অক্টাভিঅ’ পাছৰ দুটা কবিতা


অসমীয়া ভাঙনিঃ যশোৱন্ত নিপুণ


paz

 

পথ

 

এয়া সুদীৰ্ঘ আৰু নিতাল-নিস্তব্ধ এটি পথ।

এন্ধাৰতে মই খোজ কাঢ়োঁ, উজুটি খাওঁ, পৰি যাওঁ,

আৰু মই আকৌ থিয় হওঁ, একো নেদেখাকৈ
খোজ কাঢ়োঁ
,
মোৰ ভৰিয়ে

গচকে নীৰৱ শিলবোৰ আৰু শুকান পাতবোৰ:

মোৰ পাছত অন্য কোনোবা এজনেও গচকে শিলবোৰ, পাতবোৰ

যদি মই মন্থৰ হওঁ, মন্থৰ হয় তেওঁ;

মই দৌৰিলে, দৌৰে তেওঁ

মই ঘূৰি চাওঁ

কোনো নাই।

 

সকলোবোৰ এন্ধাৰ আৰু দুৱাৰবিহীন,

মাত্ৰ মোৰ খোজবোৰ মোৰ উপস্থিতিৰ সজাগ,

মই পূনঃ পূনঃ সেই কেঁকুৰিবোৰেৰে খোজ কাঢ়ো

যিবোৰ সেই পথটোলৈকে যায় চিৰকাল

ত কোনেও মোলৈ অপেক্ষা নকৰে, কোনেও মোক অনুসৰণ নকৰে,

ত মই এজন ব্যক্তিক অনুসৰণ কৰোঁ যিয়ে উজুটি
খায়

আৰু পুনৰ থিয় হয় আৰু মোক দেখিলে কয়:

কোনো নহওঁ।

 

 

সেতু



এই মুহূৰ্ত আৰু এই মুহূৰ্তৰ মাজত,
মোৰ আত্মা আৰু তোমাৰ আত্মাৰ মাজত,
এই শব্দ সেতু।

 

ইয়াৰ অন্তৰত প্ৰৱেশ কৰি
তুমি প্ৰৱেশ কৰা তোমাৰ অন্তৰত
পৃথিৱীখন সংযোজিত হয়
আৰু এটা চক্ৰৰ দৰে সম্পূৰ্ণ হয়।

 

এটা পাৰৰ পৰা আন এটা পাৰলৈ
তাত চিৰকাল
এক সত্বা বিস্তৃত হৈ আছে
এখন ৰামধেনু
তাৰ বক্ৰতাৰ তলত আজি মই শুম।

Leave a Reply

Your email address will not be published. Required fields are marked *