ত সকলোবোৰেই সংগীত (Where Everything is Music)
মূলঃ জালালুদ্দিন ৰুমী
অসমীয়া ভাঙনিঃ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী

 

এই গীতবোৰ বচোৱাকলৈ উদ্বিগ্ন নহবা!

বাদ্যবোৰৰ কোনোবা এটা ভাঙিও যায় যদি,

চিন্তা নকৰিবা।

 

আমি এনে এখন ঠাইত নিজকে পাইছোঁ

ত সকলোবোৰেই সংগীত।

 

বাজানাৰ ধ্বনি আৰু বাঁহীৰ সুৰ আলাসত ভাহি
উঠে
,

যদি কেনেবাকৈ অগ্নিদগ্ধ হৈয়ো যায় জগতৰ সমস্ত

বাদ্যযন্ত্ৰ,

তেতিয়াও বাজি থাকিব কোনো গুপুত বাদ্য।

 

মমবাতিডাল ঢিমিক-ঢামাক কৰে আৰু নুমাই যায়।

(পিছে) আমাৰ আছে এটা টিঙিৰি শিল আৰু এটা ফিৰিঙতি।

 

গায়কী কলা হল সাগৰীয় ফেনা।

স্বচ্ছন্দ লয়বোৰ আহে সাগৰ তলিৰ কৰবাত পৰি থকা মুকুতাৰ পৰা।

 

বতাহে উৰুৱাই অনা পানীছাটিৰ দৰে, উটনীয়া কাঠৰ দৰে

কবিতাবোৰ উঠি আহে, কিবা বিচাৰি!

 

সেইবোৰ উদ্ভুত হয়

ধীৰ আৰু শক্তিশালী এক শিপাৰ পৰা

যাক আমি নেদেখোঁ।

 

এতিয়া কথা বন্ধ কৰা।

বুকুৰ সোঁমাজত থকা খিৰিকী খন খুলি দি

প্ৰাণটোক ভিতৰে-বাহিৰে
উৰিবলৈ দিয়া।


কবি পৰিচিতিঃ পাৰস্যৰ
কবি
, ইছলামীয়
দৰবেশ
, চুফি সাধক
জালালুদ্দিন মহম্মদ ৰুমী (৩০ চেপ্তেম্বৰ ১২০৭–১৭ ডিচেম্বৰ ১২৭৩)
, যি সমগ্ৰ
বিশ্বত ৰুমী নামেৰেই জনাজাত।

Leave a Reply

Your email address will not be published. Required fields are marked *