সোণৰ নৌকাখনি
মূলঃ ৰবীন্দ্ৰনাথ ঠাকুৰ
অসমীয়া ভাঙনিঃ বিপুল বৰুৱা

 


আকাশ জুৰি মেঘে আছে গৰজি, ঘন বৰষুণ ৷

পাৰত অকলে আছোঁ,ভাৰসা ৰাখিবলৈ কোনো নায়েই
দেখোন ৷

ডাঙৰিয়ে ডাঙৰিয়ে থোকভৰা

দোৱা হল ধান গোটেই কেইডৰা

ইফালে নৈখন দোকোলটকা

থৌকিবাথৌ খৰসোঁতা ৷

ধান দাই থাকোঁতেই পালেহি
বাৰিষা ৷

অলপীয়া খেতিখোলা তাতে
অকলশৰীয়া

চৌদিশে বানৰ খেলাই কৰিছে
জ্বলাকলা ৷

সিপাৰ দেখাই নাই

ঢাকি আছে বিৰিখৰ পাতে আৰু
ছায়াই

কলীয়া ডাৱৰে ছানি আছে গাঁও
দেখা নাই

এই পুৱাবেলাতেই ৷

এই অকলশৰীয়াৰ

সৰুকৈ খেতিৰ মাটিকেইডৰা

নৈৰ এইপৰীয়া ৷

গীত জুৰি নাও বাই আহিছে
কোনোবা

চাওঁচোন কোন চিনি পাৱেঁই
জানোচা

পিচে নাৱৰীয়াই গুচি যায়
দিশ ওলোটাই

নাৱত থেকেঁচা খাই ঢৌবোৰেই

দুটি ধাৰা হৈ জাহ যায়

হায় নিৰুপায় !

এনে লাগে এই নাও নাৱৰীয়াক
চিনিয়েই পাওঁ

বোলোঁ হৌৰা তুমিনো কোন
বিদেশলৈ

হৈছা ৰাওনা

আহাঁচোন নাও পাৰত লগোৱাঁ

নাও ওপচাই দিম যলৈকে মন যায়

তলৈকে নিবা

যি মন যায় তাকেই দিবা
পাওনা

মাথোঁ লৈ যোৱা হাঁহিৰ ৰং
বিৰিঙাই

পাৰা মানে নাও ওপচাই৷

আহিলা

বুকুত সাৱটি আছিলোঁ যি
ভাবি সৰ্বহ

নৈৰ পাৰতে নিসংগে অত অহ

যাঁচিলোঁ তোমাতে ৷

এতিয়া মোকো তুলি লৈ যোৱা

প্ৰাণৰ ভৈয়াই ৷

কি? ঠাই নাই ৷

ঠাই নাই ঠাই নাই সৰু যে
নাওখনি

মোৰেই সোণগুটিৰে হল তাৰো ওপচনি

শাওনীয়া আকাশ ছানি

ঘনশ্যাম মেঘৰ আহনি যাহনি

নিজম নৈৰ কাণত থাকিলোঁ হৈ

আথানি-আবানি

আছিল লগত যি তাক চপাই
বুটলি লৈ

গুচি গল সোণৰ নৌকাখনি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *