আদাব

 

 মূলঃ সমৰেশ বসু

 

অনুবাদঃ বাসুদেৱ দাস

 

  

 

   
ৰাতিৰ নিস্তব্ধতাক কঁপাই মিলিটাৰীৰ টহলদাৰী গাড়ীখন  ভিক্টোৰিয়া পার্কৰ চাৰিওফালে এপাক মাৰি গ
ল।

 

   
চহৰখনত ১৪৪ ধাৰা আৰু কাৰ্ফিউ জাৰি কৰা হৈছে। হিন্দু আৰু মুছলিমৰ মাজত সংঘর্ষ
হৈ আছে। দা
,পছা,ছুৰী,
লাঠি লৈ মুখামুখি যুঁজ। ইয়াৰ বাহিৰেও চাৰিওফালে পিনাপিন দিয়া
গুপ্ত-ঘাতকৰ দলে এন্ধাৰৰ সুযোগ লৈ মৃত্যুৰ বেহা পাতিছে। ডকাইত-তস্কৰ সিঁহতৰ অভিযানৰ
বাবে ওলাইছে। মৃত্যু-বিভীষিকাময় এই এন্ধাৰ ৰাতিয়ে সিঁহতৰ উল্লাসক তীব্র কৰি তুলিছে।
বস্তি বিলাক সিহঁতে জ্বলাই দিছে। মৃত্যু- ভয়ত কাতৰ তিৰোতা-কেচুৱাবোৰৰ ভয়াৰ্ত চিৎকাৰ
আৰু কান্দোনে ঠাইখনৰ আবহাৱাক বীভৎস কৰি তুলিছে। ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি সেনাৰ
গাড়ী আহি জঁপিয়াই পৰিছে। সেনাসকলে আইন শৃঙ্খলা বজাই ৰখাৰ নামত জধে-মধে  গুলী চলাইছে।

 

দুটা বিপৰীত দিশৰ পৰা অহা দুটা গলি ইয়াতে
লগ হৈছে। এটা উৱলি যোৱা কদাকাৰ ডাষ্টবিন চিত্ভলঙা দি পৰি আছে। হঠাৎ গলিৰ ভিতৰৰ পৰা
মানুহ এজন চুঁচৰি ওলাই আহি ডাষ্টবিনটোৰ জাবৰৰ মাজতে শুই পৰিল। মানুহজনে যেন মূৰ তুলিবলৈ
সাহ কৰা নাই। অলপ সময়ৰ বাবে মানুহজন জাবৰৰ মাজতে মৰাৰ দৰে  পৰি ৰ
ল। কিন্তু তাৰ
মাজতো যেন মানুহজনে দূৰৰ পৰা ভাঁহি অহা শুন-নুশুন চিঞৰৰ প্রতি কাণ উনাই থাকিল। ইয়াৰ
পৰা দূৰৈৰ কোলাহল ভালকৈ শুনা পোৱা নাযায়
; ‘আল্লাহু আকবৰনে বন্দে মাতৰম’-সেয়া বুজা অসম্ভৱ। হঠাৎ ডাষ্টবিনটো অলপ লৰচৰ কৰি উঠিল। মৰাৰ দৰে পৰি থকা মানুহজনৰ
সৰ্বশৰীৰ যেন হঠাতে জিকাৰ খাই উঠিল। দাঁতত দাঁত কৰচি হাতভৰি বিলাক কঠিন কৰি মানুহজন
যেন এটা সাঙ্ঘাতিক কিবাৰ বাবে সাজু হৈছে! কেইবাটাও অসহনীয় নীৰৱ মুহূর্ত পাৰ হৈ গ
ল।…চাৰিওফালে গা চমচমোৱা নীৰৱতা!

 

   
ডাষ্টবিনটো কুকুৰেহে লৰাইছিল- খুব সম্ভৱ খাদ্যৰ সন্ধান। কুকুৰটোক খেদি আঁতৰাই
দিয়াৰ মানসেৰে মানুহজনে ডাষ্টবিনটো অলপমান ঠেলি দিলে। কিছুক্ষণৰ বাবে আকৌ নিশ্চল নীৰৱতা।
কিন্তু ডাষ্টবিনটো আকৌ কঁপি উঠিল।এইবাৰ ভয়ৰ লগতে মানুহজনৰ মনত কৌতূহলৰো উদ্ৰেক হ
ল। সতৰ্কভাৱে ধীৰ গতিৰে মানুহজনে মূৰটো তুলি চালে…তেওঁক অবাক
কৰি আনফালৰ পৰাও তেনে এটা মূৰ উঠি আহিল। মানুহ! ডাষ্টবিনটোৰ দুফালে দুটা প্রাণী
, নিঃশব্দ- নিশ্চল। কলিজাৰ কঁপনি বাঢ়ি আহিছে। দুহাল স্থিৰ চকু  ভয়- সন্দেহ- উত্তেজনাৰ মিশ্ৰিত অনুভৱত জ্বলি উঠিছে।
কোনেও কাকো বিশ্বাস কৰিব পৰা নাই। দুয়োজনে পৰস্পৰক হত্যাকাৰী বুলিয়েই ধাৰণা কৰিছে।
পৰস্পৰৰ চকুত চকু থৈ দুয়ো এটা সম্ভাৱ্য আক্রমণৰ বাবে সাজু হৈ ৰ
ল। কিন্তু কিছু সময় অপেক্ষা কৰাৰ পাছতো কোনো ফালৰ পৰা আক্রমণৰ
লক্ষণ দেখিবলৈ পোৱা নগ
ল।  তেতিয়াহে দুয়োৰে মনলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ চিন্তাটো
অহাৰ অৱকাশ পালে–হিন্দু নে মুছলিম
? এই প্রশ্নৰ উত্তৰ পালেই হয়তো মাৰাত্মক পৰিণতিটো দেখা দিব। সেইবাবেই যেন কোনেও কাকো
সুধিবলৈ সাহ কৰা নাই! মৃত্যু-ভয়ত কম্পিত দুয়োটা প্রাণী পলাবলৈ পৰা নাই–কোনজনে কেতিয়া
ছুৰী হাতত লৈ আনজনৰ ওপৰত জঁপিয়াই পৰে এই ভয়ত।

 

   
এই অসহনীয় উত্তেজনা আৰু শংকাৰ মাজেৰে যথেষ্ট সময় পাৰ হৈ গ
ল। এজনে অধৈৰ্য হৈ সুধিয়েই পেলালে –“হিন্দু নে মুছলমান?”

 

    -“আগতে তই ক?” দ্বিতীয় মানুহজনে উত্তৰ দিলে।

 

   
সন্দেহৰ দোলাত দোলায়িত উভয়ৰ মন। কেনেকৈ বিশ্বাস কৰা যায় এই পৰিচয়ক
?

 

   
প্ৰথম প্ৰশ্নটোৰ চয়-নিশ্চয় নমৰোঁতেই আকৌ এজনে সুধিলে-
ঘৰ?”

 

    -“বুঢ়ীগংগাৰ সিপাৰে। তোৰ?”

 

    -“নাৰায়ণগঞ্জৰ ওচৰত। তই কি কাম কৰ?”

 

    -“মোৰ নাও আছে–নাৱৰীয়া। তই?”

 

    -“নাৰায়ণগঞ্জৰ সূতাকলত কাম কৰোঁ।

 

   
আকৌ নিস্তব্ধতা। এন্ধাৰৰ মাজতেই  দুয়ো
পৰস্পৰৰ চেহেৰা চোৱাৰ চেষ্টা চলাইছে। কোনে কি পিন্ধিছে এজনেও ধৰিব পৰা নাই-এন্ধাৰ!
তাতে ডাষ্টবিনটো দুয়োৰে মাজত বেৰ এখন হৈ ৰৈ আছে। হঠাৎ একেবাৰে ওচৰতে কোলাহল শুনিবলৈ
পোৱা গ
ল। উত্তেজিত দুটা দলৰ উন্মত্ত চিঞৰ শুনিবলৈ পোৱা গৈছে। সূতাকলৰ
মজদুৰ আৰু নাৱৰীয়া দুয়োজনে অলপ লৰচৰ কৰি বহি পৰিছে সন্ত্ৰস্ত হৈ।

 

-“ওচৰতে যেন লাগিছে।”- মজদুৰজনৰ কণ্ঠত আতঙ্ক ফুটি উঠিল।

 

-“উঠ, আমি ইয়াৰ পৰা আঁতৰি যোৱাই ভাল হব।”–নাৱৰীয়াইও কঁপা মাতেৰে কৈ উঠিল। পিছে মজদুৰজনে হৈ হৈ কৰি উঠিল-বলিয়া হৈছ? মৰিব বিচাৰিছ নেকি?”

 

নাৱৰীয়াৰ বুকুখন অজান ভয়ত কঁপি উঠিল-মানুহটোৰ
কিবা বেয়া মতলব নাই তো
? তেওঁ মজদুৰজনৰ চকুলৈ
চালে। মজদুৰজনেও একে সময়তে তেওঁলৈ চাইছিল। চকুত চকু পৰাত মজদুৰজনে ক
লে –“বহি থাক, শব্দ নকৰাকৈ বহি থাক।

 

   
নাৱৰীয়াই মজদুৰৰ কথাত বেছিকৈ ভয়হে খালে। মানুহটোৱে  তেঁওক যাবলৈ 
নিদিব নেকি
? নৱৰীয়াৰ চকুত সন্দেহ
ফুটি উঠিল-
কিয়?”

 

    -“কিয়!”-
মজদুৰৰ খং উঠিছে-কিয় কি? মৰিবলৈ যাব বিচাৰিছ নেকি?”

 

  
মজদুৰৰ কথা কোৱাৰ সুৰ  নাৱৰীয়াজনৰ ভাল
লগা নাই। তেওঁৰ অসন্তুষ্টি কথাৰ সুৰত ফুটি উঠিল-
নহলে এই এন্ধাৰ গলিত পৰি থাকিম নেকি?”

 

নাৱৰীয়াৰ কথাৰ সুৰে মজদুৰক বিস্মিত আৰু
শংকিত কৰি তুলিলে। তেওঁ কৈ উঠিল-
তোৰ মতলব মোৰ
খুব  ভাল যেন লগা নাই। তোৰ জাতি কি মই নাজানোঁ।
শেষত তোৰ দলৰ মানুহবোৰক মাতি আনি যদি মোক মাৰি পেলাৱ
?”

 

    -“কি প্ৰলাপ বকিছ তই?”- স্থান-কাল পাহৰি খঙে-
দুখে নাৱৰীয়াই চিঞৰি উঠিল।

 

    -“মই সজ কথাকেই কৈছোঁ। মানুহৰ মন কোনে বুজিব পাৰে?বহ ইয়াতে।

 

   
মজদুৰৰৰ কণ্ঠত যেন কিবা এটা আছিল
, নাৱৰীয়াই অলপ সকাহ পালে।

 

    -“তই গুচি গলে মই অকলে থাকিম নেকি?”

 

  
কোলাহলটো দূৰলৈ আঁতৰি গ
ল। চাৰিওফালে আকৌ হিম-শীতল
নিস্তব্ধতা। সময়বোৰ যেন মৃত্যুৰ প্ৰতীক্ষাত বাগৰি গৈ আছে । অচিন এন্ধাৰ গলিৰ মাজত এটা
উৱলি যোৱা ডাষ্টবিনৰ দুই ফালে দুটা দুৰ্ভগীয়া মানুহ নিজৰ নিজৰ  বিপদৰ কথা ভাবি পৰি আছে। নিজ নিজ ঘৰৰ কথা
, পৰিয়াল, ৰা-ছোৱালীৰ কথা ভাবিছে…সিঁহতৰ লগত আকৌ কেতিয়াবা দেখা হব নে? ঘৰলৈ জীউটো বচাই উভতিব
পাৰিব নে
?
পৰিয়ালৰ বাকীবোৰ যে কুশলে আছে তাৰেই বা নিশ্চয়তা ক?  কথা নাই বতৰা নাইৰ পৰা বজ্রপাতৰ দৰে নামি আহিল এই সংঘর্ষ? কেইটামান ঘণ্টাৰ আগলৈকে হাঁহি ধেমালি, কথা-বতৰাৰে মুখৰ হৈ থকা এই বজাৰত তেজৰ নৈ কেনেকৈ বৈ গ? মানুহ কেনেকৈ ইমান নিষ্ঠুৰ
আৰু নৃশংস হব পাৰে! মজদুৰ আৰু নাৱৰীয়া দুয়োৰে একে সময়তে একোটা হুমুনিয়াহ সৰি পৰিল!

 

   -“বিড়ি খাবি?”-মজদুৰজনে পকেটৰ পৰা এটা বিড়ি উলিয়াই নাৱৰীয়াৰ
ফালে আগবঢ়াই দিলে। নাৱৰীয়াই বিড়িটো লৈ অভ্যাস অনুসৰি দুই এবাৰ টিপা মাৰি
,কাণৰ ওচৰত ঘুৰাই ফুৰাই ওঁঠৰ ফাকত চেপি ধৰিলে। মজদুৰজনে  জুইশলা বাকচটোৰ পৰা কাঠী এটা উলিয়াই  জ্বলোৱাৰ চেষ্টা কৰিছে। গাৰ চোলাটো কেতিয়ানো তিতিল
সেয়া  মজদুৰজনে ইমান পৰে মনেই  কৰা নাছিল। জুইশলাটো সেমেকি গৈছে। কেইবাবাৰো চেষ্টা
কৰাৰ পাছত এটা ক্ষীণ নীলা পোহৰ জিলিকি উঠি আকৌ নুমাই গ
ল। খাৰ সৰি পৰা কাঠিটো মজদুৰজনে বিৰক্ত হৈ পেলাই দিলে।

 

    -“চাল্লা, মেচটো সেমেকি থাকিল ৰে!”-সি আন এটা কাঠি উলিয়াই ললে। অধৈৰ্য নাৱৰীয়া এইবাৰ মজদুৰৰ কাষ
চাপি আহি বহিল।

 

   -“আৰে,জ্বলিব জ্বলিব, দে মোক দেচোন।”-মজদুৰজনৰ পৰা সি কাঠিটো
প্রায় কাঢ়ি্যেই ল
লে। দুবাৰমান চেষ্টা
কৰিয়েই নাৱৰীয়াই  সঁচাকৈয়ে  কাঠিটো 
জ্বলাই পেলালে!

 

    -“চোভান আল্লা! ল ল সোনকালে জ্বলাই ল।”-মজদুৰজনে যেন ভূতহে দেখিছে! ওঁঠেৰে চেপি ৰখা 
বিড়িটো ক
ব নোৱাৰাকৈয়ে  সৰি পৰিল।

 

    -“তই…?”

 

   
হঠাৎ পাতল বতাহ এছাটিয়ে কাঠিটো নুমুৱাই পেলালে। ঘন এন্ধাৰৰ মাজত দুযোৰ চকু অবিশ্বাস
আৰু উত্তেজনাত জ্বলি উঠিছে। কেইটামান অসহনীয় নীৰৱ মুহুৰ্ত পাৰ হৈ গ
ল।

 

   
ইমান পৰে জুপুকা মাৰি বহি থকা নাৱৰীয়াজন অকস্মাৎ থিয় দিলে আৰু কৈ নীৰৱতা ভাঙি
কৈ উঠিল
–“হয়,মই মুছলমান। পিছে তাতে
কি হ
?”

 

ভয়ত ডিঙিৰে ওলাব নোখোজা মাতটো বলেৰে উলিয়াই
মজদুৰে কৈ উঠিল-
একো নহয়,কিন্তু…”–নাৱৰীয়াৰ কাষলতিৰ চেপত
থকা টোপোলাটোত মজদুৰৰ শংকা ভৰা দুচকু-
“..সেই টোপোলাটোৰ ভিতৰত কি আছে?”

 

    -“ৰা-ছোৱালী হালৰ বাবে দুটা চোলা আৰু মানুহজনীলৈ এখন শাড়ী। কাইলৈ
আমাৰ ঈদ
,
তই গমেই পোৱা নাই নে?”

 

    -“আন কিবা নাইতো?”-মজদুৰজনে নাৱৰীয়াক বিশ্বাস
কৰিবলৈ টান পাইছে।

 

    -“মই মিছা কৈছোঁ বুলি ভাবিছ নেকি ঐ? তই নিজেই চাই ল এবাৰ।”-নাৱৰীয়াই টোপোলাটো মজদুৰলৈ
আগবঢ়াই দিলে।

 

    -“আৰে নালাগে নালাগে ভাই, চাবলৈনো কি আছে? পিছে কেনে দিনকাল আহিছে দেখিছই নহয়! সহজে অচিন কাৰোবাক বিশ্বাস
কৰিব পৰা পৰিস্থিতি হৈ আছে নে নাই তই নিজেই কচোন।

 

    -“আৰে ভাই, ভগৱানৰ নামত শপত খাই কৈছোঁ–লগত এটা বেজীও
নাই। এতিয়া কোনোমতে প্রাণটো লৈ ঘৰলৈ উভতি যাব পাৰিলেই হয়।
”-কথাকেইটা কৈ থাকিয়েই নাৱৰীয়াই  তাৰ কাপোৰ-কানি জোঁকাৰি-জোঁকাৰি দেখালে।

 

   
সন্দেহ মাৰ যোৱাৰ পিছত আকৌ দুয়োজন ওচৰ চাপি বহি পৰিল। কিছু সময় দুয়ো মনে মনে
বিড়ি হুপি কটাই দিলে।

 

   -“আচ্চা ভাই”-নাৱৰীয়াই এনে ধৰনে কৈ উঠিল যেন সি বহুদিনৰ
পুৰনি কোনো বন্ধুৰ লগতহে কথা পাতিছে।

 

    -“তই জান নে এই মৰা-মৰি কটা-কটিবোৰ কি কাৰণে হৈ আছে?”

 

   
মজদুৰে অলপ অচৰপ দেশৰ খা-খবৰ ৰাখে। বেচ ডাঙৰ মাতেৰে সি কৈ উঠিল-
দোষ তহঁতৰ লীগৱালাবোৰৰহে। সিহঁতেইতো কিবা সংগ্ৰামৰ নাম লৈ এইবোৰ
আৰম্ভ কৰিছে।

 

  
নাৱৰীয়াই কিছু তিক্ত কণ্ঠেৰে কৈ উঠিল-
সেইবোৰ মই বুজি
নেপাঁও। মই জানিব বিচাৰো মাৰপিট কৰি কিনো লাভ হ
?
তহঁতৰ দুটা মানুহ মৰি্ব, আমাৰ দুটা মানুহ মৰিব। তাৰ পৰানো দেশৰ কিডাল উন্নতি হ?”

 

    -“ঠিক কৈছ! ময়ো সেইটোকেই বুজি পোৱা নাই। আৰুনো কিডাল হ? এই ঘটিটো হব!”-হাতৰ বুঢ়া আঙুলিটো  দেখুৱাই কৈ উঠে সি। –“তই মৰিবি,মই মৰি্ম,আৰু আমাৰ লৰা-ছোৱালীবোৰে ভিক্ষা মাগি ফুৰিব। যোৱা বছৰৰ সঙ্ঘর্ষত
মোৰ বৈনাইটোক  টুকুৰা-টুকুৰকৈ কাটিলে। বিধৱা
ভনীজনী তাইৰ ল
ৰা-ছোৱালীকেইটা লৈ মোৰ কান্ধত বাদুলী
ওলোমা দিলে ।  আমাৰ এই দুখবোৰ কোনে বুজিব
? নেতাবোৰে ভৰিৰ ওপৰত ভৰি উঠাই হুকুম জাৰি কৰে আৰু চালা মৰিব লাগে
আমি!

 

    -“মানুহৰ সলনি আমি যেন কুকুৰৰ পোৱালি হৈ গৈছো। নহলে নো এনেদৰে কামোৰা-কামুৰি কৰে নে কোনোবাই?”- প্রচণ্ড খঙত মজদুৰে দুহাতেৰে আঠু দুটাকে জোৰেৰে সাৱটি  ধৰে।

 

    -“হয় দেই। আমাৰ কথা কোনেনো ভাবে?এই যে মাৰপিট
আৰম্ভ হল
,
এতিয়া কোনেনো আমাক খুৱাব; মোৰ নাওখন নাওখন ঘূৰাই পাম নে? বাদামতলাৰ ঘাটৰ কোন পাতালত তাক বুৰাই দিলে কোনে ক? জমিদাৰ ৰূপবাবুৰ কাকতিজন
প্রতিমাহে একোবাৰকৈ মোৰ নাৱতেই নাইৰাৰ চৰলৈ কাছাৰী পাতিবলৈ গৈছিল। বাবুৰ হাতখন আছিল
যেন হজৰতৰ হাত
,বকচিচ দিছিল পাঁচ,নাৱৰ ভাড়া পাঁচ,-মুঠ দহ টকা।গতিকে তাৰ পৰাই মোৰ গোটেই মাহটোৰ ৰেচনৰ খৰচ ওলাই গৈছিল। পিছে এইবোৰৰ
পিছত কোন হিন্দু বাবু মোৰ নাৱত উঠিবলৈ আহিব
?”

 

উত্তৰত মজদুৰে কিবা এটা কবলৈ লৈও ৰৈ গল। একেলগে কেইবাযোৰো
গধুৰ বুটজোতাৰ শব্দ শুনা গ
ল। শব্দটো যেন বৰ আলিৰ
পৰা এই গলিটোৰ ফালে আগবাঢ়ি আহিছে। ভয়াৰ্ত দৃষ্টিৰে দুয়ো দুয়োলৈ চাই ৰ
ল পলক নেপেলোৱাকৈ।

 

    -“কি কৰি্ম এতিয়া?”-নাৱৰীয়াই খপজপাই টোপোলাটো
কাযলতিত হেঁচি ধৰিলে।

 

    -“ল পলাওঁ। পিছে কোনফালে যাম? চহৰৰ আলি পদূলি মই ভালদৰে চিনি নেপাওঁ।

 

   
নাৱৰীয়াই ক
লে-ল কোনোবা এটা ফালে আগবাঢ়ি
যাওঁ
,
সেই বদমাছ কেইটাক বিশ্বাস কৰিব নোৱাৰি।

 

    -“হয়,ঠিক কথাই কৈছ। কোনফালে যাৱ ক সোনকালে, সেইসোপা আহি পাবই এতিয়া।

 

    -“এইফালে।”–গলিটোৰ সোঁফাগ্লে আঙুলিয়াই নাৱৰীয়াই কৈ
উঠিল।
ল গৈ থাকোঁ। কেনেবাকৈ
এবাৰ বাদামতলাৰ ঘাট ওলাবগৈ  পাৰিলে  আৰু কোনো চিন্তা নাই।

 

কোনোফালে নোচোৱাকৈ চাৰিআলিটো পাৰ হৈয়েই
সিহঁতে ভিৰাই লৰ দিলে। কম সময়তে সিহঁত পাটুৱাটুলিৰ ৰোডত উপস্থিত হ
ল। নিৰ্জন বাটটো ষ্ট্ৰীট লাইটৰ পোহৰত জলমলাই আছে। দুয়ো অলপ থমকি
ৰৈ গম ল
লে-কোনোৱা লুকাই থকা নাইতো? অলপ জিৰোৱাৰো কোনো উপায় নাই। বাটটোৰ ইফালে-সিফালে এবাৰ ভালদৰে চাই লৈ সিহঁত এইবাৰ
চিধা পশ্চিমৰ ফালে লৰ মাৰিলে। অলপ দূৰ যোৱাৰ পিছতেই সিঁহতৰ পিছত ঘোঁৰাৰ খুৰাৰ শব্দ  শুনিবলৈ পোৱা গ
ল । ভয়ে ভয়ে উভতি চাই দেখিলে- ভালেমান দূৰৰ পৰা এজন ঘোঁৰাচোৱাৰী সিঁহতৰ ফালে আগবাঢ়ি
আহি আছে। ভাবিবলৈ সময় নাই।বাঁওফালৰ এটা সৰু গলিৰ ভিতৰত সিঁহত লুকাই পৰিল। অলপ পাছতেই
এজন ইংৰাজ ঘোঁৰাচোৱাৰী হাতত ৰিভলভাৰ লৈ  সিঁহতৰ
বুকুত কঁপনি তুলি  তীব্রবেগেৰে গলিটো পাৰ হৈ
ল। ঘোঁৰাৰ খুৰৰ শব্দ নুশুন হোৱাত সিঁহত আকৌ গলিটোৰ পৰা ওলাল।

 

   – “ৰাস্তাৰ কাষে কাষে বল।”-মজদুৰৰ চেপা মাত শুনা গল। ৰাস্তাৰ যিমান
পাৰে সিমান কাষলৈ গৈ সিহঁত দুৰু দুৰু বুকুৰে আগুৱাই গৈ থাকিল।

 

    -“চোন।”–নাৱৰীয়াই হঠাৎ চেপা
মাতেৰে কৈ উঠিল। মজদুৰ চক খাই ঠাইতে ৰৈ গ
ল।

 

    -“কি হ?”

 

    -“এইফালে আহ।”-মজদুৰক নাৱৰীয়াই টানি এটা পান-গুমটিৰ
আঁৰলৈ লৈ গ
ল। সেইফালে চা।

 

   
নাৱৰীয়াৰ দৃষ্টি অনুসৰণ কৰি মজদুৰে দেখিলে
দূৰৈত এটা ঘৰৰ পৰা পোহৰ ছিটিকি আহিছে। ঘৰৰ লগৰ ওখ বাৰাণ্ডাখনত দহ বাৰজন পুলিচ বন্দুক
হাতত লৈ নিথৰ হৈ থিয় দি আছে। সিঁহতৰ ওচৰতে পাইপৰ ধোঁৱাৰে ডাৱৰ সাজি এজন ইংৰাজ বিষয়াই
হাত মূৰ জোঁকাৰি জোঁকাৰি কিবাকিবি কৈ আছে। বাৰাণ্ডাৰ তলত আৰু এজন পুলিচ ঘোঁৰাৰ লেকাম
হাতত লৈ থিয় হৈ আছে। অশান্ত ঘোঁৰা এটাই ঠেং আচাৰি ৰৈ আছে।

 

   
নাৱৰীয়াই ক
লে –“সেয়া ইছলামপুৰ পুলিচ চকী। চকীৰ অলপ আগলৈ বাঁওফালে যিটো গলি আছে
সেই বাটেৰে আমি বাদামতলীৰ ঘাটলৈ যাব পাৰিম।
সকলৰ।কাইলৈ ৰাতিপোৱা

 

   
সূতা-মজুৰৰ মুখখন আতঙ্কত শেঁতা পৰি গৈছে-
তেন্তে?”

 

    -“সেইবাবে কৈছোঁ- তই ইয়াতেই ৰৈ দে, ঘাটলৈ গৈ তোৰ কোনো কাম নহব।”-নাৱৰীয়াই কৈ গৈছে-এইখন হিন্দুবোৰৰ
ঠাই আৰ ইছলামপুৰ মুছলিমৰ। তই ইয়াতেই ৰৈ দে
, পুৱাই  তই তোৰ ঘৰলৈ গুচি যাবি।

 

    -“আৰু তই?”

 

    -“মই যাওঁগৈ।”-নাৱৰীয়াৰ কণ্ঠত উদ্বেগ আৰু আশঙ্কা ফুটি
উঠিছে
–“মই ৰব নোৱাৰিম ভাই। আজি
আঠদিন পৰিয়ালৰ খবৰ পোৱা নাই। তাত বা কি হৈছে কেৱল আল্লাই জানে! কিবাকৈ গলিত সোমাব পাৰিলেই
ল। নাও নেপালে সাঁতুৰি পাৰ হম বুঢ়ীগঙ্গা।

 

    -“আৰে ভাই, তই পাগল হৈছ নেকি?”-উৎকণ্ঠাত আৰু উত্তেজনাত মজদুৰে নাৱৰীয়াৰ কামিজটোত খামুচি ধৰিছে-নোৱাৰ এনেকৈ যাব তই-ইমান বিপদ মূৰত লৈ?”

 

    -“এৰি দে ভাই,বাধা নিদিবি। বুজিবলৈ চেষ্টা কৰ। কাইলৈ
ঈদ
,
ৰা-ছোৱালীবোৰে আজি জোনলৈ
হেপাঁহেৰে চাই আছে। কিমান দিনৰ পৰা আশা কৰি আছে- সিঁহতে আজি নতুন চোলা পিন্ধিব
,বাপেকৰ কোলাত উঠিব! মানুহজনীয়ে কিমান চাগৈ কান্দিছে! নাই ভাই-নোৱাৰিম
মই ৰ
ব- মনটো ভাল লগা নাই।”-নাৱৰীয়াৰ মাতটো বুকুভঙা দুখত বিকৃত হৈ ওলাইছে। মজদুৰৰ বুকুখন বেদনাত টনটনাই উঠিছে।
নাৱৰীয়াৰ কামিজটো খামুচি ধৰি থকা  মজদুৰৰহাতখন
শিথিল হৈ পৰিছে।

 

    -“যদি তোক সিহঁতে দেখা পায়?”-দুখ আৰু ভয়ত মজদুৰৰ
মুখেৰে মাত ওলাব খোজা নাই।

 

    -“নাই,
একো কৰিব নোৱাৰে, ভয় নকৰিবি।। তই কিন্তু ইয়াৰ পৰা নুঠিবি। এই ৰাতিৰ কথা জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম।
কপালত থাকিলে আকৌ আমাৰ দেখা হ
ব ভাই। আদাব।

 

    -“মইও পাহৰিব নোৱাৰিম ভাই, আদাব!

 

নাৱৰীয়া ভৰি টিপি টিপি খোজ দি নেদেখা
হৈ গ
ল। বুকুৰ মাজত দমাব নোৱাৰা উত্তেজনা লৈ মজদুৰ একে ঠাইতে থিয়
হৈ থাকে। তাৰ বুকুৰ ধপধপনি যেন  বন্ধই নহ
ব! সি কাণ উনাই ৰৈ আছে, ভগৱানৰ ওচৰত নাৱৰীয়াৰ বাবে প্রার্থনা কৰিছে-হে প্রভু, নাৱৰীয়া যেন কোনো বিপদত নপৰে!

 

        উশাহ বন্ধ হৈ যাব খোজা  সময়বোৰ পাৰ হৈ যায়। এতিয়া মানে নাৱৰীয়া নিশ্চয় ঘাট
পালেগৈ। আঃ!ল
ৰা-ছোৱালীকেইটাই কিমান আশা লৈ বাপেকলৈ
বাট চাই আছে। সিঁহতে নতুন চোলা-কাপোৰ পিন্ধিব
,আনন্দ কৰিব!
বেচেৰা বাপেক! মজদুৰে এটা হুমুনিয়াহ কাঢ়ে। 
মজদুৰে কল্পনা কৰে- নাৱৰীয়া ঘৰ গৈ পোৱাৰ লগে লগে ঘৈণীয়েক চকুলোৰে বাট নেদেখা
হৈ গিৰিহঁতৰ বুকুত সোমাই পৰিছে-কৈ উঠিছে-
উঃ! মই জানিছিলোঁ
তুমি যে ভালে আছা!
”–মজদুৰৰ ওঁঠত কব নোৱাৰাকৈয়ে অলপমান হাঁহি বিৰিঙি উঠিল–আৰু নাৱৰীয়াই বাৰু তেতিয়া  কি কৰিব?নাৱৰীয়াই তেতিয়া

 

       -“হল্ট!”—মজদুৰৰ বুকুখন কঁপি উঠিল। বুট জোতা এসোপাই
যেন দৌৰা দৌৰি কৰিছে-মজদুৰৰ তেনেকুৱাই লাগিল। কোনোবাই চিঞৰিছে–

 

        -“ডাকু ভাগতা হ্যায়।

 

        মজদুৰে ডিঙি মেলি দূৰলৈ চাবলৈ চেষ্টা কৰিছেৰাস্তাৰ ওপৰত এজন পুলিচ বিষয়াহাতত কাৰোবালৈ টোঁৱাই থোৱা ৰিভলভাৰ। পিছ মুহুৰ্ততে গোটেই অঞ্চলটোৰ
ৰাতিৰ নিস্তব্ধতাক কঁপাই অফিচাৰৰ ৰিভলভাৰ গৰজি উঠিল।

 

        গুম গুম! নীলা জুই যেন দুটা শিখা জিলিকি উঠিল।উত্তেজনাত
ব নোৱাৰাকৈয়ে মজদুৰে নিজৰ হাতৰ এটা আঙুলি কামুৰি ধৰিলে। অফিচাৰজন
জাঁপ মাৰি ঘোঁৰাত উঠি গলিটোৰে আগবাঢ়ি গ
ল। ডকাইতজনৰ
মৰণ আর্তনাদ মজদুৰে স্পষ্টকৈ শুনিছে।

 

       নাৱৰীয়াৰ বুকুৰ গৰম তেজেৰে তাৰ লৰা-ছোৱালী, বিবিৰ বাবে কিনা চোলা-শাড়ী
ৰঙা হৈ উঠাৰ দৃশ্য মজদুৰৰ চকুত ভাঁহি উঠিছে। নাৱৰীয়াই যেন তাক উদ্দেশ্যি  কৈ উঠিছে-
নোৱাৰিলোঁ ভাই।
মোৰ ঘৈণী আৰু ল
ৰা-ছোৱালীকেইটাই এইবাৰ ঈদত কান্দিব। এই
চাল্লা শত্ৰুবোৰে মোক মোৰ পৰিয়ালৰ ওচৰলৈ যাবলৈ নিদিলে!

 

 লেখক পৰিচিতি : ১৯২৪ চনৰ ১১ ডিচেম্বৰত  সমৰেশ বসুৰ জন্ম হয়।প্রজাপতিশাম্ব,নির্বাচিত গল্প,বিটি ৰোডেৰ ধাৰে,দেখি নাই ফিৰে,মহাকালৰ ৰথৰ ঘোঁৰা আদি তেখেতৰ বিখ্যাত গ্রন্থ।শাম্বগ্রন্থৰ বাবে ১৯৮০ চনত
সাহিত্য অকাদেমি পুৰস্কাৰ লাভ কৰে। ১২ মার্চ ১৯৮৮ চনত তেঁওৰ মৃত্যু হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *