মূলঃ ফ্ৰানজ কাফকা

ইংৰাজী অনুবাদঃ উইলা আৰু এডৱিন মিও

অনুবাদঃ জ্যোতিশিখা দত্ত


দ্ৰুত গতিত অহা ঋতু বসন্তৰ দিনবোৰক
লৈ নো আমি কি কৰিব পাৰোঁ? ৰাতিপুৱা আকাশখন ডাৱৰীয়া আছিল, কিন্তু এতিয়া যদি আপুনি খিৰিকীৰ
ওচৰলৈ যায় আপুনি আশ্বৰ্যচকিত হব আৰু খিৰিকীৰে মুখখন উলিয়াই আকাশখনলৈ চাই ৰ’ব।
 

সূৰ্য্যটো ইতিমধ্য ডুব গৈছে কিন্তু
তলত আপুনি দেখিব ই কণমানি ছোৱালীজনীৰ মুখখন উজ্বলাই তুলিছে যিয়ে নিজকে বিচাৰি ৰাস্তাত
পায়চাৰি কৰি ফুৰিছে আৰু তেতিয়াই আপুনি দেখিব তাইৰ বাটেৰে বাট বুলা মানুহ এজনে তাইক
ঢাকি ধৰিছে।

আৰু তাৰ পিছত মানুহজন পাৰ হৈ গৈছে আৰু
সৰু ছোৱালীজনীৰ মুখখন বেছ উজ্জল হৈ আছে।


Leave a Reply

Your email address will not be published. Required fields are marked *