ভাৰ্জিনিয়া উল্ফৰ শেষৰখন চিঠি

অনুবাদঃ জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয়
প্ৰিয়তম,
@Penguin Books, Australia
মই নিশ্চিত যে মই পুনৰ উন্মাদ হবলৈ
গৈ আছোঁ। মোৰ এনে লাগিছে যেন আমি পুনৰ সেই ভয়ংকৰ সময়বোৰৰ মাজেৰে আগুৱাই যাব
নোৱাৰিম। মই এইবাৰ বোধহয় সুস্থ হৈ নুঠিমগৈ। মই আজিকালি চৌপাশে বিবিধ আচহুৱা মাত
কিছুমান শুনিবলৈ লৈছো, অথচ মনোযোগ দিব পৰা নাই। মনটোৱে যিটো সবাতোকৈ ভাল বুলি কৈছে
তাকেই কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰিয়তম, তুমি মোক সম্ভৱপৰ সকলোবোৰ সুখেই দিছা। তুমি
মোৰ বাবে হ
ব পৰা সম্ভৱপৰ সকলোখিনিয়েই হৈছিলা। মই নাভাবো যে
মোৰ এনেকুৱা ভয়ংকৰ অসুখৰ সময়তো আমাতকৈ বেছি কোনোবা মানুহ ইমান সুখী হ
ব পাৰে! মই আৰু দীঘলীয়া সময়ৰ বাবে যুঁজিব নোৱাৰা হৈ পৰিছোঁ। মই ইয়াকো জানো
যে মই তোমাৰ জীৱন ধ্বংস কৰি আছো, যিহেতু কেৱল মোৰ বাবেই তুমি তোমাৰ নিজৰ কামবোৰতো
ভালদৰে লাগিব পৰা নাই। মই উপলব্ধি কৰিছো যে মোৰ অবিহনেহে তুমি নিজৰ কামবোৰ ভালকৈ
কৰিব পাৰিবা। চোৱাচোন, মই ভালদৰে কথাবোৰ লিখিবও পৰা নাই। আনকি মই পঢ়িবও নোৱাৰা হৈ
পৰিছোঁ। কেৱল মই ইয়াকেই ক
ব খোজো যে মোৰ জীৱনৰ সমস্ত সুখ আৰু
আনন্দ কেৱল তোমাৰ নামতেই সমৰ্পন কৰিছোঁ। তুমি মোৰ প্ৰতি সম্পূৰ্ণৰূপে ধৈৰ্যশীল আৰু
অসম্ভৱ ধৰণেৰে সৎ আছিলা, যিটো কথা সকলোৱেই জানে। যদি মোক কোনোবাই বচাব
পাৰিলেহেঁতেন, সেইজন তুমিয়েই হ
লাহেতেন। কিন্তু তোমাৰ সততাৰ
নিশ্চিতিৰ বাদে মই সদ্যহতে সকলোবোৰেই হেৰুৱাই পেলাইছোঁ। মই তোমাৰ জীৱনটো ইয়াতকৈ
বেছি ধ্বংস কৰিব নোৱাৰোঁ।
        মই
নাভাবো যে দুজন মানুহ ইয়াতকৈ বেছি সুখী হ
ব পাৰিব, যিমান সুখী
আছিলোঁ।
ইতি
ভাৰ্জিনিয়া উল্ফ
(সম্পাদকীয় টোকাঃ ভাৰ্জিনিয়া উল্ফ
বিশ্ব সাহিত্যত আধুনিকতাবাদৰ সম্পৰীক্ষা কৰা প্ৰথমচোৱা সাহিত্যিকৰ মাজৰ এগৰাকী
উজ্বল জ্যোতিষ্ক আছিল।
Mrs. Dalloway ৰ দৰে মহান উপন্যাসৰ স্ৰষ্টা
এইগৰাকী উপন্যাসিকা, প্ৰবন্ধকাৰ আৰু সমালোচকৰ শেষৰখন চিঠি দৰাচলতে তেওঁৰ
আত্মহত্যাৰ টোকা। উল্ফৰ সোঁৱৰণত পাঠকলৈ তেওঁৰ এই বিখ্যাত চিঠিখনৰ মুকলি অনুবাদ
আগবঢ়ালোঁ।)

4 Responses

  1. মইও যদি কেতিয়াবা আত্মহত্যা কৰো এনেকুৱা এখন চিঠি লিখিবলৈ চেষ্টা কৰিম । অনুবাদ আকৰ্ষণীয় হৈছে ।

  2. মনপৰশা মন্তব্য…যদি কিবা কাৰণত আপুনি তেনে কিবা কৰে,মই নিজকে ক্ষমা কৰিব নোৱাৰিম।

Leave a Reply

Your email address will not be published. Required fields are marked *