যুদ্ধ
কবিঃ লুই চিম্পছন
অসমীয়া ভাঙনিঃ ডালিম দাস


মস্তকাৱৰণ আৰু ৰাইফল , লাম-লাকটু আৰু
হলৌ চোলা

হাবি ফালি গৈ আছিল । ওপৰত কৰবাত বন্দুকে গৰজিলে । গলৰ নলীমুখ হেন ৰাতিৰ চৌপাশ
জুইহেন লাল হৈ উঠিছিল ।
সিহঁ‌তে থমকিল আৰু চোপ ললে । ছালৰ এটি টোপোৰাৰ দৰে বহি গল বিৰিখৰ মাজৰ জেপেতীয়া মাটিত । গাঁ‌তত গোজ
হোৱা সৈনিকবোৰে অচিৰেই

প্ৰথম তুষাৰপাতৰ উমান পালে । সিহঁ‌তৰ দুভৰি বৰফ হল ।
পুৱা প্ৰ্থম গোলা সৰিল আৰু ফুটিল ।
গোলা-বাৰুদৰ বৰ্ষণে মহটিয়াই পেলালে হিমাবৃত বননি ।
এনেকৈ বহুদিন । চৌপাশে ফুটছাই
বৰফ ।

তেজৰঙা হেলমেটেৰে শ-বোৰ ঠৰঙা লাগিল ।
এতিয়াও ফটফটীয়াকৈ মনত আছে মোৰ
চকুবোৰৰ ক্লান্তি , খিনমিন হাতবোৰত
কথমপি

এটা চিগাৰেট , আৰু সেই পকা
আঙঠা

সমস্ত জীৱনৰ শোহাৰে উমি উমি জ্বলি উঠা ।

Leave a Reply

Your email address will not be published. Required fields are marked *