পৰিচয়
মূলঃ অমৃতা প্ৰীতম
অনুবাদঃ পৰিমালা কোঁৱৰ


তোমাক যদি কোনোবা জনমত লগ পাওঁ

মোৰ সিৰাই সিৰাই কঁপনি উঠিব

যেতিয়া তোমাৰ উশাহে মোৰ উশাহক চুমিব

তেতিয়া মগজুত  সময় উভতিব বব

এটা গুহা আছিল

তাত মই আৰু এজন সন্যাসী আছিলোঁ

সন্যাসীজনে মোক তেওঁৰ দুবাহুত লৈ

মোৰ উশাহক চুমিছিল

ঈশ্বৰৰ শপত !

তেওঁৰ ওঁঠৰ পৰা ওলোৱা সেই সুবাসত

কি মায়াৰ লীলা আছিল

সেই সন্যাসীজন হয়তো তুমিয়ে আছিলা

নাইবা তেওঁ সন্যাসীয়ে আছিল

তোমাৰ চেহেৰা হৈ তেওঁ মোৰ কাষলৈ আহিছিল

আৰু এইয়া মই………আৰু সেইয়া সুবাস

Leave a Reply

Your email address will not be published. Required fields are marked *