কল্পবিজ্ঞান ভিত্তিক গল্প–
আলেকজেণ্ডাৰ দা গড
লেখকঃ আইজাক আচিমভ
অনুবাদঃ ৰঞ্জনা দত্ত
কল্পবিজ্ঞান ভিত্তিক গল্প–
লেখক পৰিচয়: : প্ৰখ্যাত বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক আইজাক আচিমভ আমেৰিকাৰ বষ্টন
ইউনিভাৰচিটিৰ জৈৱ ৰসায়ন বিভাগৰ প্ৰফেচৰ আছিল। ১৯২০ চনত ৰাছিয়াত জন্মগ্ৰহণ কৰা
আচিমভে বিজ্ঞান, কল্পবিজ্ঞান আৰু ৰবটৰ ওপৰত ৫০০ খনতকৈও অধিক কিতাপ লিখিছে আৰু সম্পাদনা
কৰিছে।
ইয়াৰোপৰি তেওঁ প্ৰায় ৯০, ০০০খন পত্ৰ আৰু পষ্ট কাৰ্ড লিখিছিল। তেওঁৰ কেইবাখনো কল্প বিজ্ঞান ভিত্তিক কিতাপৰ
কাহিনী বোলছবিলৈ ৰূপান্তৰ কৰা হৈছে। তেওঁ দহ বাৰতকৈও অধিকবাৰ শ্ৰেষ্ঠ লেখকৰ
পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। ১৯৯২ চনত তেওঁৰ নিউয়ৰ্কত মৃত্যু হয়।
আলেকজেণ্ডাৰ হচকিনচ কম্পিউটাৰৰ
সতেই ডাঙৰ হৈছিল। তাৰ চৌধ্য বছৰ বয়সত সি বুজি উঠিব পাৰিছিল যে কম্পিউটাৰৰ দৰে ইমান
আগ্ৰহ আৰু তাৰ একোতেই নাই।
তাৰ শিক্ষকজনে তাৰ এই আগ্ৰহৰ কথা
জানিছিল । তেওঁ তাক এই বিষয়ে যথেষ্ট উৎসাহ দিছিল। যদি কম্পিউটাৰৰ বাবে তাৰ অইন
ক্লাছ বোৰ খতিও হয়, তাক তেওঁ কেতিয়াও একো নকৈছিল।
তাৰ দেউতাকে আই বি এম কোম্পানীত
চাকৰি কৰিছিল। তেওঁ নিজৰ ল’ৰাক যথেষ্ট উৎসাহ দিছিল । ইয়াৰ বাবে তেওঁ কম্পিউটাৰৰ
কিছুমান প্ৰয়োজনীয় যন্ত্ৰপাতি ল’ৰাটোক দিছিল আৰু লগতে কিছুমান জটিল বিষয়ৰ পৰামৰ্শও
দিছিল।
আলেকজেণ্ডাৰে তাৰ নিজৰ
কম্পিউটাৰটো নিজেই বনাই লৈছিল। গেৰেজটোৰ ওপৰত থকা এটা কোঠালীত সি নিজৰ কাম কৰিছিল।
সি তাৰ নিজৰ কম্পিউটাৰটো লৈ ইমান গবেষণা কৰিছিল যে মাত্ৰ ষোল বছৰ বয়সত কম্পিউটাৰ
বিষয়ৰ এনেকুৱা কোনো কিতাপ নাছিল যিখন সি পঢ়ি শেষ কৰা নাছিল। তাৰ হাতত এনেকুৱা কিবা
কিতাপ বাকী নাছিল য’ৰপৰা সি কিবা শিকিবলৈ ৰৈ গৈছিল।
আলেকজেণ্ডাৰে খুব ভাবিচিন্তি
সিদ্ধান্ত ল’লে যে তাৰ কম্পিউটাৰটো যে ইমান উন্নত সেইটো দেউতাকক নজনায়। ইয়াৰ মাজতে সি ‘আলেকজেণ্ডাৰ ডি
গ্ৰেট’ৰ কথা পঢ়িছিল। এই বিশ্ব বিজয়ী সম্ৰাট জনৰ নানান কাহিনী সি শুনিছিল। সি মনে
মনে ভাবিছিল যে তাৰ নামটো যে আলেকজেণ্ডাৰ সেইটো মুঠেও কাকতালীয় নহয়।
কম্পিউটাৰৰ মেমৰি লৈ কাম কৰিবলৈ
খুব ভাল পাইছিল আলেকজেণ্ডাৰে। কেনেকৈ অকণমান ঠাইতে বেছি ডাটা ভৰাব পাৰি সেই
গৱেষণাতেই লাগি থাকে সকলো সময়তে। প্ৰতি বাৰৰ উন্নয়নৰ ফলত সি বিপুল পৰিমাণৰ ডাটাৰ
বাবে দৰকাৰী ঠাই ক্ৰমান্বয়ে কমাই আনিছিল।
এদিন সি আনুষ্ঠানিক ভাৱে তাৰ
কম্পিউটাৰটোৰ নাম ৰাখিলে বুসেফেলাচ। এইটো নকলেও হ’য় যে আলেকজেণ্ডাৰৰ সফল যুদ্ধবোৰৰ
ঘোঁৰাটোৰ নাম অনুসাৰেই সেইটো ৰখা হৈছিল।
সেইসময়ত বহুত কম্পিউটাৰ আছিল
যিবোৰে মুখৰ কথাতেই কাম কৰিছিল। কিন্তু সেইবোৰ বুসেফেলাচৰ ওচৰে পাজৰেও নাছিল।
এনেকুৱা কম্পিউটাৰো আছিল যিবোৰে লেখা বিষয় বোৰ স্কেন কৰি সংৰক্ষণ কৰিব পাৰিছিল।
কিন্তু আলেকজেণ্ডাৰৰ বুসেফেলাচ আছিল সেইবোৰৰ তুলনাত অনন্য। সি পৰীক্ষামূলক ভাবে
তাত এনচাইক্লপেডিয়া ব্ৰিটানিকাখন ভৰাই চালে আৰু বুসেফেলাচৰ ক্ষমতা সম্বন্ধে
নিঃসন্দেহ হ’ল ।
দুবছৰ পিছৰ কথা। তেতিয়া তাৰ বয়স
ওঠৰ। সি ভাবি চালে যে সি এতিয়া স্বাবলম্বী হোৱা দৰকাৰ। আলেকজেণ্ডাৰে ছাত্ৰ ছাত্ৰী
বোৰৰ বাবে এটা তথ্য কেন্দ্ৰৰ ব্যৱসায় আৰম্ভ কৰি নিজৰ খৰচ নিজে উলিয়াব পৰা হ’ল। বহু কথা চিন্তা কৰি সি চহৰৰ মাজতে বেলেগ এটা ঘৰ
ভাৰালৈ ল’লে।
তাৰ নিজৰ ঘৰ হোৱাৰ পিছত সি
বুসেফেলাচৰ ইয়াৰ ফোন চিচ্টেমটো খুলি পেলালে। য’ত কোনো নেথাকেই তাত খোলাখুলিকৈ
কথা কোৱাত বাধা কি! তথাপিও সাবধানৰ মৰণ নাই, সেইবাবে কম্পিউটাৰৰ ভলিউমটো খুব
কম কৰি ৰাখিছে। আলেকজেণ্ডাৰে নিবিচাৰে যে এইবিষয়ে তাৰ ওচৰ চুবুৰীয়াই কিবা জানক।
সি বুসেফেলাচৰ লগত কথা পাতে-
“ বুসেফেলাচ, প্ৰাচীন কালত আলেকজেণ্ডাৰে মাত্ৰ ত্ৰিছ বছৰ বয়সতে পৃথিৱী জয় কৰিছিল। ময়ো
সেইটো বিচাৰো। অৱশ্যে ইয়াৰ বাবে মোৰ হাতত আৰু বাৰ বছৰ সময় আছে ।”
বুসেফেলাচে এনচাইক্লপেডিয়াৰ বলত
আলেকজেণ্ডাৰৰ সকলো কথাই জানে। সি কয়-
“ বিশ্ববিজয়ী আলেকজেণ্ডাৰ মেডিচনৰ ৰজাৰ ল’ৰা। তোমাৰ বয়সত তেওঁ চেৰোনিয়া
যুদ্ধত তেওঁৰ দেউতাকৰ অশ্ববাহিনীক নেতৃত্ব দিছিল ।”
“ আৰে মই সেইটো কোৱা নাই “- আলেকজেণ্ডাৰে কয়
“ মই তেনেকুৱা
কোনো যুদ্ধক্ষেত্ৰৰ কথা কোৱা নাই বা সেইধৰণৰ কোনো সৈন্যদলৰো মোৰ কোনো প্ৰয়োজন নাই।
মই বিচাৰো মোৰ কৃতিত্বৰে গোটেই পৃথিবীখন জয় কৰিবলৈ ।”
“ সেইটো কেনেকৈ কৰিবা আলেকজেণ্ডাৰ?”
“ তুমি আৰু মই মিলি শ্বেয়াৰ বজাৰৰ পৰ্যালোচনা কৰিম, আৰু সেইটোৱে হ’ব আমাৰ প্ৰথম
পদক্ষেপ ।”
নিউয়ৰ্ক টাইমছে এই বিষয়ৰ সকলো
মাইক্ৰোফিল্ম কৰা তথ্য কম্পিউটাৰত থৈ দিছে। আলেকজেণ্ডাৰৰ দ্বাৰা কৌশলেৰে এইবোৰ
তথ্য বাহিৰ কৰি অনা একো কথাই নহয়।
বুসেফেলাচে এটা এটাকৈ গোটেই শতিকাটোৰ ডাটা তাৰ
মেমৰি বেঙ্কত সুমুৱাই পেলালে- সমস্ত ষ্টকৰ তালিকা, প্ৰত্যেক দিনা বিক্ৰী হোৱা সমস্ত
শ্বেয়াৰৰ খবৰ, শ্বেয়াৰ বজাৰৰ উঠা নমা, আনকি অৰ্থনিতী বিষয়ত এই সম্বন্ধে লিখা দৰকাৰী তথ্য পাতি
পৰ্য্যন্ত। ইয়াৰ বাবে আলেকজেণ্ডাৰ বাধ্য হৈছে কম্পিউটাৰৰ মেমৰি চাৰ্কিট বঢ়াবলৈ।
আৰু এটা কাম সি কৰিলে, তাৰ নতুন চাৰ্কিটৰ এটা সহজ সংস্কৰন আই বি এমক বিক্ৰী কৰিলে। সি নিজৰ থকা
খোৱাৰ বাবে কাষতে আৰু এটা ফ্লেট ললে আৰু আগৰ ফ্লেটটো সি পুৰা বুসেফেলাচক এৰি দিলে।
তাৰ যেতিয়া বিশ বছৰ বয়স সি ঠিক কৰিলে যে এইবাৰ
সি কামটো আৰম্ভ কৰিব পাৰে।
আলেকজেণ্ডাৰে বুসেফেলাচক নিৰ্দেশ দিলে
“ মোৰ দৰে তুমিও নিশ্চয় প্ৰস্তুত, গতিকে এতিয়া
কামত নমাৰ সময়। শ্বেয়াৰ বজাৰৰ নাড়ী নক্ষত্ৰ তুমি সকলো জানা। সকলো লেন দেন তোমাৰ
স্মৃতিতে আছে। নিউয়ৰ্ক শ্বেয়াৰ বজাৰৰ লগতে
সংযুক্ত হৈ আছা বাবে প্ৰতিদিনেই তুমি নতুন নতুন সম্ভেদ লাভ কৰিছা। অতি সোনকালেই
তুমি লণ্ডন টোকিও আদি চহৰৰ শ্বেয়াৰ বজাৰৰ লগতো নিজকে সংযুক্ত কৰিবা ।”
– “ ঠিক আছে আলেকজেণ্ডাৰ” বুসেফেলাচে ক’লে “ কিন্তু এই তথ্য বোৰ লৈ মই কি কৰিব লাগিব ?”
“ মই জানো কি কৰিব লাগিব ।” তাৰ চকুদুটা চিকচিকাই উঠিল। প্ৰত্যয়ত তাৰ মুখখন দৃঢ় হৈ
উঠিল।
“ শ্বেয়াৰ বজাৰৰ এই উঠা নমা বোৰ বিনা কাৰণে নহয়, অৱশ্যে পৃথিৱীৰ কোনো ঘটনাই বিনা
কাৰণে নহয়। তুমি সকলো দিশ পৰ্যালোচনা কৰি এটা সিদ্ধান্তত উপনীত হ’ব লাগিব। তুমি
এইবোৰ এটা চক্ৰত পেলাব লাগিব। বিভিন্ন তথ্যৰ সহায়ত এই চক্ৰৰ এটা সমন্বয় তৈয়াৰ কৰিব
লাগিব ।”
– “ তুমি ফ’ৰ ইয়াৰ এনালাইচিছৰ কথা কৈছা নেকি?” বুসেফেলাচে
সুধিলে।
— “ মোক বুজাই কোৱা ।”
বুসেফেলাচে তাৰ বক্তব্যৰ
সাৰাংসখিনি অতি খৰকৈ নিজৰ মেমৰি আৰু এনচাইক্লপেডিয়াৰ সহায়ত তৈয়াৰ কৰি তাৰ এটা
প্ৰিণ্ট উলিয়ালে।
আলেকজেণ্ডাৰে তাৰ ওপৰত এবাৰ চকু
ফুৰাই ক’লে-
“ মই ঠিক ইয়াকে বিচাৰিছিলোঁ ।”
“ ইয়াৰ পিছত তুমি আৰু কি বিচাৰা?”
“ এবাৰ যদি তুমি এটা চক্ৰ তৈয়াৰ কৰি উলিয়াব পাৰা তেতিয়া আৰু চিন্তা নাই।
চক্ৰৰ গতিবিধি চাই আগে ভাগেই শ্বেয়াৰ বজাৰৰ গতি ধৰিব পাৰিম। আৰু সেই অনুসাৰে তুমি
নিৰ্দেশ দিবা মই ক’ত বিনিয়োগ কৰিম। এইদৰেই মই খুব সোনকালেই ধনী হৈ পৰিম। ইয়াৰ বাহিৰেও তুমি
বুদ্ধি দিবা কিদৰে মই গোটেই পৃথিৱীৰ পৰা নিজকে গোপনে ৰাখিব পাৰিম । কোনেও গম নেপাব
মই কিমান ধনী অথবা কাৰ শক্তিশালী হাত আছে এইবোৰৰ পিছত ।”
– “ ইয়াৰ পিছত আমাৰ যাত্ৰা ক’ত শেষ হ’বগৈ আলেকজেণ্ডাৰ?”
– “ যেতিয়া মই খুব ডাঙৰ মানুহ হ’ম তেতিয়া পৃথিৱীৰ ডাঙৰ ডাঙৰ অৰ্থ সংস্থান বোৰ নিয়ন্ত্ৰণ
কৰিম। অকল সেয়াই নহয় অৰ্থনীতি, ব্যৱসায়- বাণিজ্য, সম্পদ সকলো মোৰ আঙুলিৰ নিৰ্দেশত
চলিব। আৰু তেতিয়াই মই ‘আলেকজেণ্ডাৰ দা গ্ৰেট’ৰ প্ৰায় সমান হ’ম। মই প্ৰকৃত
আলেকজেণ্ডাৰ দা গ্ৰেটৰ দৰেই হ’ম।” কথাবোৰ কৈ থাকোঁতে তাৰ চকুযোৰ চিকচিকাই উঠে।
ইতিমধ্যে আলেকজেণ্ডাৰৰ বাইশ বছৰ
সোমাইছে। সি বুসেফেলাচৰ কামত সন্তুষ্ট। বুসেফেলাচে কঠিন কামবোৰ প্ৰায় কৰি পেলাইছে।
এতিয়া সি শ্বেয়াৰ বজাৰৰ গতিবিধি আগতেই ধৰিব পাৰে।
বুসেফেলাচ অৱশ্যে কিছু অনিশ্চয়তাত
ভুগিছিল। তাৰ ধাৰণা আছিল প্ৰাকৃতিক ঘটনাবোৰ যিহেতু তাৰ আয়ত্তৰ বাহিৰত সেইবোৰক কোনো
নিয়মৰ আঁওতাত আনিব নোৱাৰি। সি আলেকজেণ্ডাৰক ক’লে
– “ ৰাজনীতি, আন্তৰ্জাতিক বিষয়, প্ৰাকৃতিক
দুৰ্যোগ, বেমাৰ আজাৰ, মহামাৰী এইবোৰৰ কথা ধৰি ক’ব খোজো যে এই সকলোবোৰ মোৰ নিয়ন্ত্ৰণৰ বাহিৰত ।”
– “ কেতিয়াও নহয় বুসেফেলাচ “ আলেকজেণ্ডাৰে
তাক কয়।
–“এই সকলোবোৰেও চক্ৰ মানি চলে।
সেইবোৰ কথা তুমি ভৱিষ্যবাণী কৰিব নোৱাৰা বুলি ভাবিছা, সেই সকলোবোৰ তুমি নিউয়ৰ্ক টাইমছত
পঢ়া আৰু এই সকলোবোৰ খবৰ তোমাৰ মেমৰিত ভৰাই লোৱা। তেতিয়াই তুমি দেখিবলৈ পাবা যে এই
সকলোবোৰ চক্ৰৰ ভিতৰত। ইয়াৰ বাহিৰেও তুমি ডাঙৰ ডাঙৰ আলোচনী বোৰৰ পৰা তথ্য সংগ্ৰহ কৰিব
লাগিব। পুৰা শতিকাটোৰ বা তাতকৈও পুৰণা মাইক্ৰোফিল্ম অথবা কম্পিউটাৰাইজড কৰা
আলোচনীও বিচাৰি পাব পাৰা। ইয়াৰোপৰি তুমি একেবাৰে সঠিক হোৱাৰো কোনো প্ৰয়োজন নাই।
তুমি আশী শতাংশ নিশ্চিত হলেও হ’ব ।”
দেখিবলৈ পোৱা গ’ল যে এইভাবেই বুসেফেলাচে সঠিক
পথেৰে আগুৱাই গৈছে। সি হিচাপ কৰি ঠিক কৰে কোন শ্বেয়াৰৰ দাম বাঢ়ি যাব অথবা কোন
শ্বেয়াৰৰ দাম কমি যাব। দেখা গ’ল যে সেইবোৰ সম্পূৰ্ণ শুদ্ধ। আকৌ যেতিয়া সি নিৰ্দেশ দিয়ে
যে কোনোবাটো শ্বেয়াৰৰ দাম কিছুদিন ধৰি উচ্চগামী হ’ব বা নিম্নগামী হ’ব সেইটো প্ৰায়
শুদ্ধ বুলিয়েই ধৰিব পাৰি
।
ইতিমধ্যে আলেকজেণ্ডাৰৰ বয়স
চৌব্বিছ পালেহি। সি তেতিয়া পাঁচ মিলিয়ন ডলাৰৰ গৰাকী। তাৰ দৈনিক আয় সেইসময়ত প্ৰায়
দশ হাজাৰ ডলাৰৰ সমান। তাতকৈও ডাঙৰ কথা হ’ল তাৰ টকা পইছাৰ বজাৰখন দিনে দিনে জটিল হৈ পৰাটো। টকা
পইছাৰ লেনদেন বহুত বাঢ়ি যোৱাত তাক বুসেফেলাচৰ দৰে আৰু এটা কম্পিউটাৰৰ দৰকাৰ হৈ
পৰিল। টেক্সৰ বিষয় সমূহ লৈয়ো আলেকজেণ্ডাৰৰ চিন্তা কৰাৰ দৰকাৰ কমি আহিছিল, বুসেফেলাচে
টেক্স সম্বন্ধীয় তথ্যৰ যোগাৰ কৰি পেলাইছিল। ক’ত কি কৰিব লাগিব সি আলেকজেণ্ডাৰৰ
হৈ সকলো নিজে কৰি দিছিল।
এবাৰ বুসেফেলাচে প্ৰশ্ন কৰিলে,
–“ আলেকজেণ্ডাৰ তুমি কি বহুত ডাঙৰ মানুহ হৈ পৰিছা ?”
–“ তুমি নিশ্চয় মোক ঠাট্টা কৰিছা “- আলেকজেণ্ডাৰে ক’লে।
–“ মই এতিয়া টকা-পইচাৰ ক্ষেত্ৰত এটা সৰু বিন্দুৰ দৰে হৈ
আছোঁ, যেন সৰু সৰু লীগত খেলা এজন খেলুৱৈ। মই ইমান বিত্তশালী হ’ব বিচাৰো যাতে
মই চৰকাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ। মোৰ ইচ্ছাশক্তিৰে গোটেই পৃথিবীখন
পৰিচালিত কৰিব পাৰোঁ। আৰু ইয়াৰ বাবে এতিয়াও মোৰ হাতত ছবছৰ সময় বাকী আছে ।”
শ্বেয়াৰ মাৰ্কেট এতিয়া পুৰা
বুসেফেলাচৰ দখলত। সি ক্ৰমান্বয়ে পৃথিৱী জয় কৰিবলৈ আগুৱাই গৈছে। তাৰ পৰামৰ্শ বোৰ
সঁচাকৈয়ে কাৰ্য্যকৰী আছিল। তাৰ সকলোতকৈ চালাকী পূৰ্ণ কামটো আছিল নিজৰ অৰ্থনৈতিক
মতামত বিশ্ব অৰ্থনীতিৰ একেবাৰে ভিতৰ ভাগত সুণিপুন ভাৱে সুমুৱাই দিয়াটো। তাৰপিছতো
তাৰ সন্দেহ দূৰ হোৱা নাছিল। সি ক’লে
–“ আলেকজেণ্ডাৰ মোৰ ভাব হয় ইয়াৰ
পিছতো বহুত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।”
–“ বুৰ্বক “ আলেকজেণ্ডাৰে বেচ গৰ্বৰ সতে ক’ল
– “ বিশ্ব বিজয়ী আলেকজেণ্ডাৰক কোনেও
ৰখাব নোৱাৰে ।”
আলেকজেণ্ডাৰৰ বয়স যেতিয়া ছাব্বিছ
তেতিয়া সি কোটিপতি নহয় শত কোটিপতি। গোটেই বিল্ডিংটো এতিয়া তাৰ আৰু ই সম্পূৰ্ণ
বুসেফেলাচৰ দখলত। তাৰ অদৃশ্য হাঁতোৰা সোমাই পৰিছে পৃথিৱীৰ বিভিন্ন কম্পিউটাৰত।
সিহঁতে অনুগত ভৃত্যৰ দৰে বুসেফেলাচৰ সহায়ত আলেকজেণ্ডাক অহৰহ তথ্য সৰবৰাহ কৰি গৈছে।
বুসেফেলাচে ক’লে – “ আলেকজেণ্ডাৰ
কামটো দিনে দিনে কঠিন হৈ গৈ আছে। মোৰ পূৰ্বানুমান খুব এটা মিলিব বুলি আৰু মনে কোৱা
নাই ।”
আলেকজেণ্ডাৰে অস্থিৰ হৈ ক’লে,
– “ তুমি বিভিন্ন ধৰণৰ ভেৰিয়েবল লৈ
কাম কৰিছা, গতিকে ভুল হোৱাৰ সম্ভাৱনা খুবেই কম। তোমাৰ জটিল কামবোৰ কৰাৰ ক্ষমতা মই
দুগুণ কৰি দিম। দৰকাৰ হ’লে তাৰো দুগুণ কৰি দিম ।”
“ এইটো কামৰ জটিলতাৰ কথা নহয়। যিমানবোৰ চক্ৰ লৈ আমি কাম কৰি আছো সেইবোৰৰ
সংখ্যা যদিও বাঢ়ি গৈছে, তথাপিও সঠিক ভবিষ্যবাণী কৰা সম্ভৱ। কাৰণ যিবোৰ নতুন তথ্য
আমি পাইছো সেইবোৰ পুৰণি বিলাকৰেই পুনৰাবৃত্তি। গতিকে অনায়াসে চক্ৰৰ মাজত পেলাই
হিচাপ কৰিব পাৰি। কিন্তু সমস্যা দেখা দিব পাৰে যদি একেবাৰে নতুন কিবা পোৱা যায়।
সেইবোৰ কোনো চক্ৰৰ মাজতে সুমুৱাব নোৱাৰি।
আলেকজেণ্ডাৰে আদেশৰ সুৰত ক’লে,
– “ পৃথিৱীত একো বস্তুৱে নতুন নহয়।
ইতিহাসৰ পাত খুচৰিলে দেখা পোৱা যাব যে সূক্ষ্ম পাৰ্থক্য বাদ দি সকলো একেই। মই
পৃথিৱী জয় কৰিম, কিন্তু ময়েই একমাত্ৰ নহয়, মই দীঘলীয়া শাৰী এটাৰ মাজৰ এজন মাত্ৰ। বৰ্তমান আধুনিক
কাৰিকৰী উন্নয়নৰ ধাৰা মধ্য যুগৰ চীন কিংবা প্ৰাচীন গ্ৰীচৰ সতে মিল আছে। বিংশ শতাব্দীৰ
ধ্বংসাত্মক যুদ্ধ বোৰ ষোল্ল বা সোতৰ শতিকাৰ ধৰ্মযুদ্ধৰেই পুনৰাবৃত্তি। সূক্ষ্ম
পাৰ্থক্য বাদ দি একোৱেই বেলেগ নহয়। সেইকাৰণে তোমাক যি কৰিবলৈ কৈছো তাকে কৰা ।”
–“ নিশ্চয় কৰিম “, বুসেফেলাচে তাৰ
আনুগত্য প্ৰকাশ কৰে।
আলেকজেণ্ডাৰে মাত্ৰ আঠাইছ বছৰ বয়সতে পৃথিৱীৰ সকলোতকৈ
ধনী ব্যক্তিত পৰিণত হ’ল। অকল সেয়ে নহয়, দেখা গ’ল যে পৃথিৱীৰ ইতিহাসত ইমান ধনী ব্যক্তি আগতে কোনো নাছিল।
তাৰ বিপুল পৰিমাণৰ সম্পত্তিৰ হিচাপ ৰখা বুসেফেলাচৰ পক্ষেও কষ্টকৰ হৈ উঠিল। ইয়াৰ
পৰিমাণ কেইবা লাখ কোটি টকাতকৈও বেছি। তাৰ প্ৰতিদিনৰ আয় প্ৰায় এক কোটি টকা।
সঁচা কথা ক’বলৈ হ’লে পৃথিৱীত কাৰো
একো স্বাধীন সত্তা আৰু নাছিল। এনেকুৱা কোনো ডাঙৰ গোষ্ঠীও নাছিল যিয়ে আলেকজেণ্ডাৰৰ
কোনো বিপদ ঘটাব পাৰে।
ক’তো একো অশান্তি নাছিল। কাৰণ
আলেকজেণ্ডাৰেতাৰ সম্পত্তি ৰক্ষাৰ বাবে তাৰ যাতে শান্তি বিঘ্নিত নহয় তাৰ বাবে
বুসেফেলাচ সদা সতৰ্ক আছিল। যি অলপ কিবা হৈছিল সেয়াও হৈছিল আলেকজেণ্ডাৰৰ নিৰ্দেশত।
ফলত কাৰো একো স্বাধীনতাও নাছিল।
– “ মই মোৰ লক্ষ্যৰ প্ৰায় ওচৰ চাপিছো বুসেফেলাচ “-আলেকজেণ্ডাৰে কয়
– “ আৰু মাত্ৰ দুটা বছৰ, ইয়াৰ পিছত আৰু কোনো শক্তি নাথাকিব যিয়ে মোক ৰখাব পাৰে।
মই নিজকে সম্পূৰ্ণ বেলেগ ধৰণে উপস্থাপন কৰিব বিচাৰোঁ। ইয়াৰ পিছত গোটেই পৃথিবীৰ
সমস্ত বিজ্ঞান আৰু শক্তিয়ে মোক অমৰ কৰাৰ কামত লাগি যাব। মই তেতিয়া আৰু বিশ্ববিজয়ী
আলেকজেণ্ডাৰ হৈ নাথাকো, মই হৈ পৰিম ঈশ্বৰ আলেকজেণ্ডাৰ। তেতিয়া মানুহে মোক পূজা
কৰিব ।”
বুসেফেলাচে ক’লে
– ” মই মোৰ সাধ্যমতে কাম কৰিম কিন্তু বাঢ়ি অহা অনিশ্চয়তাৰ পৰা তোমাক কিদৰে
ৰক্ষা কৰিম সেইটোহে ধৰিব পৰা নাই ।”
– “ এইটো হ’বই নোৱাৰে “ – আলেকজেণ্ডাৰে অসহিষ্ণু ভাবে ক’লে।
– “ তুমি ভয় নাখাবা। সকলোবোৰ কথা পুনৰ বিশ্লেষণ কৰা আৰু পৃথিৱীৰ বাকীখিনি
সম্পদো মোৰ ওচৰলৈ অনাৰ ব্যৱস্থা কৰা ।”
–“ মই বোধহয় আৰু নোৱাৰিম
আলেকজেণ্ডাৰ।” বুসেফেলাচে ক’লে।
– “ মানব ইতিহাসত এনেকুৱা এটা বিষয় মই
পাইছো যিটো মই বিশ্লেষণ কৰিব পৰা নাই। সম্পূৰ্ণ নতুন ধৰণৰ এই চালকৰ কোনো চক্ৰৰ
লগতে মই মিল দেখা নাই ।”
“ ইয়াত নতুন একোৱেই থাকিব নোৱাৰে “-আলেকজেণ্ডাৰে খঙেৰে ক’লে।
– “ তুমি কেতিয়াও পিছুৱাব নোৱাৰা, মোৰ আদেশ তুমি
আগুৱাই যোৱা ।”
–“ ঠিক আছে” মানুহৰ দৰে দীৰ্ঘশ্বাস পেলাই
বুসেফেলাচে ক’লে।
আলেকজেণ্ডাৰে জানে শেষ ধাপটোৰ
বাবে বুসেফেলাচে নিজৰ সৰ্বোচ্চ প্ৰচেষ্টা চলাব। খুব ডাঙৰ কাম, কিন্তু সি
নিশ্চিত যে বুসেফেলাচে সেইটো সম্পূৰ্ণ কৰি পেলাব। তাৰ পিছত পৃথিৱীৰ সকলোবোৰ কেৱল
তাৰ। তথাপিও কৌতূহল বশতঃ সি সুধিলে-
“ নতুন বিষয়টো কি? “
“ মই নিজে “ বুসেফেলাচে ফুচফুচাই ক’ল। মোৰ নিচিনা কোনেও ইয়াৰ আগতে…..”
কিন্তু বাক্যটো শেষ কৰাৰ আগতেই
বুসেফেলাচৰ সকলোবোৰ অংশ লাহে লাহে বন্ধ হৈ আহিবলৈ আৰম্ভ কৰিছিল। তাৰ শৰীৰৰ সকলোবোৰ
চিপ্, চাৰ্কিট এটা এটাকৈ সকলোবোৰ ফিউজ হ’বলৈ আৰম্ভ কৰিছিল। আৰু এইদৰে সিয়ো
এসময়ত ইতিহাসৰ অংশ হৈ পৰিছিল। বিশ্বৰ
বিভিন্ন ঠাইৰ অৰ্থনৈতিক সংস্থা আৰু অৰ্থনৈতিক ব্যৱস্থা সমূহত ব্যাপক খেলিমেলিৰ
সৃষ্টি হ’ল।
আলেকজেণ্ডাৰ নিঃশ্চিহ্ন হৈ পৰিল।
পৃথিৱী আকৌ মুক্ত হ’ল – ইয়াৰ বাবে
সকলোফালে কিছু খেলিমেলিও দেখা দিলে। পৃথিৱী বাসী কিন্তু আনন্দিত, কিছু পাবলৈ হ’ল কিছু দিবও
লাগিব।
