস্থিত হ’লহি। এওঁলোকৰ ব্যৱস্থাপনা সঁচাকৈয়ে প্ৰশংসনীয় , আনকি এম্বুলেঞ্চ খনো
যেন পৃথিৱীৰ পুৰণা দিনৰ পৰাহে আহি পাইছে ! ওপৰৰ ৰঙা লাইটটোৰ পৰা তলৰ নম্বৰ প্লেট
খনলৈকে একেবাৰে নিখুঁত ।

দুজন মানুহে তৰিৎ গতিত
এম্বুলেঞ্চৰ পৰা জঁপিয়াই নামিলে । স্ট্ৰেচাৰত ৰিমীক তুলি দি এজনে সুধিলে – “
গুৰুতৰ কিবা হৈছে নেকি নীল ”?

-“ নাই ” নীলে উত্তৰ
দিলে ।

” চাৰে ছবছৰ
একেৰাহে চন্দ্ৰ উপনিৱেশত কটোৱাৰ ফল আৰু কি ! একেলগে ইমানবোৰ পুৰণি স্মৃতি বিজড়িত
বস্তু দেখি তেওঁৰ সহ্য ন’হল ” । সি এম্বুলেঞ্চৰ পিছফালে উঠি বহি ল’লে ।

দৰজাখন খুলি নীল
বাহিৰলৈ ওলাই আহি দেখিলে চন্দ্ৰৰ দিগন্ত জুৰি থকা বিস্তৃত শুকান পাথৰৰ মৰুভূমি খন
এটা নীৰস লাইটে পোহৰাই আছে । পিছফালে এৰি অহা কৃত্ৰিম গধূলিৰ হেঙুলি আভা আৰু নাই ।
ৰিমীক এখন অত্যাধুনিক এম্বুলেঞ্চত উঠাইছে । সি পিছলৈ ঘূৰি চাই দেখিলে কৃত্ৰিম চহৰ
খনৰ মূল গেট খনৰ ওপৰত কেইটামান আখৰ জলমলাই আছে –

“ আপোন গাঁও ।

পৃথিৱী ।

প্ৰৱেশ মৃল্য – ২৫,০০০
টকা ”।

======== ====== =====

 (ফেন্টাচী লেখক ৰিচাৰ্ড উইলচনৰ ‘ হোম টাউন’ ৰ
অৱলম্বনত লিখা )

 

Leave a Reply

Your email address will not be published. Required fields are marked *