অসমীয়া অনুবাদ কবিতাঃ নাইজৰ কেবেনিৰ তিনিটা কবিতা

মূলআৰৱীইংৰাজী বি ফ্ৰাংইহ,চি ব্ৰাউন

অসমীয়া ভাঙনি অৰূপ কুমাৰ দাস

 চাকিতকৈ পোহৰ বেছি জৰুৰী

চাকিতকৈ পোহৰ বেছি জৰুৰী,
মই লিখা কবিতাবোৰ বহীখনতকৈ,
আৰু চুমা এটা এযোৰ ওঁঠতকৈ ৷
তোমালৈ লিখা মোৰ চিঠিবোৰ যিবোৰ
আমি দুজনতকৈয়ো মহান আৰু গুৰুত্বপূৰ্ণ
সেইবোৰেই একমাত্ৰ দলিল যত মানুহে
আৱিস্কাৰ কৰিব
তোমাৰ ৰূপ আৰু মোৰ পাগলামিক ৷




প্ৰতিবাৰ তোমাক চুমা খাওঁতে

প্ৰতিবাৰ তোমাক চুমা খাওঁতে
সুদীৰ্ঘ এক বিচ্ছেদৰ পাছত
মই অনুভৱ কৰো যেন এখন প্ৰেমৰ চিঠি
ডাকঘৰৰ ৰঙা বাকচটোত ভৰাই দিছো লৰা-লৰি

ভালপোৱাৰ তুলনা 


মই তোমাৰ আন প্ৰেমিকবোৰৰ দৰে নহয়, মোৰ প্ৰিয়া
কোনোবাই তোমাক মেঘ এচপৰা দিব
মই দিম বৰষুণ
তেওঁ তোমাক চাকি এটা দিব,
মই দিম জোনটো
 তেওঁ তোমাক ডাল এটা দিব
মই দিম এজোপা গছ
আৰু যদি কোনোবাই তোমাক জাহাজ এখন দিয়ে
মই যাত্ৰা এটা দিমেই ৷

( সম্পাদকীয় টোকা – চিৰিয়াৰ কবি নাইজৰ কেবেনি জন্ম হৈছিল ১৯২৩ চনত । কাব্বানিৰ ১৫ বছৰ বয়সত
তেওঁৰ ২৫ বছৰীয়া বায়েকে জোৰ-জুলুমকৈ তেওঁ ভাল নোপোৱা ব্যক্তি এজনৰ লগত বিয়া দিব খোজাত
উপায়হীন হৈ আত্মহত্যা কৰে ।  তেতিয়াই কেবেনিয়ে এনেধৰণৰ সামাজিক ব্যাধিৰ বিৰুদ্ধে কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ
হৈছিল। তেওঁ কৈছিল- “ইয়াত প্ৰেম নামৰ বস্তুটো বন্দী কয়দীৰ দৰে, মই মোৰ কবিতাৰে আৰৱীয়ান
আত্মাবোৰক মুক্ত কৰি দিব খোজো ।” তেওঁ সেই সময়ৰ এগৰাকী উল্লেখনীয় নাৰীবাদী প্ৰগতিশীল
কবি আছিল । তেওঁৰ ইৰ’টিক প্ৰেমৰ কবিতাবোৰ এসময়ত চোকা আৰু ব্যংগ ৰাজনৈতিক শ্লোগান হৈ
পৰিছিল । তেওঁক চিৰিয়াৰ জাতীয় কবি অভিহিত কৰা হয় । ১৯৯৮ চনত তেওঁৰ মৃত্যু হয়।)
 

Leave a Reply

Your email address will not be published. Required fields are marked *