যদি মানুহ হৈ নোৱাৰো, পখী
হৈ উভতিম এদিন
মূল বাংলা কবিতা: “যদি মানুষ হয়ে না পাৰি, পাখি হয়েও ফিৰব একদিন

মূল : তছলিমা নাসৰিন

অনুবাদ : বাপুকণ চৌধুৰী

মোৰ বাবে অপেক্ষা কৰিবা মধুপুৰ
নেত্ৰকোনা

অপেক্ষা কৰিবা জয়দেবপুৰৰ চাৰিআলি
বোৰ,

মই উভতিম, ভীৰৰ মাজত হুলস্থূল
কৰিম, সাহসৰ অসীম বন্যাত

অপেক্ষা কৰা,

আপোন ঘৰ, নেমুতলা আৰু গোল্লাচুটৰ
পথাৰ॥

 

অপেক্ষা কৰিবা,

আফজল হুছেইন, খাইৰুণ নেছা

অপেক্ষা কৰা ঈদূলআৰা,

মই উভতিম,  পূৰ্ণিমাৰ গান গাবলৈ, ঝুলনাত ঝুলিবলৈ, বাঁহনিৰ পুখুৰীত
বৰশী পেলাম মই। ।

 

মই উভতিম,

ভালপোৱাৰ বাবে, হাঁহিৰ বাবে,
জীৱন জৰীত পুনৰ সপোন গাঁঠিবলৈ। ।

অপেক্ষা কৰিবা মতিপুখূৰী,
শান্তিনগৰ আৰু ফেব্ৰুৱাৰীৰ গ্ৰন্থমেলা
••••

 

মেঘবোৰ উৰিছে পশ্চিমৰ পৰা
পূৱলৈ, তাতেই পঠিয়াইছো দুটোপাল চকুৰ নীড়

গোলপুখূৰীৰ পাৰৰ ঘৰত টিনৰ
চালিৰ বৰষুণ
••••

 

শীতৰ পক্ষীবোৰ পশ্চিমৰ পৰা
পূবলৈ গৈছে,

এটি পলকতেই পাবহি শাপলগা পুখুৰী
বা বঙ্গোপ সাগৰ। ।

 

ব্ৰহ্মপুত্ৰ শুনিবা, মই উভতিম।

শুনা শাল বিহাৰ, মহাস্থানগড়,
সীতাকুণ্ড পাহাৰ

মই উভতিম। ।

 

যদি মানুহ হৈ নোৱাৰো এইটো
জীৱনত,

তেন্তে পখী হৈ উভতিম এদিন।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *