আলবেৰ কেম্যুৰ
সাক্ষাৎকাৰ

অনুবাদ  : মীনাক্ষী বৰপাত্ৰগোহাঁই

 

আলবেৰ কেমুৰ জন্ম হৈছিল ১৯১৩ চনত আলজেৰিয়াত ৷ বিশ্বৰ বিখ্যাত লেখকসকলৰ অন্যতম কেম্যুৱে
জীৱন প্ৰকৃততে কি
, এই সন্দৰ্ভত বহুতো ব্যাখ্যা
আগ বঢ়োৱাৰ  লগতে  নিৰৰ্থকতাক 
তেওঁ আঙুলিয়াই দেখুৱাইছিল ৷ তেওঁৰ সাহিত্যকৃতিৰ ভিতৰত
দ্য আউটচাইডাৰ‘, ‘দ্য প্লেগ‘, ‘দ্য ফলআদি উল্লেখযোগ্য উপন্যাস ৷ দ্য মিথ অব সিসিফাস’, ‘দ্য ৰিবেলআদি দাৰ্শনিক তত্ত্বমূলক গ্ৰন্থৰ লগতে বহু সমাদৃত নাটক ক্যালিগুলা’, ‘ক্ৰস পাৰপাস্’, ‘দ্য পজেজসড  আদি উল্লেখযোগ্য ৷ প্ৰবন্ধমূলক
ৰচনাৰাজিৰ ভিতৰত
নোটবুকচ  অন্যতম ৷

১৯৩৫ চনৰ পৰা ১৯৫৯ চনৰ ভিতৰৰ সময়ছোৱাতে কেম্যুৱে তেওঁৰ  গুৰুত্বপূৰ্ণ লেখাসমূহ লিখি উলিয়াইছিল ৷ ১৯৫৭ চনত  নোবেল পুৰস্কাৰ লাভ কৰা কেম্যুৰ ১৯৬০ চনত এটি পথ
দুৰ্ঘটনাত মৃত্যু ঘটে ৷  ১৯৫৯ চনত তেওঁৰ মৃত্যুৰ
এবছৰ পূৰ্বে   লেখক জে.সি. ব্ৰিসভেলে সাক্ষাৎকাৰটি
গ্ৰহণ কৰিছিল ৷ পৰৱৰ্তী সময়ত
  সাক্ষাৎকাৰটোৰ লগতে মুঠ তিনিটা সাক্ষাৎকাৰ অন্তৰ্ভুক্ত
হয়  কেম্যুৰ
লিৰিকেল এণ্ড ক্ৰিটিকেল এসেজনামৰ গ্ৰন্থখনত ৷ গ্ৰন্থখনৰ লেখাসমূহ  অনুবাদ
আৰু সম্পাদনা কৰিছিল ফিলিপ থডি আৰু এলেন ক্যানোৰি 
কেনেডিয়ে ৷ নিউয়ৰ্কৰ ভিনটেজ বুকসৰ দ্বাৰা ১৯৭০ চনত  গ্ৰন্থখন প্ৰকাশিত হৈছিল ৷

 

সাক্ষাৎগ্ৰহণকাৰী  :  লেখক হব বুলি  কেতিয়া সিদ্ধান্ত  লৈছিল  ?

আলবেৰ কেম্যু  : লেখক হবৰ বাবে প্ৰয়োজনীয়  প্ৰেৰণা, আগ্ৰহ  বা লেখামেলাকে পেছা হিচাপে গ্ৰহণ কৰা – এই  কথা কেইটা ঠিক মোৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিল, কাৰণ মই সেই সোতৰ বছৰ বয়সতে লেখক হব বিচাৰিছিলোঁ ৷ সেই সময়ত খুব স্পষ্টভাবে নহলেও বুজি পাইছিলোঁ যে মই আচলতে লেখক হোৱাৰ  পথতেই খোজ দিছোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : তেতিয়া লেখক
হোৱাৰ সমান্তৰালকৈ  অন্য কোনো পেছা গ্ৰহণ কৰাৰ
কথা ভবা নাছিল নে
?

আলবেৰ কেম্যু  : হয়, ভাবিছিলোঁ ৷ তেতিয়া
শিক্ষকতাক পেছা হিচাপে গ্ৰহণ কৰাৰ কথা ভাবিছিলোঁ ৷ লেখক হিচাপে স্বাধীনভাৱে কাম কৰিবৰ
বাবে
,
লেখক জীৱনটোক নিশ্চয়তা প্ৰদানৰ  উদ্দেশ্যে দ্বিতীয় পেছা হিচাপে শিক্ষকতা কৰাৰ কথা
জীৱনৰ প্ৰতি ক্ষণতে মই গুৰুত্ব সহকাৰে  ভাবিছিলোঁ

সাক্ষাৎগ্ৰহণকাৰী  : তেতিয়া আপুনি
ভৱিষ্যৎ লেখক জীৱনৰ ভাল বেয়া দিশটোৰ কথা ভাবি চিন্তা কৰিছিল নেকি
? লেখক হিচাপে অনাগত দিনবোৰ কেনে হ? শেষ পৰ্যন্ত লেখক হিচাপে
বৰ্তি থাকিব পাৰিব নে নাই
? লেখক জীৱনৰ  অসহনীয় চাপ আদিৰ বিষয়ে  কিবা ধাৰণা কৰিব পাৰিছিল নে ?

আলবেৰ কেম্যু  : লেখক জীৱনৰ ভাল আৰু বেয়া দিশ দুটাৰ কথা চিন্তা কৰি মনত সন্দেহ
হৈছিল ৷ মনৰ ভিতৰত দ্বন্দ্বৰ সৃষ্টি হৈছিল ৷ এসময়ত লেখামেলা এৰি দিয়াৰ কথাও ভাবিছিলোঁ
৷ সেইসময়তে হঠাৎ এদিন জীৱন সম্পৰ্কে আচ্ছন্ন কৰি দিয়াৰ দৰে
, অভিভূত কৰি দিয়াৰ দৰে এক দৃষ্টিভংগী যেন মোৰ  ভিতৰৰ পৰা প্ৰকাশৰ বাবে উন্মুখ হৈ উঠিল ৷ সেই ভাবনাবিলাককে
একত্ৰিত কৰি এখন গদ্যৰ কিতাপ লিখি পেলালোঁ ৷ যিখন
নোসেসনামেৰে গ্ৰন্থৰ ৰূপত প্ৰকাশ হল ৷

সাক্ষাৎগ্ৰহণকাৰী  : লেখক হিচাপে, সমাজত বিদ্যমান  কিছুমান
বিধি
বিধানৰ লগত নিজৰ চিন্তা ভাবনাৰ সামঞ্জস্য ৰাখিবলৈ
যাওঁতে কেতিয়াবা কোনো বিৰূপ অভিজ্ঞতাৰ সন্মুখীন 
ব লগা হৈছিল নেকি? প্ৰচলিত বিধিবিধান মানিবলৈ বাধ্য হৈছিল নে? এইবিলাক আপোনাৰ ওচৰত গুৰুতৰ সমস্যা হিচাপে গণ্য হৈছিল নেকি ?

আলবেৰ কেম্যু  : নিশ্চয় ৷ কিন্তু আমাৰ এই শতিকা এই পৰ্যায়লৈকে উন্নীত  ব পাৰিছে, সামাজিক চিন্তাবিষ্টতাকহাস্যকৰ ভাৱে অৱজ্ঞা কৰিব পাৰে  ৷ উপহাস
কৰাৰ দৰে কিছু মুখে
,প্ৰচলিত বিধিবিধানক  দলিয়াই 
এখন স্বাধীনচিতীয়া ক্ষেত্ৰ  গঢ়ি তোলাৰ
ক্ষেত্ৰত আমাক সহায় কৰিছে ৷ এনে হয়
, যেতিয়া লেখামেলা কৰি থকা হয়,  অন্য লেখকৰ মুখ  তেতিয়া
বন্ধ কৰি দিয়া হয় নাইবা কাৰাৰুদ্ধ কৰা হয়
, হয়তো এনেদৰেই লেখকসকলক দমন কৰা যাব ৷ তেতিয়া 
আমি বিভিন্ন দিশ সম্পৰ্কে  ভাবিব লগা
হয়
,
মনলৈ ভাব আহে যে লেখকে তেওঁৰ লেখামেলা লৈয়ে বৰ্তি থাকিব   আৰু স্বাধীন ভাবে প্ৰকাশ কৰিবৰ বাবে যুদ্ধ কৰিব

সাক্ষাৎগ্ৰহণকাৰী  : লেখক হিচাপে
আপোনাৰ যি পৰিচয়  গঢ়ি উঠিছে তাক আপুনি কেনেদৰে
গ্ৰহণ কৰিছে
?

আলবেৰ কেম্যু  : আচলতে একান্ত ব্যক্তিগত জীৱনত লেখক পৰিচয় লৈ মোৰ কোনো সমস্যা
হোৱা নাই
, যেন প্ৰথমে এইটো কোনো পৰিচয়ে নহয় কিন্তু
বাহিৰৰ জগতখনত  মোৰ যি এটা বিশেষ পৰিচয়
, মই যেন এজন লেখক, এই কথাটোকে যে কোনো প্ৰকাৰে  মানি লব নোৱাৰোঁ ৷ পৰিচয়টো দিনে দিনে যি হাৰত বাঢ়ি গৈছে, মোৰ বাবে অসহনীয় হৈ পৰিছে ৷

সাক্ষাৎগ্ৰহণকাৰী  : যদি লেখামেলা
এৰি দিব লগা হয়
, কোনো সময়ত এনেদৰে ভাবি চাইছেনে তেতিয়া
কি দৰে জীয়াই থাকিব
? লিখিবলৈ এৰি দিলে সুখী
ব পাৰিবনে ? সেই যে আপোনাৰ নাটকৰ ক্যালিগুলা, মাটি আৰু মানুহৰ  অভ্যন্তৰৰ চুক্তিৰ বাবে
যি গৰজি উঠিছিল
, তেওঁৰ সেই কথাবোৰ কি নিজকে চূড়ান্তভাবে
প্ৰকাশ কৰাৰ অপৰাধ
?

আলবেৰ কেম্যু  : লৰালিকালত কোনো ধৰণৰ 
লেখা
মেলা নকৰাকৈয়ে কিমান যে সুখী আছিলো ,  আজিও মোৰ মনৰ ভিতৰখন
সেই ব্যক্ত কৰিব নোৱাৰা এক  আনন্দেৰে ভৰি আছে
, মোৰ জীৱনে সেই  আনন্দক
জীৱনৰ পৰা লাভ কৰা এক উপহাৰ হিচাপে গ্ৰহণ কৰিছে ৷ যি বুলিয়ে কোৱা নহওক কিয়
, জীৱনচৰ্যাক আজীৱন ধ্যান হিচাপে গ্ৰহণ কৰিছোঁ বাবেই এতিয়া বুজি
উঠিছোঁ – মই মোৰ শিল্পক বাদ দি সম্ভৱতঃ এদিনো জীয়াই থাকিব নোৱাৰিম ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপুনি  এনেকৈ ভাবেনে 
যে  ইতিমধ্যে  আপুনি আপোনাৰ শ্ৰেষ্ঠ লেখাবিলাক লিখি উলিয়ালে
?

আলবেৰ কেম্যু  : মোৰ বয়স এতিয়া ৪৫ ৰ ঘৰত আৰু মই ভীষণ আমনিদায়ক এক জীৱনী শক্তি পাইছিলোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ লেখা
যেনেদৰে আগবাঢ়ে সেইয়া পূৰ্ব পৰিকল্পনা মতে আগ বাঢ়ে নে
?  লিখোঁতে লিখোঁতেই পৰিকল্পনাটো
আৱিষ্কাৰ কৰে
?

আলবেৰ কেম্যু  : দুয়োটাই ৷ কেতিয়াবা পৰিস্থিতি এনেধৰণৰ  হয় যে লেখকে তেতিয়া সেই পৰিস্থিতিৰ মুখামুখি হব লগা হয় ৷ এনেকুৱা 
এখন  নক্সা থাকে
, যি এফালে চলমান ঘটনাপ্ৰবাহ, অন্যফালে আমাৰ কিতাপ লেখাৰ প্ৰকৃত শৈলীক পৰিৱৰ্তন কৰিব পাৰে ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ লেখাৰ
পদ্ধতিসমূহ কি কি
?

আলবেৰ কেম্যু  : নোট, কাগজৰ টুকুৰা আৰু ধ্যানমগ্নতা…
বছৰৰ শেষত এইবিলাকে বিশাল আকাৰ ধাৰণ কৰে ৷ তাৰপৰা লাহে লাহে এইবিলাক আইডিয়া
, কনচেপ্ট, লিখি ৰখা কাগজৰ টুকুৰাটুকুৰ, ভঙাছিগা  সংযোগ কৰাৰ এক দীঘলীয়া আৰু যন্ত্ৰণাদায়ক কাম আৰম্ভ
হয়- এটা যুক্তিক শৃংখলাবদ্ধভাৱে সজোৱাৰ বাবে ৷ আমাৰ ভাবনাৰ বিশৃংখল অৱস্থাক এক অৰ্থপূৰ্ণ
ৰূপ দিয়াৰ উদ্দেশ্যে কৰা এই প্ৰক্ৰিয়াটো দীঘলীয়া আৰু ক্লান্তিদায়ক ৷

সাক্ষাৎগ্ৰহণকাৰী  : ধৰাহল আপুনি এটা লেখা এটা লিখিবলৈ আৰম্ভ কৰিছে , লিখি থকাৰ সময়ছোৱাত লেখাৰ বিষয়বস্তু সম্পৰ্কে কাৰোবাৰ লগত আলোচনা
কৰাৰ প্ৰয়োজন বোধ কৰে নেকি
?

আলবেৰ কেম্যু  : সাধাৰণতে এনে নহয় ৷ কিন্তু যেতিয়া নিজৰ ওপৰত থকা বিশ্বাস হেৰাই
যায় তেতিয়া কাৰোবাৰ লগত আলোচনা কৰিব বিচাৰোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : লেখা এটা লিখি
সম্পূৰ্ণ হোৱাৰ পাছত বন্ধুৰ মতামত জানিব বিচাৰেনে
? নে লেখাটি নিজেই চালিজাৰি চাই, বিশ্লেষণ কৰি চায় ?

আলবেৰ কেম্যু  : হয়, এনে কেবাজনো বন্ধু আছে, যিকেইজনক মই পাণ্ডুলিপি পঢ়িবলৈ দিওঁ , তেওঁলোকৰ কথা শুনি, তেওঁলোকে কত কি সমস্যা পাইছে সেইয়া নোট কৰি ৰাখোঁ, দহবাৰৰ ভিতৰত নবাৰেই তেওঁলোকে সঠিক কথা কয় ৷ তাৰপাছত মই লেখাটোৰ
সংশোধন কৰিবলৈ লওঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : লেখাৰ বাবে কোনটো
বিষয়ত আটাইতকৈ বেছি গুৰুত্ব দিয়ে – ধাৰণা
, থূলমূল ৰূপৰেখা, নে ইতিমধ্যে যিমানখিনি
লিখি হ
, সেইয়া ?

আলবেৰ কেম্যু  : ধাৰণাৰ মুহূৰ্তটোৱেই গুৰুত্বপূৰ্ণ ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপুনি  বহুত নিয়ম মানি নিয়মীয়াকৈ লেখামেলা কৰে নেকি ?

আলবেৰ কেম্যু  : নিয়মীয়াকৈ লিখাৰ চেষ্টা কৰোঁ ৷ যেতিয়া সকলোবিলাক ঠিকে থাকে, তেতিয়া দিনে চাৰিৰ পৰা পাঁচঘণ্টা অবিৰাম লিখিব পাৰোঁ ৷ আৰু যেতিয়া
ছন্দপতন ঘটে
, তাল মিলাব নোৱাৰোঁ তেতিয়া সকলোফালে বাধা
আহে
,
মনটোও অৱশ হৈ পৰে ৷

সাক্ষাৎগ্ৰহণকাৰী  : এটা লেখা যেতিয়া
অসমাপ্ত হৈ থাকে
, পাছদিনা লেখাটো সম্পূৰ্ণ
কৰিম বুলি ভাবিছে
, এনেক্ষেত্ৰত সেই লেখাৰ
মাজত কিবা ভুল বা দুৰ্বলতা ধৰা পৰে নেকি
?

আলবেৰ কেম্যু  : হয়, অসমাপ্ত লেখা এটাৰ বাবে
নিজকে অপৰাধী যেন লাগে
, সেই কথা অনুভৱ কৰি ভাবি
থাকোঁ – কেনেকৈ এই কথাবিলাক লিখিব পাৰিলোঁ আৰু তেতিয়াই নিজকে  অচিনাকি যেন লাগিবলৈ ধৰে ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ চৰিত্ৰবিলাকৰ
মাজৰ নিৰ্দিষ্ট কোনো চৰিত্ৰৰ প্ৰতি আপোনাৰ দুৰ্বলতা আছে নেকি
?

আলবেৰ কেম্যু  : আছে ৷ সেইয়া  ল – মেৰি, ডোৰা আৰু ক্যালেস্তে

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ চৰিত্ৰবিলাকৰ
মাজত দুই শ্ৰেণীৰ মানুহ দেখা যায়
, যেনেকৈ ক্যালিগুলাত
দেখা যায়
,
যিসকল  ব্যক্তিশক্তি আৰু ক্ষমতাৰ দ্বাৰা
সমাজত বৰ্তি থাকে আৰু বাকীসকল যি অৱশ্যে আগন্তুকৰ 
মাজত উপস্থাপন   কৰা হয় ৷ তেওঁলোকে আত্ম
ধ্বংসৰ প্ৰলোভনৰ লগত নিজকে জড়িত কৰে ৷ আপুনি কিদৰে আপোনাৰ চৰিত্ৰবিলাকৰ মাজত এই দ্বৈত
ৰূপবিলাক চিনাক্ত কৰে
?

আলবেৰ কেম্যু  : হয়, মই শক্তি, উদ্যম আৰু বিজয়ক পচন্দ কৰোঁ কিন্তু বৰ সোনকালেই কি পাইছোঁ, কি কৰিব পাৰিছোঁ, এইবিলাক কথা লৈ হতাশাতো ভুগোঁ ; আগ্ৰহ হেৰাই যায়, ক্লান্ত হৈ পৰোঁ আৰু
এইটোৱে মোৰ অাটাইতকৈ ডাঙৰ দুৰ্বলতা ৷ তাৰপাছত
, মই অজ্ঞাত  নাইবা অস্পষ্ট কিবা বা জীৱনৰ
দুৰ্বোধ্যতাক পচন্দ কৰি  আত্মবিলোপ নাইবা আত্ম
ধ্বংসৰ বাবে এনেকুৱা হ
লে কি হ,  ভাবোঁ , কিন্তু জীৱনৰ প্ৰতি
সুতীব্ৰ টানো মোৰ আছে
, লগতে তাড়না আছে, আকাংক্ষা আছে, সেই আকাংক্ষাৰ কাৰণেই মই বাৰেবাৰে জী উঠোঁ, ভাঙি নপৰোঁ, সন্মুখলৈ খোজ আগবঢ়াই দিওঁ ৷ এক কথাত কবলৈ হলে – মই কোনো প্ৰকাৰে
এই দ্বন্দ্বৰ
, এই উভয় সংকটৰ সমাধান কৰিব নোৱাৰোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : কথা সাহিত্য
(ফিকশ্যন)
, থিয়েটাৰ বা ক্ৰিটিকেল গদ্য,  কোনটো মাধ্যমে আপোনাক
বেছি আনন্দ দিয়ে
?

আলবেৰ কেম্যু  : এটা লেখাৰ কেইবাটাও কৌশল যেতিয়া জোঁট বান্ধে, ঠিক তেতিয়া এটা লেখা লিখিব পাৰি আনন্দ লাভ কৰোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : বিভিন্ন লেখাত
আপোনাক দেখিছোঁ 
থিয়েটাৰ শিল্প সাধনাৰ উপযুক্ত স্থানবুলি কৈছে ৷ কথাটোত আপুনি মোৰ সতে একমত নে ?

আলবেৰ কেম্যু  : এই বিষয়ে কবলৈ হলে বহু কথাই কব লাগিব ৷ মই
মাজে মাজে অনুভৱ কৰোঁ যে মই যদি আন একো নহৈ কেৱল অভিনেতা 
লোঁহেঁতেন, তেতিয়া হয়তো এই পেছাতে জীৱনটো পাৰ কৰি দিব পাৰিলোঁহেঁতেন ৷

সাক্ষাৎগ্ৰহণকাৰী  : শিল্পত এটা কামৰ
মূল্য কিমান
, বিশেষকৈ সাহিত্যকৰ্মক আমি যেতিয়া শিল্প
হিচাপে ধৰি লওঁ
, তেতিয়া সাহিত্য  শিল্পলৈ ৰূপান্তৰিত হয়, সেই শিল্প উপাদানৰ ভিতৰত, তেতিয়া তাৰ মূল্য কিমান হয় ? শিল্পৰ কোনটো দিশৰ প্ৰতি
আপুনি সবাতোকৈ বেছি সংবেদনশীল ৷

আলবেৰ কেম্যু  : সত্য ৷ সত্য প্ৰকাশ কৰাৰ ক্ষমতা আৰু শিল্পৰ যিবিলাক উপাদানে
সত্যক প্ৰকাশ কৰাৰ বাট দেখুৱায়
, প্ৰকাশ কৰাত সহায় কৰে, সেই আশ্চৰ্যকৰ গুণবিলাকৰ প্ৰতি মই সংবেদনশীল ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ সৃষ্টিৰ
মাজত এনেকুৱা এটা বিশেষ থিম যি হয়তো আপোনাৰ ওচৰত অত্যন্ত গুৰুত্বপূৰ্ণ  কিন্তু আপোনাৰ বিশ্লেষকসকলৰ  দৃষ্টিত এই 
থিমটি দৃষ্টিগোচৰ নোহোৱাকৈ থাকি গৈছে
?

আলবেৰ কেম্যু  : হিউমাৰ ( হাস্যৰস)

সাক্ষাৎগ্ৰহণকাৰী  : এই পৰ্যন্ত যিমান
লিখিছে
,
সেই লেখাসমূহক আপুনি নিজে কেনে ধৰণেৰে  চায় ?

আলবেৰ কেম্যু  : মই কেতিয়াও সেই লিখাবিলাক পঢ়া নাই কাৰণ তেতিয়া লেখাবিলাক মোৰ  কাষত মৃত ৷ মই সকলো সময়তে এনেকুৱা কিবা এটা লিখিবলৈ
চাওঁ যিবিলাক কথা মই লিখিব বিচাৰিছিলোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : কেনেদৰে কোনো
ব্যক্তিক লেখক বুলি চিহ্নিত কৰিব
?

আলবেৰ কেম্যু  : নিজকে পুনৰ্নিৰ্মাণ কৰিব পৰা ক্ষমতাৰ মাজেদিয়েই লেখক এজনক স্পষ্টভাবে
চিহ্নিত কৰিব পৰা যায় ৷ লেখকে অনবৰতে নিজকে ভাঙিব
, গঢ়িব,
ভঙাগঢ়াৰ নিৰন্তৰ এক প্ৰক্ৰিয়াৰ মাজেদি তেওঁ আগ বাঢ়ি যাব ৷ তেওঁ
হয়তো ক্ৰমান্বয়ে একে কথাই লিখিছে
, জগতৰ সমস্ত লেখকেতো
একে কথাই  লিখে
, তেওঁও লিখিব, তাত আমাৰ কোনো সন্দেহ নাই, কিন্তু চাব লাগিব লেখকে
যি কৈছে বা লিখিছে তেতিয়া তেওঁৰ ফৰ্মটোক বাৰে বাৰে পুনৰ্নিৰ্মাণ কৰিছে ৷ প্ৰচলিত ফৰ্মৰ
প্ৰতি তেওঁৰ শংকা থাকে
, আৰু সেয়ে লেখকে তেওঁৰ
নিজস্ব ছন্দক আঘাত কৰি ভাঙে ৷

সাক্ষাৎগ্ৰহণকাৰী  : কোন কোন লেখকে
আপোনাক লেখক হোৱাৰ পথেৰে অাগুৱাই নিলে
, যি কব বিচাৰিছিল সেই বিষয়ত আপোনাক  তেওঁলোকে সচেতন কৰি তুলিলে ?

আলবেৰ কেম্যু  : বহুতো আছে… আধুনিকসকলৰ মাজত আছে – গ্ৰেণাৰ, ম্যালৰোক্স, মন্তেল্যাণ্ট ; আৰু ধ্ৰুপদী লেখক, যিসকলে মোক নিৰন্তৰ পথ দেখুৱাই আহিছে, সেইসকল হল – পাস্কেল,মলিয়েৰ;  ঊনৈশ শতিকাৰ ৰুছ সাহিত্য, আৰু হিস্পানী লেখকসকল ৷

সাক্ষাৎগ্ৰহণকাৰী  : শিল্পকলাৰ ক্ষেত্ৰত
ৰূপকাৰ আৰ্টক আপুনি কিমান গুৰুত্ব দিয়ে
?

আলবেৰ কেম্যু  : মই সকলো সময়তে ভাস্কৰ হব বিচাৰিছিলোঁ
৷ মোৰ মতে ভাস্কৰ্য হ
ল শিল্পকলাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ

সাক্ষাৎগ্ৰহণকাৰী  : আৰু সংগীত ?

আলবেৰ কেম্যু  : ডেকা কালত কেৱল সংগীত শুনিয়েই দিনে ৰাতিয়ে বিভোৰ হৈ আছিলোঁ ৷ এতিয়া
বয়স বাঢ়িছে আৰু খুব কম সংগীতজ্ঞইহে মোক  আকৰ্ষণ
কৰিব পাৰে কিন্তু সেই এজনেই আছে
, ভোল্‌ফগাঙ এমাদিয়ুস মোৎসাৰ্টযিজনে 

এতিয়াও মোক উন্মাদ কৰি তোলে ৷

সাক্ষাৎগ্ৰহণকাৰী  : চিনেমা সম্পৰ্কে
কি ভাবে
?

আলবেৰ কেম্যু  : আপোনাৰ মতামত কি ?

সাক্ষাৎগ্ৰহণকাৰী  : ইয়াত শিল্পীসকলক
যিধৰণে প্ৰশংসা কৰা হয় তাকে লৈ বহু সময়ত ভুল বুজাবুজিৰ সৃষ্টি হয় ৷ প্ৰশংসাৰ কোনটো
দিশক আপোনাৰ বিৰক্তিকৰ বুলি মনে ধৰে
?

আলবেৰ কেম্যু  : আপুনি ভালদৰেই জানে যে – সৎ, বোধসম্পন্ন, মানৱিক – এই  শব্দ কেইটা 
ল আধুনিক মাউথৱাশ্ব, কুলকুলি কৰাৰ দৰে এইকেইটা শব্দকে ব্যৱহাৰ কৰা হয় ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপোনাৰ চৰিত্ৰৰ
সবাতোকৈ উল্লেখযোগ্য বৈশিষ্ট্য কোনবোৰ
?

আলবেৰ কেম্যু  : আচলতে চকুত পৰা  কথাবোৰ
সময়ৰ ওপৰত নিৰ্ভৰ কৰে
, তথাপি, যি কথা কম, সেইটো হল –  এক ধৰণৰ অন্ধ আৰু
চূড়ান্ত জেদী  চৰিত্ৰৰ মানুহ মই ৷

সাক্ষাৎগ্ৰহণকাৰী  : মানৱ চৰিত্ৰৰ
কোনটো দিশক আপুনি আটাইতকৈ বেছি গুৰুত্ব দিয়ে
?

আলবেৰ কেম্যু  : মানুহৰ চৰিত্ৰত যেতিয়া বুদ্ধিমত্তা আৰু আত্মবিশ্বাসৰ সংমিশ্ৰণ
দেখা পোৱা যায় – যি প্ৰকৃততে বিৰল – তাকেই সবাতোকৈ বেছি পচন্দ কৰোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : আপুনি এবাৰ লিখিছিল
– এই বিশ্ব জগতৰ সবাতোকৈ গূঢ় কথা হ
ল আত্মাৰ অবিনশ্বৰতা
বাদে ঈশ্বৰৰ কল্পনা ৷ আপুনি আৰু স্পষ্টকৈ ক
ব নেকি ? কথাষাৰৰ যোগেদি আপুনি ঠিক কি বুজাব বিচাৰিছিল ?

আলবেৰ কেম্যু  : ঈশ্বৰ সম্বন্ধে মোৰ বিশ্বাস আছে ৷ কিন্তু মই পুনৰ জন্মত বিশ্বাসী
নহয় ৷ এইটোৱে ৷ আৰু একো বুজাব নিবিচাৰোঁ ৷

সাক্ষাৎগ্ৰহণকাৰী  : ধন্যবাদ

Leave a Reply

Your email address will not be published. Required fields are marked *