অনুবাদত অসমীয়া কবিতা


আৰু এটা প্ৰেমৰ কবিতা

মূলঃ দুন্যা মিখাইল

অনুবাদঃ ধ্ৰুৱ শইকীয়া


 


আৰু এটা দিন যদি পালোহেঁতেন

প্ৰেমৰে কবিতা লিখিলোহেঁতেন এটা

মাথো এটা শব্দৰ কবিতা হব সেইটো

বাইনেৰি কোডৰ ঘটিব পুনৰাবৃত্তি৷

তাক মই পুৰণ কৰিম সেই সংখ্যাৰে

তোমাক যিমানদিন নোকোৱাকৈ থাকিলো সেই দিনৰ সংখ্যা  

যোগ দিম দিনবোৰ

 

মই যেতিয়া নিৰৱতাৰে ব্যক্ত কৰিছিলো

কাৰণ মই কব খুজিছিলো

বাৰে বাৰে ৷ এটা ভোমোৰাৰ দৰে

ফুলৰ ৰেণু গোটাই ফুৰা৷ ময়ো গোটাম

 

এটা শব্দেৰে এবাৰ কৈ দিয়া আটাইবোৰ কথা

বর্গমূলৰ দৰে

পূৰণ কৰিম দহৰ ঘাতকেৰে, আৰু

সেই দিনটোও মই গণনা কৰিম

 

তোমৰ ওপৰত উঠা মোৰ খঙে

যেতিয়া মোক এটুকুৰা শিলত পৰিণত কৰিলে

লগতে সেইদিনেবোৰ যেতিয়া মই আঁতৰত আছিলো

পষ্টকার্ড এখনৰ দৰে মোৰ গান

পঠিয়াই দিছিলো নি;সংগতালৈ

পৃথিৱীৰ সৈতে মোৰ প্ৰতি মৰম স্পর্শেৰে

অনুভৱ কৰিছিলো তোমাকে৷

 

দিনবোৰ মোৰ মই গণনা কৰিম 

আনকি পৃথিৱীলৈ অহাৰ আগৰে সেই নটা মাহৰ প্ৰতিটো দিন

যাতে ঘোষণা কৰিব পাৰো মই

বিকাশৰ এই সূচাংক আই লাভ ইউ

Leave a Reply

Your email address will not be published. Required fields are marked *