ফ্লাৰ্টিং
মূল ইংৰাজী-( ফ্লাৰ্টিং )
বিনায়ক নাডকাৰ্ণি৷
অনুবাদঃ মাধুৰী গগৈ৷


” ই ১০৪
নং বাছখন গ
ল নেকি
বাৰু
? ” উশাহ
নসলোৱাকৈয়ে বাছ ষ্টপটো পায়েই
  মই তাত থিয় হৈ
থকা ব্যক্তিজনক সুধিলোঁ ৷

তেওঁ মোৰ প্ৰশ্নটোত ইমানেই আচৰিত হোৱাৰ ৰিয়েকচন দিলে যে মোৰ এনে লাগিল তেওঁক
যেনিবা মই তেওঁৰ ৱালেটটোহে খুজিলোঁ ৷ কিছুসময় ৰৈ তেওঁ উত্তৰ দিলে
, “ না

মই এইবাৰহে স্বস্তিৰ নিশ্বাস এৰিলোঁ ৷
স্বাভাৱিক অৱস্থালৈ অহাৰ পাছত মই তেওঁক আকৌ সুধিলোঁ
, “ মই আপোনাৰ টেগ
দেখিছো
, আপুনিও
বাৰু ৰূটাৰছ ছফটৱেৰ ছলিউশ্যনত কাম কৰে নেকি
? “
শক্তিশালী অথচ বিনয়ী কণ্ঠৰে তেওঁ উত্তৰ দিলে , “ হয় ,কৰোঁ ৷”

মই তেওঁৰ মুখলৈ চালোঁ৷ক্লীন শ্বেইভ কৰি
পৰিপাটিকৈ পিন্ধা পৰিষ্কাৰ -পৰিছন্ন ফৰ্মেল সাজযোৰেৰে তেওঁক সুসংস্কৃতিৱান
যেনেই অনুমান হ
ল ৷ মই
ততাতৈয়াকৈ তেওঁৰ হাতখনলৈ চাই পঠিয়ালোঁ ৷ এটা আঙুলিতো আঙঠি নাই ! এই সকলোবিলাক বাৰু
ঠিকেই আছে ৷ পিছে তেওঁৰ ইমান চমু চমুকৈ উত্তৰ দিছে ! কেৱল “ হয়
,নহয়! “  লাজকুৰীয়া নে অহংকাৰী ৷ ময়ো পিছে এৰি দিয়া ভকত নহয় ! মোৰ নিচিনা
কিছুমান নাৰীৰ এক অদ্ভুত জেদ আছে যেতিয়াই কোনোবাই আমাক ইগন
ৰ কৰে , তেতিয়া
তেওঁলোকৰ প্ৰতি আমি বেছিকৈহে আকৰ্ষিত হওঁ ৷ এইটো নাৰী কিছুমানৰ প্ৰতি ভগৱান
প্ৰদত্ত এক অদ্ভুত গুণেই নে দোষ নাজানো ৷ মোৰো কিন্তু এইটো স্বভাৱ আছে ! মোক অলপো
গুৰুত্ব নিদিয়া এই মানুহজনৰ লগত কথা পতাৰ বাবে মই বদ্ধপৰিকৰ হ
লোঁ ৷


হাই ! মই নেইনা,অলপতেহে
মই

আৰ এছ এছত জইন কৰিছোঁ ৷”- কথাপতাৰ সুযোগ এটা লব খুজি মই মোৰ সোঁহাতখন তেওঁলৈ আগবঢ়াই দিলোঁ

, নাইচ টু মীট য়ু
,মই
অভিষেক ৷ – তেওঁ মোলৈ আগবঢ়াই দিয়া নিৰুত্তাপ হাতখন শ্বেইক কৰি মই
  অনুভৱ কৰিলোঁ তেওঁ যেন আৰু কথা বঢ়াব বিচৰা নাই ৷
বাৰু অভি,আপোনাৰ
ডিপাৰ্টমেণ্ট কি বাৰু
?
মই বাৰু আপোনাক এনেদৰে  মাতিব পাৰিমনে ? অভি বুলি ? “ কথাষাৰ কৈয়ে মই
তেওঁৰ
  সামান্য কাষ চাপি গলোঁ ৷ আস!
তেওঁৰ দেহৰ পৰা বিয়পি পৰা এটি মিঠা সুগন্ধি মোৰ নাকত লাগিল ৷
  মই মনে মনে ভাবিলোঁ , এওঁৰ লগত দুদিনমান লাইন মাৰিব পৰা হলে !

মই  ট্ৰেইনিং ডিপাৰ্টমেণ্টৰ ৷ আচলতে মই এজন কঅৰ্ডিনেটৰ” ৷
কথাষাৰ কৈয়েই
  কিছুপল থমকি
তেওঁ কৈ উঠিল
, “ উম !
অভিটো বেয়া নালাগে বাৰু
  ৷”

কথাষাৰ কৈয়েই এই প্ৰথমবাৰৰ বাবে তেওঁ মোৰ
দুচকুলৈ চাই পঠিয়ালে ৷ মোৰ বাবে এয়াই যথেষ্ট ৷কাৰণ মই জানো কোনোবাই মোৰ দুচকুত চকু
থপাৰ পাছত তেওঁৰ আৰু ৰক্ষা নাই ৷ মোৰ দুচকুয়ে জানে এনে এক মোহিনী ! দুয়ো চকুত চকু
থোৱাৰ প্ৰায় পাঁচ ছেকেণ্ডৰ পাছতে আমি অপেক্ষা কৰি থকা নিৰ্দিষ্ট বাছখন আহিল ৷ মই
তেওঁৰ কাষৰ খালী আসনখনত বহাৰ চান্সটো নেৰিলোঁ !

সেইযে তেওঁ বাছষ্টপত  মোৰ চকুৱে চকুৱে চালে ৷ ক্ষণিকৰ মুহূৰ্তটোৰ পৰাই মই চিওৰ
আছিলোঁ যে এইবাৰ মই নহয়
,
তেওঁহে মোৰ লগত কথা পাতিবলৈ ইণ্টাৰেষ্টেড হব৷ মূৰকত সেয়াই হল ৷ তেওঁ
সুধিলে
, “ কোৱাচোন
নেইনা
, তোমাৰ
কথা ৷ কি ডিপাৰ্টমেণ্ট আৰু আমাৰ এই আৰ এছ এছ কেনেকৈ বিচাৰি পালা
? “

‌সেয়া ! মই কোৱা নাছিলোনে! সেয়াই মোৰ মাটি
চাকিৰ দৰে চকুযুৰিৰ যাদু! যাৰবাবে তেওঁৰ মুখেদি মোৰ বাবে সৰি পৰিছে মই বিচৰা
শব্দবোৰ ৷ মই সন্তুষ্টিৰে ভাবিলোঁ ৷ তেওঁ সোধাতকৈও মই বেছিকৈহে মোৰ বিষয়ে বহলাই ক
লোঁ ৷ তেওঁক মই
মোৰ ডিপাৰ্টমেণ্ট
, মোৰ
সহকৰ্মীবিলাক
,মোৰ কামবিলাকৰ
বিষয়ে কোৱাৰ
  উপৰিও.
আওপকীয়াকৈ বুজাই  দিলোঁ যে মোৰ
লগত পাৰ্টি কৰিব পৰাকৈ মই মুকলি !

‌তেওঁ মোৰ কথাবোৰ যথেষ্ট মনোযোগ দি শুনিলে যদিও কথাৰ ফাঁকে ফাঁকে মই অনুভৱ
কৰিলোঁ যে প্ৰকৃততে তেওঁ এজন লাজকুৰীয়া আৰু শান্ত প্ৰকৃতিৰ লোক ৷


‌পিছে সময় বৰ নিষ্ঠুৰ৷ আমি বিচৰামতে ই একো নকৰে৷ যেতিয়া তুমি সময়বোৰ লাহে লাহে
যোৱাটো বিচাৰিবা
, তেতিয়া
আকৌ ই উৰাহে মাৰে আৰু যেতিয়া তুমি ই বেগেৰে যোৱাটো বিচাৰিবা তেতিয়া ই শামুকীয়া খোজ
দিয়ে ৷ যদিওবা আমি আজি প্ৰায় পয়ত্ৰিশমিনিট একেলগে ভ্ৰমণ কৰিলোঁ তথাপি মোৰ এনে
লাগিল যেন সেয়া মা
থো পাঁচমিনিটৰ বাটহে আছিল ৷ অফিচ পায়েই আমি
দুয়ো নিজৰ নিজৰ ডেস্কলৈ বুলি আগবাঢ়িলোঁ ৷ দুয়োৰে বাবে দিনটো যেন উল্লেখনীয় হৈ পৰিল



অফিচ পায়েই  মই মোৰ ডেস্কলৈ
গৈ ইমেইল বোৰ চ্চেইক কৰিলোঁ
, সহকৰ্মীবিলাকৰ লগত কফি খালো আৰু মোৰ ডেস্কত বহিলোহি৷ অফিচত
যিহেতু মই নতুন গতিকে মোৰ তেনেকৈ বিশেষ কামো নাই ৷ প্ৰায় প্ৰথম দুঘণ্টাৰ ভিতৰতে
মোৰ কৰিবলগীয়া কামবোৰৰ অন্ত পৰিল ৷ মোৰ উতলা মনটোত অভিৰ লগত পাৰ
  কৰা মুহূৰ্তবোৰে বাৰে বাৰে দোলা দিবলৈ ধৰিলে ৷ তথাপি মই
বুজিলোঁ যে কথাবোৰ থানথিত লগাবলৈ মই আৰু অলপ চেষ্টা চলাব লাগিব ৷

এনেদৰে চিন্তাত বিভোৰ হৈ থাকোতেই হঠাতে
কোঠাটোৰ চুক
  এটাৰ পৰা ভাঁহি
অহা এক উচ্চ স্বৰে মোৰ চিন্তাত যতি পেলালে ৷ মই কি হৈছে বুলি মূৰ দাঙি চাই দেখিলোঁ
যে এজন হৃষ্টপুষ্ট ব্যক্তি ওলাই আহিছে ৷ তেওঁৰ চোলাটো ফাটি আছে৷ কৌতূহলী মনটোক
বাধা দিব নোৱাৰি
  ঘটনাটোৰ বুজ লবলৈ বুলি মই
আগবাঢ়িলোঁ ৷ মানুহজনে ষ্টাফৰে কোনোবা এজনৰ লগত তৰ্কত লিপ্ত হৈ এটা হুলস্থূলীয়া
পৰিৱেশৰ সৃষ্টি কৰি পেলালে ৷ মই তেওঁক পুৰুষৰ কেবিনৰ ফালে আগুৱাই যোৱা দেখি ময়ো
সাধাৰণভাৱেই সেই দিশে যোৱা দেখি তেওঁ যেনিবা ঘূৰি আহিল৷ তেওঁক যথেষ্ট বিব্ৰত হোৱা
  দেখা গল ৷ এই যেন তেওঁ যাব খোজা ঠাইটুকুৰা চিনি পোৱা নাই৷ অফিচটোৰ
এগৰাকী দায়িত্বশীল কৰ্মচাৰী হিচাপে মই তেওঁক সহায় কৰিবলৈ আগবাঢ়িলোঁ ৷
 এক্সকিউজ মি .ছাৰ ৷ মই আপোনাক কিদৰে সহায় কৰোঁ বাৰু ?”


‌“
হমম ! উমম ! মই নাজানোঁ৷ আচলতে মই চিওৰ নহয়৷ এইফালে বাৰু আৰ্টিষ্টছ এছচিয়েছন বা
তেনেকুৱা নামৰ কিবা এটা আছে নেকি
?” তেওঁ সুধিলে ৷

‌মই ঠিকেই ভাবিছিলো ৷ আচলতে তেওঁ কনফিউজড হৈছে ৷ অলপ আগতে তেওঁ সৃষ্টি কৰা
শ্বীনৰ বিষয়ে একো
  নজনাৰ ভাও ধৰি  মই তেওঁক কলোঁ ,
হয়,আছে ৷
কিন্ত এই অফিচটোত নাই৷দুটামান ব্লক পাৰ হৈয়েই পাব৷মই বাৰু আপোনাক দেখুৱাই দিছোঁ
,লক ৷
‌”
হ! বৰ
ভাল কথা ৷ ধন্যবাদ দেই ৷ মই ৰোহন ৷” দি ইমপ্ৰেশ্যন “ নামৰ এখন মানথলি মেগাজিনৰ মই
কলামনিষ্ট ৷” – কৈয়েই তেওঁ এইবাৰ তেওঁৰ বাঁওহাতখন মোলৈ আগবঢ়াই দিলে ৷

হাই,আইম
নেইনা৷ আই…
কিন্তু
মোৰ বাক্যটো সম্পূৰ্ণ কৰিবলৈ লোৱাৰ আগতেই তেওঁক হেণ্ডশ্বেইক দিবলৈ হাত মিলাই মই
কিছুসময়ৰ বাবে স্তব্ধ হৈ ৰ
লোঁ ৷ তেওঁ
হেণ্ডশ্বেইকটো আছিল সুদৃঢ়
,
শক্তিশালী আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ ৷ লক্ষ্য কৰিলোঁ তেওঁৰ আটিল হাতখনৰ
সিৰাবিলাক স্পষ্টকৈ জিলিকি উঠিছে ৷ মই অনুমান কৰিলোঁ হয় তেওঁ খঙত আছে নতুবা তেওঁ
নিয়মিতভাৱে জিমলৈ যায় ৷ হঠাতে ভাবনাৰপৰা খকমককৈ সাৰ পাই মই ক
লো , ‘মই আপোনাক সহায়
কৰিবলৈ পাই সুখী হ
লোঁ ৷
ময়ো লান্সৰ বাবেই ওলাই আহিছোঁ ৷ তেনেহ
লে আপুনি দি ইমপ্ৰেশ্যনিষ্টৰ এজন কলামনিষ্ট ৷ বাৰু , ৰোহন ,আপুনি কিহৰ
ওপৰত লিখে
? ’  তেওঁৰ হাতৰ পৰা মোৰ হাতখন আঁতৰাই আনিবলৈ ইচ্ছা নথকা
স্বত্বেও তেওঁৰ লগত হেণ্ডশ্বেইকটো শেষ কৰি মই তেওঁৰ সৈতে অফিচৰ দুৱাৰমুখৰ ফালে
ওলাই আহিলোঁ ৷ মই তেওঁক কথাৰ মাজতে লান্স কৰাৰ কথা উল্লেখ কৰিছিলোঁ আৰু তেওঁ সেই
কথাষাৰ কেটছ কৰাকৈ ইনটেলিজেণ্ট হয়নে নহয় তাক চাবৰ কাৰণে অপেক্ষা কৰিলোঁ ৷ মই
শুনামতে ফিজিকেলী ষ্ট্ৰং মানুহবিলাক হেনো সাধাৰণতে বোবা টাইপৰ হয় ৷



মোৰ টপিকবোৰৰ বেছিভাগেই আচলতে ফিলছফী নেইনা
৷ আমি এইবিষয়ে লান্স কৰোতেই ভালকৈ পাতিম বাৰু
,দেই৷ কথাষাৰ কৈ তেওঁ মূৰটো বাঁওফালে সামান্য হাওলাই দি
বাঁওহাতে মোৰ বাবে অফিচৰ দুৱাৰখন সম্ভ্ৰমেৰে খুলি দিলে ৷ মই তেওঁৰ হাঁহিমুখীয়া
মুখলৈ চাই মনৰ কথাষাৰ পঢ়ি পেলালোঁ ৷ তেওঁৰ চাৱনিয়েই যেন ক
ব খুজিছে , ইউ আৰ ৰিয়েলী
গৰ্জাছ
,নেইনা
!

কিছুসময়ৰ আগতে অফিচত  শ্বীন ক্ৰিয়েট কৰা সেই খঙাল ব্যক্তিজনেই এইজন বুলি মোৰ
ভাবিবলৈ টান লাগিল ৷ তেওঁ মোক এখন অভিজাত বাভাৰিয়ান ৰেষ্টুৰেণ্টলৈ লৈ গ
ল ৷ লান্স কৰি
বাহিৰলৈ ওলাই আহোতে তেওঁ মোক অফিচলৈ পলম হৈছে নেকি
  সুধিলে ৷ মই
সজোৰে এইক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিলোঁ আৰু দুয়ো খোজকাঢ়িয়েই ওভতনি যাত্ৰা আৰম্ভ
কৰিলোঁ ৷


ভিনটেজ আৰ্টিষ্টজ এছচিয়েছনৰ সমুখত তেওঁক এৰি মই অফিচলৈ বুলি খোজ পেলালোঁ ৷


ইতিমধ্যে সন্ধিয়া ৬:১০ হৈছে ৷ এনেদৰে এটা
মহত্বপূৰ্ণ দিন অতিবাহিত কৰি মই মোৰ ডেস্কত বহি ছলিটেয়াৰ খেলি মোৰ চেল
ফোনটোৰ মেছেজ টনটো বাজি উঠালৈ
অপেক্ষা কৰি আছোঁ ৷ সাধাৰণতে ই সদায় ছটাৰ পৰা ছটা বাজি সাতমিনিটমানৰ ভিতৰতে বাজি
উঠে ৷ ঠিক সেই মুহূৰ্ততে মেছেজ ট
নটো বাজি উঠিল আৰু স্ক্ৰীণত জিলিকি উঠিল: কম আউট বেবী,পাঁচ মিনিটৰ ভিতৰত মই পাই
আছোঁ ৷


মোৰ ওঁঠত আপোনাআপুনি এটি হাঁহি বিৰিঙি উঠিল
আৰু ৰিপ্লাই হিচাপে এটা ব্ল

কিছ পঠিয়ালোঁ ৷ পাঁচমিনিটৰ ভিতৰত বগা ভকছৱেগনখন আহি পালে ৷ গাড়ীত ভৰি থৈয়েই মই
গৌতমৰ কপালত এটা চুমা আঁকি দিলোঁ ৷


তেনেহলে আজি তোমাৰ
দিনটো কেনে গ
,ছুইটহাৰ্ট ? ‘ তেওঁ মোক  সদায় সোধাৰ দৰেই একেই হেঁপাহ,একেই এসাগৰ ভালপোৱা আৰু সেই একেই যতনেৰে
সুধিলে ৷

বৰ সুন্দৰ,হানী ৷
লা,ডিনাৰটো আজি
বাহিৰতে
  অৰ্ডাৰ দি লৈ যাওঁ ৷মই প্ৰস্তাৱ
দিলোঁ ৷

হয়,সোণ৷এনেও
আজি ৰাতি আমাৰ ৰান্ধি খাবলৈ সময় নহ
ব ৷ কালিলৈ আমাৰ হবলগীয়া ট্ৰিপটোৰ কাৰণে মই যি কিমান এক্সাইটেড হৈ আছোঁ !
ফাইনেলী তুমিও যেনিবা মোৰ চাইল্ডহুড ফ্ৰেইণ্ডজনক লগ পাবা আৰু !


আমি মেকডনাল্ডত নামিলোঁ ৷ গৌতমে দুয়োৰে বাবে খাদ্য
অৰ্ডাৰ কৰিলে ৷ কাউণ্টাৰত থকা ব্যক্তিজনে কি ড্ৰিংক ল
ম সুধিলে ৷
গৌতমে কলে, ‘ মোৰ কাৰণে
অৰগেনিক গাখীৰ আৰু আৰু … মোক সুধিলে
,’ছুইটী,তুমি কি লবা ?


মই কলোঁ,’ডায়েট কক ৷
তেওঁ এইবাৰ অৰ্ডাৰ দিলে,’
মোৰ কাৰনে অৰগেনিক মিল্ক আৰু মোৰ ৱাইফৰ বাবে ডায়েট কক ৷


ঘৰ পায়েই আমি ডিনাৰ কৰিলোঁ ৷ গৌতমে টিভিটো অন
কৰি
  কিবা এবিধ খেল লগাই দিলে ৷ আচলতে মোৰ অকনো
ইণ্টাৰেষ্ট নাছিল ৷কিন্ত গৌতমৰ আনন্দত উজ্জ্বল হৈ পৰা মুখখনলৈ চাই মই
অনিচ্ছাসত্বেও বহি থাকিলো আৰু গৌতমে খেলখনৰ বিষয়ে বুজাই যোৱা কথাবোৰ মনোযোগ দিয়াৰ
ভাও ধৰি মূৰ দুপিয়াই গ
লোঁ ৷


মই গৌতমক ভাল পাওঁ৷ কিমান ভাল পাওঁ তেওঁ
নাজানে ৷ ইয়াৰ পাছত আমি পাছদিনাৰ ট্ৰিপটোৰ কাৰণে পেকিং আৰম্ভ কৰিলোঁ ৷ গৌতম এটি
পৰীক্ষা শেষ কৰি গ্ৰীষ্মবন্ধত ফুৰিবলৈ ওলোৱা শিশুৰ দৰেই আনন্দত অধীৰ হৈ পৰিল ৷তেওঁ
টোপনি যোৱাৰ পাছত মই এটা গিলাচত ৰে
ড ৱাইন বাকি আমাৰ এপাৰ্টমেণ্টৰ বেলকনিৰ দুৱাৰখন খুলি ওলাই
আহিলোঁ ৷ মই দিনটো বিভিন্ন ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ পাছত আৰু তেওঁলোক প্ৰতিজনৰ
লগত আবেগিকভাৱে জড়িত হোৱাৰ শেষত এই সময়কণ তথা পেগটোৱে মোক যথেষ্ট মানসিকভাৱে
ৰিলেক্সড কৰে ৷ ৰাতিৰ আকাশৰ আন্ধাৰখিনিলৈ মই একেথৰে চাই ৰ
লোঁ৷ আনদিনা
সচৰাচৰ দেখা পোৱা তৰাবিলাকৰ সকলোবোৰ তৰা আকাশত নাছিল ৷ সম্পূৰ্ণ অন্ধকাৰত ডুব গৈ
থকা আকাশখনলৈ চাই চাই মই গিলাচত চুমুক দিলোঁ আৰু একেলগে দুটা ডাঙৰ ছিপ টানিলোঁ ৷
দিনটোত ঘটি যোৱা সমগ্ৰ ঘটনাৱলী মোৰ মনত অগাডেৱা কৰি গ
ল৷ উম! আজি
তেনে মই তিনিজন ব্যক্তিৰ সান্নিধ্যলৈ আহিছিলোঁ ৷ আনদিনা সাধাৰণতে দুজন হয়৷ আৰু আজি
তিনিজনক মই লগ পালোঁ ৷ মই আন এটা ছিপ টানিলোঁ আৰু চকীত বহি সমুখৰ টেবুলখনত ভৰি
দুটা তুলি ল
লোঁ ৷
এজাক শীতল বতাহে মোৰ সৰ্বদেহ কোবাই গ
ল ৷ হঠাতে মোৰ দুগাল ভিজি গল ৷ মই ৱাইন গিলাৰ লগে লগে যেন দুখবোৰো গিলি
যাবলৈ ধৰিলোঁ ৷ অভি
,ৰোহন
আৰু গৌতম – মই এটা ভুৱা জীৱন জী থাকিবলৈকেতো নিজেই বাছি লৈছোঁ ৷ মই দুচকু জপাই
দিয়াৰ লগে লগে ড
° ৰেড্ডীয়ে কোৱা
কথাবোৰ মোৰ কাণত বাজিবলৈ ধৰিলে ৷ মই দীঘলকৈ উশাহটো টানি ল
লোঁ ৷


নেইনা,তুমি দুটাৰ
ভিতৰত এটা চইছ কৰিব লাগিব ৷ হয় তুমি গৌতমক আমাৰ
  ইয়াত এৰি যোৱা
৷ নহ
লে
তোমাৰ লগত লৈ যাবও পাৰা৷ আমি ইয়াত তেওঁক আন পেচেণ্টৰ দৰেই যতন ল
ম ৷


  হয় ৷ ড° ৰেড্ডীৰ কথাবোৰ
শুনিবলৈ বৰ কঠুৱা লাগিছিল ৷ কিন্তু এজন ডাক্তৰ নিশ্চয় কেতিয়াও
  ডিপ্লমেটিক হব নোৱাৰে ৷


মোৰ
বুলিবলৈ মোৰ লগত কেৱল গৌতমেই আছে
,ডক্টৰ ৷ মই তেওঁক ভাল পাওঁ আৰু তেওঁক মই মোৰ লগতে ৰাখিব
খোজোঁ ৷


ডাক্তৰ ৰেড্ডীয়ে মোক বহলাই বুজাব খুজি কৈ গ,’ তোমাৰ কথাবোৰৰ
আঁৰত থকা সমস্ত আবেগখিনি মই বুজি পাইছোঁ
, নেইনা ৷ কিন্ত এয়া বৰ জটিল বিষয়,বুজাচোন ৷
এমাহৰো অধিক কাল আমি তোমাৰ গৌতমক অৱজাৰ্ৱেচনত ৰাখিছোঁ আৰু এইটো স্পষ্টকৈ দেখা
গৈছে যে তেওঁ দুজন ব্যক্তিৰ ব্যক্তিত্ব বহন কৰি আছে ৷ আনকি কেতিয়াবা তিনিজন
ব্যক্তিকো তেওঁৰ মাজত প্ৰতিফলিত হোৱা দেখা গৈছে ৷ এক্সিডেণ্টটোৱে তেওঁৰ মাজত এটা
এমপিডি (
MPD)
বিকাশ ঘটাইছে ৷ যদিওবা এয়া মাথো এক এক্সিডেণ্টহে আছিল
, তথাপি গৌতমে
তেওঁৰ শৈশৱৰ বন্ধু ৰোহনৰ মৃত্যুত নিজকে জগৰীয়া বুলি ভাবিবলৈ আৰম্ভ কৰিলে ৷ সদায়
ৰাতিপুৱা তেওঁ নিজকে অভিষেক বুলি ভাবিয়েই দিনটো আৰম্ভ কৰে ৷ আকৌ কেতিয়াবা তেওঁ
তীব্ৰ মানসিক চাপত থাকিলে তেওঁৰ মাজত আন এজন খঙাল ব্যক্তিৰ ব্যক্তিত্ব প্ৰতিফলিত
হৈ ৰোহনৰ ৰূপ লয় ৷ অৱশ্যে এই ৰোহন নামৰ ব্যক্তিত্বটো ক
ৰ পৰা উদ্ভৱ হল সেয়াহে ঠাৱৰ
কৰিব পৰা নাই ৷ তাৰ উপৰি আটাইতকৈ উদ্বেগজনক কথাটো হ
ল গৌতমৰ স্মৃতিশক্তি কেৱল সেই এক্সিডেণ্টটোৰ
আগদিনাৰ দিনটোলৈকেহে সীমাৱদ্ধ ৷



হয় ,ডক্টৰ
৷ কিন্তু মাল্টিপল পাৰ্ছনেলিটি ডিছঅৰ্ডাৰকো সুন্দৰভাৱে হেণ্ডল কৰিব পৰা যায় যদিহে
তেওঁৰ মাজত দেখা দিয়া প্ৰতিজন ব্যক্তিত্বৰ ব্যক্তিৰ লগত সুকীয়াভাৱে তথা সমান
মৰ্য্যদা আৰু মনোযোগেৰে আচৰণ কৰিব পাৰি ৷ উপযুক্ত মৰম তথা ভালপোৱা আৰু সুযতনে
নিশ্চয় তেওঁক আৰোগ্য কৰাত সহায় কৰিব ৷
‘- মই আাশাৰে কলোঁ ৷


ডাক্তৰে মোৰ কথা শুনি বেছ উত্তেজিত হৈয়ে কৈ উঠিল, ‘ হয় ৷ কিন্ত
নেইনা ৷ তুমি নাজানা তুমি কি বাছি লৈছা ৷ আমি এতিয়ালৈকে গৌতমৰ মাজত দেখা পোৱা
ব্যক্তিবিলাকতকৈ অধিক ব্যক্তিত্বও দেখা দিব পাৰে ৷ তেওঁৰ মাজত দেখা পোৱা ৰোহন নামৰ
খঙাল ব্যক্তিজন সময়ত বেছি ভয়ংকৰ আৰু ধ্বংসকাৰী হৈ উঠিব পাৰে ৷ পূৰা চৌব্বিশ ঘণ্টাই
তুমি তেওঁক নজৰ দি থাকিব লাগিব ৷ তাতোকৈ ডাঙৰ কথা
,তুমি অকলে নহয়,তোমাৰ চৌপাশৰ মানুহকো তুমি সাঙুৰিছা ৷
তেওঁলোকো কেতিয়াবা তোমাৰ এই সিদ্ধান্তৰ বাবে বিপদত পৰিব পাৰে ৷ নেইনা
তুমি জীৱনৰ
সৈতে বিপদজনকভাৱে খেলা কৰিছা ৷ এয়া ধেমালি নহয় কিন্তূ
,মাইণ্ড ইট ৷



মই বুজিছোঁ,ডক্টৰ
৷ প্ৰত্যাহ্বান নোহোৱা জীৱনটোক জানো জীৱন বুলিব পাৰি
? মই পাৰিম ,.ডক্টৰ ৷ মই
সদায় দুজন পৃথক ব্যক্তিত্বৰ ব্যক্তিক লগ পাবলৈ যত্ন কৰিম ৷ মই লগতে ইয়াকো নিশ্চিত
কৰিম যাতে তেওঁ সদায় প্ৰয়োজনীয় মনোযোগ খিনি মোৰ পৰা পায় ৷
‘- মই পৰম
আত্মবিশ্বাসেৰে ক
লোঁ ৷


নেইনা , তুমি
তেওঁক সদায়ে প্ৰতিটো ব্যক্তিত্ব অনুযায়ী ব্যস্ত ৰাখিব পাৰিব লাগিব ৷ আৰু প্ৰতিটো
ব্যক্তিত্বৰ বাবে সুকীয়াকৈ মনোযোগ দি তেওঁৰ বাবে জীৱনটো ইণ্টাৰেষ্টিং কৰি তুলিব
পাৰিব
  লাগিব ৷‘ –  ডাক্তৰে মোক
সকিয়াই দিলে.৷

ডাক্তৰ, মই
গৌতমক ভাল পাওঁ ৷ তেওঁক যিকোনো ৰূপতে মই ভাল পাওঁ
,ভাল পাম ৷ তেওঁ সদায় সদায় মোৰ প্ৰেমত পৰক বা
দিনটোত দুবাৰকৈ মোৰ প্ৰেমত পৰক – এই চেলেঞ্জটো মই ল
বলৈ নিশ্চয়কৈ ভাল পাম ৷


মই জানোঁ এয়া এটা দিন বা এটা মাহৰ বাবে নহয় ৷
ই হয়তো বছৰ বছৰ ল
ব পাৰে
নতুবা ইয়াৰ কোনোদিনে অন্ত নপৰিবও পাৰে ৷ হস্পিতালৰ পৰা গৌতমক মই লৈ যোৱাৰ আগতে মই
নিশ্চয়কৈ কিছুমান যোগাৰ পাতি কৰি ল
ব লাগিব৷মই মনতে সকলোবোৰ থিৰাং কৰি ললোঁ ৷


মই আজিৰ এই নাটকখন নিতৌ চলাই নিয়াৰ বাবে আৰএছএছৰ
লগত কথা পাতি ল
লোঁ ৷
আনকি ৰোহন নামৰ ব্যক্তিজনৰ আৰ্বিভাৱ হ
লে মই ভিনটেজ আৰ্টিষ্টছ এছচিয়েছনতো সময় সাপেক্ষে ভুমুকি মাৰিব লগা হব পাৰে বুলিও
অনুমতি লৈ থলোঁ ৷ তাৰউপৰি
,মই
ৰোহনেই হওক বা অভিয়েই হওক
,
তেওঁক ভাল পাবলৈ , নিজকে
প্ৰয়োজন অনুসৰি যিকোনো পৰিৱেশত খাপ খুৱাবলৈ মানসিকভাৱে প্ৰস্তুত কৰি তুলিলোঁ ৷ ভাগ্যে
! সকলোৱে মোৰ লগত সহযোগিতা কৰিলে ৷


কিমান সময় ভাবনাত বিভোৰ হৈ আছিলোঁ জানো , হঠাতে শীতল
বতাহজাক আগতকৈও বেছি শীতল হৈ মোৰ ভাৱনাত যতি পেলালে ৷ মই বাস্তৱলৈ ফিৰি আহিলোঁ ৷
চকুলোৱে মোৰ দুগাল তিয়াই পেলালে আৰু লগতে মোৰ হাতত থকা ৱাইনৰ গিলাচটোও খালী হ
ল ৷ মই ভিতৰলৈ
সোমাই গ
লোঁ ৷
মুখখন ধুই শুবলৈ সাজু হ
লোঁ ৷
কাৰণ কালিলৈ পুৱাতে পুনৰ
  মই অভি,অভিষেকক লগ পাব
লাগিব ৷ আৰু তাৰ পাছত… হয়তো লান্সৰ সময়ত ৰোহণ আৰু সন্ধিয়ালৈ নিশ্চিতভাৱে গৌতমক !


E
১০৪ নং বাছখন বাৰু গল নেকি
? ‘  পাছদিনা পুৱাতে মই উশাহ নসলোৱাকৈ বাছষ্টপ পাই তাত ৰৈ থকা  ব্যক্তিজন, মানে অভিষেকক সুধিলোঁ …!

Leave a Reply

Your email address will not be published. Required fields are marked *