কুংচি

মূল গল্প : Kung I-Chi

মূল লেখক : লু চুন [চীন]

অনুবাদ :
ৰশ্মিৰেখা গগৈ



        লাচেনত থকা পান্থশালাবোৰ চীনৰ আন ঠাইৰ দৰে নহয়৷ ইয়াৰ পান্থশালাবোৰত ৰাস্তাৰ ফালে নব্বৈ ডিগ্ৰী কোণত মুখ কৰি একোটাকৈ কাউণ্টাৰ আছে সুৰা তপতাবৰ বাবে গৰম পানীৰ ব্যৱস্থা আছে৷ মানুহবোৰে দুপৰীয়া আৰু গধূলি কামৰপৰা উভটি আহি একো পিয়লা ফটিকা কিনে৷ বিশ বছৰ আগেয়ে এপিয়লা ফটিকাৰ দাম আছিল চাৰি পইচা, কিন্তু এতিয়া দহ পইচা দিলেহে এপিয়লা ফটিকা পোৱা যায়৷ কাউণ্টাৰৰ ওচৰত থিয় হৈ গ্ৰাহকসকলে গৰম ফটিকা পান কৰে; আৰু এপইচা বেছিকৈ দিলে ফটিকাৰ লগত খাবলৈ এথাল নিমখসনা বাঁহগাজ বা গুৱামুৰি সনা মটৰমাহ কিনিব পাৰি৷ বাৰ পইচা দিলে মঙহো পায়৷ কিন্তু গ্ৰাহকসকলৰ সৰহভাগেই চুটি কোটচোলা পৰিহিত দুখীয়া শ্ৰেণীৰ লোক৷ গতিকে খুউব কমেইহে তেনে ব্যয়বহুল খাদ্য কিনিব পাৰে৷ কেৱল দীঘল গাউন পৰিহিত গ্ৰাহকেহে দোকানৰ কাষৰ সংলগ্ন কোঠাত বহি তৰহে তৰহে ব্যঞ্জনৰ লগত ফটিকা পান কৰি অৱসৰ কটাব পাৰে৷

        বাৰ বছৰ বয়সত মই পান্থশালা এখনত পৰিচাৰক হিচাপে সোমালো৷ দোকানখন নগৰলৈ অহা মূল পথটোৰ মুখতে৷ মালিকে কৈছিল মোক হেনো দেখাত তেনেই বুৰ্বক যেন লাগে; আৰু সেই কাৰণেই দীঘল গাউন পৰিহিত গ্ৰাহকসকলক পৰিচৰ্যা কৰিবৰ বাবে মই উপযুক্ত নহয়৷ গতিকে মোক বাহিৰতে কাম দিয়া ল৷ চুটি কোটচোলা পৰিহিত গ্ৰাহকসকল সহজেই সন্তুষ্ট হৈছিল যদিও তাৰ মাজতো কিছুমানে হুলস্থূল নকৰা নহয়৷ সুৰাৰ পাত্ৰৰপৰা কৰচালিৰে হালধীয়া বৰণৰ ফটিকা বাকি দিওঁতে তেওঁলোকৰ কেইজনমানক চাই থাকিবলৈ লাগে৷ সুৰাৰ পিয়লাৰ তলিত যে আগৰেপৰা পানী ঢালি থোৱা নাই তাকে সিহঁতে নিজ চকুৰে চাবলৈ চিঞৰবাখৰ লগাইছিল৷ সিহঁতৰ শেন চকুৰ সন্মুখত সুৰাত পানী মিহলোৱাটো বৰ মস্কিল হৈ পৰিছিল৷ গতিকে কেইদিনমানৰ পাছত মালিকে মোক এই কামটোৰ বাবে অনুপযুক্ত বুলি বিবেচনা কৰিলে৷ কপাল ভাল যে মোক এজন হাতদীঘল মানুহে এই কামটোত সুমুৱাই দিছিল; গতিকে মালিকে মোক কামৰপৰা আঁতৰাই দিব নোৱাৰিলে৷ তাৰ পৰিৱৰ্তে মোক সুৰা তপতোৱাৰ দৰে আমনিদায়ক কামটোত লগাই দিলে৷

        তেতিয়াৰেপৰা গোটেই দিনটো মই কাউণ্টাৰৰ পাছফালে থিয় হৈ থাকো৷ যদিও মোৰ কামত মালিক সন্তুষ্ট হৈছিল, মোৰ কিন্তু কামটো বৰ একঘেয়ামী আৰু অৰ্থহীন যেন লাগিছিল৷ আমাৰ মালিকজন দেখাত ভয়ানক আছিল আৰু গ্ৰাহকসকলো মনমৰা বিধৰ আছিল৷ গতিকে স্ফূৰ্তিতামাছা কৰাটো অসম্ভৱেই হৈ পৰিছিল৷ মাত্ৰ কুংচি আহিলেহে মই অকণমান হাঁহিবলৈ পাওঁ আৰু সেই কাৰণেই তেওঁক মোৰ এতিয়াও মনত আছে৷

        দীঘল গাউন পৰিহিত গ্ৰাহকসকলৰ ভিতৰত কুঙেই আছিল একমাত্ৰ গ্ৰাহক যি থিয় হৈ ফটিকা পান কৰিছিল৷ তেওঁ আছিল এজন বিশাল আকৃতিৰ মানুহ, আচৰিত ধৰণে শেঁতা, মুখৰ ছাল কোঁচখোৱা, মাজে মাজে কিছুমান দাগ৷ মূৰটো ডাঙৰ, অপৰিপাটী একোছা ডাড়ি, মাজে মাজে বগা পৰিছে৷ তেওঁৰ দীঘল গাউনটো লেতেৰা আৰু ফটাছিটা৷ দেখিলে এনে লাগে যেন দহ বছৰমান কাপোৰযোৰ ধোৱা হোৱা নাই; ফটাবোৰ চিলোৱা নাই৷ তেওঁ কথা কওঁতে বহু অপ্ৰচলিত শব্দ ব্যৱহাৰ কৰাৰ ফলত তেওঁৰ কথাৰ আধাখিনিয়েই বুজিব নোৱাৰি৷ যিহেতু তেওঁৰ উপাধিটো আছিল কুং, তেওঁৰ উপনামটো হৈছিলগৈ কুংচি, সৰু ৰাছোৱালীৰ কিতাপত থকা প্ৰথম তিনিটা আখৰ৷ কেওঁ যেতিয়াই দোকানলৈ আহে, মানুহবোৰে তেওঁলৈ চাই টকালি পাৰিবলৈ ধৰে৷ কোনোবা এজনে চিঞৰিয়েই দিয়ে ঃ “কুংচি তোমাৰ মুখত যে নতুন দাগ কিছুমান দেখিছো?” সেইবোৰ কথালৈ কুঙে কাণ নিদিয়ে, তেওঁ কাউণ্টাৰলৈ আহি দুপিয়লা গৰম সুৰা আৰু গুৱামুৰিৰ গোন্ধ থকা মটৰমাহ এথাল অৰ্ডাৰ দিয়ে৷ ইয়াৰ বাবদ তেওঁ নটা তামৰ মুদ্ৰা দিয়ে৷ কোনোবা জনে চিঞৰো বুলিয়েই চিঞৰে – “তুমি নি( আকৌ চুৰি কৰিবলৈ লৈছা৷

        একো প্ৰমাণ নোহোৱাকৈ কিয়নো ভাল মানুহক বদনাম দিয়া?” – চকুকেইটা বহলকৈ মেলি কুঙে কয়৷

        হয় হয়, কমনো ভাল মানুহনে? পৰহি হুৰ ঘৰৰপৰা কিতাপ চুৰি কৰাৰ কাৰণে মানুহবোৰে তোমাক বান্ধি লৈ মৰিয়াই থকা মই নিজ চকুৰে দেখি আহিছো

        কুং ৰঙাচিঙা পৰে, কপালৰ সিৰ কেইডাল উঠি আহে৷ সি প্ৰতিবাদ কৰি কয় – “কিতাপ এখন লোৱাটো চুৰি বুলিব নোৱাৰি….. কিতাপ লোৱাটো, সেইটোতো পণ্ডিতৰেই কাম, চুৰি বুলিব নোৱাৰি নহয়৷তাৰ পাছত কনফুছিয়াছৰ মহৎ গ্ৰন্থৰপৰা উদ্ধৃতি দিয়ে – “ভদ্ৰলোকে দুখীয়া হৈও নিজৰ সাধুতা বজাই ৰাখিব পাৰে৷বন্য উল্লাসত মানুহবোৰে কিৰিলি পাৰি উঠে৷ দোকানখন আনন্দমুখৰ হৈ পৰে৷

        মানুহে কোৱা শুনিছিলো যে কুংচিয়ে হেনো মহৎ গ্ৰন্থবোৰ অধ্যয়ন কৰিছিল, কিন্তু নিয়মমাফিক পৰীক্ষাতহে উত্তীৰ্ণ নোৱাৰিছিল৷ জীৱন নিৰ্বাহৰ কোনো উপায় নথকাত তেওঁ দিনক দিনে দুখীয়া হৈ গৈ আছিল৷ তেওঁৰ আৰ্থিক অৱস্থা ইমানেই বেয়া হৈছিলগৈ যে এটা সময়ত তেওঁ ভিক্ষা কৰিবলৈও লৈছিল৷

        আনন্দৰ কথা যে তেওঁৰ হাতৰ আখৰ খুউব ধুনীয়া আছিল আৰু প্ৰতিলিপি নকল কৰাৰ কাম কিছুমান পাইছিল৷ দুৰ্ভাগ্যক্ৰমে তেওঁৰ স্বভাৱটো বেয়া হৈ পৰিল৷ তেওঁ প্ৰচুৰ পৰিমাণে সুৰাপান কৰিবলৈ ধৰিলে আৰু এলেহুৱা হৈ পৰিল৷ কিতাপ, কাগজ, ব্ৰাছ আৰু চিঁয়াহীৰ বটলবোৰ লৈ তেওঁনোহোৱা হয়৷ কেইবাবাৰো এনে ঘটনা ঘটাৰ পাছত কোনেও তেওঁক পুনৰ নকলৰ কাম দিবলৈ নিবিচৰা ল৷ গতিকে এনে পৰিস্থিতিত মাজে সময়ে সৰুসুৰা বস্তু চুৰি কৰাৰ বাহিৰে তেওঁৰ উপায় নোহোৱা ল৷ আমাৰ পান্থশালাত তেওঁৰ আচৰণ আছিল দৃষ্টান্তমূলক৷ তেওঁ কেতিয়াও পইচা নিদিয়াকৈ থকা নাছিল৷ কেতিয়াবা হাতত পইচা নাথাকিলেও আমাৰ দোকানৰ ফলকত ধৰুৱাসকলৰ নামৰ তালিকাত তেওঁৰ নামটো অন্তৰ্ভুক্ত হয়৷ অৱশ্যে এমাহ নৌ হওঁতেই তেওঁ ধাৰটো পৰিশোধ কৰে আৰু তেওঁৰ নামটো ফলকৰপৰা মছ খায়৷

        আধা পিয়লামান সুৰা পান কৰাৰ পাছত কুং কিছু সুস্থিৰ হয়৷ কিন্তু তেনেতে কোনোবাই সোধে – “কুংচি, তুমি বাৰু সঁচাকৈ পঢ়িব জানানে?” কুঙে যেতিয়া এনেকুৱা প্ৰশ্নবোৰে তেওঁক হেয় কৰা যেন অনুভৱ কৰে, প্ৰশ্নবোৰ এৰাই চলে, মানুহবোৰে আকৌ সোধে – “তুমিনো বাৰু ইমান তলৰ পৰীক্ষাটোতে কেনেকৈ উত্তীৰ্ণ নোৱাৰিলা?”

        মানুহবোৰৰ কথাত কুং বৰ অসুখী আৰু বিৰক্ত হৈ পৰে৷ তেওঁৰ মুখখন শেঁতা পৰে, ওঁঠযুৰি লৰচৰ কৰে, কিন্তু মুখেদি কিছুমান দুৰ্বোধ্য শব্দহে বাহিৰ হয়৷ সকলোৱে আকৌ গিৰ্জনি মাৰি হাঁহে, গোটেই দোকানখনেই আনন্দমুখৰ হৈ পৰে৷

        এনেকুৱা সময়ত ময়ো মালিকৰ গালি নোখোৱাকৈ হাঁহিত যোগ দিব পাৰো৷ ৰগৰ কৰিবৰ কাৰণে মোৰ মালিকেও আন কি কুঙক কিবাকিবি সুধি থাকে৷ সিহঁতৰ লগত কথা পাতি লাভ নাই বুলি জানি কুঙে আমাৰ সৰুবোৰৰ লগতে কথা পাতিবলৈ আৰম্ভ কৰে৷ এবাৰ তেওঁ মোক সুধিছিল – “তই বিদ্যালয়লৈ গৈছিলিনে?” মই যেতিয়া যোৱা বুলি লো, তেওঁ কৈছিল – “তেতিয়াহলে ভাল কথা, মই তোৰ পৰীক্ষা ম৷ তই মোকবুইজিয়াং’ [বুইজিয়াং অৰ্থাৎ চফ্বা গুৱামুৰি] শব্দটোতবুইশব্দটো কেনেকৈ লিখে দেখুৱাচোন?” মই ভাবিলো, – “মই অন্ততঃ ভিক্ষাৰী এটাৰ ওচৰত পৰীক্ষা দিবলৈ নাই৷গতিকে মই আনফালে মুখ ঘূৰালো আৰু কথাষাৰত গুৰুত্ব নিদিলো৷ কিছু সময় ৰোৱাৰ পাছত তেওঁ লে – “তই নোৱাৰ তেন্তেঞ্জ মই তোক দেখুৱাম বাৰু কেনেকৈ লিখে৷ মনত ৰাখিবলৈ চেষ্টা কৰিবি৷ তই এই আখৰবোৰ মনত ৰখা উচিত, কাৰণ পাছত নিজৰ দোকান খুলিলে তোৰ হিচাপনিকাচবোৰটো কৰিব লাগিব৷

        মোৰ এনেকুৱা লাগিল মোৰ নিজৰ দোকান এখন বলৈ বহুত দিন আছে; তাৰ উপৰি, আমাৰ মালিকে হিচাপ বহীতবুইজিয়াংমটৰমাহৰ হিচাপ লিখা দেখা নাই৷ তেওঁৰ কথাত মনে মনে আমোদ পালেও আমনিও পাইছিলো, মই অলসভাৱে উত্তৰ দিলো, – “তোমাকনো কোনে মাষ্টৰ ওলাবলৈ কৈছে? ‘বুইশব্দটো ঘাঁহ শব্দটো লিখাৰ দৰেই লিখিব নালাগে জানো?”

        কুং আনন্দিত , আৰু তাৰ দীঘল নখ থকা আঙুলি দুটাৰে কাউণ্টাৰ টেবুলত টুকুৰিয়ালে৷হয়, হয়তেওঁ মূৰ দুপিয়ালেবুই শব্দটো চাৰি প্ৰকাৰে লিখিব পাৰি৷ তই আটাইবোৰ জাননে?” মোৰ ধৈৰ্যচ্যুতি ঘটিল; তেওঁলৈ খঙেৰে চাই মই তাৰপৰা আঁতৰি আহিলো৷ কুংচিয়ে তেওঁৰ আঙুলিটো সুৰাত জুবুৰিয়াই লৈছিল যাতে কাউণ্টাৰ টেবুলত আঙুলিৰে আখৰকেইটা লিখি দেখুৱাব পাৰে; কিন্তু তেওঁ যেতিয়া মোক নিৰ্বিকাৰ হৈ থকা দেখিলে, তেওঁ হুমুনিয়াহ কাঢ়িলে আৰু তেওঁক অত্যন্ত হতাশ দেখা ল৷

        কেতিয়াবা হাঁহি খিকিন্দালিৰ শব্দ শুনি চুবুৰীৰ ৰাছোৱালীবোৰেও তাত যোগ দিবলৈ আহে আৰু কুংচিক ঘেৰি ধৰেহি৷ তেওঁ সিহঁতক গুৱামুৰি সনা মটৰমাহ খাবলৈ দিয়ে৷ মটৰমাহ খোৱাৰ পাছতো ৰাছোৱালীমখা নাযায়হে নাযায়৷ সিহঁতৰ চকু মটৰমাহৰ থালখনৰ ওপৰত৷ খপ্জপ্কৈ কুঙে থালখন হাতেৰে ঢাকি লৈ আগলৈ হাওলি কয় – “নাই, নাই আৰু বেছি নাই৷আকৌ এবাৰ পোন হৈ মটৰমাহখিনিলৈ চাই তেওঁ মূৰ জোকাৰে – “আৰু বেছি নাই৷ৰাছোৱালীবোৰ চিঞৰিবাখৰি হাঁহিতামাছা কৰি দৌৰ মাৰে৷

        কুংচি বৰ ভাল সংগ আছিল, কিন্তু তেওঁৰ অবিহনেও আমাৰ চলি গৈছিল৷

        এবাৰ শৰৎ উৎসৱৰ কেইদিনমানৰ আগতে পান্থশালাৰ গৰাকীয়ে দোকানৰ হিচাপনিকাচ উলিয়াই আছিল৷ বেৰৰপৰা ফলকখন নমাই হঠাৎ তেওঁ লে – “কুংচি বহুদিন অহা নাই, তেওঁৰ এতিয়াও ১৯ পইচা দিবলৈ আছে৷ মালিকৰ কথাত মোৰ মনত পৰিল যে তেওঁক দেখা নোপোৱা ভালেমান দিনেই ল৷সি কেনেকৈ আহিব?” এজন গ্ৰাহকে মাত লগালে৷যোৱাবাৰ মাৰ খাওঁতে তাৰ ভৰি দুখন ভাগিছিল নহয়৷

       

        সি আকৌ চুৰি কৰিছিল৷ এইবাৰ সি মিষ্টাৰ টিঙৰ ঘৰৰপৰা চুৰি কৰিছিল৷ সিনো বাৰু পণ্ডিতৰ ঘৰত চুৰি কৰি সাৰিব পাৰেনে?”

        তাৰ পাছত?”

        তাৰ পাছত আৰু কি? প্ৰথমে সি চুৰি কৰা বুলি স্বীকাৰোক্তি দিবলগা , তাৰ পাছত তাৰ ওপৰত মাৰপিট চলিল৷ প্ৰায় গোটেই নিশা মানুহবোৰে তাৰ মৰিয়াই আছিল, তাৰ ভৰি দুখন ভাঙি নোযোৱালৈকে৷

        তাৰ পাছত?”

        তাৰ ভৰি দুখন ভাগি থাকিল৷

        সেইটো বাৰু বুজিলো, কিন্তু তাৰ পাছত কি ?”

        পাছত?
…..
কোনে জানে? সি মৰিল বলা৷

        মালিকে আৰু একো নুসুধিলে৷ আকৌ নিজৰ হিচাপনিকাচত ব্যস্ত হৈ পৰিল৷

        শৰৎ উৎসৱৰ পাছত ঠাণ্ডা বতাহ বলিবলৈ ধৰিলে, যিহেতু শীত আহিল৷ সকলো সময়তে জুইৰ কাষত থকাৰ পাছতো মই মোৰ গদহা জেকেটটো পিন্ধিবলগা হৈছিল৷ গ্ৰাহক নাছিল৷ মই চকু দুটা মুদি বহি আছিলো৷ এনেতে মোৰ কাণত পৰিল

        সুৰা এবাতি তপতাচোন৷মাতটো তেনেই সৰু অথচ চিনাকী৷ কিন্তু মই মূৰ তুলি চাওঁতে কাকোৱেই দেখা নাপালো৷ থিয় হৈ দুৱাৰৰ ফালে চাওঁতেহে দেখিলো দুৱাৰডলিৰ ফালে মুখ কৰি কাউণ্টাৰৰ তলত কুংচি বহি আছে৷ তাৰ মুখখন বৰ ভাগৰুৱা আৰু ক্ষীণ দেখাইছিল৷ তাৰ অৱস্থাটো ভয়ানক দেখাইছিল৷ তাৰ গাত এটা ফটাছিটা আঁচ পৰা জেকেট, এখন ভৰিৰ ওপৰত আনখন ভৰি তুলি থোৱা অৱস্থাত সি কঠখনত বহি আছে, আৰু কঠখন তাৰ কান্ধৰ লগত জুট বান্ধি থোৱা আছে৷ মোক দেখি সি আকৌ লে – “এবাটি ফটিকা তপতাচোন৷তেনেকুৱাতে মালিক উপস্থিত লহি, তেওঁ কাউণ্টাৰৰ ওপৰত হাওলি লে – “সেইটো কুংচি নেকি? তোৰতো এতিয়াও ১৯ পইচা দিবলৈ আছে৷

        সেইটো …. সেইটো মই অহাবাৰ দি দিম৷কুঙে উত্তৰ দিলে৷ সি হতাশ হৈ ওপৰলৈ চালে৷এয়া পইচাটো লচোন৷ ভাল ফটিকা দিবি কিন্তু৷

        মালিকে আকৌ আগৰদৰে টকালি পাৰি কৈ উঠিল – “কুংচি, তই আকৌ চুৰি কৰিবলৈ লৈছ?”

        কিন্তু তীব্ৰ প্ৰতিবাদ কৰাৰ সলনি কুংচিয়ে মাত্ৰ লে – “থোৱাহে তোমাৰ কৌতুক৷

        কৌতুক? তই যদি চুৰি কৰাই নাছিলি তেন্তে সিহঁতে তোৰ ভৰিখন কিয় ভাঙিলে?”

        মই পৰিলো৷কুঙে লাহেকৈ লে৷ তাৰ চকুযুৰিয়ে যেন বিষয়টো সিমানতে অন্ত পেলাবলৈ কৈছিল৷ ইতিমধ্যে আশেপাশে ভালেমান মানুহ গোট খাইছিল আৰু সকলোৱে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে৷ মই তেওঁৰ কাৰণে ফটিকা তপতালো আৰু দুৱাৰডলিৰ ওচৰতে লো৷ তেওঁ ফটা কোটচোলাটোৰ জেপৰপৰা চাৰিটা পইচা উলিয়াই মোৰ হাতত গুজি দিলে৷ মই মন কৰিলো তেওঁৰ হাত দুখনত বোকা তেওঁ বগাই বগাইহে এইখিনি পাইছেহি৷ ইতিমধ্যে তেওঁ তেওঁৰ সুৰাবাতি শেষ কৰিলে আৰু মানুহবোৰৰ হাঁহিতামাছা আৰু তেওঁক কৰা ঠাট্টামস্কৰাৰ মাজতে লাহে লাহে বগুৱা বাই তাৰপৰা আঁতৰি ল৷

        ঘটনাটোৰ পাছত বহুদিন পাৰ ল৷ কুঙৰ দেখাদেখি নাই৷ বছৰৰ শেষত মালিকে ফলকখন নমাই আনিলে৷ তেওঁ লে – “কুংচিয়ে এতিয়াও ঊনৈশ পইচা দিবলৈ আছে৷পাছৰ বছৰড্ৰেগন নৌকাউৎসৱৰ সময়তো তেওঁ একেটা কথাকে দোহাৰিলে৷ কিন্তু শৰৎ উৎসৱৰ সময়ত তেওঁ আৰু এই কথা নুলিয়ালে৷ কুঙক নেদেখাকৈ য়ে আৰু এটা নতুন বছৰৰ আগমন ঘটিল৷

        তেওঁক মই আৰু কাহানিও দেখা নাপালো৷ কুংচিৰ কিজানি সঁচাকৈয়ে মৃত্যু ঘটিল৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *