ক্ৰদ্ধ যুৱক বনাম ক্ৰদ্ধ
বৃদ্ধ

মূল – হৰিবংশৰায় বচ্চন।
অনুবাদ – গায়ত্ৰী দেৱী
বৰঠাকুৰ।


আমি সকলো নুপুংসক

বিংশ শতিকাৰ

দুৰ্বল ,পৌৰুষত্বহীন সন্তান “

শুনিছো

আমাৰ দেশৰ ডেকাচাম হেনো বহুত খঙত আছে ;

শুনিছো

আমাৰ দেশৰ যি

পৰম্পৰা,পৰিস্থিতি

সেইবোৰে তেওঁলোকক

অসন্তুষ্ট,ৰুষ্ট কৰি তুলিছে,

শুনিছো

কথাবোৰ এনেকুৱাকৈ কয় হেনো

একেষাৰে কবলৈ গলে যিবোৰ একেবাৰেই বেয়া লগা,অনৰ্থক

আৰু কামবোৰ এনে -এনে কৰে হেনো

যি বোৰৰ বিষয়ে দেখি বা শুনি

সাধাৰণ জনতাৰো চকু উঠে গৈ কপালত

স্তম্ভিত হৈ ৰৈ যায় সকলো।

কোনো-কোনো ঠাইত

কোনোকোনো প্ৰকাৰে

তেওঁলোক দমন নীতিৰ বহুত

বিৰোধিতা কৰে

তেওঁলোকে মুক্ত মনেৰে

চলন-ফুৰণ কৰাৰ

মুক্ত মনেৰে বিচৰণ কৰাৰ

মুক্ত মনেৰে খেলা-ধূলা
কৰাৰ পক্ষপাতী।

তেওঁলোকে কয়,

পুৰণি ৰীতি-নীতিবোৰৰ আমি
গোলাম নহয়
,

পৃথিৱীলৈ

নতুন বতাহ এছাটি আনিবলৈ

তেওঁলোক

ব্যগ্ৰ,বদ্ধপৰিপক্ক!

ডেকাচামৰ তেজ নো কেনেকৈ উতলা হ

ত নেকি আমি বুঢ়া মেথাই

খঙত উতলি আছোঁ

পৰম্পৰাবোৰ কেৱল আমাৰেই মূৰ্ত্ত ৰূপ বুলি

তেওঁলোকে যাতে নাভাবে ,

আমিও যুঁজিছো সেইবোৰেৰ
আমাৰ যৌৱনতে।

আমি ছিন্নমূল হলো

জী উঠিল এওঁলোক,

দগাবাজবোৰৰ কি যে দৃঢ়

আৰু মজবুত শিপা ।

তেজ আৰু ঘামেৰেও আমি যি
কাম কৰিব নোৱাৰিলোঁ

তেওঁলোকে সেই কাম কথাৰেই
সমাধান কৰিব
খোজে ,

মহাশয় সকল বৰ আপোন ভোলা
দেখোন।

দৃঢ় পদক্ষেপ তেওঁলোকে কি ল,

যি নিজেই ফোপোলা,শেঁতা।

ব্যঙ্গ অতি সহজ

টুটুকীয়া কথা কোৱাটোও অতি সুলভ

কৰিবলৈ দিয়া

চাওঁচোন

কিনো হয়?

যাৰ কলিজাত অকণমানো সাহস নাই

দলবান্ধি থাকিলেও

উত্শৃঙ্খল

আৰু নুপুংসক সোপাৰ
বিৰুদ্ধে কোনোবাই জানো ৰণশিঙাত ফু দিয়ে
?

ধ্বংস তেনেই সহজ,

সৃষ্টিয়ে তেজ বিচাৰে ,

আমাৰ বৃদ্ধ ধমনীৰ পৰা
আমিয়েই দিওঁ নেকি
?

দিব পাৰোঁ।

আৰু দিমো।

কিবা এটা কৰি দেখুওৱাৰ
সাহস আমাৰ এতিয়াও আছে ।

আমি,

আমি আজি কিবা এটা কৰিমেই।

আঁতৰ হ‘ ,আঁতৰ হহঁত,

আজি আমি উতলি আছোঁ…

 

Leave a Reply

Your email address will not be published. Required fields are marked *