ভোলাৰামৰ জীউটো

মূল: হৰিশংকৰ
পৰসাই
ভাৱানুবাদ:
উৎপলা কৌৰ
এনেকুৱা আজৱ ঘটনা কস্মিনকালেও ঘটা
নাছিল। ধৰ্মৰাজে অযুত বছৰৰ আগৰে পৰা মানুহৰ কৰ্ম আৰু “চিফাৰিছ” অনুসৰি
অসংখ্য মানুহক স্বৰ্গ বা নৰকত ঠাই “এলট” কৰি আহিছে। কিন্তু এনেকুৱা
আজিলৈকে হোৱা নাছিল। সন্মুখত চিত্ৰগুপ্তই বাৰে বাৰে বিতচকুযোৰ মোহাৰি
, আঙুলিত থু লগাই ৰেজিষ্টাৰৰ পাছত ৰেজিষ্টাৰৰ পাত লুটিয়াই চাই আছিল। তথাপি কত কেৰোণ লাগিছে ধৰিব পৰা নাছিল। শেষত তেওঁ হতাশ হৈ ইমান জোৰেৰে বহীখন জপাই
থলে যে তাত উৰি থকা মাখি এটা বহীখনৰ মাজত চেপা খাই সোমাই ৰ
ল।
মাখিটো তাৰ পৰা উলিয়াই তেওঁ যমৰজাক ক
লে, “মহাৰাজ, ৰেকৰ্ড সকলো ঠিকে আছে। ভোলাৰামৰ জীউটোৱে
পাঁচদিনৰ আগতেই দেহত্যাগ কৰিছে আৰু যমদূতৰ সৈতে ইয়ালৈ ৰাওনাও হৈছিল
, কিন্তু এতিয়ালৈকে আহি পোৱা নাই।”
“সেই দূতজন
ত আছে এতিয়া?” যমে সুধিলে। “মহাৰাজ,
সেই দূতজনো নিৰূদ্দেশ হৈ আছে।” ঠিক সেইখিনি সময়তে কোঠাৰ
দুৱাৰখন খোল খালে আৰু ভ্ৰমবশতঃ সোমোৱাৰ দৰে দূতজনে প্ৰবেশ কৰিলে। পৰিশ্ৰম
, দুঃচিন্তা আৰু ভীতিবশতঃ কুৰূপ দূতজনৰ চেহেৰাটো আৰু বিকৃত হৈ পৰিছে। তাক
দেখাৰ লগে লগে চিত্ৰগুপ্তই চিঞৰি উঠিল
, “আৰে! তই কত আছিলি ইমানদিনে?”
যমদূতজনে হাতযোৰ
কৰি ক
লে, প্ৰভু! কি বুলিনো কওঁ কি হল! আজিলৈকে কাৰো ঠগ খোৱা নাছিলোঁ জীৱনত, কিন্তু
ভোলাৰামৰ জীউটোয়ে কেনেকৈ মোক ছলনা কৰি থৈ গ
ল। পাঁচদিনৰ আগতে
ভোলাৰামৰ জীউটোয়ে যেতিয়া দেহত্যাগ কৰিছিল তেতিয়াই মই তাক ধৰিছিলোঁ আৰু এই ধামলৈ
গতি কৰিছিলোঁ। চহৰৰ বাহিৰ ওলোৱাৰ লগে লগে তীব্ৰ বায়ু তৰংগৰ প্ৰভাৱত সি মোৰ হাতৰ
পৰা এৰ খাই গ
ল আৰু অদৃশ্য হৈ গল। এই
পাঁচদিনত মই তাক গোটেই বিশ্ব-ব্ৰহ্মাণ্ডত বিচাৰি চলাথ কৰিলো কিন্তু ক
তো বিচাৰি নাপালোঁ।
যমৰাজে কথাবোৰ
শুনি খঙেৰে ক
লে, “মুৰ্খ! জীউ আনি আনিয়েই
বুঢ়া হলি
, তথাপি এটা সাধাৰণ বুঢ়া মানুহৰ জীউয়ে তোক ছলনা
কৰি পলাই গ
ল।” দূতজনে তলমূৰ কৰি কলে, ‘মহাৰাজ, মই চেষ্টাৰ
ক্ৰুটি কৰা নাছিলোঁ। মোৰ এই অভ্যস্ত হাতৰ পৰা আজিলৈকে ডাঙৰ ডাঙৰ উকীলৰ জীউয়ে সৰকি
যাব পৰা নাছিল। এইবাৰ কি যাদু হ
ল জানো!” ইমান দেৰি
টলকা মাৰি থকা চিত্ৰগুপ্তই ক
লে, “মহাৰাজ, আজিকালি পৃথিৱীত এনেকুৱা কাৰবাৰবোৰ খুউব
চলিছে। মানুহে ৰেলত বন্ধুলৈ বস্তু পঠিয়াই
,বাটতে ৰেলৱেৰ
মানুহে হৰপ কৰি দিয়ে। কাপোৰৰ বেপাৰীৰ পাৰ্চেলৰ ভিতৰত থকা মোজা ৰেলৱেৰ অফিচাৰে
পিন্ধি থাকে। মালগাড়ীৰ দবাকে দবা বাটৰ পৰা কাটি লৈ যায়। আৰু এটা কথা হৈ আছে।
ৰাজনৈতিক দলৰ নেতাক বিৰোধী দলৰ নেতাই উঠাই নি বন্দী কৰি থয়। ভোলাৰামৰ আত্মাটোকো
বিৰোধীয়ে কিবা বেয়া কাম কৰিবলৈ উঠাই নিয়া নাইতো
?”
ইতিকিংসূচক
চাৱনি এটা চিত্ৰগুপ্তৰ ফালে নিক্ষেপ কৰি যমৰাজে ক
লে, “তোমাৰ অৱসৰ লোৱাৰ সময় হৈ গৈছে আৰু। ভোলাৰমাৰ নিচিনা নগন্য, দৰিদ্ৰ মানুহ এজনৰ সৈতে কাৰ কি লেনা-দেনা থাকিব?” ঠিক সেইসময়তে নাৰদমুনি কৰবাৰ পৰা আহি ওলালহি। ধৰ্মৰাজক মনে মনে বহি থকা
দেখি নাৰদে সুধিলে
, “কি হে ধৰ্মৰাজ? কি চিন্তা কৰি আছে? নৰকত থকা ঠাইৰ সমস্যাটো সমাধান
হোৱা নাই নেকি আজিও
?” যমে কলে,
সেইটোতো কেতিয়াবাই সমাধান হল। নৰকলৈ
যোৱাবাৰ বহুত পাকৈত কাৰিকৰ আহিল। তাৰে কিছুমান ঠিকাদাৰ
, যি
বিল্ডিং বান্ধিম বুলি পইছা ঠিকেই আদায় কৰিলে কিন্তু কেতিয়াও বিল্ডিং নাবান্ধিলে।
ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আহিল যি ঠিকাদাৰৰ লগত মিলি পঞ্চবৰ্ষীয় পৰিকল্পনাৰ পইছাবোৰ
খাই থ
লে। অভাৰচিয়াৰ আহিল যি কেতিয়াও কামলৈ নহা বনুৱাৰো
হিচাপ দেখুৱাই সিহঁতৰ ভাগৰ হাজিৰাৰ পইছা খালে। সিহঁতে আহি নৰকত কেইবাটাও অট্টালিকা
থিয় কৰি পেলালেহি। সেইবোৰ সমস্যা কেতিয়াবাই সমাধা হ
ল। এতিয়া
অইন এটা অদ্ভুত সমস্যাইহে বিপত্তিত পেলাইছে। ভোলাৰাম বুলি মানুহ এজনৰ পাঁচদিনৰ
আগতে মৃত্যু হৈছে। তাৰ জীউটো আমাৰ দূতে লৈ আনি থাকোঁতে দূতৰ চকুত ধূলি দি পলাই গ
ল। দূতজনে গোটেই বিশ্ব-ব্ৰহ্মাণ্ড বিচাৰি চলাথ কৰিলে, কিন্তু কতো বিচাৰি নাপালে। এনেকৈ হবলৈ হলে পাপ-পূণ্যৰ চিন-চাবেই নাথাকিব পৃথিৱীত।”
নাৰদে সুধিলে, “সি কেনেবাকৈ ইনকাম টেক্সদিবলৈ
বাকী আছিল নেকি
? কিজানি সেইকাৰণে ইনকাম টেক্স বিভাগৰ মানুহে
ধৰি লৈ গ
ল।” “যাৰ ইনকাম আছে ইনকাম টেক্স তাৰহে
লাগিব! এইটো একেবাৰে দাল-দৰিদ্ৰ আছিল।” চিত্ৰগুপ্তই ক
লে।
নাৰদে বৰ ৰস
পালে কথাটোত
,। কলে,” বৰ সাংঘাটিক কথা দেখোন! বাৰু মোক তাৰ নামটো কোৱাছোন, মই এপাক পৃথিৱীলৈ বিচাৰি যাওঁ।” চিত্ৰগুপ্তই ৰেজিষ্টাৰখন মেলি তাৰ
নামটো চাই ক
লে, “ভোলাৰাম আছিল
তাৰ নাম। জব্বলপুৰ অঞ্চলৰ ধমাপুৰ নামৰ পথৰ কাষৰ নলা এটাৰ কাষত এক-ডেৰটা ভঙা-চিঙা
কোঠাৰ ঘৰত সিহঁত থাকিছিল। তাৰ পৰিয়ালত পত্নীৰ ওপৰিও দুটা ল
ৰা
অাৰু এজনী ছোৱালী আছিল। বয়স ষাঠি বছৰ আৰু চৰকাৰী চাকৰি কৰিছিল। পাঁচ বছৰৰ আগতে
অৱসৰ গ্ৰহণ কৰিছিল। যোৱা এবছৰৰ পৰা ঘৰভাড়া দিব নোৱাৰাৰ কাৰণে ঘৰৰ মালিকে ঘৰৰ পৰা
ওলিয়াই দিব খুজিছিল। তেনেতে ভোলাৰামে সংসাৰে ত্যাগ কৰি দিলে। আজি পাঁচদিন হ
ল। যদি ঘৰৰ মালিক কঠুৱা হয়, তেনেহলে ভোলাৰাম মৰাৰ
পাছতে কিজানি তাৰ পৰিয়ালক ঘৰৰ পৰা উলিয়াই দিলে। সেইকাৰণে আপুনি এতিয়া তাৰ পৰিয়ালক
বিচাৰিবলৈ বহুত ঘুৰিব লাগিব।”
মাক-জীয়েকৰ
সমবেত ক্ৰন্দনত নাৰদে অতি সহজে ভোলাৰামৰ ঘৰটো বিচাৰি উলিয়ালে। দুৱাৰমুখত থিয় হৈ
“নাৰায়ণ! নাৰায়ণ” বোলাৰ লগে লগে ছোৱালীজনীয়ে কৈ উঠিল
, “আগুৱাই আহক মহাৰাজ” নাৰদে কলে, “মোক ভিক্ষা নালাগে। মই ভোলাৰামৰ বিষয়েহে দুই-এটা কথা সোধ-পোচ কৰিবলৈ
আহিছো। তোমাৰ মাৰাক বাহিৰলৈ পঠিয়াই দিয়াছোন আইজনী”
ভোলাৰামৰ পত্নী
বাহিৰলৈ ওলাই আহিল। নাৰদে তেওঁক সুধিলে
, ” ভোলাৰামৰ কি
বেমাৰ হৈছিল
?”। ঘৈণীয়েকে উত্তৰ দিলে- কিনো কওঁ! দাৰিদ্ৰ্যই আছিল তেওঁৰ ৰোগ। পাঁচ বছৰ হৈ গল অবসৰ পোৱা। পেঞ্চন পাব লাগিছিল, কিন্তু আজিলৈকে
পেঞ্চন নাপালে। প্ৰতি দহ-পোন্ধৰ দিনত এখনকৈ দৰখাস্ত দিয়ে
, কিন্তু
তাৰ পৰা হয় কোনো উত্তৰ নাহে আৰু অহািলে পেঞ্চনৰ আবেদনৰ বিচাৰ-বিবেচনা হৈ আছে বুলি
আহে। যোৱা পাঁচবছৰত মোৰ গোটেই গহনাবোৰ বেচিবলগীয়া হ
ল খাবলৈ।
তাৰ পাছত বাচনবোৰ বিকিলোঁ। এতিয়া আৰু বেচিবলৈ আমাৰ একো নাই। চিন্তা আৰু ভোকেই
মানুহটোক মাৰি পেলালে।”
নাৰদে কথাখিনি
শুনি ক
লে, ” কিনো কৰিবা আই! তেওঁৰ ইমানেই আয়ুস
আছিল।”
“এনেকৈ নকব মহাৰাজ, তেওঁৰ আয়ুস বহুত আছিল। পঞ্চাশ-ষাঠি টকা
পেঞ্চন পালেহয় যদি বাকী অলপ কাম কৰি আমি চলি থাকিব পাৰিলোহয়। কিন্তু এই পাঁচবছৰে
পেঞ্চনৰ নামত ফুটাকড়ি এটাও নাপালে।”
নাৰদৰ এনেকুৱা
দুখৰ কথা শুনিবলৈ সময় নাছিল। সেয়ে তেওঁ চিধাই মূলকথালৈ আহিল। “আইজনী
, এটা কথা কোৱাছোন। তেওঁৰ কাৰোবাৰ প্ৰতি বিশেষ অনুৰাগ আছিল নেকি মানে
কাৰোবাৰ প্ৰতি বিশেষ মানসিক টান
?”
“টানটো থাকিবই
মহাৰাজ
, সকলোৰে নিজৰ সন্তানৰ প্ৰতি টান থাকে।”
“নহয় মানে, কোনোবা অইন স্ত্ৰীৰ প্ৰতি?” ভোলাৰামৰ পত্নীয়ে ক্ষন্তেক
ঘোপাকৈ নাৰদৰ ফালে চালে। “মুখলৈ যি আহে তাকে নক

মহাৰাজ। আপুনি সাধুহে
, লোকৰ কথা ইমান জানিবলৈ আপুনি সৰৱজান
নহয় নহয়! তেওঁ গোটেই জীৱন অইন কোনো নাৰীলৈ চকু তুলি চোৱা নাছিল।”
নাৰদে হাঁহি এটা
মাৰি ক
লে, “তুমি তোমাৰ ঠাইত ঠিকেই আছা আইজনী। এখন
সুখী গৃহস্থীৰ বাবে এনেকৈ ভবাটো জৰুৰী। ঠিক আছে আই
, মই এতিয়া
উঠোহে!”
ভোলাৰামৰ
পত্নীয়ে লগে লগে ক
লে, “মহাৰাজ,
আপুনিতো সাধু হয়, সিদ্ধ পুৰুষ হয়। এনেকুৱা
কিবা কৰিব নোৱাৰে নে যাতে আমি পেঞ্চনটো পাওঁ
? কিছুদিন অন্ততঃ
এই ল
ৰা-ছোৱালীকেইটাৰ পেট ভৰক?” কথাখিনি
শুনি নাৰদৰ মনত পৰিয়ালটোৰ প্ৰতি দয়া উপজিল। ক
লে,
আমাৰ নিচিনা সাধুবোৰৰ কথা কোনেনো শুনিব? মোৰ ইয়াত কোনো মঠ-মন্দিৰো নাই। তথাপি মই চৰকাৰী অফিচলৈ যাম আৰু চেষ্টা
কৰিম।”
ভোলাৰামৰ ঘৰৰ
পৰা ওলায়েই নাৰদ চৰকাৰী অফিচলৈ গ
ল। তাত বহি থকা অফিচাৰ এজনৰ লগত বহি
ভোলাৰামৰ কথা আলোচনা কৰিলে। অফিচাৰ বাবুৱে বৰ ধ্যানপুৰ্বক নাৰদক লক্ষ্য কৰিলে আৰু
লে, ” ভোলাৰামে দৰ্খাস্ত দিয়াটো
হয়
, কিন্তু তাৰ দৰ্খাস্তত কোনো ওজন নাছিল। তেনেকুৱা ওজন নথকা
দৰ্খাস্ত কৰবালৈ উৰি যোৱাটো একো ডাঙৰ কথা নহয়।” নাৰদে কথাটো শুনি টেবুলৰ ওপৰত
থকা “পেপাৰ ৱেইট”কেইটালৈ চাই ক
লে, “ইমানগাল পেপাৰ ৱেইট আছে, তাৰে এটা তাৰ ওপৰত থৈ
নিদিলে কিয়
?” নাৰদৰ কথা শুনি অফিচাৰ বাবুয়ে হাঁহিলে আৰু
লে, “আপুনি সাধু মানুহ, আপুনি দুনীয়াদাৰিবুজি
নাপায়। দৰ্খাস্তবোৰ এইবোৰ
পেপাৰ ৱেইটেৰে উৰি নোযোৱাকৈ ৰাখিব নোৱাৰি। বাৰু, আপুনি সেইটো
কোঠাত থকা বাবুক লগ ধৰক।”
নাৰদ সেইজন
বাবুৰ ওচৰ পালেগৈ
, তেওঁ আন এজনৰ কাষলৈ পঠিয়াই দিলে, সেইজনে অইন এজনৰ ওচৰলৈ, অইনজনে বেলেগ এজনৰ ওচৰলৈ….,
মুঠতে পঁচিশ-ত্ৰিশজন বাবু আৰু টেবুল ঘুৰাৰ পাছত অফিচৰ পিয়ন এজনে
নাৰদক ক
লে, “মহাৰাজ, আপুনি এই জঞ্জালত কিয় সোমালে? আপুনি গোটেই বছৰ ইয়াত
ঘুৰি থাকিলেও আপোনাৰ কাম নহয়। আপুনি চিধাই অফিচৰ মূল বছক লগ ধৰক
, তেওঁক খুচকৰি দিয়ক, আপোনাৰ কাম এতিয়াই হৈ যাব।”
নাৰদ অফিচৰ
মুৰব্বীজনৰ কোঠাত সোমালগৈ। বাহিৰত বহি চাপ্ৰাছীজনে টোপনিয়াই আছিল। সেয়ে তেওঁ
নিৰ্বিঘ্নে সোমাবগৈ পাৰিলে। নাৰদক
ভিজিটিং কাৰ্ডনোহোৱাকৈ সোমোৱা দেখি মুৰব্বী বাবু অত্যন্ত বিৰক্ত হল। “এইটো কি মন্দিৰ-চন্দিৰ বুলি ভাবিছে নেকি যে চিধাই সোমাই আহিল
আপুনি
? আগতে এপইণ্টমেণ্ট কিয় লোৱা নাই?”
“কেনেকৈ ল? ছাপ্ৰাছী শুই থাকিলে?”
“কি কাম আছে
কওক!”
নাৰদে ভোলাৰামৰ
পেঞ্চনটোৰ কথা উলিয়ালে। মুৰব্বী বাবুয়ে ক
লে, ” আপুনি বৈৰাগী মানুহ, অফিচৰ নীতি-নিয়ম নাজানে। আচলতে
ভোলাৰামৰে ভুল। আৰে ভাই! এইটোওটো এটা মন্দিৰেই হয়। ইয়াতো দান-বৰঙণি দিব লাগে।
আপোনাক ভোলাৰামৰ সমন্ধীয় মানুহ যেন লাগে। ভোলাৰামৰ দৰ্খাস্তবোৰত কোনো ওজন নাই।
আপুনি ওজন ৰাখক
, কাম হৈ যাব।”
পুনৰ ওজনৰ
প্ৰসংগটো উথ্থাপিত হোৱাত বৰ নাৰদ বিবুদ্ধিত পৰিল। মুৰব্বী বাবুৱে পুনৰ ক
লে,
আৰে চৰকাৰী পইছাৰ কথা। পেঞ্চনৰ ফাইল দহটা অফিচ ঘুৰিব লাগে।
সময় লাগি যায়। একেটা কথাকে বিছবাৰ বিছ জেগাত লিখিব লাগে তেতিয়াহে কাম হয়গৈ।
ইমানগালে পেঞ্চন পাই
, বজাৰ যেন হৈ যায়। সময়টো লাগিবই। অৱশ্যে
সোনকালেও হ
ব পাৰে, কিন্তু..!”
মুৰব্বী বাবুৰ কথা ৰৈ গ
ল। নাৰদে সুধিলে, ” কিন্তু কি?” কুটিল হাঁহি এটা মুখত ফুটাই
মুৰব্বী বাবুৱে ক
লে, “কিন্তু ওজন
লাগিব। আপুনি বুজা নাই। যেনে আপোনাৰ হাতত থকা এই বীণাখনকো এটা ওজন হিচাপে ভোলাৰামৰ
দৰ্খাস্তখনৰ ওপৰত ৰাখিব পৰা যায়। মোৰ ছোৱালীয়ে গান-বাজনা শিকি আছে। এইখন মই তাইক
দিম। সাধু-সন্তৰ বাদ্যযন্ত্ৰ পালে তাইৰ কণ্ঠত আৰু বেছি সৰস্বতীৰ বসতি হ
ব।” নিজৰ বীণাখন হেৰুওৱাৰ ভয়ত নাৰদ চকিত হৈ উঠিল। কিন্তু পিছমুহুৰ্ততে
নিজকে চম্ভালি লৈ বীণাখন সন্মূখৰ মেজৰ ওপৰত থৈ ক
লে,
এইয়া লওক আৰু সোনকালে পেঞ্চনৰ কামটো কৰি দিয়ক।” নাৰদৰ এই
কাৰ্যই প্ৰসন্ন কৰি তোলা অফিচৰ মুৰব্বীজনে নাৰদক বহিবলৈ চকী এখন দেখুৱাই দিলে
,
নিজে উঠি বীণাখন কোঠাৰ চুক এটাত আউজাই থৈ কলিং বেলত হেঁচা দিলে।
বেলৰ শব্দ শুনি কোঠালৈ সোমাই অহা চাপ্ৰাছীজনক হুকুম দিলে
, “বৰবাবুৰ টেবুলৰ পৰা ভোলাৰামৰ ফাইলটো লৈ আন!”
ক্ষন্তেক পাছতে
চাপ্ৰাছীয়ে শ-ডেৰশ দৰ্খাস্তৰে ভৰা ফাইলটো লৈ আহিল। তাতেই পেঞ্চনৰ নথিবোৰো আছিল।
মুৰব্বীজনে নামটো পঢ়িলে আৰু পুনৰ এবাৰ নিশ্চিত হ
বলৈ নাৰদৰক সুধিলে,
নামটো কি বুলি কৈছিল আপুনি?” নাৰদে
গম পালে মুৰব্বী অফিচাৰজনে জানিও নজনাৰ ভাও ধৰিছে
, সেয়ে
ডাঙৰকৈ মাতটো উলিয়াই ক
লে, “ভোলাৰাম।”
..আৰু ঠিক সেইখিনি সময়তে ফাইলটোৰ ভিতৰৰ পৰা কোনোবাই কৈ উঠিল
, “কোনে মাতিছে মোক? পোষ্টমেন নেকি? মোৰ পেঞ্চনৰ অৰ্ডাৰটো ওলাল নেকি?” ঘটনা দেখি
প্ৰথমাৱস্থাত নাৰদ হতবম্ভ হৈ পৰিল
, কিন্তু পিছ মুহুৰ্ততে
প্ৰকৃত ঘটনা বুজি উঠিল। তেওঁ লাহেকৈ কৈ উঠিল
, “ভোলাৰাম!
তুমি কি ভোলাৰামৰ জীউটোৱে কৈছা নেকি
?” উত্তৰ আহিল,
হয়”। নাৰদে পুনৰ কলে,
মই নাৰদ। তোমাক নিবলৈ আহিছোঁ। বলা,
স্বৰ্গবাসী তোমাৰ অপেক্ষাত আছে।” এইবাৰ উত্তৰ আহিল,
মই নাযাওঁ। এই পেঞ্চনৰ দৰ্খাস্তবোৰত মোৰ জীউটো ফঁচি আছে,
মই কেনেকৈ যাম?”

3 Responses

Leave a Reply

Your email address will not be published. Required fields are marked *