জন হেনৰি
মূল : পল ৰবচন
অনুবাদ : হেমাংগ বিশ্বাস

জন হেনৰি!
তীখাৰ আখৰে লিখা নাম তাৰ
যেন এটা চলন্ত ইঞ্জিন
হাতুৰীৰ তালে তালে গান গায় সুহুৰি দি
ৰং মনে কাম কৰে ৰাতি-দিন৷
কলীয়া শিলত কটা হেনৰি
গ্ৰেনাইটেৰে গঢ়া পেশী জলমল
হাতুৰীৰ কোবে কোবে শিলে শিলে জুই জ্বলে
হাতুৰীয়ে মাথোঁঁ তাৰ সম্বল৷
ভাৰ্জিনিয়াৰ ৰেল সুৰংগত
শিলৰ পাহাৰ কাটি কাটি
ৰেল লাইন পতা হব হেনৰিৰ হাতুৰীৰে
কোবে কোবে পাৰ হয় ৰাতি৷
জন হেনৰিৰ চেনেহৰ লগৰী
নাম তাইৰ মেৰী মেগডেলিন
সুৰংগৰ বুকুতে কাণপাতি শুনিছিল
হেনৰিৰ হাতুৰীৰ বীণ!
বগা চৰ্দাৰক লাগে আৰু বেছি কাম
ষ্টীম ড্ৰিল কৰে আমদানি
আশংকা হেনৰিৰ যন্ত্ৰৰ ওচৰত
লব নেকি পৰাজয় মানি৷
মই মেচিনৰ হম প্ৰতিদ্বন্দ্ব্ব্বী
জন হেনৰিয়ে কয় বুকু ডাঠি
ষ্টীম ড্ৰিলৰ লগতে হাতুৰীৰ চলে ৰেচ
বিস্ময়ত কঁপি উঠে মাটি৷
বগা চৰ্দাৰে কাঠ হাঁহি মাৰি
কয় নিগাৰৰ চা অতপালি
তোৰ যদি জয় হয় নহব সূৰ্যোদয়
লা শিল হব সোণোৱালী৷
জন হেনৰিৰ হাতুৰীৰ চমকে
জিলিকায় বিজুলীৰ বান
মানুহৰ সৃষ্ট দুৰন্ত ষ্টীমড্ৰিল
মানুহৰ হাতত হয় সৈমান৷
আগ্নেয়গিৰিৰ মুখ ৰুদ্ধ
থমকিল হাতুৰীৰ শব্দ
হেনৰিৰ জয়ধ্বনি চৌপাশে যেতিয়া
হৃদপিণ্ড তাৰ স্তব্ধ
জন হেনৰিৰ কণমানি জীয়াৰী
শিলৰ বুকুৰে যেন নিজৰা
মাকৰ কোলাত বহি বাট চাই আছে কাৰ
কোনে দিব দেউতাৰ বতৰা!
মেদিৱসৰ গানে গানে
নীলা আকাশৰ তলে দূৰ
শ্ৰমিকৰ জয়গানত কাণপাতি শুনা সৌ
হেনৰিৰ হাতুৰীৰ সুৰ৷
( ‘কৃষ্ণাংগ কবিৰ কবিতাৰ পৰা সংগৃহীত)

Leave a Reply

Your email address will not be published. Required fields are marked *