ৰেখা হে সেইবোৰ

মূলঃ গুলজাৰ

অসমীয়া ভাঙনিঃ বাপুকণ চৌধুৰী




ৰেখা হে সেইবোৰ;

থাকিব দিয়া তেনেকৈয়ে

 

হয়তো কিছুমান  অভিমানী মনে

কৰিছিল আঁক বাঁক  !!!!

 

আহা ছোন কাবাডী খেলোগৈ

সেই ৰেখাৰে বনোৱা ঘৰবোৰত  !!!!

 

ৰেখা হে সেইবোৰ;

থাকিব দিয়া তেনেকৈয়ে••••••

 

মোৰ ঘৰলৈ আহা, মোক উচতাই লোৱা

মোৰ হাত তোমাৰ হাতেৰে স্পৰ্শ কৰি

যিমান পাৰা বেগাই পলোৱা•••••

 

ময়ো যাম আগুৱাই, তোমাক সাৱতি ধৰি

টানি ৰাখিম মোৰ ঘৰত

ৰেখা চুই নিজৰ ঘৰলৈ যোৱাৰ আগতেই

তোমাক আৰু যাবলৈ নিদিমেই কেতিয়াওঁ•••••

 

ৰেখা হে সেইবোৰ;

থাকিব দিয়া তেনেকৈয়ে

 

ময়ো যাম তোমাৰ ঘৰলৈ

কাবাডী কাবাডী কৰি

মোক ধৰি ৰাখিবা, মোক চুবলৈ নিদিবা

মোক ধৰি ৰাখিবা, মোক চুবলৈ নিদিবা

তোমাৰ দেশৰ আৰু মোৰ দেশৰ

ভৌগোলিক সীমাৰেখা !!!!

 

তোমাকো ধৰি ৰাখিম, তোমাকো চুব নিদিম

মোৰ দেশৰ আৰু তোমাৰ দেশৰ

ভৌগোলিক সীমাৰেখা•••••

 

Leave a Reply

Your email address will not be published. Required fields are marked *