এটা কুকুৰাৰ কাহিনী


মূল (বাংলা) : সুকান্ত


অসমীয়া ভাঙনি : হেমাংগ কুমাৰ দত্ত

 

এটা কুকুৰাই হঠাতে আশ্ৰয় পাই গ’ল

প্ৰকাণ্ড প্ৰাসাদৰ সৰু কোণ এটাত,

ভগা পেকিং বক্সৰ দমত..

অন্য দুই-তিনিটা কুকুৰাৰ সৈতে।

 

আশ্ৰয় যদিও পালে সি,

নেপালে আহাৰ উপযুক্ত।

সুতীক্ষ্ণ চিঞৰেৰে প্ৰতিবাদ কৰি

কন্ঠ ফালিলে সেই কুকুৰাই

পুৱাৰ পৰা সন্ধিয়ালৈকে..

তথাপি নজনালে সহানুভূতি সেই প্ৰকাণ্ড মজবুট
অট্টালিকাই ।

 

তাৰপিছত আৰম্ভ হ’ল তাৰ চুৱাপাতনিলৈ অহা-যোৱাঃ

আচৰিত ! তাত দৈনিক পোৱা গ’ল

পেলনি যোৱা ভাত-ৰুটিৰ সুস্বাদু প্ৰচুৰ আহাৰ।

 

তাৰপিছত এদিন চুৱনিলৈও আহিল অংশীদাৰ..

মলিয়ন ফটা  কাপোৰ পিন্ধা দুই-চাৰিজন মানুহ;

এতেকে দুৰ্বলতৰ কুকুৰাৰ খাদ্য বন্ধ হ’ল।

 

খাদ্য ! খাদ্য ! অলপ খাদ্য !

অসহায় কুকুৰাই খাদ্য বিচাৰি বাৰে বাৰে চেষ্টা
কৰিলে প্ৰাসাদৰ ভিতৰত সোমাবলৈ

প্ৰতিবাৰে খালে প্ৰচণ্ড খেদা।

 

অকণি কুকুৰাটোৱে কান্ধ ওখ কৰি সপোন দেখে..

‘প্ৰাসাদৰ ভিতৰত বিধে বিধে খাদ্য’।

 

তাৰপিছত এদিন সি সঁচাকৈয়ে প্ৰাসাদৰ ভিতৰ সোমাল,

একেবাৰে পোনে পোনে সোমাই আহিল

ধকধকীয়া বগা কাপোৰেৰে ঢকা খোৱা মেজলৈ;

অৱশ্যে খাদ্য গ্ৰহণ কৰিবলৈ নহয়..

খাদ্য হিচাপে ।


টোকাঃ এই অনূদিত কবিতাটি ১৯৯৪-৯৫ চনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আলোচনীত প্ৰকাশ পাইছিল। কবিতাটি হেমাংগ কুমাৰ দত্তৰ ‘অথবা’ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *