To His Coy Mistress

 

মূল : এন্ড্ৰু মাৰভেল

অনুবাদ : অগ্নিভ গগৈ


 

যদি আমাৰ হাতত পৰ্য্যাপ্ত সময় থাকিলহেঁতেন
,

তেনেহলে হে ভদ্ৰমহিলা ,তোমাৰ এই লাজুকীয়া স্বভাৱ অপৰাধ নহলহেঁতেন ।

আমি এঠাইত বহিলোঁহেঁতেন আৰু ভাবিলোহেঁতেন
,

আমাৰ এই মৰমলগা দীঘলীয়া দিনবোৰ কেনেকৈ
কটাম ।

 

তুমি গঙ্গাৰ পাৰত বহি ৰুবী বিচাৰিলাহেঁতেন

আৰু মই হামবাৰ নদীৰ পাৰত বহি জোৱাৰভাটা
চাই চাই অভিযোগ দিলোঁহেঁতেন

(যদি আমাৰ হাতত সময় থাকিলহেঁতেন)

 

মই তোমাক বানপানী অহাৰ দহ বছৰ পূৰ্বলৈকে
ভাল পাই যাম
,

যদি তুমি বিচৰা, অস্বীকাৰ কৰিব পাৰা 
জীউজৰ পৰা ৰূপান্তৰৰ সময়লৈকে ।

 

মোৰ প্ৰকৃত প্ৰেম বাঢ়ি গৈ থাকিলহেঁতেন
,

কোনো সাম্ৰাজ্যতকৈ অধিক কিন্তু লাহে লাহে

আৰু অনাগত এশটা বছৰ মই তোমাৰ দুই চকুৰ
প্ৰশংসাত বুৰ গলোঁহেঁতেন ।

তোমাৰ দুয়োটা স্তনযুগলৰ প্ৰশংসা কৰিবলৈ
দুশ বছৰ লাগিলহেঁতেন আৰু বাকী থকা

ত্ৰিশ হাজাৰটা বছৰ তোমাৰ শৰীৰৰ প্ৰত্যেকটো
অংগৰ প্ৰশংসাত বুৰ গলোঁহেঁতেন ।

 

এই সকলোবোৰ অন্ত পৰাৰ পিছত মই তোমাক মোৰ
হৃদয় দেখুৱাই দিলোঁহেঁতেন ।

 

হে ভদ্ৰমহিলা ,এই সকলোবোৰৰ তুমি যোগ্য

 

কিন্তু পিছফালৰ পৰা মই সদায়েই শুনা পাওঁ

 

সময়ৰ পাখি লগা ৰথ আমাৰ পিছে পিছে আহি
আছে
,আৰু

সৌৱা চোৱা,আমি সময়ৰ অন্তহীন মৰুভূমিক অতিক্ৰম কৰিব লাগিব

 

এদিন তোমাৰ মৃত্যু হব ,তেতিয়া এই সৌন্দৰ্য্যৰ কোনো মূল্য নাথাকিব ।

মাৰ্বলৰ কবৰৰ ভিতৰত মোৰ গানৰ গুঞ্জৰিত
কলি শুনা নাপাবা
,

কবৰৰ ভিতৰত পোক- পতংগই তুমি দীৰ্ঘসময়
সাঁচি ৰখা কুমাৰীত্ব হৰণ কৰিব ।

 

এই অহংকাৰ এদিন ধূলিৰ লগত মিলি যাব

 

আৰু মোৰ আশা – আকাংক্ষাবোৰ ভষ্ম হৈ পৰিব
,

কিন্তু মই নাভাবোঁ কবৰৰ দৰে সুন্দৰ আৰু
ব্যক্তিগত ঠাইত প্ৰেমে পূৰ্ণতা পাব

 

এইয়াটো যৌৱনৰ সময় ,

এতিয়াই আমি প্ৰেমক পূৰ্ণতা দিব পাৰো ,

আমি আমাৰ সকলো শক্তিক একত্ৰিত কৰি

জীৱনতো আগবঢ়াই লৈ যাব পাৰোঁ

যিহেতু আমি সময়ক বাধা দিব নোৱাৰো ,

একলগ হওঁ আহা , তেতিয়াহে কিবা এটা হ

 

 

আধ্যাত্মিক কবি এন্ড্ৰু মাৰভেলৰ  To His Coy Mistress  এটা বিখ্যাত কবিতা ।
ৰচনাকাল ১৬৫০ চন
, প্ৰকাশ ১৬৮১ চন ।

Leave a Reply

Your email address will not be published. Required fields are marked *